ফটাঢোল

হিন্দী ভাষাৰ মহিমা – ৰঞ্জিত হাজৰিকা

কিছুমান মানুহে কৰোঁ বুলি ৰসিকতা নকৰে৷ কিন্তু তেওঁলোকৰ কাম-কাজ আৰু কিছুমান কথা-কাণ্ডবোৰে নিৰ্মল ৰসৰ যোগান ধৰি যায়৷ এইলেখীয়া অনভিপ্ৰেত ৰসিকতা মোৰ আটাইতকৈ প্ৰিয়৷ তেনে বহু চৰিত্ৰকে লগ পাইছোঁ জীৱনৰ বাটে-ঘাটে আৰু বাৰে বাৰে বুৰ গৈছোঁ ৰসৰ অনন্ত সাগৰত৷

যোৰহাটৰ মানুহগৰাকীৰ কথাই কওঁ৷ সম্বন্ধত তেওঁ আছিল মোৰ জেঠাই৷ তেওঁ এতিয়া এই সংসাৰত নাই৷ পিছে মানুহগৰাকীক লৈ অনেক ৰসাল কথাৰে ভৰি আছে তেওঁৰ সান্নিধ্যলৈ অহা প্ৰতিজনৰে হৃদয়৷ স্বৰূপাৰ্থত জেঠাইগৰাকীয়েও কৰোঁ বুলি হয়তো ৰসিকতা কৰা নাছিল৷ পিছে তেওঁৰ কিছুমান কথা-কাণ্ডই আমাক যোগাই গৈছিল নিৰ্মল হাস্যৰস৷ অহৰ্নিশে এমোকোৰা তামোল আৰু উচ্ছ্বল হাঁহি লাগি থকা মুখখনেৰে মানুহগৰাকী যেন আক্ষৰিক অৰ্থতে আছিল ৰসৰ এক অনন্ত নিজৰা৷ ৰসে চৌ চৌ হৈ থকা তেনে বহু কাহিনীৰ মাজৰে সামান্য সোৱাদ পাঠককো দিওঁ বুলি ভাবিয়েই লিখিবলৈ লৈছোঁ৷ কিয় জানো হিন্দী ভাষাটোৰ লগত এইগৰাকী জেঠাইৰ একেবাৰে ৰাহি-যোৰা নাহিছিল৷ শুদ্ধকৈ বাদেই; ভঙা-ছিঙাকৈও হিন্দী ক’ব নোৱাৰে৷ আনে হিন্দীত কথা ক’লেও বুজি নাপায়৷ মুঠৰ ওপৰত জেঠাইৰ বাবে জগতৰ সবাতোকৈ দুৰ্বোধ্য ভাষাটোৱেই আছিল হিন্দী!

 

পিছে য’তে বাঘৰ ভয় ত’তেই ৰাতিও হয় বুলি কথা এষাৰ নাই জানো? সেইটোৱেই হ’ল৷ কিবা এটা অসুখৰ বাবে এবাৰ জেঠাই ভৰ্তি হ’বলগীয়া হ’ল এখন মিছনেৰী হাস্পতালত আৰু তাত কাম কৰা জনজাতীয় নাৰ্ছসকলৰ এগৰাকীয়েও অসমীয়া নাজানে৷ কেৱল হিন্দীত কথা কয় তেওঁলোকে৷ আত্মীয় এগৰাকীক সমস্যাটোৰ কথা ক’লে জেঠায়ে৷ আত্মীয়গৰাকীও আকৌ কম ৰসাল নাছিল৷ সেয়ে তেওঁ ধেমালিতে ক’লে— “আপুনি অযথা চিন্তা কৰিছে৷ হিন্দীনো আৰু কি? অসমীয়াৰ লেখীয়াইতো! অসমীয়া শব্দবোৰৰ শেষৰ ফালে “গা” এটা লগাই দিলেই হিন্দী! যেনে খায়েগা, জায়েগা, মৰেগা…!” হাস্পতালৰ কেবিনত হিন্দীৰ সেই অমূল্য শিক্ষাৰে ধন্য হৈ নিজৰে হেনো কিবা গপচ গপচ লাগিল জেঠাইৰ৷ আত্মীয়গৰাকীয়ে বিদায় লোৱাৰ কিছু সময়ৰ পিছতে এগৰাকী হিন্দীভাষী নাৰ্ছ আহি জেঠাইক যথাৰীতি কিবাকিবি সুধিবলৈ আৰম্ভ কৰিলে৷ জেঠায়েও যথাৰীতি একো বুজি পোৱা নাই৷ পিছে বুজি নাপালেও হিন্দী ক’বলৈতো ইতিমধ্যে শিকিয়ে গৈছে তেওঁ! হিন্দীনো আৰু কি— এক প্ৰকাৰে অসমীয়াই৷ কেৱল শব্দবোৰৰ শেষত “গা” একোটাহে লগাই দিব লাগে! এতেকে এইবাৰ পৰম আত্মবিশ্বাসেৰে জেঠায়ে হিন্দীভাষী নাৰ্ছক উভতি ধৰিলে—- “হেৰা, তুমি কি কথা কৈছা মই একোডাল বুজি পোৱা নাইগা…!” জেঠাইৰ মুখৰ “নাইগা” শব্দটোৱে নাৰ্ছগৰাকীক হাৰ্টফেইল কৰাবলৈ লৈছিল নে নাই নাজানো; কিন্তু হিন্দী ভাষাৰ সেইটো শৰাধে আমাক এতিয়াও ৰসৰ যোগান ধৰি আহিছে৷

 

আনৰ কথা নাজানো সেইগৰাকী জেঠাইৰে হিন্দীকেন্দ্ৰিক আৰু এটা দিশে মোক কিন্তু বৰ কৌতূহলী কৰিছিল৷ মন কৰিছিলোঁ— হিন্দী বুজি নাপালেও তেওঁ হিন্দী চিনেমা বা ছিৰিয়েলবোৰ বেচ মনোযোগ দি উপভোগ কৰিছিল৷ পৰিয়াল-পৰিজনৰ সৈতে চিনেমা হলত বহিও চাইছিল আৰু ঘৰত টিভিৰ সন্মুখত বহিও চাইছিল৷ জেঠাইৰ লগত চিনেমা-ছিৰিয়েলবোৰৰ বিষয়ে দুই-এটা কথা পাতি বুজিছিলোঁ যে সেইবোৰ উপভোগ কৰাৰ বাবে তেওঁ নিজাকৈ এটা পদ্ধতি আৱিষ্কাৰ কৰি লৈছিল৷ সেই অনুসৰি চিনেমা বা ছিৰিয়েলখনৰ কাহিনীটো তেওঁ নিজৰ মতে সজাই লৈছিল৷ চৰিত্ৰবোৰে আওৰাই যোৱা সংলাপবোৰো তেওঁ মনে সজা কাহিনীটোৰ দৰেই বুলি ধৰি লৈছিল৷ ফলত কেতিয়াবা আচল কাহিনীটোৰ প্ৰেমিক-প্ৰেমিকাহাল জেঠাই সৃষ্ট কাহিনীত হৈ পৰিছিল হয়তো ককায়েক-ভনীয়েক, মাতৃ-পুত্ৰ হৈছিল মাহীয়েক-ভাগিনীয়েক আৰু কত কি! কমেডী ছবিখনত হয়তো বিচাৰি পাইছিল পাৰভঙা ট্ৰেজেডী, বিশুদ্ধ প্ৰণয়ৰ ছবিখনেও কেতিয়াবা জেঠাইৰ সৃষ্টিশীলতাত ধৰা দিছিল ধৰ্মমূলক ছবিৰ ৰূপত…৷

এইদৰেই সুখী আছিল তেওঁ৷ এইদৰেই সুখত থাকক তেওঁৰ পুণ্যাত্মা…৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.