ফটাঢোল

হাঁহি – শিৱ প্ৰসাদ হাজৰিকা

হাঁহি হৈছে সুখ আৰু আনন্দৰ লগতে সুস্থতাৰ প্ৰতীক ৷ হাঁহি  আমাৰ জীৱনৰ এক মূল্যৱান সম্পদ , সৌন্দয্যতাৰ প্ৰতীক ৷ হাঁহিয়ে আমাক মনৰ ভিতৰৰ পৰা ধুনীয়া কৰি তোলাৰ লগতে আমাৰ ব্যক্তিত্বতো বহুখিনি প্ৰভাৱ পেলায় ৷ এই হাঁহিৰ জৰিয়তেই আমি আমাৰ জীৱনৰ মধুৰ মুহূৰ্তবোৰ সুন্দৰভাৱে উদযাপন কৰোঁ ৷ হাঁহিৰ মাধ্যমেৰেই আমি আমাৰ সুখানুভূতি প্ৰকাশ কৰিব পাৰোঁ ৷ হাঁহিক বাদ দি যেন এই জীৱনত একোৱেই উপভোগ্য হৈ উঠিব নোৱাৰে ৷

বৰ্তমানৰ ব্যস্ততাৰে পৰিপূৰ্ণ আমাৰ জীৱনবোৰৰ পৰা যেন লাহে লাহে হাঁহি নামৰ এই অমূল্য সম্পদবিধ  হেৰাই যাব ধৰিছে ৷ আমি হাঁহিবলৈ পাহৰি গৈছো বুলি কলেও যেন একেবাৰে ভুল নহয় ৷ সেয়েহে একোটা অঞ্চলৰ মানুহ কিছুমান লগ হৈ বৰ্তমান সময়ত লাফিং ক্লাব নামেৰে হাঁহিৰ একোটা অনুষ্ঠান গঢ়ি তুলিছে ৷ য’ত তেওঁলোকে পাৰ্ক বা মুকলি ঠাইত একেলগ হৈ জোৰ জোৰকৈ হাঁহিবলৈ চেষ্টা কৰে আৰু এটা সময়ত এই হাঁহি স্বতফূৰ্ত প্ৰাণখোলা হাঁহিলৈ পৰিণত হয়  ৷ হাঁহিৰ এই ধাৰণাটো প্ৰায় তিনিহাজাৰ বছৰ আগতে চীন দেশত হটেই (Hotei) নামৰ এজন সাধু পুৰুষ আছিল ৷ তেওঁ এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ ঘুৰি ফুৰি তেওঁ কোনোবা এখন গাঁৱৰ উপযোগী ঠাইত ৰৈ কোনো কাৰণ নোহোৱাকৈ জোৰ জোৰকৈ প্ৰাণখুলি হাঁহিছিল ৷ তেওঁৰ হাঁহিৰ শব্দ শুনি সেই স্থানত মানুহবোৰ জুম বান্ধিছিল আৰু হটেইৰ হাঁহি দেখি মানুহবোৰে নহঁহাকৈ থাকিব পৰা নাছিল ৷ এনেকৈয়ে তেওঁ হাঁহিৰ জোৱাৰ আনিছিল ৷ এটা সময়ত মানুহবোৰে লক্ষ্য কৰিলে যে হটেই য’লৈকে যায় সেইখন গাঁৱৰ মানুহখিনি সুস্বাস্থ্যৰ অধিকাৰী হয় ৷ তাকে দেখি হটেইক নিজ নিজ গাঁৱলৈ নিমন্ত্ৰণ দিবৰ বাবে গাঁওসমুহৰ মাজত টনা আজুৰা লাগিছিল ৷ এই হটেই এতিয়া লাফিং বুদ্ধ হৈ মানুহৰ ঘৰৰ কোঠাসমূহ শুৱনি কৰিছে ৷ এই মুৰ্তিটোৱে কোনো সুভাগ্যৰ সৃষ্টি নকৰে মাথোন মানুহৰ সুস্বাস্থ্যৰ বাবে যে আমি হাঁহিব লাগে সেই কথাকেই প্ৰতিক্ষণ আমাক সোঁৱৰাই থাকে ৷

প্ৰত্যেক মানুহৰেই জীৱনত হয়তো কেতিয়াবা আমি নভবাকৈয়ে এনে কিছুমান ঘটনা ঘটি যায় ৷ যিবোৰৰ সোঁৱৰণিয়ে মাথোন কেৱল  অজানিতে হাঁহিহে বিয়পাই আৰু সেই হাঁহিতেই লুকাই থাকে জীৱনৰ অনাবিল সুখ ৷ হাঁহিয়ে বহু ক্ষেত্ৰত আমাৰ মানসিক অৱসাদ দূৰ কৰি আমাক সকাহ প্ৰদান কৰাৰ লগতে সুস্বাস্থ্যত সহায় কৰে ৷ হাঁহিয়ে আমাক আমাৰ জীৱনটোৰ প্ৰতি সকলো সময়তে আকৰ্ষণ কৰি ৰাখে ৷ সেয়েহে দুদিনীয়া এই মনুষ্য জীৱনৰ পৰা আপোনাৰ মূল্যৱান হাঁহিবোৰ  হেৰাই  যাবলৈ নিদিব ৷ যিমান দূৰ সম্ভৱ  নিজৰ লগতে আনকো হাঁহিবলৈ শিকাওক  ৷ কিয়নো আনক হহুঁৱাব পৰাটোও একধৰণৰ বিশেষ কলা ৷ যিটো কলা সকলোৱে অৰ্জন কৰিবলৈ সক্ষম নহয় ৷

হাঁহিৰ জৰিয়তেও বহুতো  ব্যক্তি  বিখ্যাত হোৱাৰ উদাহৰণ আমাৰ চকুৰ সন্মুখতে আছে ৷ হাঁহিৰ মাধ্যমেৰে তেওঁলোকে বিশ্ববাসীৰ হৃদয় জয় কৰিবলৈও সক্ষম হৈছে ৷ যাৰ ফলস্বৰূপে বহু সংখ্যক মানুহে সেইসকল ব্যক্তিৰ বাবেই হয়তো পুনৰ নতুনকৈ হাঁহিবলৈ আৰম্ভ কৰিছে আৰু নিজৰ অজ্ঞাতেই বহুতো ব্যাধিৰ পৰা হাত হাৰিবলৈ সক্ষম হৈছে ৷ সেইসকল ব্যক্তিৰ হাঁহিৰ মাধ্যমেৰে বহুজনে পুনৰ নতুনকৈ জীৱনটোৰ প্ৰেমত পৰিবলৈ শিকিছে তথা জীৱনটো যাপন কৰিছে ৷ মুঠতে হাঁহি হৈছে এনে এক মহৌষধ যিয়ে আমাক সতেজ আৰু প্ৰাণোচ্ছল কৰি তোলে ৷ কোনো এজন মহৎ লোকে কৈছিল- যি মানুহে হাঁহিব নাজানে তেওঁ দেৱতা বা চয়তান ৷ সেয়েহে সকলোৱে হাঁহি থাকক আৰু জীৱনটো সুন্দৰ কৰি ৰাখক ৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.