ফটাঢোল

হাত দীঘল – ঠেং চুটি!! – জ্যোতিৰূপম দত্ত

কথা এটা শুনকচোন! হয়, আপোনাকেই কৈছো!

জয়জয়তে মোৰ ফালৰ পৰা আন্তৰিক সম্ভাষণ গ্ৰহণ কৰিব৷ মানে এইবোৰ এনেই ক’ব লাগে বাবেই কৈছো৷ আজিকালি এই ভক্তি, শ্ৰদ্ধা, মৰম, অভিনন্দন আদি শব্দবোৰৰ অৰ্থ সলনি হৈ গ’ল৷ এই ধৰক, কোনোবা নেতাৰ ভাল কথা এটাৰ শলাগ ল’লেই আমি ভক্ত! মাতৃ দিৱস, পিতৃ দিৱসৰ দিনা আনকালে এলাগী হৈ থকা মাক বাপেকক বিচাৰি বিচাৰি লেৰেলা সাদৰ দেখুৱাই ফটো তুলি ৰাইজক দেখুৱালেহে শ্ৰদ্ধা! মৰমবোৰো আজিকালি তলে-পুতল হ’ল৷ শেতেলীৰ তিৰোতাক এৰি থৈ বহুতো ভদ্ৰলোকেই নিশা হলেই ম’বাইলটো উলিয়াই সেউজীয়া চাকি জ্বলি থকা মানে অনলাইন থকা ধুনীয়া যুৱতী, তিৰোতা বিচাৰি বিচাৰি বিলোৱা কামটোহে মৰম! বোমা-বাৰুদেৰে শিশু-বৃদ্ধ আদিকে ধৰি সাধাৰণ মানুহক আক্ৰমণ কৰাৰ পাছত সাত সাগৰ তেৰ নদীৰ সিপাৰে গাঁতত সোমাই থকা শিয়ালবোৰে হোৱা দিয়াৰ দৰে কোৱা ‘বৈপ্লৱিক অভিনন্দন’টোহে অভিনন্দন!

পিছে আজি আপোনাৰ আগত মন খুলি কেইটিমান কথা কওঁ বুলি ভাবিলো৷ আপুনি হাত দীঘল মানুহ নহয় বাবেই এইকণ সাহস কৰিছো৷

আপুনি বুদ্ধিজীৱী নহয় বুলি ভালকৈয়ে জানো৷ আপোনাক সমালোচনা কৰাৰ আগতে আপোনাৰ দৰে হোৱাৰো কোনো দৰকাৰ নাই! সেয়ে আপোনালৈ মই ভয় কৰাৰ কাৰণো একো নেদেখো৷ পিছে অনবৰতে নাভূত নাশ্ৰুত উক্তি-যুক্তি দি, টিভি-কাকতত পেখম মেলি, চিঞৰি বাখৰি নিজৰ যুক্তি বা ভুল সিদ্ধান্ত এটাক বলেৰে প্ৰতিপন্ন কৰিব খোজা হাত দীঘল বুদ্ধিজীৱীসকললৈ পিছে ভয় লাগে৷

এখেতসৱৰ বাহিৰেও আমাৰ সমাজত অনেক হাত দীঘল মানুহ দেখা পাওঁ৷ মেট্ৰিকটো কোনোমতে চুচৰি বাগৰি পাৰ হৈ কলেজত নাম লগোৱা কেইজনমানে নামৰ শেষত ‘ছাত্ৰনেতা’ নামৰ উপাধি এটা লগাই লব পাৰিলেই লেঠা শেষ৷ ইয়াৰ পিছতেই এইসৱৰ বাবে কলেজৰ কিতাপ-বহীতকৈ চান্দাৰ বহীখনহে বুকুৰ কুটুম হয়৷ বছৰটো নৌ ঘুৰোতেই ইকৰা কাঠিৰ দৰে কেটেঙাকেইটাৰ গলধনত মঙহ ধৰে৷ পিন্ধনত বগলীৰ পাখিহেন শুকুলা চোলা, অথচ মুখত অবাইচ কথাৰ লানি নিচিগা ধাৰ বয়৷ মুখত দেশৰমানে বৰ বৰ কথা, জাতীয়তাবাদ, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কৈ থাকিলেও কোটি টকাৰ সম্পত্তি ৰইনাৰে কোচোৱাটোহে এইসৱৰ আচল উদ্দেশ্য! লাহে লাহে আন কিছু হাত দীঘল লোকৰ শৰণাপন্ন হৈ এইসৱৰ হাতকেইখনো দীঘল হবলৈ লয়৷ কিছুমানে ৰাজনীতিলৈ আহি ৰাইজৰ দুখত ঘঁৰিয়ালৰ চকুপানী টোকে, ৰাজনেতা হয়, কিছুমানে বয়স বুঢ়া হৈ দাঁত-চুলি সৰি গলেও ছাত্ৰনেতা হৈয়েই ৰৈ যায়৷ এইসৱে নিজৰ স্তাৱকবাহিনী এটা পুহি নিজৰ হাত কেইখনৰ দীঘ কমিবলৈ নিদি প্ৰতিপত্তি জহাই থাকে৷ সেয়ে এইসৱলৈ ভয় লাগে৷

পিছে আপোনালৈ মোৰ কোনো ভয় নাই৷ মই ভয় খাবলৈ আপুনি কিবা প্ৰধানমন্ত্ৰী নেকি? আমি কেইবছৰমান আগলৈকে দেশৰ প্ৰধানমন্ত্ৰীকো ভয় নকৰিছিলো৷ পিছে সেইজনা বৰ শান্ত শিষ্ট মানুহ আছিল৷ নামে মানুহে গোটেইটো একেবাৰে মৌন! পিৰিচত থকা লালমোহনটো দুফাল কৰিব নোৱাৰা মানুহটোক পিছে ৰাজবংশৰ মাক-পুতেককে ধৰি আটাইখনে মিলি কম নগুৰ নাগতিখন কৰিলেনে? কেতিয়াবা বোলে এইখন কাগজত চহী মাৰি দিয়ক, কেতিয়াবা এইফালে কি হৈছে চকু নিদিব, কেলেংকাৰীলৈ চকু নিদিব, কয়লালৈ চকু নিদিব, টু-জি ম’বাইলৰ লেঠালৈ চকু নিদিব আদি নানা নিৰ্দেশ৷ তেখেতে চহী কৰা গুৰুত্বপূৰ্ণ কাকত এখিলা ৰাহুল গান্ধী নামৰ ৰাজকুমাৰজনাই সমজুৱাকৈ দুটুকুৰা কৰি দলিয়াই দিয়াৰ দৰে ঘটনাও আমি দেখিছিলো৷ পিছে তেখেত হাত দীঘল মানুহ নাছিল বাবে আমি তেখেতলৈ ভয় কৰা নাছিলো৷

পিছে তেখেতো কম নাছিল দেই! তেখেতে যোৱা আঠাইশ বছৰে গুৱাহাটীৰ ভাড়াঘৰত থাকিয়েই কেন্দ্ৰীয় চৰকাৰত বিত্তমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীলৈকে উধালে! চকুচৰহাবোৰে কলে কি হ’ব? আইনমতে তেখেত গুৱাহাটীৰ বাসিন্দা, সৰুমটৰীয়াত দুটা কোঠাৰ ভাড়াঘৰ এটাত থাকে৷ আন সময়ত বৰকৈ নেদেখিলেও ভোট দিয়া সময়ত আৰু ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত পিছে আমি তেখেতক ঠিকেই দেখা পাওঁ৷ তেখেতৰ ঘৰ ইয়াতেই, নিয়মীয়াকৈ প্ৰতিটো নিৰ্বাচনত ভোট দিয়ে, গতিকেই তেখেতে বজাৰ সমাৰো ইয়াতেই কৰা বুলিয়েই আমি ভাবিব লাগিব! এই ধৰক গণেশগুৰিৰ বজাৰত পৰিবাৰসহিতে হাতত মোনা এখন লৈ ৰহিলা বাইৰ পৰা পালেং, খুতৰা শাক, তালুকদাৰৰ পৰা কাৱৈমাছ আধাকেজি, কাকতি ভাণ্ডাৰৰ পৰা জহা চাউল দুসেৰ কিনি ৰিক্সা এখনত উঠি সৰুমটৰীয়া অভিমুখে ৰাওনা হোৱা মনমোহন সিং! ভাবি চালেই ভাল লাগে দিয়কচোন!

এখেতৰ দিনতেই আমাৰ অসমৰ পৰাই সঞ্জয় সিঙকো আমি দেশৰ উচ্চসদনলৈ নিৰ্বাচিত কৰি পঠিয়ালো! এখেতো নিজৰ ৰাজ্যখনক হাড়ে-হিমজুৱে ভাল পোৱা, মনে-ধনে-প্ৰাণে এজন থলুৱা, খিলঞ্জীয়া উত্তৰ ভাৰতীয় মানুহ! অসমীয়া নহয় দেই! এখেতো হেনো হাত দীঘল মানুহ৷ দেশৰ ৰাজবংশৰ প্ৰতিনিধি মানে ৰাহুল, প্ৰিয়ংকাহঁতৰ সৈতে এঘড়ী যুঁজিব পৰা মানুহ৷ গতিকেই এখেতকো আমি ভয় কৰিয়েই আমালৈ বঢ়া ভাত একাঁহী এৰি দিছিলো৷

আগৰজনাক পৰোৱাই নকৰিলেও পিছে এতিয়াৰ প্ৰধানমন্ত্ৰীজনালৈ ভয় লাগে৷ সঁচাকৈ কৈছো! দেখা নাই নেকি? এইজনাৰ এটা ধমকিতে আমি সুৰসুৰকৈ এটিএম, বেংক আদিত শাৰী পাতিলো৷ এখেতে কাৰোবাক হেনো নৰ্দমাসৃষ্ট গেছত জুই জ্বলাই ফুটপাথত চাহ-পকৰি বিক্ৰী কৰা দেখা পোৱা বুলি এবাৰ কৈছিল৷ আমি শুনিলোহে, ক’ত দেখিছিল বুলি সুধিবলৈ সাহে নুকুলালে৷ সৌ তাহানিতে ডিজিটেল কেমেৰা, ইণ্টাৰনেট ব্যৱহাৰ কৰা, ডাৱৰে ৰাডাৰক বাধা দিয়া বুলি কোৱা মানুহজনক ওভোটাই প্ৰশ্ন কৰিবলৈ আমাৰ সাহে নুকুলায়৷ এখেতৰ সৈতে একেলগে মেট্ৰিক পাছ কৰা বন্ধু, কলেজ বিশ্ববিদ্যালয়ত একেলগে পৰীক্ষা দিয়া কোনো এজন বন্ধুৰ বিষয়ে আজিলৈকে গম নাপালো৷ আমি এনেবোৰ কথা মুকলিকৈ সুধিবলৈ ভয় কৰো৷

অসমলৈ যিয়েই আহে সকলোৰে মুখত বৰ বৰ কথা শুনো৷ এখেতেও আগৰবাৰৰ নিৰ্বাচনৰ সময়ত ডিঙিৰ সিৰ ফুলাই অমুক তাৰিখৰ ভিতৰত বাংলাদেশী খেদি অসমখন মুকলি কৰিম বুলিও কলে৷ পিছে গাদীত বহিয়েই বাংলাদেশৰ লগত চুক্তি কৰি দেশৰ দহ হেজাৰ একৰ মাটিহে এৰি দিয়া হ’ল৷ তাৰ পাছত আকৌ ধৰ্মৰ নামত বাংলাদেশী আনিমহে বুলি এপৰলৈ পানী ঘোলা কৰিলে৷ অসমলৈ আহি ব্ৰহ্মপুত্ৰখন দেখুৱাই অতি শীঘ্ৰেই সকলোকে পানী খুৱাম বুলিও বহুদিন আগৰ পৰাই বহুতেই কৈ আছিল৷ ৰসতে নামটো থৈ এইজনাইও ৰাইজক পানী খুৱাম বুলি কথা দিছিল৷ পিছে আজিলৈকে খোৱাপানীৰ নামটোকে দেখিবলৈ নাই, খৰাঙৰ বতৰত এটুপি খোৱাপানী বিচাৰি ৰাইজে জোলোকা-জোলোকে পানীহে খাইছে! শুকান পাইপকেইডাল চাই চায়েই দিন কটাইছে৷

এইবোৰ কথা এখেতকো কোনেও নোসোধে৷ পিছে কিছুমানে যোৱা নিৰ্বাচনৰ সময়তে মৰো-জীওঁ-সো-আধিকৈ হলেও এখেতক কিছুমান প্ৰশ্ন কৰিবলৈ চালে৷ পিছে প্ৰশ্নবোৰো পানীত ভিজা পাপৰৰ লেখিয়াহে হ’লগৈ৷ তেখেতে আম কেনেকৈ খায়, লগত মানিবেগ ৰাখে নে নাই, কিমান সময় শোৱে, প্ৰশ্নকৰ্তাৰ মুখেৰে এইবোৰহে ওলাল!

পিছে এইজনাক কেৰেপ নকৰাও কিছুমান হাত দীঘল লোক আছে৷ মানে আমি সাধাৰণ প্ৰজাই এটিএম, বেংক আদিত শাৰী পতাৰ সময়ত পিছে কোনো এজন অসাধু কোটিপতি নেতা বা কুখ্যাত ব্যৱসায়ী আদি কাকো শাৰীত নেদেখিলো৷ আনকি মুকেশ আম্বানীয়ে দেশৰ এইজনা সৰ্বশক্তিমান প্ৰধানমন্ত্ৰীকে নিজৰ ম’বাইল ক’ম্পেনীৰ মডেল হিচাপে লৈ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাভৰ্তি বিজ্ঞাপনত ছপাই দিছিল! আম্বানীয়ে পাৰফিউম, জোতা, গেঞ্জী, মিঠাতেলৰ বিজ্ঞাপনত যে এতিয়ালৈকে এখেতৰ ফটো ব্যৱহাৰ কৰা নাই সেয়া আমাৰেই ভাগ্য ভাল নে তেখেতৰেই বা? আনে মডেলিঙৰ নামত কোটি কোটি টকা লোৱাৰ সময়ত আম্বানীয়ে মাত্ৰ পাঁচশ টকাতে দেশৰ প্ৰধানমন্ত্ৰীক মডেল হিচাপে লৈ কাকতত বিজ্ঞাপন ছপাইছিল! মানে বিনানুমতিত প্ৰধানমন্ত্ৰীৰ ফটো বিজ্ঞাপনত ব্যৱহাৰ কৰি আম্বানীয়ে জৰিমনা হিচাপে মাত্ৰ পাঁচশ টকাহে ভৰিবলগা হৈছিল! এতিয়া আপুনিয়েই কওকচোন, হাত দীঘল কোন?

তথাপিও আজিকালি হাত দীঘল মানুহ দেখিলে তেৰাসৱৰ ভৰিলৈ লক্ষ্য কৰো৷ পিছে বেছিভাগৰ ক্ষেত্ৰতে দেখা পাওঁ – ঠেং চুটি!

☆ ★ ☆ ★ ☆

11 Comments

  • মাধুৰ্য্য

    বঢ়িয়া। প্ৰথমে আপোনাৰটোৰেই আৰম্ভ কৰিলো। সুন্দৰ সমালোচনা।

    Reply
  • Rintumoni Dutta

    সদায়ৰ দৰেই এইবাৰো ক্ষুৰধাৰ ব্যংগ

    বঢ়িয়া লাগিল জ্যোতিদা

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • parishmita

    চেল্যুট টু ইউ জ্যোতিদা। এয়াহে ব্যংগ।

    Reply
  • Anamika

    এহ ম…জা

    Reply
  • চিদানন্দ বৰা

    পিউৰ ঘিঁত ভজা জেলেপি খোৱা যেন লাগিছে !!

    Reply
  • ৰাজীৱ শৰ্মা

    আপোনাৰ লিখনিৰ তুলনা নাই।বিৰাট সুন্দৰ ।

    Reply
  • খুব ভাল লাগিল

    Reply
  • Sankar Jyoti Bora

    দেওবাৰটো এইটোদিয়েই আৰম্ভ কৰিছো৷একদম ক্ষুৰধাৰ৷এটা বিগ চেল্যুট জ্যোতিদা৷

    Reply
  • Anjan

    দাদা আপোনাৰ লেখাৰ ইচটাইলটোৱেই বেলেগ৷বৰ ভাল লাগিল পঢ়ি

    Reply
  • হেমন্ত কাকতি

    বহুত ভাল লাগিল জ্যোতি

    Reply

Leave a Reply

Your email address will not be published.