ফটাঢোল

হিচাব – নীলাক্ষী দেৱী ডেকা

চৌধুৰী আজি প্ৰথমবাৰৰ বাবে পুতেকৰ গুৱাহাটীৰ নতুন ফ্লেটলৈ আহিছে। আগতে পুতেকৰ ঘৰলৈ অহাৰ ইচ্ছা থাকিলেও উপায় নাছিল। হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দি যি ল’ৰা বাহিৰলৈ ওলাল আৰু ঘৰত সোমোৱাৰ নাম নল’লে। প্ৰথমতে পঢ়া, তাৰপাছত চাকৰি ইত্যাদিৰ অচিলাত প্ৰবাসী ল’ৰা আজি ছমাহৰ আগতেহে প্ৰবাসৰ পৰা নিজৰ জন্মভূমি অসমলৈ উলটিছে। বাহিৰত থাকোঁতেই নিজে পচন্দ কৰা সুন্দৰী আধুনিকা যুৱতীৰ লগত বিবাহ। ৰিচিপশ্যনটো অৱশ্যে গাঁৱৰ ঘৰতেই দিছিল যথেষ্ট আড়ম্বৰ সহিতে। ওচৰ চুবুৰীয়াই বহুতদিনলৈকে সেই ভোজ ভাতৰ কথা কৈ তত পোৱা নাছিল। সুন্দৰী বোৱাৰীয়েকে মিঠা কথা বাৰ্তাৰে গাঁৱৰ ল’ৰা বুঢ়া সকলোৰে মন জিনিছিল। ছোৱালীজনী ভাল। বিয়াৰ পাছত প্ৰতিবাৰ অসমলৈ আহোঁতে গাঁৱলৈ পাক এটা মাৰেই। পথাৰলৈ ধান কটা চাবলৈ যায়। ৰোৱনী দাৱনীৰ লগত হাঁহি হাঁহি ফটোও তোলে। পিতৃৰ ঘৰত অজস্ৰ লাহ বিলাহৰ মাজত ডাঙৰ হোৱা ছোৱালী তথাপিও অলপো অহংকাৰ নাই। গাঁৱত সকলোৰে লগত তোলা ফটোবোৰ ফেচবুকত দিলে চৌধুৰী আৰু তেখেতৰ পৰিবাৰেও দেখিবলৈ পায়। চৌধুৰীৰ ভায়েকৰ ছোৱালী এজনী গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ে। তাই বন্ধত ঘৰলৈ আহিলে বৰদেউতাক বৰমাকক বৌৱেকৰ ফটোবোৰ দেখুৱায়। এতিয়া অৱশ্যে পুতেক বোৱাৰীয়েকক ফেচবুকত নাচালেও হয় দুয়োৰে। পুতেকে বিদেশৰ পৰা উভটি আহি গুৱাহাটীৰে কোম্পানী এটাত নতুনকৈ জইন কৰিছে। বোৱাৰীয়েকেও নিজাকৈ এখন এথনিক ৰেষ্টোৰা খুলিছে মহানগৰীৰ মাজ মজিয়াত। গুৱাহাটীলৈ উভটি নাহিলেও উপায় নাছিল দুয়োৰে। বোৱাৰীয়েক মাক-দেউতাকৰ একমাত্ৰ ছোৱালী। এতিয়া দুয়োৰে বয়স হোৱাৰ বাবে ইটো সিটো বেমাৰ আজাৰ লাগিয়েই থাকে। চোৱাচিতা কৰা মানুহো নাই। সকলো কথাততো আৰু কাম কৰা মানুহৰ ওপৰত ভৰসা কৰিব নোৱাৰি। নিজৰ মানুহ কাষত থাকিলে সমস্যা নাথাকে একো। চৌধুৰীহঁতৰ সেইটো সমস্যা নাই অৱশ্যে। বোৱাৰীয়েকৰ মাক দেউতাকতকৈ বয়স বেছি হৈছে যদিও স্বাস্থ্য পাতি দুয়োৰে ভালেই আছে। দুয়ো পৰিশ্ৰমী মানুহ। শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছতো জ্যেষ্ঠ নাগৰিকৰ সভা, মেল মিটিং, ঘৰৰ খেতি খোলা আদি লৈয়েই ব্যস্ত থাকে। ঘৰখনতো অঙহী বঙহীৰ ভিৰ লাগি থাকে অনবৰতে। চোতালত চাহৰ পৰ্ব পুৱাৰ পৰা ৰাতিলৈকে চলে। গধূলি জুহালত আড্ডা মাৰিবলৈকে ওচৰৰ বুঢ়া মেথা সকলোবোৰ গোট খায়। তদুপৰি ৰতন আছেই। সি নিজৰ নহ’লেও নিজতকৈয়ো আপোন। ঘৰৰ সকলো দায়িত্ব কান্ধ পাতি লৈছে। গতিকে চৌধুৰী দম্পতীয়ে চিন্তা কৰিবলগীয়া নাই একো।

আজিও ৰতনৰ ওপৰতেই সংসাৰৰ ভাৰ এৰি দুয়ো গুৱাহাটীৰ পুতেকৰ ফ্লেটলৈ থকাকৈ আহিছে। ৰাতিপুৱা বাছষ্টেণ্ডৰ পৰা পুতেকে নিজে গাড়ীৰে মাক দেউতাকক আনিবলৈ গৈছে।

গুৱাহাটীৰ মাজমজিয়াত সুদৃশ্য ফ্লেট। ফ্লেটটো সজোৱাত কৃপনালি কৰা নাই পুতেক বোৱাৰীয়েকে। বোৱাৰীয়েকে তেখেতসকলৰ বাবে নিৰ্দিষ্ট কৰি ৰখা কোঠা দেখুৱাই দিলে। বাথৰূমত গীজাৰ কেনেকৈ চলাব লাগে তাকো দেখুৱাই থৈ গ’ল। চৌধুৰীনীৰ অলপ কঁকালৰ বিষ আছে। বয়স হোৱাৰ লগে লগে বিষ বাঢ়িছে। পুৱা গা ধুবলৈ গৰমপানী অকণ পালে ভাল পায়। চৌধুৰীয়ে সেইখিনিৰ হিচাব ৰাখে সদায়। নিজে ব্ৰহ্মপুৱাতেই উঠি পৰিবাৰৰ কাৰণে জুহালত পানী গৰম কৰে। গা পা ধুই দুয়ো চাহৰ মেজলৈ আহিল। নাম নজনা ৰকম ৰকম খাদ্য সম্ভাৰ। বোৱাৰীয়েকে অনলাইন যোগে অৰ্ডাৰ কৰিছে। চৌধুৰীয়নীয়ে লগত টোপোলা বান্ধি লৈ অহা নাৰিকলৰ লাড়ু আৰু তিলপিঠাৰ টোপোলাকেইটা উলিয়াই দিলে। পুতেকে নাৰিকলৰ লাড়ু এটা লৈ মুখত ভৰালে। মাকে জানে, নাৰিকলৰ লাড়ু সৰুৰেপৰাই বৰ প্ৰিয় পুতেকৰ। সেইকাৰণে নিজৰ কঁকালৰ বিষক আওকাণ কৰিও পুতেকৰ কাৰণে লাড়ু বান্ধিছে ৰাতি এপৰলৈকে। চৌধুৰীয়নীয়ে লাড়ুৰ প্লেটখন পুতেকৰ ফালে আগবঢ়াই দিলে,

: আৰু এটা ল বাবা। তই ভাল পাবি বুলিয়েই আনিছোঁ মই!

: নাই মা, পুৱাই ইমান বেছি মিঠা খাব নোৱাৰোঁ দে। কেলৰি বেছি আছে।

: তেন্তে তিলপিঠা এখনেই খা নহ’লে!

: আবেলি খাম দে মা। পুৱাই এই পিঠাসোপা খাই ল’লে দিনটোলৈ গেছে প্ৰব্লেম দিব।

চৌধুৰীয়নীয়ে একো নক’লে। ক’ব নোৱাৰাকৈ মুখেদি হুমুনিয়াহ এটা ওলাই আহিল। চাহ খাই থকাৰ মাজতে বোৱাৰীয়েকে ক’লে,

: মা-দেউতা আপোনালোক অলপ পাছত ওলাব। দুপৰীয়াৰ সাজ আমি আমাৰ ৰেস্তোঁৰাতে খাম। এথ’নিক ফুডৰ ৰেস্তোঁৰা। আপোনালোকে ভাল পাব খাই। ঘৰত পাচলিৰ বজাৰ কৰাই হোৱা নাই। আমাৰ দুয়োৰে ৰেস্তোঁৰাৰ কামত লাগি থাকোঁতে সময়েই হোৱা নাই কিবা। মই ৰেস্তোঁৰাৰ কুকটোক ৰাতিপুৱাই ফোন কৰি দিছোঁ। তাক ঔটেঙা দি মাছ ৰান্ধিবলৈ দিছোঁ আপোনালোকৰ বাবে।

পুতেকে পুৱাৰ ব্ৰেকফাষ্ট কৰিয়েই অফিচলৈ বুলি ওলাল। দুপৰীয়াৰ লান্স হেনো অফিচতে কৰিব। অনলাইন অৰ্ডাৰৰ সুন্দৰ ব্যৱস্থা আছেই যিহেতু চিন্তাৰ কোনো কাৰণেই নাই। দুপৰীয়া বোৱাৰীয়েকেও শহুৰ শাহুৱেকক নিজে ড্ৰাইভ কৰি নিজৰ ৰেস্তোঁৰালৈ লৈ আনিলে। শীত তাপ নিয়ন্ত্ৰিত সুদৃশ্য কোঠা। একেলগে এশৰ বেছি মানুহে বহি খাব পৰা সুব্যৱস্থা আছে। ডানলপৰ কোমল চোফাত চৌধুৰী দম্পত্তিক বহিবলৈ দি বোৱাৰীয়েকে ৰান্ধনিক নিৰ্দেশনা দিবলৈ ৰেস্তোঁৰাৰ কিটচেনত সোমাল। অলপ সময়ৰ পাছত ৱেইটাৰে কাঁহৰ কাঁহীত খাদ্যসম্ভাৰ আনি দুয়োৰে সন্মুখত থ’লে। ভাতখিনি গোলাকৃতিত সজাই দিছে। লগতে সৰু সৰু বাতিত নানাবিধ ব্যঞ্জন। দাইল দুবিধ। এখন মচুৰ মগু আৰু এখন মাটিদাইলৰ আঞ্জা। এটা বাতিত অমিতাৰ খাৰ, বুট দুটামানো দিছে লগত। দুখন শুকান ভাজি, লেচেৰা গাজৰ, বিন ইত্যাদিৰ। কাষতে অলপমান আলুপিটিকা। আৰু এটা বাতিত বৰৰ টেঙা। অলপ তিয়ঁহ বিলাহীৰ চালাদ, নেমুটেঙা এডোখৰ আৰু পাপৰো দিছে লগত। ৰেস্তোঁৰাৰ ৱেইটাৰজনে আৰু এটা পাত্ৰত কিবা অলপ দি গ’ল খোৱা মেজত। চৌধুৰীয়নীয়ে চাই দেখা পালে যে ঔটেঙা আৰু বৰালিমাছৰ আঞ্জা সেইখন। আৰু এটা পাত্ৰত বোধকৰো ব্ৰইলাৰ কুকৰাৰ মাংস। শুকানকৈ ভাজিছে জালুক দি। দুয়ো খোৱাত মগ্ন হ’ল। মাছৰ টেঙা আঞ্জাখনৰ বাহিৰে বাকীবোৰ কিবা এটা জুতিত লগা হোৱা নাই। তথাপিও ভোকৰ ভাত তাতে পুতেকৰ নিজা ৰেস্তোঁৰাৰ খাদ্য। দুয়ো বোৱাৰীয়েকৰ আগত শলাগি শলাগি খাই শেষ কৰিলে। খোৱা হোৱাৰ আগে আগে বোৱাৰীয়েকে দুয়োকে মাত দিলেহি,

: দেউতা, আপোনালোকৰ খোৱা শেষ হ’লে লাহে লাহে বিল্ডিংৰ বেচমেণ্টলৈকে নামি আহিব। মোৰ দুটামান বস্তু ল’ব লগা আছে। তাকে ল’বলৈ যাওঁ। আপোনালোকৰ হ’লে মই আপোনালোকক গাড়ীৰে ঘৰত থৈ আহিম। গধূলি এওঁ অহাৰ পাছত আপোনালোকক সুধাকণ্ঠৰ সমাধিস্থললৈ লৈ যাম।

“হ’ব হ’ব আই” বুলি দুয়ো খাবলৈ ধৰিলে। খোৱা শেষ হোৱাৰ পাছত হাত ধুবলৈ উঠিবলৈ লওঁতেই ৰেস্তোঁৰাৰ ল’ৰাজনে দুটামান চফগুটিৰ লগত এখন বিল আনি দুয়োৰে সন্মুখত থ’লে। ১৮০০ টকাৰ বিল, টেক্স ধৰি। চৌধুৰীয়ে অসহায় হৈ পৰিবাৰৰ মুখলৈ চালে। চৌধুৰীয়নীয়ে চকুৰ ইঙ্গিতেৰে চৌধুৰীক মনে মনে থাকিবলৈ কৈ নিজকৰ হাতৰ পাৰ্চৰ পৰা টকা উলিয়ালে। গণি গণি নোটকেইখন ট্ৰেখনত থৈ দুয়ো নীৰৱে পুতেকৰ ৰেস্তোঁৰাৰ বাহিৰলৈ ওলাই আহিল। বাহিৰ ওলোৱাৰ লগে লগে ৰ’দৰ পোহৰে দুয়োৰে চকুত চাঁত মাৰি ধৰিলে। দুয়ো চকুদুটা মুদি দিলে জোৰকৈ।

☆★☆★☆

4 Comments

  • হেমন্ত কাকতি

    ভাল লাগিল নীলাক্ষী৷

    Reply
  • জয়ন্ত দাস

    ধুনীয়া হৈছে

    Reply
    • Nilakshi Devi Deka

      আন্তৰিক ধন্যবাদ জনালোঁ

      Reply
  • Anurup Mahanta

    এইয়াই চহৰীয়া জীৱনৰ সোৱাদ। ভাল লাগিল নীলা বা।

    Reply

Leave a Reply

Your email address will not be published.