ফটাঢোল

হাবি – ৰাজীৱ শৰ্মা

অৰণ্য। উস্ অৰণ্য। ইয়েই মোক খাব যেন পাইছোঁ। প্ৰচণ্ড খঙত মোবাইলটোলৈ চাই চাই নিজকে নিজে ক’লো।

বেমাৰটো বেছি দিনৰ নহয়। সৌ সিদিনাৰ বুলিবও পাৰি। মানে শ্ৰীমতীৰ এইবছৰৰ হৈ যোৱা জন্মদিনৰ পাছৰ পৰা। এওঁ বহুদিনৰপৰা কুটুৰি আছিল এটা ভাল, দামী মোবাইল লাগে বুলি। ফেচবুক, ৱাটচ্ এপ আদি কৰিব পৰাকৈ। মান্ধাতা যুগৰ নকিয়া মোবাইলটোত এইবোৰ কৰিব নোৱাৰি। ময়ো সেয়ে ৰসতে নাম থৈ এইবাৰ জন্মদিনৰ উপহাৰ বুলি এটা এনড্ৰইড মোবাইল লৈ দিলো। কিন্তু কি হ’ব? মোবাইল নহয় মই যেন খাল খান্দি ঘঁৰিয়ালহে চপালো। ইমানদিনে মোৰ মোবাইলটোৰে কাম চলাই থকা মানুহজনী নতুন মোবাইল পাই একেবাৰে পখিলীজনী হোৱাৰ দৰে হ’ল। পৰিস্থিতি এনে হ’লগৈ যে আজিকালি মই চাকৰিৰ পৰা আহি চাহ একাপ পাবলৈও হামিয়াই হিঁকটিয়াই কমেও আধাঘণ্টা বোন্দাপৰ দিব লাগে।

তথাপিও ঠিকেই আছিল। মোবাইলৰ যোগেদি নতুনকৈ চিনাকী হোৱা এওঁৰ ন-পুৰণি সকলো বন্ধু-বান্ধৱীৰ খবৰ মোক দিছিল। টেবুলত থোৱা মোবাইলটো মোক কেতিয়াবা চাবলৈও দিছিল। বন্ধু-বান্ধৱীৰ কিবা লিখা বা কমেণ্ট পঢ়িছিলোও। লাহে লাহে পৰিৱেশ সলনি হৈ আহিল। আজি অতদিনে মোৰ মোবাইলত পাছৱৰ্ড দিবলৈ নিদিয়া মানুহজনীৰ নিজৰ মোবাইলত পাছৱৰ্ড লাগিল। কাজেই বৰ্তমান মই আঙুৰ খাবলৈ নোপোৱা শিয়ালটোৰ দৰে আঙুৰ টেঙা বুলিয়েই সান্তনা ল’বলগীয়াত পৰিছে। আনকি আজিকালি পাছৱৰ্ড থকা স্বত্তেও মই তেওঁৰ মোবাইলটো চুলে মুহূৰ্ততে চিলনীৰ দৰে চোঁ মাৰি আহি মোৰ হাতৰপৰা সেইটো কাঢ়ি নিয়েহি।

তাতে এই অৰণ্যটো ওলোৱাৰপৰা মোৰ মনটো বেয়া। বিয়া হোৱাৰ অত বছৰ হ’ল, সংসাৰ ভালেৰেই চলিছিল কিন্তু এই অৰণ্যডালে আহি আমাৰ সুখৰ সংসাৰখন থানবান কৰাৰ উপক্ৰম কৰিলে। চাটিফুটি কৰা মোৰ মনটো কোনোমতেই শান্ত কৰিব নোৱাৰা হ’লো। সেয়ে ময়ো ক’ৰবাৰপৰা ঘৰলৈ আহি সুবিধা বিচাৰি ফুৰো। মানুহজনী অকণমান আঁতৰি যোৱা যেন পালেই লৰ মাৰি তেওঁৰ মোবাইলটো চাওঁগৈ। একো চাব নোৱাৰিলেও সদায় দেখো অৰণ্যৰ মিছকলৰ সংখ্যা স্ক্ৰীণত জিলিকি থকা।

এদিনৰ কথা। শ্ৰীমতীয়ে মোক ক’লে – “তুমি একেবাৰে ৰোমাণ্টিক নহয়।” মই বোলো, “হয়তো, এতিয়া বুঢ়াকালত সেইটোহে বাকী আছেগৈ। আঁহা ৰোমাঞ্চ কৰো।”

শ্ৰীমতীয়ে জাঙুৰ খাই উঠি ক’বলৈ ধৰিলে – “লোকৰ মানুহে নিজৰ মানুহজনীক ইমান মৰমেৰে মাতে, মোবাইলৰ নম্বৰটোও আনকি শুনিলেই বা দেখিলেই প্ৰেম ভাব জগা জান, সোণ, হিয়া আদি নামেৰে চেভ কৰে আৰু তুমি জীৱনত অৰোমাণ্টিক মানুহটোৱে লিখা চিধা চিধিকৈ মোৰ নামটো। হেৰৌ মৰমী, গোঁসানী আদি বেলেগ নাম এটা মোৰ নামৰ ঠাইত লিখিব নোৱাৰা?”

মই বোলো কথা কোনোবাখিনি পালেগৈ। এওঁৰ গাত মোবাইল ভালকৈয়ে লম্ভিল। কি কুক্ষণত যে এইটো উপহাৰ দিছিলো। তাতে এতিয়া অৰণ্যৰ তাণ্ডৱ। আজিকালি সেয়ে অফিচৰ পৰা যেতিয়াই তেতিয়াই এওঁলৈ ফোন লগাওঁ। কিজানিবা কিবা গম পাওঁ! ওচৰতে থাকিলে কেতিয়াবা ধৰে, কেতিয়াবা ৰিং হৈ হৈ বন্ধ হৈ যায়। নিশ্চয় কিবা কামত ব্যস্ত থাকে। কিন্তু বুজিলেও মোৰ উচপিচনি বাঢ়ে। কিজানি মই নাথাকোতে ঘৰলৈ কোনোবা আহিছে! সেই সময়ত এওঁৰ মোবাইলৰ স্ক্ৰীণত জিলিকি থকা অৰণ্য নামটোৱে মোক থিৰেৰে থাকিবলৈ নিদিয়ে। তপত খোলাৰ আখৈৰ দৰে মই চটফটাই অফিচৰ বাকী সময়খিনি পাৰ কৰো। কিন্তু আজিলৈকে একো প্ৰমাণ পোৱা নাই এই অৰণ্য কোন। তাৰোপৰি এই নম্বৰটোৰ মই সদায় মিছকলহে দেখো পত্নীৰ মোবাইলত। পাছৱৰ্ড থকা মোবাইল, তাতকৈ একো চাবলৈয়ো নাপাওঁ। মই নাথাকোতে কিমান সময় বা কথা পাতি পাৰ কৰে ভগৱানেহে জানে!

এটা কথা ভাবি মই আচৰিতো হওঁ। এই নামটোক লৈ মোৰ চটফটনি দেখিও এওঁ যেন একো দেখাই নাই এনে ভাবত থাকে। মৰম চেনেহো পূৰ্বৰ দৰেই। কমা নাই। আনকি আজিলৈকে কিয় অৰণ্যৰ মিছকলৰ সংখ্যাটো মোবাইলৰ স্ক্ৰীণৰপৰা ডিলিট কৰি নথয় তাকে ভাবি মই দস্তুৰমত অবাক। কিবা বেপেৰোৱা ভাব। দেখিলেও দেখক ধৰণৰ।

আজিকালি ময়ো সময় নাই অসময় নাই মুঠতে এওঁলৈ ফোন কৰিয়েই থাকো। কিজানি ব্যস্ত পাওঁ ফোনটো। এওঁ প্ৰথম দুটামান ফোন ধৰি কথা এষাৰ পাতে, পিছৰবোৰ নধৰে। হয়তো বেলেগ কামত ব্যস্ত হয় তেতিয়া।

এদিন ভাবিলো এই কথাই কথা নহয়। ইয়াৰ মানে অৰণ্যৰ পুলি উঘালিব লাগিব। মোক মোবাইলত সাদৰী নাম লিখিবলৈ কোৱাজনীয়ে কোন এই অৰণ্য আজি ক’ব লাগিব মোক। মুঠতে আজি হয় গুৱাহাটী নহয় ৰঙামাটি।

অফিচৰ পৰা আজি লেখি লেখি দহবাৰ ফোন কৰিলো। তাৰে তিনিবাৰ ধৰিলে বাকী সাতবাৰ নধৰিলে। খঙত অফিচ আধাতে এৰি ঘৰ পালোহি। জপাই থোৱা দুৱাৰেদি সোমাই দেখো এওঁ বাথৰুমত। সাউতকৈ এওঁৰ মোবাইলটোৰ ওচৰ পালোগৈ। দেখো স্ক্ৰীণত ট ট কৈ জিলিকিছে সাতটা মিছকল, অৰণ্যৰ। কিবা যেন ৰহস্য আছে এই নামটোত।

কিমান সময় মোবাইলটোত অৰণ্য নামটো চাই তন্ময় হৈ আছিলো গম নাপাওঁ। হঠাতে পিঠিত পানীৰ টোপাল আৰু গালত এওঁৰ তিতা চুলি লগাতহে মই সম্বিত ঘুৰাই পালো। চক খোৱা মানুহৰ দৰে মই বিহ্বল চাৱনিৰে তেওঁলৈ চাই ক’লো – “এইবোৰ এৰিবৰ হ’ল। এই বয়সত এইবোৰ ধেমালি মই একেবাৰে ভাল নাপাওঁ। তিতা চুলিবোৰ মোৰ গালত লগাইছা কিয়? আৰু এই অৰণ্যটো কোন মোক কোৱা আজি। চাল্লা, ইয়াৰ প্ৰতাপত মোৰ খাৱন-শোৱন নাইকিয়া হৈছে।”

এওঁ ক’লে – “তোমাক মই এনেয়ে ৰোমাণ্টিক নহয় বুলি নকওঁ নহয়। ক’লে আকৌ তোমাৰহে খং উঠে। কিমানদিন হ’ল মোবাইলৰ কনটেক্ট লিষ্টত মোৰ নামটো সলাবলৈ কোৱা। নসলালা। মোলৈ মৰম থাকিলেহে সলাবা।”

মই বোলো ‘হয়নে, পিছে মোলৈনো তোমাৰ কিমান মৰম দেখিছো নহয়। অনবৰতে এই অৰণ্যডালৰ মিছকল। কোন এই অৰণ্য ক’ব লাগিব আজি মোক।’

মোৰ কথা শুনি এওঁ যেন হাঁহিত ফাটিহে পৰিব।“সেইয়া মোৰ কথাৰ প্ৰমাণ তুমি নিজেই দিলা। তোমাৰ লগত আৰু প্ৰেম! নোৱাৰি দেই। হেৰৌ, তুমি মোবাইলত মোৰ পুৰা নামটো লিখিলা বুলিয়েই মই নিলিখো নহয়। মই দস্তুৰমত আন নাম আই মিন ৰোমাণ্টিক নাম লিখিম।”

“কিন্তু এই অৰণ্যৰ অৰ্থ কি?”- মই খোনাই খোনাই সুধিলো।

এওঁ মোৰ কাণৰ লটিটো জোৰকৈ টানি ধৰি ক’লে – “বুদ্ধু, অৰণ্য মানে হাবি হয়নে নহয়? আজিকালি ঘৈণীয়েকবোৰে গিৰিয়েকক হাবি বুলি যে কয় তুমি জানো নাজানা? মই যেনিবা তাতে ৰোমাণ্টিক আবেগ সানি হাবি বুলি নিলিখি অৰণ্য বুলি লিখিছোঁ।”

নিজকে একেবাৰে বুৰ্বক যেন লাগিল সঁচাকৈ।

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published.