ফটাঢোল

হেলিকপ্টাৰ, ভাওনা ইত্যাদি – দেবাংগ পল্লভ শইকীয়া

১) ভাওনা

(ক) সাধু নহয়, নিজে দেখা কথা। অসুৰটোৰ নাম পাহৰিছোঁ। জংঘাসুৰ আছিল হ’বলা! কৃষ্ণই বধ কৰিব। যথাসময়ত তয়াময়া ৰণ লাগিল। খোলৰ ছেৱে ছেৱে অসুৰৰ জাঁপত দৰ্শক ৰাইজ অতি আনন্দিত হৈ জাউৰীয়ে জাউৰীয়ে হাত চাপৰি মাৰিলে। আমিও সুহুৰী মাৰিলোঁ। এসময়ত অসুৰ মাটিত বাগৰি পৰিল। কৃষ্ণই চক্ৰৰে অসুৰক বধ কৰিলে। সূত্ৰধাৰেও “অহিচন প্ৰকাৰে অসুৰৰ মৃত্যু হৈল” বুলি ঘোষণা কৰিলে আৰু কৃষ্ণয়ো নাচি নাচি প্ৰস্থান কৰি গৈ থাকিল। পিচে মাটিত পৰি মৰি থকা অসুৰক মৰাৰ পিছতো ৰাইজে হাত চাপৰিৰে ইমানেই উৎসাহ দিলে যে অসুৰে মৰাৰপৰা একেকোবে উঠি গৈ পিছমুৱা হৈ থকা কৃষ্ণৰ পিঠিত গদাৰে কোব লগালে। কৃষ্ণইও তলকিব নোৱাৰি কোনোমতে নপৰাকে ৰ’ল। বায়নেও আকৌ খোলত ছেও দিবলৈ বাধ্য হ’ল। আকৌ যুদ্ধ আৰম্ভ হ’ল। সেইবাৰ কৃষ্ণই অসুৰক বধ কৰি প্ৰস্থান কৰোঁতে পিছমুৱা হৈ নগৈ অসুৰৰ গতিবিধি চাই চাই প্ৰস্থান কৰিলে। সূত্ৰধাৰে “অহিচন প্ৰকাৰে …” বুলি কৈ অসুৰৰ ওচৰত সৰুকৈ ক’লেহি –

“এইবাৰ পুৰা মৰক দেই। জী যাব নালাগে আৰু! “

(খ) দ্ৰৌপদী মতা মানুহ। অহা দেৰি হোৱা বাবে খপজপকৈ লঙপেণ্টৰ ওপৰতে কাপোৰ পিন্ধিলে। এতিয়া দুঃশাসনে তেওঁক বস্ত্ৰহৰণ কৰিছে আৰু তেওঁ “কৃষ্ণ কৃষ্ণ” বুলি ঘূৰি ঘূৰি মিনতি কৰিছে। কৃষ্ণই চুক এটাৰপৰা জিলমিল কাগজ লগোৱা চকী এখনত উঠি হাতখন দ্ৰৌপদীলৈ দেখুৱাই আছে। দ্ৰৌপদীৰ কাপোৰ বাঢ়ি গৈ আছে। পৰমেশ্বৰে দিছে। ৰক্ষক তেওঁ। এসময়ত কাপোৰৰ মেৰ শেষ হ’ল অথচ দ্ৰৌপদীয়ে চকু মুদি হাতযোৰ কৰি ঘূৰিয়েই আছে। কাপোৰ শেষ হৈ দ্ৰৌপদীৰ লঙপেণ্ট ওলাল অথচ তেওঁৰ কেৰেপ নাই। “কৃষ্ণ কৃষ্ণ” বুলি ঘূৰিয়েই আছে। কাপোৰ শেষ হোৱাত দুঃশাসনৰো হাতত টানিবলৈ একো নাই, এনেই কঁকালত হাত দি অট্টহাস্য কৰি আছে। হাঃ হাঃ হাঃ উমমমম! সমুখত দ্ৰৌপদী চকু মুদি হাতদুখন যোৰ কৰি লঙপেণ্টেৰে ঘূৰি আছে। সিপিনে চকীৰ ওপৰত কৃষ্ণৰ অৱস্থা নাই!

সূত্ৰধাৰে আহি আঁৰ কাপোৰ দিওঁতেহে পিছত যেনিবা…

 

২) হেলিকপ্টাৰ

বহুতেই মোৰ এই ঘটনাটো জানে। তৃতীয় নে চতুৰ্থমানত দে’তাই হেলিকপ্টাৰ এখন আনি দিছিল। সৰু। চাবি পকোৱা। অনাৰ দিনাই ৰাতি সেইখন মাটিত চলাই মেলি এবাৰত চাবিটো পকাই মূৰত লগাই দিলোঁ। মোৰ চুলিবোৰ ভালুকৰ দৰে আছিল। জপৰা। হেলিকপ্টাৰৰ ইঞ্জিনে পলকতে গোটেই চুলিসোপা সামৰি ধৰিলে। প্ৰপেলাৰ ৰৈ গ’ল। হেলিকপ্টাৰখন মূৰতে হেলিপেডত ৰোৱা নিচিনাকৈ ৰৈ থাকিল।

মায়ে কেঁচী লগালে। নোৱাৰিলে। দে’তাই সৰু কেঁচী লগালে নোৱাৰিলে। তালুখনৰ গোটেই চুলি ইঞ্জিনে সামৰি লৈছিল।

ৰাতি মূৰত হেলিকপ্টাৰ লৈয়েই ভাত খালোঁ। হেলিকপ্টাৰ আনিবলৈ মোৰ হৈ মাত মতাৰ বাবে মায়ে গালি খালে।

মূৰত হেলিকপ্টাৰ লৈয়ে ৰাতি শুলোঁ। প্ৰপেলাৰ আঁঠুৱাত লাগিল। মায়ে মোৰ মূৰটো আঁঠুৱাৰপৰা বাহিৰলৈ উলিয়াই থ’লে। ওৰে ৰাতি হেলিকপ্টাৰ মোৰ মূৰত থাকিল। ৰাতি মায়ে মূৰত হাত ফুৰাওঁতে সেই ৰাতি প্ৰপেলাৰত হাত ফুৰালে।

ৰাতিপুৱাই দে’তাই চাইকেলত বহাই মোক চেলুনলৈ নিলে। বাটত বহুতে সুধিলে। বহুতে হাঁহিলে। মই আমোদ পালোঁ। সেই অঞ্চল বা জিলাত মূৰত হেলিকপ্টাৰ উঠা প্ৰথম মানুহটো হোৱাৰ গৌৰৱত।

চুলি কটা মিস্ত্ৰীয়ে মোক দেখি দে’তাক সোধা প্ৰথম প্ৰশ্নটো আছিল –

“এই জিনিছটো মাথাত কোনে লগালে মাষ্টৰ বাবু?”

☆★☆★☆

3 Comments

  • kangkanborah

    হা হা …….ভাল জমনি দেই…….ভাল লাগিল

    Reply
  • সদানন্দ ভূঞা

    হা: হা: বঢ়িয়া জমনি লিখিলে দেই ।

    Reply
  • বৰ্ণালী

    কৃষ্ণ গোঁসাই!

    Reply

Leave a Reply

Your email address will not be published.