ফটাঢোল

হেপ্পী হোলী..এক নষ্টালজীয়া – সুপ্ৰিয়া সূত্ৰধৰ

কাঠৰ গেটত তলা মাৰি, দুৱাৰ জপাই, দুৱাৰৰ চুকত লুকাই থাকোঁ আগতে। ঘৰখনত যেন মানুহেই নাই, এনে ভাবত। তাৰ পিছৰ সেই কাঠৰ গেট বগাই, গাঁৱৰ দাংকাটি আবিয়ৈ পেহীকেইজনী আহে মাক ৰং সানিবলৈ। প্ৰথমতে ফাকুগুৰিৰে আৰম্ভ কৰে, তাৰ পিছত ক্ৰমে গোবৰ পানী, চৰুৰ ক’লাখিনি আৰু একেবাৰে শেষত মাজচোতালত পানী ঢালি নেকনেকীয়া বোকা কৰি লৈ তাত আটাইমখাই দবৰা-দবৰি লাগে। উল্লেখযোগ্য যে এই খেলত কোনো পুৰুষ মানুহৰ স্থান নাথাকে। কেৱল তিৰোতা আৰু খুচুৰা পইচা কেইটা। সেইকেইটাক হাজাৰ মানা কৰিলেও বোকাত লেটি ল’ব পৰাৰ ইমান সুবৰ্ণ সুযোগ সিহঁতে নোলোৱাকৈ নাথাকে। আচলতে সেই খুচুৰা পইচা কেইটাই আজিৰ আমি। খেলি খেলি মাহঁতৰ কোনোবাজনীৰ হাতৰ খাৰু বোকাত হেৰায়.. কোনোবা জনীৰ কাণৰ ফুলি। আকৌ এপৰমান সেইবোৰ বিচৰাৰ নামত জাউৰীয়ে জাউৰীয়ে হাঁহিৰ ৰোল উঠে। ক্ৰমাৎ গধূলি হৈ আহে। এইবাৰ গা ধোৱাৰ পাল। ফাগুনৰ শুকান বতৰত সকলোৰে কুঁৱাৰ পানী এনেই তাকৰীয়া, তাতে বোকাপানী তৈয়াৰ কৰাৰ নামত ইতিমধ্যে এগাল পানী খৰছ হৈছে, এইবাৰ কোনে কাৰ আগতে গা ধুব পাৰে, তাৰ প্ৰতিযোগিতা চলে। নগাঁও কাগজ কলত আগতে এবিধ বৰ বেয়া ৰং পোৱা গৈছিল, সেইবিধ ৰং যাৰ চুলিত পৰিল, তাই বেচেৰীৰ সেইদিনা কপাল বেয়া। কাৰণ যিমান ধুলেও চুলিৰ পৰা ৰং ওলায়েই থাকে। তেনেকৈ আকৌ ধুই থকাৰ মাজতে কোনোবা খটাসুৰ এজনীয়ে আকৌ ওপৰৰ পৰা ৰং ঢালি দিয়াৰো নজিৰ আছে। এনেকৈ ৰং ঢালি দিয়াৰ পিছত যিকেইটা অবাইচ মাত কাণত পৰে, সেইকেইটা ইয়াত লিখিব নোৱাৰি। লাহে লাহে মাহঁতে গা ধুই অহাৰ পিছত আমাক গা ধুৱায়। আই ঐ..! গাৰ ছাল এৰাই যাব যেন, এনেকৈ ঘঁহে আমাক। আমি পোৰণিত থাকিব নোৱাৰি ৰাউচি জুৰিবলৈ আৰম্ভ কৰোঁ। যিমান ধুৱালেও অকন অকন ৰং থাকিয়েই যায় কাণৰ চুকত, ডিঙিৰ তলত। আৰু সেইকন ৰং আমাৰ বৰ গৌৰৱৰ বস্তু হৈ পৰে। পিছদিনাখন স্কুলত গৈ লগৰীয়াখিনিক দেখুৱাব লাগিব নহয়! আমিও যে ৰং খেলিছিলোঁ, আৰু খুব ভালকৈয়ে খেলিছিলোঁ। তেতিয়াৰ দিনততো আৰু চিনবোৰ ধৰি ৰাখিবলৈ চেল্ফিবোৰ নাছিল, নাছিল DSLR বোৰ.. কিন্তু চিনবোৰ ৰৈ গ’ল মনৰ সেউজীয়া কোঠাত স্মৃতি হৈ…মুঠতে আগৰ দিনত হোলী বুলিলে হালধীয়া, নীলা, ৰঙা, সেউজীয়া অকন অকন সানি লৈ “হেপ্পী হোলী” বুলিলে সেইজনী বেমাৰী, সেয়ে অলপ ৰং সানিছে বুলিছিল। ভালকৈ হোলী খেলিলোঁ বুলিলে বুজিব লাগিব যে তেওঁক চিনিব নোৱাৰাকৈ এটা ক’লা ভূতলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ পিছত তেওঁৰ খেকাৰৰ লগতো ৰং ওলাব লাগিব, শেঙুনৰ লগতো ৰং ওলাব লাগিব, দাঁত ঘঁহি পেলোৱা ফেনখিনিৰ লগতো ৰং ওলাব লাগিব। নহ’লে “ভালকৈ হোলী খেলিলোঁ” বুলি কোৱাৰ কোনো অধিকাৰ নাই।

☆★☆★☆

Leave a Reply

Your email address will not be published.