ফটাঢোল

হাস্যৰসাত্মক নাটক হিচাপে 'মহৰী' নাটকৰ এটি চমু আলোচনা – চবিনা ইয়াচমিন

নাটক হ’ল দৃশ্য-কাব্য৷ পঢ়া বা শুনাৰ ওপৰিও অভিনয়ৰ মাজেৰে পৰিবেশন কৰা হয় বাবেই নাটক দৃশ্য কাব্য৷ উপন্যাস, কবিতা, গল্প আদি সাহিত্যকৰ্মত ‘দৃশ্য’ গুণটো গৌণ যদিও নাটকৰ ক্ষেত্ৰত ই হ’ল মূখ্য গুণ৷ নাটকত লিখকে যিভাবে মনৰ কথা অংকন কৰে পাঠকে তেনেদৰেই চাবলৈ সক্ষম হয়৷ নাটকত অভিনেতাসকলে অভিনয়ৰ মাজেদি নাটকৰ কাহিনী দৰ্শকৰ কাষ চপাই নিয়ে৷ দৰ্শকে নাট্যকাৰৰ ৰচনা পাঠ নকৰাকৈয়ে অভিনেতাসকলৰ মুখৰ সংলাপ শুনি আৰু অভিনয় দৰ্শন কৰিয়েই সকলো ঘটনা বুজিব পাৰে৷ জীৱনৰ বাস্তৱ ৰূপ পৰিবেশন কৰাৰ বাবেই নাটক অন্যান্য কলাতকৈ অকৃতিম আৰু সংবেদনশীল৷ নাটক হ’ল সত্য, শিৱ আৰু সুন্দৰৰ আৰাধনাত সৃষ্টি হোৱা এক শিল্প৷ ইয়াৰ সৃষ্টি ক’ত, কেতিয়া আৰু কেনেকৈ হৈছিল সেয়া স্পষ্টকৈ ক’ব নোৱাৰি৷ ভৰতৰ নাট্যশাস্ত্ৰত আছে- “কৃতানুকৰণং লোকে নাট্যমিত্যভিধীয়তে৷ যোহয়ং স্বভাৱো লোকস্য সুখদুঃখ সমন্বিতঃ৷ যোহঙ্গাদ্যভিনয়োপেতঃ নাট্যমিত্যাভিধীয়তে৷৷” অৰ্থাৎ কৰ্মৰ অনুকৰণকে নাট্য বুলি কোৱা হৈছে৷ মানুহৰ সুখ দুখযুক্ত যি অৱস্থা তাকে আংগিক আদি অভিনয়ৰ সৈতে যুক্ত কৰিলে তাকে নাট্য বোলা হয়৷ তেওঁৰ মতে লোক বৃত্তৰ অনুকৰণেই নাটক৷

এলাৰডিক নিকেলে কৈছিল খ্ৰীষ্টপূৰ্ব ৪৮৬ ত সৰ্বপ্ৰথম গ্ৰীচৰ ডাওনিছাছ দেৱতাৰ উৎসৱত হাস্যৰসাত্মক নাটকে স্থান পাইছিল৷ এৰিষ্টোটলে কমেডিৰ বিষয়ে দিয়া সংজ্ঞাটো বিশ্লেষণ কৰি ক’ব পিৰি যে, কমেডি নিম্ন শ্ৰেণীৰ চৰিত্ৰৰ অনুকৰণ, কিন্তু নিম্নশ্ৰেণীৰ চৰিত্ৰৰ অৰ্থ বেয়া চৰিত্ৰ নহয়৷ হাস্যোদ্দীপক, কুৎসিতৰেই এক বিশেষ উপজাতি৷ অ-বেদনাদায়ক ক্ৰটিৰ পৰাই ইয়াৰ জন্ম৷ ই হ’ল সাধাৰণ মানুহতকৈ নিম্নস্তৰৰ মানুহৰ জীৱন কাহিনীৰ হাস্যকৰ ঘটনাৰ অনুকৰণ৷ যি ঘটনা সাধাৰণ বা ব্যক্তিগত যিয়েই নহওক কিয় ইয়াৰ পাত্ৰ-পাত্ৰী সাধাৰণ অৱস্থা বা মধ্যবিত্ত অৱস্থাৰ৷ ইয়াৰ ভাষা পাতলীয় আৰু আনন্দৰ৷ ইয়াত নৃট্য গীতো থাকে৷ এই কথাখিনিৰ পৰা আমি কমেডি সম্পৰ্কে এই ধাৰণাকে কৰিব পাৰোঁ যে, ব্যক্তি আক্ৰমণহীন অপেক্ষাকৃত নিম্নচৰিত্ৰাশ্ৰয়ী, বিশুদ্ধ হাস্যৰসাত্মক মিলনান্ত কাহিনীৰ ৰূপায়ণেই হ’ল কমেডি৷

আধুনি অসমীয়া নাট্যকাৰসকল যি উনবিংশ আৰু বিংশ শতিকাৰ মাজভাগত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল সেই নাট্যকাৰ সকলৰ ভিতৰত দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা হ’ল অন্যতম৷ ১৮৭০ চনত তেওঁ শিৱসাগৰৰ শুকানপুখুৰীত জন্ম গ্ৰহণ কৰিছিল বুলি কোৱা হয় যদিও , জন্মস্থান আৰু জন্মৰ চন সম্পৰ্কে কিছু মতবিৰোধ আছে৷ ‘মহৰী’ হ’ল তেওঁৰ এখন ধেমেলীয়া নাটক৷ নাটকখন তিনিটা অংকযুক্ত আৰু দৃশ্যসমূহক তেওঁ “দৰ্শন” নাম দিছিল৷ প্ৰথম অংকত দৰ্শনৰ সংখ্যা পাঁচটা, দ্বিতীয় অংকত তিনিটা আৰু তৃতীয় অংকত ছয়টা দৰ্শন অন্তৰ্ভুক্ত কৰা হৈছে৷ নাটকখনৰ বিষয়বস্তুক নাট্যকাৰে সাম্প্ৰতিক সময়ৰ উপযোগী আৰু যুগসাপেক্ষ হিচাপে চিত্ৰিত কৰিছে৷ সমাজ সচেতন দক্ষ নাট্যকাৰ আৰু নাটক পৰিচালক দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ “মহৰী” সাম্প্ৰতিক অসমৰ নাট্যজগতৰ এখন মঞ্চসফল নাটক৷ নাটকৰ বিষয়বস্তু হৈছে চাহ বাগানৰ পৰিৱেশ আৰু ভাবিৰামৰ মহৰী পদৰ হাস্যকৰ অৱস্থাৰ চিত্ৰণ৷ “মহৰী” নাটকখনৰ ৰচনা কালচোৱাত অসমৰ অধিকাংশ দৰ্শকেই আছিল অনাখৰী, সহজ-সৰল চহা গাঁৱলীয়া লোক৷ নাটকৰ কাহিনীভাগ সেই সময়ৰ দৰ্শকে সমাজ আৰু পাৰিপাৰ্শ্বিক জীৱনৰ জটিল, তত্ত্বগধুৰ মানৱীয় সমস্যাৰ চিত্ৰায়ণতকৈ ধেমেলীয়া কথাৰ হোৱাটোহে বিচাৰিছিল৷ “মহৰী”ৰ ৰচনা কাল আছিল ১৮৯৬ চন৷ বৃটিছে অসম ৰাজত্ব কৰাৰ সময়ত তেওঁলোকে নতুনকৈ গঠন কৰা চাহ বাগিছাসমূহৰ সৰু চাকৰিবোৰৰ প্ৰতি অসমৰ অল্প শিক্ষিত ডেকাসকলৰ হেঁপাহ আৰু অজ্ঞানতা আৰু নিজৰ মানুহৰ ষড়যন্ত্ৰৰ কবলত পৰি বাগিছাৰ পৰা খেদা খাব লগীয়া বা পলাবলগীয়া হোৱা ঘটনাৰ বৰ্ণনাৰে তীব্ৰ ৰূপত হাস্য আৰু ব্যংগৰ সহায়ত নাটকখনৰ কাহিনী ৰচনা কৰা হৈছে৷

ভাবিৰাম নামৰ অৰ্ধশিক্ষিত ল’ৰা এটা চাকৰি বিচাৰি ঔগুৰি চাহ বাগিছাৰ বৰচাহাব মিঃ ফক্সৰ ওচৰলৈ গ’ল৷ তেওঁ শিৱসাগৰৰ জিউৰাম উকীলৰ পৰা এখন পৰিচয়পত্ৰও লিখাই নিছিল চাকৰি পোৱাৰ উদ্দেশ্যে৷ ভাবিৰামে ইংৰাজী স্কুলৰ পঞ্চমানলৈকেহে পঢ়িছিল বাবে তাৰ ইংৰাজী জ্ঞান তেনেই কম৷ বৰচাহাবে তাৰ ইংৰাজী জ্ঞান কিমান তাকে মৌখিক ভাবে পৰীক্ষা কৰি চালে৷ আৰু সি যে একো নাজানে নিশ্চিত হ’ল৷ তথাপি জিউৰাম উকীলৰ কথা ৰাখিবলৈ তাক চাকৰিত নয়োগ কৰিলে৷ কিন্তু অতি কম দিনৰ ভিতৰতে ভাবিৰামৰ প্ৰকৃত স্বৰূপ ওলাই পৰিল৷ চাহঘৰলৈ “হেমাৰ” অৰ্থাৎ হাতুৰী লাগে বুলি বৰচাহাবে কৈ পঠিওৱাত সি কৰত এখন আনি দিয়াত চাহাবৰ বৰ খং উঠিল আৰু মহৰী ভাবিৰাম ক’ত আছে খবৰ ললে৷ এই সুযোগতে হলিৰাম বৰমহৰীয়ে ভাবিৰামক মনে মনে গা বচাই ঘৰমুৱা হ’বলৈ উপদেশ দিলে আৰু নিজৰ বংশৰ ভায়েক এজনক সেই চাকৰিটো দিয়াৰ ব্যৱস্থা কৰিলে৷ ভাবিৰাৰামে চাকৰি এৰি ঘৰলৈ গুছি আহিল৷ নাটকখনৰ কাহিনীভাগ চমুকৈ এয়াই৷

দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ “মহৰী” নাটকখন বুদ্ধিনিষ্ঠ নিৰ্মল হাস্যৰসৰ উৎকৃষ্ট নিদৰ্শন৷ পৰিস্থিতিৰ মধুৰ সংমিশ্ৰণ, ভাব, ভাষা এইবোৰে হৈছে নাটখনত হাস্যৰস সৃষ্টিৰ মূল উপাদান৷ নাটকখনিৰ বিভিন্ন চৰিত্ৰবোৰ যেনে ভাবিৰাম, ফক্স চাহাব, মাকৰী-মেম, ভেকুলা আদিৰ কাৰ্যবোৰত উক্ত গুণবোৰ দেখিবলৈ পোৱা গৈছে৷ ফক্স চাহাবে অসমীয়া শব্দৰ সৈতে ইংৰাজী শব্দৰ সানমিহলি কৰি কোৱা কথাবোৰে হাস্যৰস সৃষ্টিত অৰিহনা যোগাইছে৷ তদুপৰি চাহাবৰ ভাব ভাষা বুজিব নোৱাৰি ভয়তে ভাবিৰামে যিবোৰ আচৰণ কৰিছে সেয়া অতি হাস্যকৰ৷ এটি উদ্ধৃতি তলত উল্লেখ কৰা হ’ল:

ফ: মই অচমীয়া কটা ক’লে তুমি ইংলিচ বনাই দিব ফাৰে?
ভা: হজুৰ৷ অলপ অচৰপ পাৰিম৷
ফ: বাৰু তুমি ইংলিচ বনাও
১/ কেৰাণী বাবু! তুমি আহিব লাগে৷
২/ মই তোমাৰ ঘৰ চিনি ফাই৷
৩/ যি যি মানুহ কাম কৰে, হি হি মানুহ হুক পায়৷ এই তিনটা কটা টুমি মোক এটিয়া বালকৈ ইংলিচ বনাই দিব লাগে বুজিছে?
ভা: কেৰাণী তুমি আহিব লাগে অৰ্থাৎ হু কুইন ইউ কম ওয়াণ্ট বা হে কুইন ইউ হিয়াৰ৷
মই তোমাৰ ঘৰ চিনি পায় অৰ্থাৎ আই ইউৰ নেষ্ট চুগাৰ ফাইণ্ড বা আই চুগৰ ইউৰ নেষ্ট৷
যি যি মানুহ কাম কৰে হি হি মানুহ সুখ পায়৷ অৰ্থাৎ হু হু মেন ডজ হি হি মেন হেপী গেট৷
( প্ৰথম অংক, পঞ্চম দৰ্শন)

নাটকখনিত মাকৰী-মেম আৰু ভেকোলা চৰিত্ৰ দুটিয়েও হাস্যৰসৰ সৃষ্টি কৰিছে৷ “মহৰী” নাটকত ব্যৱহৃত নাট্যকাৰৰ সংলাপৰ ভাষা বিশেষত্বপূৰ্ণ৷ সংলাপসমূহত নীতিমুলক কথা আৰু ফকৰা যোজনাৰ সংযোজনে এইবোৰ অধিক অৰ্থবহ কৰি তুলিছে৷ বাস্তৱ সামাজিক চবি প্ৰতিফলিত দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ নাটক “মহৰী”য়ে স্বাধীনতাৰ পূৰ্বকালত সমগ্ৰ অসমতে এখন হাস্যৰসৰ নাটক হিচাপে বিশেষ গুৰুত্ব আৰু জনপ্ৰিয়তা লাভ কৰিছিল৷ নাটকখনিত হাস্যৰসৰ ভেটিত লেখকে মহৰীসদৃশ সৰু সুৰা পদবী লাভ কৰা ডেকাৰ সংকীৰ্ণ মনোবৃত্তিক সমালোচনা কৰিছে৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *