ফটাঢোল

হেৰি, কথা এটা কওঁ? – অভিজিত মেধি

হেৰি, ৰ’বচোন ৰ’ব, আপোনাৰ লগত কথা অলপ আছিল। বিচাৰিয়েই আছিলোঁ আপোনাক বুজিছে, ভাগ্যৰ বলতহে যেনিবা লগ পালোঁ আজি! আচ্ছা শুনকনা, কথা এটা কওঁ। এহ্, এইডাল লুক নিদিবচোন। এই “যি আছে জল্দি ক'” লুকটো একেবাৰে ভাল নালাগে! কিনো উল্টাই আছে আপুনি? না আপোনাৰ কিবা ইয়াণ্ডাবু সন্ধি চাইন কৰিবলৈ আছে, না কাশ্মীৰৰ কিবা এটা মীমাংসা কৰিবলৈ আছে। এন আৰ চি আৰু নাগৰিকত্ব সংশোধনীতো বাদেই দিয়ক। সেইবোৰৰ মাথা মুণ্ড আপুনি একো বুজি নাপায়, এনেই এনেই ছোচিয়েল মিডিয়াত পণ্ডিত চেলাই থাকিব নালাগে। চিধাচিধি ক’লোঁ কাৰণে বেয়া পালে নেকি? মোৰ আকৌ এইটো বৰ সমস্যা বুজিছে। কথাবোৰ চিধাচিধি কৈ দিয়া স্বভাৱটোৰ বাবে কোনেও মোক দেখিব নোৱাৰে আজিকালি। “ইহ্, বৰ আহিল সত্যবাদীটো” বুলি সকলোৱে উপলুঙা কৰে। লাগে বুজিছে, লাগে…বৰ বেয়াকৈ গাত লাগে এই উপলুঙাবোৰ! সেইকাৰণে আজিকালি যিমান পাৰি মনে মনে থাকোঁ। মোৰ কথা কোনেও নুশুনেই যেতিয়া মই কৈ থাকি কি লাভ?

আচ্ছা, কথা এটা কওঁ? ধেই, মোবাইলটো এৰকচোন! কি আছেনো সেইডালত? সেইটো ফোন কৰিবলৈকে কিনিছে নে ফেচবুক-হোৱাটছ্এপ ফালিবলৈ? এই যে ফেচবুকত ফটো খুচৰি আছে সেইজনী আপোনাৰ জুনিয়ৰৰ পত্নী বুজিছে। আৰু আপোনাৰ সাহিত্যৰ ফেনজনীৰ লগত যে চেনী খাই আছে এইকেইদিনত, তাই আপোনাৰ ছোৱালীতকৈ মাত্ৰ দুবছৰহে ডাঙৰ। ইমান লিলিমাই ভাল কথা নহয়! কি…? “ৰাস্কেল” বুলি গালি দিব নালাগে এতিয়া মোক। হুহ্, এনে ওলাল খাৰখোৱা ব্ৰিটিছডাল একেবাৰে! ইংলিছ ময়ো জানো, নকওঁ বুলিহে! লগতে আপোনাৰ সব ছিক্ৰেটবোৰো জানো বুজিছে। বেহাৰবাৰী স্কুলত অংক নোৱাৰি খগেন মাষ্টৰৰ পৰা ঔকিল খাওঁতে “আই ঐ মাই ঐ, মাল্লাক ঐ” বুলি টেঁটু ফালিছিল, এতিয়া ইংলিছ মাৰি দেখুৱায়!!! আপোনাৰ ভিজা হাফপেণ্টটো দেখি লগৰবোৰে যে “পানীমুতুৰা” নাম দিছিলে…হাঃ হাঃ হাঃ!!! সেইবোৰ দিনৰ কথা মনত পৰিলে হাঁহিয়ে উঠে।

হেহ্, ৰ’বহে…ক’ত যায়? ব’ৰ কৰিছোঁ নেকি মই? আচলতে কেচটো কি জানে, মই যে বহুদিন মন খুলি কথায়ে পতা নাই, সেয়ে আজি অলপ বেছি বকিছোঁ। ছ’ৰী ছ’ৰী…! বাদ দিয়কনা, প্লীজ…ধৰি নাথাকিব। কথা ধৰি থাকিলে শৰীৰ বেয়া হয় বুজিছে। একেবাৰে বিজ্ঞানসন্মত কথা এইটো। এই ধৰক আপোনাৰ ভাইটোৱে পৈতৃক সম্পত্তি বেছি পোৱা কথাটোৱে এতিয়া আপোনাক খুলি খুলি খাই আছে। তাৰ ফলত কি হৈছে জানে, আপুনি ষ্ট্ৰেছ (stress) ফিল কৰিছে। ষ্ট্ৰেছ বেছি হ’লে কি হয় জানে? আপোনাৰ কিডনী দুটাৰ ওপৰত থকা এড্ৰেনেল গ্লেণ্ড দুটাৰ পৰা কৰ্টিছ’ল হৰম’ন নিঃসৃত হয়। ফলত আপোনাৰ হাৰ্ট বিট বাঢ়ে, ব্লাড প্ৰেচাৰ বাঢ়ে, টোপনি বেয়া হয়, হজম শক্তি কমি যায়, গেষ্ট্ৰিক উঠে, ইমিউন ছিষ্টেম খাৰাব হৈ যায়, প্ৰজনন ক্ষমতা কমি যায়…মুঠতে সাতে-পাঁচে বাৰ, মানে বেছি ষ্ট্ৰেছ লৈ থাকিলে কাম চেটেপ্!! গতিকে বাদ দিয়ক বুজিছে, খং-ৰাগ ধৰি নাথাকিব। মা-দেউতাৰ বুঢ়াকালত আপুনি পানী এটুপিও খুৱাই নাপালে, সেই হিচাপত সম্পত্তি দূৰৈৰ কথা, আপুনি গৰিহণা পোৱাৰো যোগ্য নহয়হে। হেই হেই…কি কৰে কি কৰে…এইবিলাক গালি নিদিব, বেয়া কথা!

ছ’ৰী ছ’ৰী, একদম ছ’ৰী, বেয়া নাপাবনা…প্লীজ! মই বহুত বেছিকৈ বকিছোঁ, আৰু নবকোঁ। মা-কচম, বিদ্যা শপত! ক’ম বুলি অহা কথাটো কওঁ শুনক। আচ্ছা, তাৰ আগতে স্বৰচিত সাধু এটা কওঁ? সাধু শুনিলে ষ্ট্ৰেছ কমে, স্বাস্থ্যৰ পক্ষে ভাল।

এখন দেশত এটা জানোৱাৰ আছিল। জানোৱাৰটোৰ বিশেষত্ব কি জানে, সি সদায় গোপন জেগা এটাত হাগে। য’তেই নাযাওক, যিমান দূৰলৈ নাযাওক, দিনৰ শেষত সেই গোপন জেগাটোতে আহি হাগিব। বেলেগত জোৰকৈ লাগিলে ঘাঁহ-বনৰ সোপা দি, নেগুৰডালেৰে সোপাটো লুকুৱাই বস্তুবিধ ধৰি ৰাখে। পাছত সেই গোপন ঠাইটোত আহি কামবিধ কৰে। আচৰিত প্ৰাণী একদম! জনোৱাৰটোৰ নাম এটা দি লওঁ হা, সাধুটো ক’বলৈ সহজ হ’ব। “হাগাগেণ্ডা” নাম এই জানোৱাৰটোৰ। ধুই, এৰকচোন, গুগুল কৰিব নালাগে জানোৱাৰটোৰ কথা, সাধুটো শুনক। হাগাগেণ্ডা জানোৱাৰটো বৰ সামাজিক আছিল। আন জীৱ-জন্তুৰ লগত দিনটো আড্ডা মাৰে ক্লাব এটাত। বৰ বিখ্যাত ক্লাব সেইটো, দেশ-বিদেশৰ জন্তু-জানোৱাৰে ভিৰ কৰেহি তাত, ধৰক জন্তু-জানোৱাৰৰ ছোচিয়েল মিডিয়া সেই ক্লাবটো। লাহে লাহে কথাটো ভিন্ন মহলত আলোচনা হ’বলৈ ধৰিলে- “হাৰে, আমিতো ইয়াক কেতিয়াও কামবিধ কৰা দেখা নাই, কি আচৰিত!”। লাহে লাহে হাগাগেণ্ডা দূৰ দূৰলৈ বিখ্যাত হৈ পৰিল, সেই নীলা শিয়ালটোৰ দৰে। বাকী জীৱ-জন্তুবোৰে হাগাগেণ্ডাক কেতিয়াও নহগা কিবা দৈৱিক প্ৰাণী বুলি ভাবিবলৈ ধৰিলে। দিনে ৰাতি হাগাগেণ্ডাক চাবলৈ দেশ-বিদেশৰ জীৱ-জন্তুই ক্লাবটোত ভিৰ কৰিলেহি। হাগাগেণ্ডাৰ ফেন-ফল’ইয়িং বাঢ়ি চেলিব্ৰেটি হৈ পৰিল একদম। দিনটো বাদেই, ৰাতিও ক্লাবতে ফেনবোৰৰ লগত টাইমপাছ কৰিবলৈ ধৰিলে হাগাগেণ্ডাই। ইপিনে দিনক দিনে সোপাটো টানকৈ মাৰিব লগীয়া হৈ আহিল। কেতিয়াবা সপ্তাহদিন ধৰি সোপা খুলিবলৈ টাইম নাপায়। পাছত কি হ’ল জানে? পাইলছ বেমাৰ হৈ হাগাগেণ্ডা মৰি থাকিল। সাধু শেষ!!

সাধুটো কি জমনি ন! “কি ঘেণ্টা সাধু” বুলি গালি নিদিব দেই, কৈ দিছোঁ! আপুনি মোৰ সাধুত মন নিদি সিপিনে ফেচবুকত লাগি আছিল, সেয়ে বুজি নাপালে আকৌ, তাত মোৰ কি দোষ? পাছত সোপাটো খুলি আৰামত ভাবি চাবচোন, মজ্জা লাগিব সাধুটো।

আচ্ছা আচ্ছা, এইবাৰ গুৰিলৈ আহোঁ। মানে কথাটো কওঁ শুনকনা। কি…? আপুনি মোক চিনিয়ে পোৱা নাই? হে হৰি, ইমান দেৰি নিচিনাকৈয়ে কথা পাতি আছিল তাৰমানে! আচৰিত মানুহ দেই আপুনি! মই বিবেক, আপোনাৰ বহু পুৰণি বন্ধু, পাহৰিলে নেকি? আজি বহুদিনৰে পৰা আপোনাক লগ ধৰিবলৈ চেষ্টা কৰি আছিলোঁ, আপুনি পাত্তায়ে নিদিয়ে, বিজি মেন! কিমানবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ আপোনাক! “ইছ ৰুট্ কি ছভি লাইনে অভি বন্ধ্ হে”, এনেকুৱা উত্তৰ পাওঁ সদায়। আপোনাৰ নেটৱৰ্কটো দিনক দিনে বেয়া হৈ গৈছে বুজিছে। আচ্ছা, নেটৱৰ্ক ভাল কৰাৰ দুটামান সহজ উপায় দিওঁ শুনক। হেৰি…ক’ত যায়? শুনকনা, কথা এটা আছিল, হে…ৰি। ধুৰ্…গ’লেই এইডাল!!!
☆★☆★☆

7 Comments

  • তামাম লেখা এইটো 💚💚

    Reply
  • Nibhakakati

    হেৰি,কথা এটা কও… বৰ ভাল লিখে হে। তামাম বন্ধু তামাম।

    Reply
  • ইমান সাংঘাতিক কেনেকৈ লিখে হে দাদা!ঝাক্কাচ দেই।

    Reply
  • Rintumoni Dutta

    অতি উন্নত মানদণ্ডৰ লিখনী, খুব ভাল লাগিল পঢ়ি। এনেধৰণৰ লিখাই আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে

    Reply
  • সাংঘাটিক লিখিছা। উচ্চমানৰ ব্যংগ। সদায়ৰ দৰেই অনন্য এইটোও।

    Reply
  • অনুৰূপ মহন্ত

    এইটো পঢ়ি বৰ ভাল লাগে। অতি সুন্দৰ লিখে আপুনি।

    Reply
  • ৰাজীৱ

    বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.