ফটাঢোল

হেলমেট – বৈদুৰ্য্য বৰুৱা

“অ’ আই…অহ…”

এ.এচ.আই. বাগলাৰীয়ে হামি এটা মাৰি হাত দুখন ওপৰলৈ মেলি পিঠিটো অলপ বেঁকা কৰি গাটো ইফালে ঘূৰালে,

“আমনি লাগিছে আৰু! কেইটা বাজিল অ’ দীন?”

বাগলাৰীয়ে কাষত ৰৈ থকা চিপাহীজনক সুধিলে এনেয়ে। চিপাহীজনে কাষৰ চি.আৰ.পি কেইজনৰ লগত ভগা ভগা হিন্দীতে হাঁহি হাঁহি কিবা আড্ডা মাৰি আছিল৷ হিন্দীভাষী চি.আৰ.পি কেইজনে মুখত হাত দি লাঠীকেইডাল ৰাস্তাৰ ওপৰত খুন্দিয়াই হাঁহিছিল।ডিউটি শেষ হোৱাৰ সময়ত মনটো অলপ ফৰকাল হৈ পৰিছে চি.আৰ.পি কেইজনৰো। তাতে গাড়ী মটৰৰ আহযাহ কমি আহিছে কাৰণে তালাচী চলাব লগীয়াও হোৱা নাই।

“দহটা বাজিবই আৰু৷ ছাৰৰ কিবা কাম আছিল চাগে?”

চিপাহীজনে কথাপতাৰ মাজতে বাগলাৰীলৈ চাই ক’লে।

“কালি গোটেই ৰাতি সেই বগাজানৰ ডকাইটি কেচটোত টোপনি ক্ষতি৷ আজিও দিনত অলপ আৰাম কৰিবলৈ নাপালোঁ৷ ভাগৰ লাগিছে আৰু৷ কেতিয়ানো বিচনাখনত পৰোঁগৈ তেনেকুৱা লাগিছে৷”

বিৰক্তিৰে বাগলাৰীয়ে কৈ উঠিল।

“দহটা বাজিলেই নেক্সত পল্টনটো পাবহি৷”

বাগলাৰীয়ে একো নক’লে। পিছৰ ডিউটি থকা পল্টনটো আহি পালেই তেওঁ ৰক্ষা পৰে৷ তেওঁ ভাৱিলে। দূৰলৈ চালে তেওঁ। কুঁৱলী আৰু অন্ধকাৰে মিতিৰালি পাতি ৰাস্তাটো দূৰলৈ নেদেখা কৰি তুলিছে। গাড়ী মটৰৰ আহযাহ কমি আহিছে। জাৰৰ দিনত ইমান দেৰিলৈকে হাইৱে’ত মানুহ নাথাকেই। মাত্ৰ দুই এখন নৈশ বাছ আৰু ট্ৰাক হুমহুমাই পাৰ হৈ যায়। ধুম ধুম বুকুত খুন্দা মৰা সংগীত বজাই পাৰ হৈ যায় কোনো ধাবাত পাৰ্টি কৰি অহা বিলাসী গাড়ী। আচলতে এতিয়া অসমৰ পৰিস্থিতিও ইমান উত্তপ্ত নহয়। উগ্ৰবাদী সংগঠনবোৰো বহুদিন নিটাল মাৰি আছে। গতিকে ইমান কাঢ়া তালাচী নচলালেও চলে। এইকেইদিন সকলোকে সন্দেহ কৰা ফৰ্মুলাটোতকৈ সন্দেহযুক্ত কাৰোবাক তালাচী কৰা চিষ্টেমটোহে চলি আছে। বা ওপৰৰ পৰা কোনো বিশেষ অৰ্ডাৰো নাই। গতিকে দুই এখন বাইক, দুই এখন গাড়ী ওপৰা ওপৰিকৈ চেক কৰিয়েই বাগলাৰীয়ে যাবলৈ দিছে। এইটো তালাচী চকীতবোৰত গাড়ীৰ কাগজ পত্ৰ পৰীক্ষা কৰাতকৈ কোনো সন্দেহযুক্ত উগ্ৰপন্থীৰ সদস্য, কোনো চোৰ ডকাইত চোৰাংবেপাৰী, বা কোনো চোৰাং মাল ইত্যাদি ইত্যাদি গৈছে নেকি তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হয়।

এনেয়েও আজিকালি প্ৰায় সকলোৱে গাড়ীৰ কাগজ পত্ৰ একেবাৰে আপ টু ডে’ট কৰি ৰাখে। তাৰোপৰি বছৰ বছৰ ধৰি বাগলাৰীহঁতে এই পুলিচত চাকৰি কৰি মানুহৰ মুখখন দেখিয়েই ধৰিব পাৰে কোন কেনেকুৱা।অৱশ্যে ইয়াৰ মাজতো ব্যতিক্ৰম নোহোৱা নহয়।

ৱাঁও..ৱাঁও…এঁ..এঁ…এঁ…কঅঁ…অঁ…

এনেতে বাগলাৰীয়ে শুনিলে দূৰৰ পৰা তীব্ৰ গতিত এখন মটৰ চাইকেল আহি থকাৰ শব্দ৷ মটৰ চাইকেলখনৰ হে’ডলাইটৰ পোহৰটো লাহে লাহে স্পষ্ট হৈ আহি আছে৷

“ঐ দীন, ৰখা ৰখা সেইখন!”

বাগলাৰীয়ে চিঞৰি উঠিল। লগে লগে দীন চিপাহীয়ে হুইচেলটো বজাই হাতৰ টৰ্চটো জ্বলাই জোকাৰি জোকাৰি বাইকখনক ৰ’বলৈ ইংগিত দিলে। চি.আৰ.পি কেইজনে দীঘল দীঘল লাঠীকেইডাল খট্‌ খট্‌ খট্‌কৈ ৰাস্তাত খুন্দিয়াই ৰাস্তাৰ মাজলৈ আগবাঢ়ি আহিল।বাইকখন প্ৰচণ্ডভাৱে ব্ৰেক মাৰি ৰ’ল। আচলতে বাইক আৰোহীয়ে হয়তো ভৱাই নাছিল যে হঠাতে ৰাস্তাৰ মাজতে পুলিচৰ চেক পষ্ট এটা পাব। বাইক আৰোহী এটা ডেকা ল’ৰা। মূৰত এটা ফুলমাস্ক হেলমেট।

“ষ্টাৰ্ট বন্ধ কৰক। ক’ৰ পৰা আহিছে?”

বাগলাৰীয়ে এক প্ৰকাৰ নিৰ্দেশ দি বাইক আৰোহীক সুধিলে। ল’ৰাটোৱে চাবিটো পকাই অফ কৰিলে।

“ঘৰলৈ যাওঁ ছাৰ৷”

মুখৰ আগৰ গ্লাচখন সামান্য ডাঙি ল’ৰাটোৱে ক’লে।

“ক’ত ঘৰ? ক’ৰ পৰা আহিল ইমান ৰাতি?”

“অলপ আগতেই আছে ছাৰ ঘৰটো৷ বন্ধু এজনৰ বাৰ্থ ডে’ খাবলৈ গৈছিলোঁ ছাৰ৷”

“চাওঁ হেলমেটটো খোলক। অলপ কাগজ পত্ৰবোৰ দেখুৱাওক৷”

বাগলাৰীয়ে কৈ উঠিল।

“ছাৰ প্লিজ! মোৰ এটা ফবিয়া আছে৷ মই হেলমেট খুলিবলৈ ভয় খাওঁ৷”

“হেলমেট খুলিবলৈ ভয় কৰে!”

বাগলাৰীয়ে প্ৰশ্নবোধক দৃষ্টিৰে ল’ৰাটোলৈ চালে।

“ছাৰ, এই ৰাতি ঠাণ্ডাত ইহঁতে হেলমেট খুলিবলৈ ভয় কৰে আৰু দিনত কলেজৰ আগেদি যাওঁতে হেলমেট পিন্ধিবলৈ ভয় কৰে৷ নহ’লে সিহঁতৰ শ্বাহৰুখমুৱা, চলমনমুৱা চেহেৰাটো ছোৱালীবোৰে নেদেখিব নহয়৷ আৰু ইহঁতৰ সুন্দৰ চেহেৰাকেইটাই যদি কোনো ছোৱালীয়ে নেদেখে তেন্তে পতিব কোন!! হেঃ! হেঃ! হেঃ! ইহঁতে হেলমেট পিন্ধি বাইক চলোৱা আৰু শ্বাহৰুখ চলমানে চিনেমাত হেলমেট পিন্ধি একটিং কৰা একে কথা! হিৰ’ হয় ইহঁত! হিৰ’!”

দীন চিপাহীয়ে কৈ উঠিল। তাৰ কথাত চি.আৰ.পি কেইজনেও হাঁহি উঠিল খেক খেককৈ।

“নহয় ছাৰ৷ বিশ্বাস কৰক৷ মই এটা এক্সিডেণ্ট দেখাৰ পিছৰ পৰা ইমানেই ভয় খালোঁ যে তেতিয়াৰ পৰা মই বাইকত বহাৰ লগে লগে হেলমেটটো পিন্ধি লোৱাৰ অভ্যাস কৰিলোঁ। আচলতে সকলোৱে ভাৱে শৰীৰৰ মূৰটোৱেই আটাইতকৈ টান অংগ। কিন্তু সেই ধাৰণাটো ভুল। আটাইতকৈ শৰীৰৰ কোমল ঠুনুকা অংগটোৱেই হৈছে আমাৰ মূৰটো। এই মূৰটোত সামান্য এটা ঠোকৰ খালেও মানুহ মৰি যাব পাৰে, পেৰেলাইচিছ হৈ যাব পাৰে, আজীৱন পংগু হৈ যাব পাৰ, পাগল হৈ যাব পাৰে আৰু সেইটোতো সেইটোৱেই তাৰ লগতে সমগ্ৰ পৰিয়ালটোৱেই আৰ্থিক আৰু মানসিক ভাৱে ধ্বংস হৈ যাব পাৰে৷ কি দৰকাৰ ৰীল লাইফৰ সপোনবোৰ দেখি ৰিয়েল লাইফত এপ্লাই কৰাৰ! শ্বাহৰুখ, চলমানতো একেই থাকি যাব৷ কিবা এটা হ’লে আমাৰ কাৰণে আই- বোপায়েহে কান্দিব৷ ঘৰ মাটি বিক্ৰি কৰি মেডিকেলত মাহ কি মাহ আই বোপায়েহে পৰ দিব৷ নে লগৰ কেইটা থাকিব! নে কল্পনাৰ প্ৰেয়সীজনী থাকিব! হয় নাই ছাৰ কওক?”

“আপোনাৰ কথাবোৰ একেবাৰে সত্য কিন্তু ৰৈ থকা বাইক এখনত উঠি থাকি আপোনাৰ হেলমেটটো খুলিবলৈ কোনো অসুবিধা নাই।”

বাগলাৰীয়ে কৈ উঠিল।

“ভয় লাগে ছাৰ৷ সেই এক্সিডেণ্টটো দেখাৰ পাছত মোৰ মনত এটা ভয়ে বাহ ল’লে৷ এনেকুৱা লগা হ’ল, হেলমেটটো নিপিন্ধিলে মই মোৰ পৰিয়ালটোক হেৰুৱাম৷ মই মোৰ প্ৰেয়সীক হেৰুৱাম৷ মোক ঘৰলৈ যাবলৈ দিয়ক ছাৰ৷”

ল’ৰাটো যেন অলপ কন্দনামুৱা হৈ পৰিল৷

“আপোনাৰ সকলো কথা বুজিছোঁ৷ আপোনাৰ মনত হয়তো হেলমেট ফবিয়া এটা সোমাই আছে৷ কিন্তু নিৰাপত্তাৰ খাতিৰত এতিয়া আপুনি হেলমেটটো খুলিবই লাগিব৷

বাগলাৰীয়ে একপ্ৰকাৰ দাবীয়েই দি উঠিল৷

“হয় ছাৰ কোনো কথা নাই৷ মই কোনো চোৰ ডকাইট নহয়৷ কিন্তু…কিন্তু সেই এক্সিডেণ্টটো আপুনিও দেখিছিল৷ ইয়েচ…ইয়েচ মনত পৰিছে৷ আপুনিয়েই কেচটো লৈছিল৷ আপোনাক মই দেখিছিলোঁ৷ ময়ো আছিলোঁ ভিৰৰ মাজত৷”

ল’ৰাটোৱে দুয়োহাতেৰে হেলমেটটো ধৰি ক’লে।

“কোনটো কে’চ?

“সেই যে ছাৰ বৰাহী চাৰিআলিত…

“অহ সেইটো কে’চ?”

বাগলাৰীৰ সেই এক্সিডেণ্ট কে’চটোৰ কথা মনত পৰিল৷ ল’ৰাটোৱে বাইকখনেৰে ডিভাইডাৰত মাৰি উফৰি পৰিছিল৷ মূৰত হেলমেট নাছিল৷ ক’তো কোনো আঘাটৰ চিন নাছিল৷ মূৰত সামান্য আঘাট পাইছিল৷ নাকেদি এসোঁতা তেজ বৈ আছিল৷

“আৰু ছাৰ সেই কে’চটো দেখাৰ পাছত সেইদিনাই মই শপত খালোঁ মই সদায় বাইক চলালে হেলমেট পিন্ধিম৷ মই কাকো হেৰুৱাব নিবিচাৰোঁ ছাৰ৷”

ল’ৰাটোৱে কৈ কৈ মূৰৰ পৰা দুয়ো হাতেৰে হেলমেটটো খুলিলে। বাগলাৰী উচপ খাই উঠিল। বাইক আৰোহীৰ ডিঙিৰ পৰা মূৰটো নাই। দুয়ো হাতেৰে হেলমেটটো সাৱটি কোঁচত লৈ বাইকখনত বহি আছে।

☆★☆★☆

Leave a Reply

Your email address will not be published.