ফটাঢোল

হাস্য-ব্যঙ্গ সাহিত্যৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সাম্প্ৰতিক সম্প্ৰসাৰণ –গায়ত্ৰী চাহু

সাহিত্য মানৱ জীৱনৰ অভিব্যক্তি। প্ৰগতিশীল জীৱন, অনুভূতিশীল সমাজ, মন্থন আৰু অৱগুন্থণৰ বাবে যিকোনো সাহিত্যই সৱল ভুমিকা পালন কৰে। বৰ্তমান সময় আৰু সমাজৰ পৰিবৰ্তনশীলতাৰ মূল মাপকাঠিয়েই হ’ল সাহিত্য। বৰ্তমান মানৱ সমাজ বহুজাতিক,বহুভাষিক আৰু বহুগোষ্ঠীয় সংস্কৰণ হৈ পৰাৰ কাৰণে মানুহৰ মানসিক উৎকৰ্ষ সাধনাৰ বৈচিত্ৰও হৈ পৰিছে। নতুনত্বৰ অভিভাষিক , প্ৰতিভাশীল লেখকসকলে এনে এক বৈচিত্ৰময় জীৱনৰ আঁত ধৰি মানৱ সভ্যতাকো নৱৰূপত নিৰ্মান কৰিবলৈ উদ্যত হৈছে। সাম্প্ৰতিক বাস্তৱৰ বিশাল বোজাই মানুহৰ জীৱনটো দুৰ্বিসহ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত মানুহে জীৱনৰ ভাৱ গম্ভীৰতাক কাটি কৰি কাজেই ব্যঙ্গ বা লঘু সাহিত্যৰ বিৱৰ্তন ঘটাই জীৱনৰ সংবেদনশীলতাক সৰল-সহজ কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু মানসিক তৃপ্তিৰ আস্বাদনেৰে সাহিত্যত ৰূপ-ৰস সৃষ্টি কৰি ৰসাস্বাদানেৰে জীৱনটোক সৰল- সহজ কৰি তুলিছে। জীৱনৰ কঠোৰ সংগ্ৰামৰ অন্তত যাতে প্ৰতিজন মানুহেই জীৱনটোক সহজময় কৰি তুলিব পাৰে তাৰেই পটভূমিত লঘু বা ব্যঙ্গ সাহিত্যৰ সৃষ্টি হৈছে।

সাহিত্যত নবৰস সৃষ্টি কৰাই হৈছে সাহিত্যকৰ্মী সকলৰ মূল লক্ষ্য। জোনাকীযুগৰ পৰা আৰম্ভ কৰি এতিয়া পৰ্যন্ত অসমীয়া সাহিত্যৰ বুৰঞ্জীত যি যুগৰ সুচনা কৰা হৈছে তাত গল্প, কবিতা , গীত আদি সকলোতেই হাস্যৰসৰ সমাহাৰ ঘটা দেখা গৈছে। সাহিত্যত অন্তৰঙ্গ আৰ বহিৰঙ্গ – এই দুয়োটা দিশ বিশ্লষণ কৰি চালে স্পষ্ট হয় যে শ্বেক্সপিয়েৰৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰলৈকে সাহিত্য জগতত যি হাস্য-ব্যঙ্গ সৃষ্টিৰ সমদল মুখৰিত হৈছে বিশেষকৈ নাটক, কবিতা , চুটিগল্প ইত্যাদিত তাৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখা গৈছে।

শংকৰদেৱৰ অংকীয়া ভাওনা আৰু শ্বেক্সপিয়েৰ নাটক প্ৰায় সমসাময়িক বা সৰলৰেখিক অৱস্থান কৰিলেও তাহানিৰ জোনাকী যুগৰ লেখক সকলে কিন্তু শংকৰদেৱৰ অংকীয়া নাটতকৈ শ্বেক্সপিয়েৰ বা অন্যান্য পশ্চিমীয়া সাহিত্যিক সকলৰ ৰচনাৰাজিকেই অনুসৰণ কৰা দেখা যায়। মহাপুৰুষ শংকৰদেৱৰ অংকীয়া ভাওঁনাৰ পটভূমিত যিদৰে চৰিত্ৰ সমূহৰ সাজ-পোছাক, শাৰিৰীক অৱয়ব, কথনশৈলীৰ বিবৃতধৰ্মিতাত যদিও হাস্যৰস সৃষ্টি ভাসমান হৈ আছিল তথাপিও তদানিন্তন অসমীয়া সাহিত্যিক, লেখকসকলে কিন্তু পশ্চিমীয়া দিশবলয়কেই আহ্বান কৰা দেখা গৈছিল। জোনাকী কাকত বস্তুনিষ্ঠ ৰসাল ৰচনা কবিতাৰ ভাণ্ডাৰ আছিল। ইয়াত ব্যক্তিৰ মনোধৰ্মী সাহিত্যৰো বিকাশ ঘটিছিল। লক্ষ্মীনাথ বেজবৰুৱা দেৱেই আছিল অসমীয়া সাহিত্যৰ বস্তুনিষ্ঠ বা লঘু ৰচনা অথবা হাস্য-ব্যঙ্গ সাহিত্যৰ প্ৰথম গৰাকী সাহিত্যিক। তেখেতকেই অসমীয়া হাস্য-ব্যঙ্গ সাহিত্যৰ বাটকটীয়া বুলিব পাৰি। বেজবৰুৱা দেৱে চাৰ্লচ ডিকেন্সৰ “পিকউইক পেপাৰচ” ৰ আৰ্হি লৈ “কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা” ৰচনাৰে অসমীয়া সাহিত্যত ব্যঙ্গাত্মক দিশৰ উন্মোচন কৰিছিল। যদিও পশ্চিমীয়া সাহিত্যৰ বিচাৰধাৰা আৰু আৰ্হি অসমীয়া সাহিত্যত সংযোজন আৰু সংমিশ্ৰণ ঘটোৱা হৈছিল কিন্তু ৰচনাশৈলী নিভাজ অসমীয়া জাতীয় জীৱনৰ সম্পৰ্কৰ পৰা কেতিয়াও বিচ্যুত হোৱা নাছিল। ১৯০৪ প্ৰকাশিত ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ লঘু ৰসাত্মক প্ৰথম পুথি। ডিম্বেশ্বৰ নেওগদেৱে ইয়াৰ আঁতধৰি অভিমত আগবঢ়াইছিল যে” নতুন হাস্যৰসৰ এই ধুমুহাই বৰদৈচিলাৰ দৰে গোটেই অসম জুৰি যায়”। অৱশ্যে বেজবৰুৱা দেৱৰ আগতে গুণাভিৰাম বৰুৱাৰ” কঠিন শব্দৰ ৰহস্য ব্যাখ্যা, হেমচন্দ্ৰ বৰুৱাৰ ” বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰীয়া” অন্য এক বিৰল উদাহৰণ, কিন্তু বিজ্ঞসকলৰ মতে গুনাভিৰাম বৰুৱাই সমাজৰ ভণ্ডামী দেখাবলৈ যাওঁতে ব্যঙ্গতাৰ মাত্ৰা অতিৰঞ্জিত কৰিছিল সেইবাবে সেই হাস্য-ব্যঙ্গ জনমানসত সীমাবদ্ধ হৈ ৰ’ল।

প্ৰকৃত ব্যঙ্গ হৈছে জীৱনৰ সমীক্ষা । যি মানুহক ভাবিবলৈ বাধ্য কৰে , নিজক নিজৰ সৈতে মুখামুখি কৰায়, বিচাৰত বুৰবুৰণি আনে আৰু জীৱন ব্যাপি মিথ্যাচাৰ, ভণ্ডামী আৰু অন্যায়ৰ বিৰূদ্ধে থিয় দিবলৈ সাজু কৰায়।
হাস্য-ব্যঙ্গ সাহিত্যক দুভাগত বিভক্ত কৰিব পাৰি——
১) ব্যক্তিনিষ্ঠ ৰচনা আৰু
২)হাস্যৰসাত্মক ৰচনা
ব্যক্তিনিষ্ঠ ৰচনাত লক্ষ্মীনাথ বেজবৰুবাৰ ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ আৰু ‘ কৃপাবৰ বৰুৱা উভতনি’ গণ্য কৰা যায়। আনহাতেদি হাস্য ৰসাত্মক ৰচনাৰ ভিতৰত সত্যনাথ বৰাৰ “কেন্দ্ৰ সভা” , কেৰেপাই শৰ্মা, চিত্ৰসেন আৰু যখৰীয়া ইত্যাদিৰ ৰচনা প্ৰণিধানযোগ্য।

হাস্য-ব্যঙ্গ সাহিত্য আৰু সাহিত্যিক উভয়েই পশ্চিমীয়া সাহিত্যিক ফয়েড মাৰ্ক আৰু ইলিয়টৰ গইনা লৈ ঠন ধৰি উঠিছিল। সেই তেতিয়াৰ পৰাই মানুহক সাহিত্যৰ নতুন আস্বাদন দিবৰ বাবেই জোনাকী যুগৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত সাহিত্যিক সকলে হাস্য-ব্যঙ্গ সাহিত্যক প্ৰাধান্য দিয়া দেখা গৈছে।

সাহিত্যত বিতৰ্কৰ বিষয়বস্তু আৰু স্পষ্টবাদৰ অভাৱ তাহানিৰ পৰাই পৰিলক্ষিত হৈছে । প্ৰত্যক্ষ বিতৰ্কত লিপ্ত হ’ব নোৱাৰাৰ বাবেই সাহিত্যিক সকলে ব্যঙ্গতাৰ সহায় লৈ সত্যৰ অনুভৱতো সমাজত বিকাশ ঘটাবলৈ বিচাৰে। উদাহৰণস্বৰূপে বেজবৰুৱা দেৱৰ ‘বুঢ়ী আইৰ সাধু’ পদ্মনাথ গোহাঞি বৰুৱাৰ হাস্য-ব্যঙ্গ ৰচনাৱলী, সাম্প্ৰতিক আধুনিক যুগত চেলুলয়ডৰ পৰ্দাত প্ৰতিফলিত হোৱা অসংখ্য ব্যঙ্গাত্মক ছবি , লঘু নাটক ইয়াৰ চূড়ান্ত নিৰ্দশন। উদাহৰণ স্বৰূপে বৰ্তমান ‘কপিল শৰ্ম্মাৰ কমেডি শ্ব’ , ‘তাৰক মেহতাৰ ওলটা চচমা’ অসমীয়াত ‘বেহাৰবাৰী আউটপোষ্ট’, ‘ভাৰাঘৰ ‘ আদি হাস্যৰসাত্মক চিত্ৰ -নাট্য ৰচনাৰ নিটোল উদাহৰণ। তাৰোপৰি বিভিন্ন মেগাষ্টাৰ আদিয়েও হাস্য ৰসাত্মক চলচিত্ৰ অথবা শ্ব’ আদিৰ প্ৰতি বিশেষভাবে আকৰ্ষিত হোৱা দেখা যায়।

এতেকে দেখা গ’ল যে এই সাহিত্যৰ জনপ্ৰিয়তাৰ সম্প্ৰসাৰনৰ মূল লক্ষ্যই হৈছে মানুহক জীৱনৰ জটিলতাৰ পৰা ক্ষন্তেক মুক্তিদান কৰা। প্ৰায় প্ৰত্যেক জন ব্যক্তিয়েই জীৱন সংগ্ৰামত কেতিয়াবা ক্লান্ত ,অশান্ত হৈ পৰে, জীৱনৰ দুখ-দুৰ্দশা, পোৱা নোপোৱা,পাই হেৰুওৱা, হৰ্ষ বিষাদ আদিয়ে মানুহক বাৰুকৈয়ে মজবুৰ কৰি তোলে। এনে মূহুৰ্তত মানুহক অলপ আমোদ ,অলপ সকাহ দিবৰ বাবেই সাহিত্যিক সকলে সৃষ্টিৰ শৈলীৰে হাস্যৰসৰ সমাহাৰ ঘটাই মানুহক ট্ৰেজেদীৰ পৰা অথবা জীৱনৰ কৰুণ উপলব্ধিৰ পৰা নিৰ্বাণ দিয়ে। সেয়ে হাস্য ব্যঙ্গ সাহিত্যৰ যোগেদি মানুহে জীৱনটোক নতুন দৃষ্টিৰে চাব পাৰে,নতুনকৈ সজাব পাৰে। কাৰন জীৱন পুৰণি হ’লেও ই কিন্তু সদায় নতুন হৈয়েই থাকে আৰু নতুন আৰু পুৰণিৰ সামঞ্জস্যত প্ৰস্তুত হয়।

জীৱনৰ প্ৰস্তুতি জুতিৰ পৰা মুক্তিলৈ আৰু অশ্ৰুৰ পৰা আনন্দলৈ ধাৱিত কৰিবলৈ হ’লে হাস্য- ব্যঙ্গ সাহিত্যৰ ৰসাস্বাদন অপৰিহাৰ্য।

 

☆★☆★☆

Leave a Reply

Your email address will not be published.