ফটাঢোল

হনুমান মুদ্ৰাৰ সন্ধানত – সঞ্জীৱ ভট্টাচাৰ্য

“ঐ দোস্তি ক’ত, কেনেকৈ, কিয় বিখ্যাত হৈ আছ তই আজিকালি?”
-ফোনটোৰ সিটো মূৰত থকা ব্যক্তিজনৰ মাতটো চিনাকি যেন লাগিলেও মোবাইলটোৰ স্ক্ৰীণখনত নম্বৰটো আননৌন নম্বৰ বুলি অহাত অলপ ইতস্ততঃবোধ কৰিয়েই ৰাতুলে সুধিলে, “কোনে কৈছে বাৰু?”
“আৰে ভাই, মই অজয়। মোৰ মাতটোও পাহৰিলি নেকি?”
“মাতটো পাহৰা নাই। সদায় সদায় মোবাইলৰ নম্বৰটো সলনি কৰি থাকিলে কেনেকৈ ধৰিব পাৰিম তয়েই হয় বুলি! বাৰু কচোন, ইমানদিনৰ মূৰত কি সকামত মোলৈ মনত পৰিল তোৰ?”
“ডাঙৰ সকাম বে বন্ধু এইবাৰ। লগ ধৰি কথা পাতিব লাগিব তোৰ লগত। মই গুৱাহাটীলৈ আহি আছোঁ পৰহিলৈ তোক লগ পাবলৈ। এইবাৰ “নচিবে” সাথ দিলে দুয়ো মালামাল বনি যাম।”
“চা অজয়, মই বিয়া বাৰু কৰাই ল’ৰা ছোৱালীৰ বাপেক হ’লো এতিয়া। তোৰ দৰে অলৌ টলৌকৈ ঘুৰি ফুৰি দুই নম্বৰী ধাণ্ডাবোৰত লাগি থাকিবৰ সময় নাই মোৰ।”
“আৰে দোস্তি, এইবোৰ দুই নম্বৰী কাম অজয়ে কেতিয়াবাই এৰিলে। এইবাৰ যি হ’ব সকলো এক নম্বৰী। তই মাথো লগত থাকিবি, দুয়ো এমাহত কৌড়পতি। মই পৰহি দিল্লীৰপৰা গৈ দুপৰীয়া তোক ঘৰতে লগ কৰিম, থাকিবি ঘৰতে। ক’তো ওলাই নাযাবি।”
একে উশাহতে কথাখিনি শেষ কৰি ফোন কাটিলে অজয়ে।

প্ৰথম অৱস্থাত অজয়ক লগ কৰাৰ মন নাছিল যদিও কোটি টকাৰ সপোনটোৱে ৰাতুলক পুনৰবাৰ ভাবিবলৈ বাধ্য কৰালে। অজয়ে কোৱাৰ দৰে এমাহত কোটিপতি হ’ব পাৰিলে পিছৰ মাহত ঘৈণীয়েকৰ জন্মদিনৰ দিনাখনেই মাৰ্ছিডিছ এখন গিফ্ট দিব তাইক সি। বিজনেছটো কি হ’ব পাৰে ভাবিয়েই তৎ পোৱা নাই সি। অজয়ৰ আইদিয়াবোৰ বৰ এটা চিধা নহয় বুলি জানে বাৰু সি। অলপ সাৱধানে আগবাঢ়িব লাগিব।

উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা দি উঠি সি আৰু অজয়ে কৰা প্ৰথম বিফল অভিযানটোৰ কথা মনত পৰিবলৈ ধৰিলে তাৰ মানসপটত অলপ অলপকৈ।
পাগলাদিয়া নদীৰ পাৰত আলফাই পুতি থোৱা টকা খান্দি উলিয়াবৰ বাবে কমখন কষ্ট কৰিছিল নে দুয়োটাই। মায়ঙৰপৰা মুকালমুৱালৈকে কিমানজন বেজৰ ওচৰলৈকে লৰা ধপৰা কৰিছিল সিহঁত দুয়োটাই। বেছিভাগ বেজেই ৰাতুল আৰু অজয়ৰ প্ৰস্তাৱ নাকচ কৰিছিল। সিঁহতে প্ৰস্তাৱ ৰাখিছিল যে বেজালিৰ সকলো খৰচ বেজৰ নিজৰ, পইচা পালে ৫০-৫০। অৱশেষত সন্মত হৈছিল মায়ঙৰ হাজং বেজ। বেজালিৰ খৰচ এটকাও নলয় পইচা পুতি থোৱা জেগা উলিয়াই দিব নোৱাৰিলে। মাথো তেত্ৰিছ কোটি দেৱতাৰ প্ৰতিজনৰ বাবে যিকোনো এটা ফল যোগাৰ কৰিব লাগিব সিহঁত দুয়োটাই, অমাৱশ্যাৰ ৰাতি পূজা হ’ব, বেজৰ অহা যোৱা খৰছো নিজৰ।

বেজৰ ৩৩ কোটি ফলমূলৰ প্ৰস্তাৱ শুনি ৰাতুলে আশা বাদেই দিছিল কিন্তু অজয় হাৰি যোৱা ভকত নহয়, কাণে কাণে ৰাতুলক ক’লে ৩৩ কোটি ফলমূল সি সহজতে যোগাৰ কৰি ল’ব। পৰিকল্পনা মতেই ৯৯ চনৰ ডিচেম্বৰ মাহৰ অমাৱশ্যাৰ ৰাতি হাড় কপোৱা জাৰত কঁপি কঁপি ১১টা মান বজাত ৰাতুল, অজয়, হাজং বেজ আৰু দুজন দিনহাজিৰা কৰা ব্যক্তি কোডাল, চিপৰাং লৈ নলবাৰী জিলাৰ পাইকাৰকুছি চ’কত হাজিৰ হৈছিল, গন্তব্যস্থান বালিকুছিৰ পাগলাদিয়া নদীৰ মাথাউৰি ভিতৰফাল।

অজয়ে চাইকেলৰ পিছফালে বস্তা এটাত কিবা বান্ধি লৈ আহিছে।
ৰাতুলে সুধিলে, “খালি বস্তাহে আনিব লাগিছিল টকা ভৰাবৰ বাবে, এইটো ভৰ্তি বস্তা কি কৰিব আনিলি তই?”
“আৰে দোস্ত, ৩৩ কোটি দেৱতাৰ বাবে বুট আনিছোঁ আধা কুইণ্টল, হাজং বেজে গাইপতি এটা এটা ফল লাগিব বুলি কোৱা মনত নাই।”
অজয়ৰ বুদ্ধি দেখি ৰাতুলে মনত লাখটকীয়া সপোন দেখিছিল পাগলাদিয়াৰ পাৰত। শিয়ালৰ গাঁতৰ দৰে এসোপামান গাঁতৰ মাজত বহি হাজং বেজে আৰম্ভ কৰিছিল তান্ত্ৰিক পূজা। এখন হাতেৰে চুলাইৰ বটল ধৰি আনখন হাতেৰে শুকান জলকীয়াবোৰ জুইৰ ওপৰত চটিয়াই মন্ত্ৰ মাতি গৈছিল হাজং বেজে।
ঔম হ্ৰিং ক্ৰিং মা চামুণ্ডায়ে নমঃ
ঔম হ্ৰিং ক্ৰিং কালভৈৰৱায় নমঃ
ঔম হ্ৰিং ক্ৰিং চণ্ডিকায়ে নমঃ”

অজয়ে ফুচফুচাই কৈছিল ৰাতুলক, শিয়ালৰ গাঁতবোৰৰ দৰে তাত থকা গাঁতবোৰৰ কাহিনী। সেইবোৰ হেনো বেলেগ মানুহে আগতে পইচা বিচাৰি খান্দি থোৱা গাঁত। কোনেও পইচা উলিয়াব পৰা নাই এতিয়ালৈকে তাৰপৰা, বহু ঠাইত পুতি থোৱা আছে টকাৰ বস্তা। উত্তৰ প্ৰদেশৰপৰা অহা আৰফান মোল্লা বুলি এজন বিখ্যাত বেজো বিফল হৈছে।
আজি সিহত সফল হ’লে কেইবালাখ টকাৰ মালিক হোৱাটো খাটাং।
পূজাৰ শেষত হাজং বেজে নিৰ্দিষ্ট কৰি দিয়া ঠাইটুকুৰাত গাঁত খান্দি তলৰপৰা ডাঠ প্লাষ্টিকেৰে মেৰিয়াই থোৱা দুটা বস্তা উদ্ধাৰ কৰিবলৈও সক্ষম হৈছিল সিঁহত। আনন্দত জপিয়াই উঠিছিল ৰাতুল, অজয় আৰু হাজং বেজ।
কিন্তু বস্তা দুটা খোলাৰ পিচতহে সিহঁতৰ চকুপানী ওলাইছিল। তিনি চাৰিটামান বানপানী পাৰ হোৱা টকাৰ বস্তা দুটাৰ নোটবোৰ উৱলি গৈছিল। ৫০ আৰু ১০০ টকীয়া নোটৰ বাণ্ডিলবোৰ ঘূণপোকে ধৰা কাঠৰ গুৰিৰ দৰে সৰি পৰিছিল সিহঁতৰ হাতৰপৰা।
এৰা এৰি হৈছিল ৰাতুল, অজয় আৰু হাজং বেজ ভাৰাক্ৰান্ত মন এটা লৈ, দুবছৰমান আগতেই অপাৰেচনটো চলোৱা হ’লে টকাবোৰ অক্ষত অৱস্থাতেই পালে হয় সিহঁতে।

আজি অজয়ৰ ফোনটোৱে ৰাতুলক যেন এটা এটা দৃশ্য মনত পেলাই দিলে তেৰ বছৰ আগৰ সেই অমাৱশ্যাৰ ৰাতিটোৰ।
মন বান্ধিলে ৰাতুলে, সি অজয়ৰ সঙ্গ দিব এইবাৰো। এবাৰত মানুহ সফল নহয় কেতিয়াও। অজয়ৰ জহতেই আগৰবাৰ ইমানবোৰ টকা একেলগে দেখিছিল সি, যদিও সেইবোৰ আনিব নোৱাৰিলে।
এইবাৰ নিশ্চয় অজয়ৰ পৰিকল্পনা ভিন্ন, পৰহিলৈ সি নিজেই যাব অজয়ক এয়াৰপোৰ্টৰপৰা আনিবলৈ, অজয়লৈ ৰৈ থকাৰ ধৈৰ্য নাইকিয়া হ’ব ধৰিছে তাৰ লাহে লাহে।
ৰাতুলৰ বিশ্বাস এইবাৰ কৌড়পতি হ’ব সিহঁত দুয়োটা, বোলে তো লাইফ জিঙ্গালালা।

বহুত উৎসাহী হৈ আছে সি অজয়ৰ ফোনকলটো অহাৰ দিনাৰপৰা, অইনদিনাৰ দৰে ৰাতিপুৱা ৯ বজাত বিচনাৰপৰা উঠা নাই। ৰাতিপুৱা ৬ বজাতে টোপনিৰপৰা উঠি গাড়ীখন ধুই ল’লে ৰাতুলে, অলপ পিছত এয়াৰপোৰ্টলৈ যাব লাগিব অজয়ক আনিবলৈ। নতুন অভিযান কি হ’ব ভালকৈ আঁতি গুৰি মাৰি বুজি ল’ব লাগিব অজয়ৰপৰা।
যথাসময়ত ৰাতুল গৈ হাজিৰ হ’ল এয়াৰপোৰ্টত। প্ৰায় দহবছৰৰ মূৰত দেখিলে অজয়ক। একেই আছে অজয়। আগৰ দৰেই খীন, মিঠা বৰণীয়া, উজ্জল দুচকু, পাতল চুলি।
গাড়ীত উঠিয়েই আৰম্ভ হৈ গ’ল তাৰ বকবকনি, দিল্লীৰপৰা বাঙ্গালোৰলৈকে কত যে কিমান কথা ক’লে সি এই আধাঘণ্টাতেই। সেইটোৱেই তাৰ বিশেষত্ব, কথা কৈয়েই মানুহক সন্মোহিত কৰি ৰাখিব পাৰে, গোটেই দিনটো তাৰ কথা শুনি থাকিলেও মানুহ বিৰক্ত নহয়। আধাঘণ্টা গাড়ীত হোৱা কথা বতৰাতেই ৰাতুলে যোৱা তেৰ বছৰে লগ নোপোৱা অজয়ৰ অজ্ঞাতবাসৰ এটা থুলমূল আভাস লাভ কৰিলে।
“বেপাৰটো কি এতিয়া বুজাই ক’বি নে মোক?” ঘৰ পায়েই প্ৰথম প্ৰশ্ন ৰাতুলৰ।
হনুমানৰ মুদ্ৰা।
উদাসীনভাৱে কৈ পিচে পিচে ঘূৰি থকা ৰাতুলক গুৰুত্ব নিদিয়াকৈয়ে অজয় বাথৰুমত সোমাল।
ৰাতুল আচৰিত, হনুমানে আকৌ কেতিয়া টকা পইচা ব্যৱহাৰ কৰিছিল, নে ৰামে হনুমানক প্ৰশংসা কৰিবলৈ হনুমানৰ নামত মুদ্ৰা বনাইছিল। হ’বও পাৰে, আগৰ দিনত ৰজা মহাৰজাবোৰে নিজৰ প্ৰতিচ্ছবি সম্বলিত স্বৰ্ণ মুদ্ৰা বনাইছিল বুলি সি জানে বাৰু, অজয় বাথৰুমৰপৰা ওলোৱালৈকে অপেক্ষা কৰিলে সকলো কথা স্পষ্ট হ’ব।
অজয় বাথৰুমৰপৰা ওলায়েই নিজৰ মানিপাৰ্চটো খুলিলে আৰু ভিতৰৰপৰা তামবৰণীয়া মুদ্ৰা দুটা উলিয়াই ৰাতুলৰ হাতত দিলে, “চা, হনুমানৰ মুদ্ৰা কেনেকুৱা আছিল”।
“বেপাৰটো বুজাই ক মোক সোনকালে, একো বুজি পোৱা নাই মই”, অলপ উষ্মাৰে ক’লে ৰাতুলে।
“মোক এনেকুৱা হনুমানৰ ছবি থকা মুদ্ৰা লাগে। অসমৰ বিভিন্ন জেগাত এনেকুৱা মুদ্ৰা পোৱা যায়। ৰামসিংহই অসম আক্ৰমণ কৰিবলৈ আহোঁতে লগত দহ লাখ এনেকুৱা তাম্ৰ মুদ্ৰা লৈ আহিছিল। নামনি অসমৰ কিছুমান মানুহৰ ঘৰৰ চন্দুকত এইবোৰ এতিয়াও পৰি আছে। কিছুমান জেগাত বিচাৰিব জানিলে এতিয়াও হাজাৰৰ অধিক এনেকুৱা মুদ্ৰা পোৱা যাব। একোটা মুদ্ৰাৰ বিনিময়ত মই দুই তিনি হাজাৰ টকালৈকে দিবলৈ প্ৰস্তুত আছোঁ।”
“এইবোৰ একো বিশেষ মুদ্ৰা যেন নালাগে দেখোন দেখিবলৈ, কি হ’ব এইবোৰ বিচাৰিলে?”
“আৰে ভাই, তই বিচাৰি কিনি আনি মোক দে, প্ৰতিটো মুদ্ৰা তই যিমান দামত কিনিবি তাৰ ওপৰত মই পাঁচশ টকাকৈ অতিৰিক্ত দিম। এইবোৰ ক’ত কেনেকুৱা মানুহৰ ওচৰত পাই সকলোবোৰ মই তোক জনাই থাকিম। তই মাথো তোৰ চিনাকি সকলোবোৰকে লগাই দে এনেকুৱা মুদ্ৰা বিচৰাত। তই নুবুজিবি হনুমান জয়ন্তীৰ সময়ত এনেকুৱা মুদ্ৰা একোটাৰ দাম কিমানলৈকে উঠে ৰাজস্থান, দিল্লীৰ বজাৰত। কিছুমান মানুহে লাখ টকা খৰছ কৰি হ’লেও এটা মুদ্ৰা কিনিবলৈ ব্যাকুল হৈ থাকে। সময় তাকৰীয়া, অহা সপ্তাহত হনুমান জয়ন্তী, তাৰে দুদিন আগতে মই দিল্লী উভতিব লাগিব এইবোৰ লৈ।”
বহুত চিন্তা কৰি ৰাতুলে সুধিলে, “মানে মই যদি এহেজাৰ টকাত এটা হনুমানৰ মুদ্ৰা কিনো তই মোক কিমান টকা দিবি?”
“চা দোস্ত, প্ৰতিটোৰ বাবদ তোক তিনিহাজাৰকৈ দিম, মানে তই কিনা দামতকৈ তিনিগুণ অধিক আৰু লগত তোক পাঁচশ টকাকৈ অতিৰিক্ত বোনাছ।”
ৰাতুলৰ মনত লাড্ডু ফুটিল। চমুকৈ অঙ্ক এটাও মনতে কৰি পেলালে। যদি পাঁচশ মানৰ ভিতৰত এটা মুদ্ৰা পাওঁ তিনিহাজাৰ লাভ আৰু হাজাৰ পোন্ধৰশকৈ কিনিলেও দুই আঢ়ৈ হাজাৰ লাভ থাকিব। মানে এহেজাৰ মুদ্ৰাত যদি গড়ে আঢ়ৈ হাজাৰকৈয়ো লাভ হয় তেনেহ’লে পছিশ লাখ।
এটা মিচিকিয়া হাঁহি ৰাতুলৰ ওঁঠত বিৰিঙি উঠিল, তাৰ কণ্ঠস্বৰ কোমল হ’ল।
“বাৰু দোস্ত, কেনেকুৱা জেগাত বিচাৰিলে এইবোৰ পোৱা যাব?”
“এইখন লিষ্ট চাই ল’বি তই, কিছুমান ঠিকনা দিয়া আছে ইয়াত, সেইবোৰ মানুহে জানে এনেকুৱা মুদ্ৰাবোৰ ক’ত পায়। আৰু শুন, আজিৰপৰা তই ঘৰত নাথাকিবি, মিষ্টাৰ জেকব ডেনিয়েলৰ নামত হোটেল সম্ৰাটৰ ৰুম নং ১০৬ বুক কৰি থোৱা আছে, তাতেই থাকিবি। এইখন ল জেকব ডেনিয়েলৰ ড্ৰাইভিং লাইচেন্স। এইবোৰ বস্তু ঘৰত ৰাখিলে অলপ ৰিস্ক বেছি হৈ যায়।”

এখন হাতত মানুহৰ নামৰ লিষ্টখন আৰু আনখনত লাইচান্সখন লৈ ৰাতুলে বহুসময় থৰ হৈ চাই থাকিল। তাৰ মুখৰ লগত সাদৃশ্য থকা কোনোবা জেকব ডেনিয়েল, কেৰেলাৰ ত্ৰিছি জিলাৰপৰা ইচ্ছ্যু কৰা লাইচেন্স সেইখন।
“তই মোক কোনোবাদিনা জেইলৰ ভাত খুৱাবি”, আৱেগিক হৈ সাৱটি ধৰিলে ৰাতুলে অজয়ক।
“চা দোস্ত, অলপ ৰিস্ক ল’বই লাগিব এইবোৰত আৰু তোৰ কি আহে যায়, কিবা খেলিমেলি হ’লে জেকব ডেনিয়েল আছেই নহয় তোক বচাবলৈ”, হাঁহি হাঁহি দুয়ো ওলাই আহিল ৰাতুলৰ ঘৰৰপৰা।

পিছদিনা ৰাতিপুৱা ৰাতুল ওলাই গ’ল বৰপেটালৈকে। অজয়ে দিয়া অস্থায়ী ঠিকনাটোৰ পৰা তিনিশ হনুমানৰ মুদ্ৰা লৈ আহি হোটেলত সোমাল। পাঁচশ টকাকৈ কিনিলে সি প্ৰতিটোত। অজয় আহি সেইবোৰত পয়ত্ৰিছ শ টকাকৈ দিয়ালৈকে তাৰ মনত আকৌ ছয় লাখ টকাৰ লাভৰ অঙ্কটোৱে খেলিবলৈ ধৰিলে।
সন্ধিয়ালৈকে দুজন মাৰোৱাৰী মানুহ আহি হোটেলত তাক লগ ধৰিলে, সিহঁতে কিনিব বিচাৰে হনুমানৰ মুদ্ৰাবোৰ, প্ৰতিটোত পাঁচ হাজাৰ টকাকৈ দিব।
ৰাতুলৰ মনত দ্বিতীয়টো লাড্ডু ফুটিল। ধৰ্মসংকটত পৰিল সি। কি কৰে এতিয়া। অজয়ক দিলে তিনিহাজাৰ পাঁচশ লাভ হ’ব আৰু আগন্তুক দুজনক দিলে চাৰিহাজাৰ পাঁচশকৈ লাভ হ’ব।
নাই নাই, এবাৰ অজয়ক ফোন কৰি সুধি লোৱাই ভাল হ’ব। এইবোৰ ধাণ্ডাত বিশ্বাসঘাটকতাৰ মূল্য বৰ ভয়ানক হয়। তাতে ৰাতুল তাৰ বাল্যকালৰ বন্ধু।
মানুহ দুজনক হোটেলৰ ৰুমটোতে বহিবলৈ দি সি ফোন কৰিবলৈ বাহিৰলৈ ওলাই আহিল।
“ব্যৱসায় কৰাই কঠিন হৈ গৈছে অ’ ৰাতুল, ইমান প্ৰতিযোগিতা। মানুহবোৰৰ নিজৰ একো বিজনেছৰ কনচেপ্ত নাই। কিমান চিন্তা চৰ্চা কৰি, পৰিকল্পনা কৰি এটা কনচেপ্ত তৈয়াৰ কৰা হয়, সেইটোও আৰম্ভণিতে বেলেগে চোৰ কৰি নিজৰ নামত লৈ যায়। হ’ব দে দোস্তি, সিঁহতকে দি দে সেইকেইটা। তোক দিয়া লিষ্টখনৰ বাকীকেইটা জেগাৰপৰাও মুদ্ৰাকেইটা গোটাব লাগিব অহা দুদিনৰ ভিতৰত। আমি ৰাজস্থানত বিক্ৰী কৰা পৰিকল্পনা বাদ দি ইয়াতে যি দুপইচা গোটাব পাৰো সেইয়াই হ’ব দে। লাখ টকাত বেচিব নোৱাৰিলেও দহ হাজাৰমানলৈকে ইয়াতেই উঠাব লাগিব আমাৰ দামটো। এটা পাৰ্টি আহিছে মানে তোৰ ওচৰত আৰু বেলেগ পাৰ্টিও আহিব। বেপাৰটোৰ লাভৰ অঙ্কটো বহুতে আয়ত্ত কৰি ল’লে চাগে।”
“এহ, হ’ব দে। অসমতে পাঁচশ টকাত কিনি অসমতে পাঁচ দহ হাজাৰ পালে কি লোকচান আছে আমাৰ! ৰিস্কো কম ইয়াত।”
ৰাতুলে অজয়ৰ কথাখিনিৰ সামৰণি মাৰি মানুহ দুজনৰ ওচৰলৈ গ’ল।
প্ৰতিটো মুদ্ৰাতে পাঁচ হাজাৰকৈ বন্দবস্ত কৰি এবাৰ হনুমানজীৰ নাম লৈ সকলোবোৰ মুদ্ৰা মানুহ দুজনক দি দিলে ৰাতুলে। আৰু লাগিলে পিছৰ দুই তিনিদিনৰ ভিতৰতে দিব পাৰিব বুলিও ক’লে।
পিছদিনা পুৱাই অজয়ে দিয়া লিষ্টখনৰ মতে ৰাতুলে মঙ্গলদৈ, ওদালগুৰি, ৰঙিয়া এইবোৰ ঠাইৰপৰা প্ৰায় তিনিহাজাৰমান মুদ্ৰা সংগ্ৰহ কৰি হোটেললৈ উভতি আহিল। অৱশ্যে আগৰবাৰৰ দৰে এইবাৰ সি এটা মুদ্ৰাও পাঁচশ টকাত কিনিব নোৱাৰিলে। তিনি হাজাৰৰপৰা পাঁচ হাজাৰ টকা পৰ্যন্ত প্ৰতিটো মুদ্ৰাৰ বিনিময়ত সি ভৰিবলগীয়া হ’ল। সি মনে মনে বজাৰত হনুমান মুদ্ৰাবোৰৰ দাম বঢ়াত ভালেই পালে, গ্ৰাহক বাঢ়িছে যেতিয়া সিও অধিক দামতে বেচিব পাৰিব।

পিছদিনা ৰাতিপুৱাই সি থকা হোটেলখনত আগদিনা অহা মাৰোৱাৰী মানুহ দুজন আহিল। আকৌ দৰ দাম চলিল, ৰাতুলে দহ হাজাৰ টকাৰ তলত এটাও মুদ্ৰা দিব নোৱাৰো বুলি কোৱাত সিহঁতে ফোনত কাৰোবাৰ লগত কথা পাতিলে, হয়তো সিহঁতে বিক্ৰী কৰিবলগীয়া মানুহজনৰপৰা পাবলগীয়া দাম সম্পৰ্কে এটা অনুমান কৰি ল’লে আৰু শেষত প্ৰায় এহেজাৰ মুদ্ৰা কিনি লৈ গ’ল।

বজাৰৰ ইমান উত্থান দেখি ৰাতুলো আচৰিত। সন্ধিয়ালৈকে ৰাতুলৰ তিনিহাজাৰ মুদ্ৰাৰ বিক্ৰী শেষ। দুপৰীয়া অলপ সময়ৰ অগা পিছাকৈ বেলেগ পাৰ্টি তিনিটামান আহি সকলোবোৰ মুদ্ৰা লৈ গ’ল।
প্ৰায় তিনি কোটি টকা লগত লৈ ৰাতুল বহি আছে হোটেলত অজয়ৰ অপেক্ষাত।
অজয় আহিল সন্ধিয়া, লগত সিহঁতৰ উমৈহতীয়া বন্ধু পঙ্কজ আৰু পল্লৱ। নতুনকৈ কিনা টাটা চুমু এখনত ৰাতুলৰ ৰুমৰপৰা টকাৰ বস্তা দুটা লৈ চাৰিওজন গৈ চুমুত উঠিল।

পঙ্কজ আৰু পল্লৱক দেখি ৰাতুল আচৰিত, কিবা সুধিব খুজিছিল যদিও অজয়ে মনে মনে থাকিবলৈ ইঙ্গিত দিলে।
তীব্ৰগতিত গাড়ী চলাইছে অজয়ে ভৰলুমুখৰপৰা ধীৰেনপাৰা হৈ গড়চুক ওলোৱা কেঁচা ৰাস্তাটোত।
সন্মুখৰ ছিটত ৰাতুল, মাজৰ ছিটটোত পঙ্কজ আৰু পল্লৱ, শেষৰ পথালিকৈ থকা ছিট দুটা উঠাই টকাৰ বস্তাবোৰ পেলাই থৈছে। গড়চুক আৰু বৰাগাঁৱৰ মাজৰ ফেক্টৰী এটাৰ ভিতৰত গাড়ীখন সুমুৱাই দি ছাবিপাত তাত ৰৈ থকা বিশেষ ব্যক্তি এজনৰ হাতত দি সেইজনৰ হাতৰপৰা আধা চিঙি দিয়া দহটকীয়া নোট এখন লৈ অজয় ওলাই আহিল।
“হৈ গ’ল কাম, ব’ল এতিয়া। ট্ৰেইনত শিলিগুৰি আৰু তাৰপৰা নেপাল”। বাহিৰতে ৰৈ থকা ৰাতুল,পঙ্কজ আৰু পল্লৱলৈ চাই ক’লে অজয়ে।
“আৰু আমাৰ পইচাবোৰ কি হ’ব”-একেলগে প্ৰশ্ন কৰিলে ৰাতুল,পঙ্কজ আৰু পল্লৱে।
“সেইবোৰ সুৰক্ষিত অৱস্থাত নেপালত পাই যাবি সকলোৱে। দেৰি কৰাৰ সময় নাই আমাৰ হাতত এতিয়া।”
পিছদিনা ৰাতিপুৱা শিলিগুৰি নেপাল সীমান্তৱৰ্তী ধুলাবৰীৰ হোটেল ‘ৰিলেক্স ইন’ত তিনিওজনে যোৱা সপ্তাহটোত কৰি অহা ব্যৱসায়টো আৰু তাৰ লাভ লোকচানৰ হিচাব নিকাচবোৰ কৰিবলৈ ধৰিলে। অজয় গৈছে নেপালৰ বিৰাটনগৰলৈ, হাৱালাত আহিবলগীয়া টকাবোৰ ল’বলগীয়া ঠাইখন চাবৰ বাবে। ৰাতুলে বুজিলে যে সি যেনেদৰে হনুমানৰ মুদ্ৰাবোৰ হোটেলত থাকি বিক্ৰী কৰিলে একেদৰেই পঙ্কজ আৰু পল্লৱেও বেলেগ হোটেল দুখনত থাকি একেই মুদ্ৰা বেচিলে। দিল্লী ৰাজস্থানৰ মানুহৰ হনুমান মুদ্ৰাৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণেই সিহঁতক আজি কোটিপতি বনালে। মনত আনন্দও লাগিল কোটিপতি হোৱাৰ বহুদিনীয়া সপোনটো বাস্তৱায়িত হোৱা বাবে আৰু অজয়ে যে দুই নম্বৰী ধাণ্ডাবোৰ বাদ দি ভাল ব্যৱসায়ত হাত দিছে সেই কথাটোত সিহঁত তিনিওজন অধিক আনন্দিত হ’ল।
হাতত বিয়েৰৰ বটলকেইটামান লৈ খৰধৰকৈ অজয় সোমাই আহিল ৰুমটোলৈ।
“চিয়েৰ্ছ, টিভিটো অন কৰ, তহঁতৰ নাম নিউজত ওলাই আছে। চেলিব্ৰেটি বনি গ’লি তহঁতবোৰ।”
এন ই নিউজ অন কৰি ৰাতুল মাটিত লেপেটা কাঢ়ি বহি ল’লে।
“এতিয়া আহিছো বিতং বাতৰিলৈ। গুৱাহাটীত হনুমান মুদ্ৰাৰ নামত বৃহৎ প্ৰৱঞ্চনা সংঘটিত কৰি প্ৰায় দহ কোটি টকা লুটিলে চাৰিজনীয়া প্ৰতাৰকৰ দল এটাই। নিজকে জেকব ডেনিয়েল, ৰক্তিম কৌশিক, অৰিন্দম বৰুৱা নামেৰে পৰিচয় দিয়া তিনিজনীয়া প্ৰতাৰকৰ গোটটোৱে বেলেগ বেলেগ হোটেলত থিতাপি লৈ হনুমানৰ মুদ্ৰাবোৰ বেচিছিল সাধাৰণ নাগৰিকৰ মাজত তিনি চাৰি হাজাৰ টকাত আৰু নিজকে ৰামা শাস্ত্ৰী বুলি পৰিচয় দিয়া চতুৰ্থজন প্ৰতাৰকে সেইবোৰ কিনিছিল ছয় সাতহাজাৰ টকাত। প্ৰথম অৱস্থাত প্ৰতিটো মুদ্ৰাতে দুই তিনিহাজাৰ লাভ দেখি গ্ৰাহকসকল অধিক আকৰ্ষিত হৈছিল হনুমানৰ মুদ্ৰা কিনিবলৈ, আনকি হনুমান জয়ন্তীৰ আগদিনা ৰামা শাস্ত্ৰী নামৰ প্ৰতাৰকজনে একোটা মুদ্ৰাত বিশ হাজাৰকৈ দাম দিব বুলি গম পায় গ্ৰাহকসকলেও দহ হাজাৰ টকা পৰ্যন্ত দামত সেইবোৰ ক্ৰয় কৰিছিল। প্ৰাথমিক অনুসন্ধানত গম পোৱা গৈছে যে ক্ৰয় বিক্ৰয় হোৱা মুদ্ৰাবোৰ কোনোধৰণৰ পৌৰাণিক মুদ্ৰা নহয়।”
নিউজ ৰিডাৰজনীয়ে আৰু কিবা কিবি কৈ আছিল যদিও ৰাতুলে একো নুশুনিলে, কাণখন গধুৰ গধুৰ যেন লাগিল। তাৰ বুজিবলৈ বাকী নাথাকিল যে বৰপেটা, মঙ্গলদৈৰপৰা সি বিচাৰি বিচাৰি গৈ কিনি অনা মুদ্ৰাবোৰো যে ৰামসিংহই এৰি যোৱা মুদ্ৰা নাছিল বৰঞ্চ অজয়ে ক’ৰবাৰপৰা বনাই লৈ যোৱাহে আছিল সেইবোৰ!

11 Comments

  • Rintumoni Dutta

    মোৰ ওচৰতো কেইটামান আছিল, লাগিব নেকি সঞ্জীব।

    বঢ়িয়া লাগিল পঢ়ি

    Reply
    • সঞ্জীৱ।

      হৈ গ’ল দাদা বেপাৰ,আৰু নালাগে।

      Reply
  • Sukumar Goswami

    হাৱালাৰ টকা আহিল নে নাই !! আহিল যদি ফাটাফাটি বেপাৰ

    Reply
    • সঞ্জীৱ।

      হৈ গ’ল দাদা বেপাৰ,আৰু নালাগে।

      Reply
  • গীতিকা শইকীয়া

    বঢ়িয়া লাগিল পঢ়ি। মালামাল হোৱাৰ সহজ উপায় তামাম লাগিল।

    Reply
    • সঞ্জীৱ।

      ধন্যবাদ বাইদেউ।

      Reply
  • Abhijit Goswami

    তামাম দাদা…

    Reply
  • কমল তালুকদাৰ

    হাঃ হাঃ •• চলিয়ে আছে বাস্তৱত •• কিমানক যে টুপি পিন্ধালে এনেকুৱা দল বোৰে
    সুন্দৰ উপস্থাপন ।

    Reply
    • সঞ্জীৱ

      অশেষ ধন্যবাদ।

      Reply
  • অভিজিত কলিতা

    হা হা! বুদ্ধিটো বেয়া নেলাগিল। আচলতে আজিকালি ডাঙৰ কোম্পানীবোৰেও তাকে কৰে, আৰটিফিচিয়েল ডিমাণ্ড সৃষ্টি কৰি কিছূমান অদৰকাৰী বস্তুৰ দাম বঢ়াই মুনাফা লুটে। আমি সকলোৱেই ভুক্তভোগী। বঢ়িয়া লাগিল সঞ্জীৱ।

    Reply

Leave a Reply

Your email address will not be published.