ফটাঢোল

হেৰি চিকটা – পাৰ্থ জ্যোতি বৰুৱা

তিনিআলিটোৰ কাষতে থকা পৰমাৰ অকণমানি কিতাপৰ দোকানখনতে বহে আমাৰ চুবুৰীৰ একমাত্ৰ সান্ধ্য আড্ডাটো। বৰা, শৰ্মা, কলিতা আৰু মই, বৰুৱা। পৰমাক লৈ মুঠ পাঁচটি মানুহ। পাঁচটি বুলিছোঁ যদিও আড্ডাবাজৰ পাৰ্ফৰমেঞ্চ অনুসৰি আমি মানুহ আচলতে তিনিটিহে। বয়সৰ লেখেৰে আটাইতকৈ সৰু বাবেই হয়তো পৰমাই আড্ডাত সক্ৰিয় অংশগ্ৰহণ নকৰে। মানে নিজাববীয়াকৈ কোনো মন্তব্য নকৰে বা কোনো টপিক আগনবঢ়ায়। কেৱল আমি কোৱা কথাবোৰত হয়ভৰ দি থাকে। কেতিয়াবা আমাৰ মাজত কিবা কথাত বিতৰ্ক হ’লে আটাইকেইটাকে পৃথকে পৃথকে কৌশলেৰে সমৰ্থন কৰি সি মোটামুটি সকলোৰে লগত মিলি থাকে। সেয়ে আমি তাক পৰমা নহয়, পৰমাণু বুলি মাতো। ইফালে কলিতা হৈছে আড্ডাবাজৰ নামত মস্ত এটা কলংক। মৰি গ’লেও মুখেৰে মাত এষাৰ নামাতে। নাই যি নাই, তাৰ মুখত হাঁহি এটাও নাই। আমাৰ কথাবোৰ শুনি তাৰ ভালেই লাগিছে নে বেয়াই লাগিছে নে খঙেই উঠিছে জানিবলৈ কোনো উপায় নাই। সেয়ে সি ‘ন’ ৰিয়েকশ্যন কলিতা’।

প্ৰকৃত আড্ডাবাজ তিনিটি যদিও আমাৰ আড্ডা কিন্তু বেচ জমি থাকে। টপিকো যে এনেকুৱা এনেকুৱা ওলায়, কি ক’ম আৰু আপোনাক! মাৰভেলাচ। টপিকৰ কাৰণে কেতিয়াও মূৰ ঘমাব নালাগে আমি। নিজে নিজে ওলায়। মাটি ফুটিয়েই ওলায় নে আকাশৰপৰা ধুপুচকৈ খহি পৰেহি নাজানো। কিছুমান এনেকুৱা টপিক থাকে যে, তিনি চাৰিদিন পৰ্যন্ত চলি থাকে। বিন্দাচ। এইকেইদিন যিটো চলি আছে, সেইটোৱেই হৈছে আমাৰ আড্ডাৰ ইতিহাসত আটাইতকৈ হট টপিক। আপুনি জানি আচৰিত হ’ব যে, এই টপিকটো আকৌ আমাৰ ন’ ৰিয়েকশ্যন কলিতাইহে উদ্ভাৱন কৰিছিল।

সেইদিনা আমি গোটেইকেইটা গোট খাইছিলোঁহিহে মাত্ৰ। কথা নাই বতৰা নাই, আগ নাই গুৰি নাই, কলিতাই মন্তব্য কৰিলে, “মিতব্যয়ী মানুহবোৰ চিকটা হয়, কিন্তু সেইবুলি সকলো চিকটা মানুহেই মিতব্যয়ী নহয়।” উৱা! কলিতাক আজি কিহে পালে! এনে লাগিল যেন বহুদিনৰপৰা তেওঁ কিবা এটা গৱেষণা কৰি আছিল আৰু আজি হঠাৎ ৰিজাল্টটো ওলাই আহিল! ইউৰেকা! ইউৰেকা! “মাণিক আকৰৰপৰা পোৱা যায়, কিন্তু সেইবুলি সকলো আকৰেই মাণিক নহয়”, কিবা এনেকুৱা ধৰণৰ চাইণ্টিফিক এনালাইজিং নহয়তো? বিষয়টো অলপ বহলাই বাখ্যা কৰিবলৈ ক’লো। নাই, গৱেষকে আৰু এটা শব্দও বেছিকৈ নকয়। বহলাই ক’বলৈ হেনো একোৱেই নাই। সি যি কি নহওক, সেইদিনাৰ বাবে সেইটোৱেই আমাৰ আড্ডাৰ টপিক হ’ল। অৱশ্যে গোটেই বিষয়টোক গোটাই পিটাই চমু কৰি ‘চিকটা’ কৰি ল’লো। পিছে ‘চিকটা’ত বৰ বেছি ৰস নাথাকিব বুলি ভাবি অলপ মডিফিকেশ্যন কৰি টপিকটো ফাইনেল কৰিলো, “গু চিকটা”। নাই, শুনিবলৈ বৰ বেয়া লাগিছে। আৰু অলপ মডিফিকেশ্যন। ফাইনেলি ফাইনেল কৰিলো, “গু চিকটা” নহয়, “হেৰি চিকটা”। টপিক ফিক্সড।

বক্তব্য আৰম্ভ হৈ গ’ল।

: আমাৰ  সম্বন্ধীয় দদাই এজনৰ ল’ৰা।
– বৰাই আৰম্ভ কৰিলে।
“নামটো তিলক। সি মানে কেৱল হেৰি চিকটাই নহয়, ৰামফা হেৰি চিকটা। দুৰ্গাপূজা চাবলৈ অকণমানি ল’ৰা ছোৱালীহালক দুপৰীয়া টাউনলৈ বুলি উলিয়াই নিয়ে। পূজাত ল’ৰা ছোৱালীবোৰে পিষ্টল, পুতলা, মিঠাই খুজি হায়ৰাণ নকৰে জানো? কৰিবই। সেই ভয়তে সি কি কৰে জানেনে? চাইকেলৰপৰা নামিয়েই ল’ৰা ছোৱালীহালৰ হাতত ডাঙৰ পাঁচটকীয়া বেলুন একোটাহঁত ধৰাই দিয়ে। সিহঁতহালনো আৰু কিমান ডাঙৰ? মোটামুটি বেলুনটোৰ সমানেই দিয়কচোন। বেচেৰাকেইটাই প্ৰকাণ্ড বেলুনকেইটা ধৰি ধৰি যাওঁতে পূজাৰ ‘পূ’টোও চাবলৈ নাপায়। পিষ্টল লাগে, পুতলা লাগে বুলি চিঞৰ-বাখৰ কৰিবলৈ কোনো চান্স নাই। বেলুন চম্ভালি থাকোতে কোনফালৰপৰা সোমাই কোনফালেদি ওলায় যায় বেচেৰাহঁতে গমকে নাপায়। খোৱা বোৱাৰ কোনো কাৰবাৰ নাই। জেলেপী কিনাৰ ভাও ধৰি টেষ্ট কৰি চোৱাৰ চলেৰে জেলেপী এখনৰ টুকুৰা দুটামান সিহঁতহালৰ মুখত ঠেলি হেঁচি সুমুৱাই দিয়ে, বছ, হৈ গ’ল দুৰ্গাপূজা। হাঁহিবই নে কান্দিবই আপুনি?

: মোৰ মহা এজনৰ কথা। বাগানত চাকৰি কৰে। ভাল ৰেংকত আছে।
– শৰ্মাই আৰম্ভ কৰে।
“পিছে ৰেংক ভাল হ’লে হ’ব কি? মহাকৃপণ। শাক পাচলি একেবাৰে নিকিনে বুইছে। মাহীক ভাত পাতিবলৈ কৈ কটাৰী এখন লৈ ফুটবল খেলা ফিল্ডখনৰ কিনাৰে কিনাৰে ঢপলিয়াই ফুৰে। হেৰৌ কি ভাবিছে আপোনালোকে? মহাৰ উৎপাতত ফিল্ডখনত ঢেকীয়া এডাল নতুনকৈ গজিবলৈ নাপায়।

: সেইটোনো কি কথা? ভালহে আক’। এনেয়ে পোৱা থলুৱা শাক পাত খাবহে লাগে।
– বৰাই মাত মাতে মাজতে।

: ধেই, ৰ’বহে। এয়া আৰম্ভণিহে। আচল মালটো বাকীয়েই আছে।
চাছপেন্স এটা দি শৰ্মাই আকৌ আৰম্ভ কৰে,
“এদিন মই নিজেই চাই আছোঁ। গোটেইখন বিচাৰি বিচাৰিও সেইদিনা মহাই ঢেকীয়া এডাল ফিল্ডখনত উলিয়াব নোৱাৰিলে। মই চাইয়েই আছোঁ। জেওৰাৰ সিপাৰৰপৰাই মহাই আমাৰ বাৰীলৈ চালে। জেওৰাখন বগাই বাৰীৰ ভিতৰত সোমাব খুজিলে। পিছে পিন্ধি আছিল কেৱল গামোচাখন। তলত বেলেগ একোৱেই নাছিল হ’বলা। সেয়ে নোৱাৰিলে জেওৰা বগাবলৈ। জেওৰাৰ কাষতে চেনীকল এথোক গছতে পকি আছিল। তাৰে এআখি নিলে কাটি ঘেচেককৈ। মই ভাবিলো, আজি চাগে পৰিয়ালটোৱে চেনীকলকে খাই দুপৰীয়া সাজৰ সামৰণি মাৰিব। পিছে কথাটো ঠিক তেনেকুৱাও নহয়। মহাৰ নাতিয়েকক স্কুলত মাষ্টৰে ‘ভাত কিহেৰে খালি’ বুলি সোধোঁতেহে ওলাল উৰহি গছৰ ওৰ। ল’ৰাৰ চিধাচিধি উত্তৰ, “পকা চেনীকলৰ ভাজিয়ে খালুং।” কি খাই মৰে মৰকগৈ এতিয়া।

এইবাৰ মোৰ পাল।

মনত পেলাবলৈ কষ্ট কৰিবলগীয়া ন’হলেই। আচলতে “হেৰি চিকটা” বুলিলে মোৰ মনলৈ ফটাফট আমাৰ গাঁৱৰ স্পৰ্টছমেন সন্দিকৈ ছাৰৰ নামটোৱেই আহি যায়। বেডমিণ্টন খেলাত বিৰাট চখ তেওঁৰ। এটা সময়ত বোলে অসমৰ হৈ, ভাৰতৰ হৈ তেওঁ পৃথিৱীৰ বহু ঠাইত বেডমিণ্টন খেলিলে। গাঁৱৰ ডেকামখাই নামঘৰৰ কাষতে কাটি লোৱা বেডমিণ্টন কোর্টত খেলিবলৈ আহি কি লেকছাৰ ছাৰৰ! অৱশ্যে বেয়াও নেখেলে। কিন্তু হ’লে হ’ব কি? ছাৰৰ নিজৰ বুলিবলৈ ৰেকেট এখনকে নাই। “ঐ তোৰ ৰেকেটখন দেচোন” বুলি যে ছাৰে খেলিবলৈ আৰম্ভ কৰে, তাৰপাছত আৰু এৰিবলৈ নাই। ছাৰৰ প্ৰতাপত ডেকামখাই খেলিবলৈ আহি বোন্দাপৰ দি থাকেহি। শ্বাটলটো অকণমান বেয়া হ’লেই ছাৰক নতুন এটা লাগেই। ডেকামখাই যে সৰহকৈ শ্বাটল কিনি আনি মজুত ৰাখে, ছাৰে সেইকথা জানে। শনিবাৰে শ্বাটল কিনিবলৈ সিহঁতে গাইপতি পইচা তোলে। সেয়ে শনিবাৰে ছাৰৰ গা বেয়া হয়। খেললৈ আহিব নোৱাৰা হয়। পুনৰ দেওবাৰে আহে ছাৰ। কেৱল নিজে অহাই নহয়, নিজৰ ল’ৰাটোকো লৈ আহে ছাৰে। “ঐ তোৰ ৰেকেটখন আমাৰ সোণটোক অকণমান দেচোন”, বুলি বাপেক পুতেকৰ যি বেডমিণ্টন চলে, মুঠতে গোটেইখনৰে মূৰবোৰ বকবককৈ উতলি থাকে। ইফালে ছাৰ হোৱাৰ বাবে কোনেও একো ক’বও নোৱাৰে। উপায় নাই। না ৰেকেট, না শ্বাটল, না পইচা, তথাপি উপদ্ৰৱ কি চাবা! এসময়ত শুনিলো, ছাৰৰ উৎপাততে ডেকামখাই আজিকালি বোলে বেডমিণ্টন খেলাই বাদ দিলে। খা বাপ্পেকে ভীমকলটো।

: মোৰো লগৰ এটা আছে, বৈদ্য চিপচ।
– পৰমাণুৱে মুখ মেলিলে।
আও, আজি দেখোন শেনৰ এজাত! পৰমাও এক্টিভ আজি! হয়তো টপিকৰে জোৰ।
“গুৱাহাটীলৈ তিনিদিনৰ কাম লৈ যায়, হোটেলত নাথাকে। ৰিলেটিভৰ ঘৰতো নাথাকে। ৰিলেটিভৰ ঘৰলৈ যিমান টকাৰ মিঠাই নিব লাগে, সিমান টকাৰে বোলে মাছে মঙহে ঘৰত তিনিদিন দগৰি খাব পাৰি। তাৰ যুক্তি। সেয়ে ৰে’লৱে প্লেটফৰ্মতে কটাই দিয়ে তিনিদিন। চাৰি পাঁচদিন হ’লেও ন’ প্ৰব্লেম। ঘৰৰপৰা লৈ যোৱা পলিথিন পাৰি মহৰ কামোৰ খাই খাই মস্তি টোপনি মাৰে। মা কচম। পাগল কৰি দিব। হগা-মুতা, খোৱা-বোৱা, চব প্লেটফৰ্মতে। জোতা পলিছ কৰাবৰ বাবে মুচিয়াৰৰ ওচৰত খাপ পিটি ৰৈ থাকে। আনে পলিচ কৰাই যোৱাৰ পাছত সেইডাল ব্ৰাচেৰেই নিজেই জোতাজোৰ মোহাৰি লয়। তাৰ ভাষাত স্মাৰ্ট পলিচ এয়া। কি আচৰিত! তামোল এখনৰ দাম তিনিটকা। কিন্তু পকেটত শুকান পাণ এটুকুৰা থকাৰ বাবে দোকানীৰপৰা এটকাত কেৱল তামোল এটুকুৰা বিচাৰি তৰ্কাতৰ্কি কৰে। তাকে যদি নিদিয়ে, তামোলেই নাখায়। ইফালে আকৌ চাকৰিও হাই ফাই। বাহিৰা টকাও আছে বোলে।

: এইচবেইতো মাথা বেয়া কৰি দিয়ে।
– ন’ ৰিয়েকশ্যন কলিতাৰ সাংঘাটিক ৰিয়েকশ্যন। আৰে, হৈছে কি আজি কলিতাৰ? মাত মাতিছে যে?

: আপোনাৰ গা ভালে আছেতো?
– বৰাই সুধিয়েই পেলালে কলিতাক।

: গা ঠিকেই আছে, কিন্তু মন ঠিক নাই। খং উঠি আছে।
– কলিতাৰ খাৰা খাৰা উত্তৰ।

: মন বেয়া হ’বলৈ কিনো হ’ল?
– মই জানিবলৈ ইচ্ছা কৰিলো।

: কি হ’ল মানে? এটাই আহি সন্ধিয়াৰেপৰা ঘৰত বহি থাকেহি ৱৰ্ল্ড কাপ চাবলৈ। উঠি নাযায়হে নাযায়। তাকো অকলে নহয়, ল’ৰা-ছোৱালী ঘৈণীয়েক চব। ঘৰৰ টিভিত বোলে ৰিচাৰ্জ নাই। নিধক ক’ৰবাৰ! খেলত যদি ইমান ৰাপ আছে, পঞ্চাশ টকাৰ ৰিচাৰ্জ এটাও কৰি ল’ব নোৱাৰনে? ইফালে মোৰ ল’ৰাৰ পৰীক্ষা। শ্ৰীমতীয়ে ল’ৰাই পঢ়াব নে তাৰ খেলৰ বিশ্লেষণেই শুনিব? অৱশেষত গালি খাইছোঁ মই। মই হেনো কিবা এটা কৰিব লাগে। উফ! মইনো বাৰু কি কৰিম কওকচোন? ‘মোৰ ল’ৰাৰ পৰীক্ষা। গতিকে আমনি নকৰিব, যাওকগৈ’ বুলি ক’লেহে হ’ব। তথাপি তাঁৰ এডাল খুলি থৈ আজি টিভিটো বেয়া হৈ আছে বুলি ঢপ এটা দিছিলোঁ। পিছে হ’ব কি? পিটিকি মোহাৰি সেইটোও বিচাৰি উলিয়ালে। একদম ননচেন্স হয়।
– কাহানিও কথা নোকোৱা কলিতাই কথাখিনি কওঁতে ঘামি গৈছিল। মানুহটো ৰঙা হৈ পৰিছিল। এতিয়াহে গম পালোঁ কিয় কলিতাই আজি আহিয়েই কৈছিল, “মিতব্যয়ী মানুহবোৰ চিকটা হয়, কিন্তু সেইবুলিয়েই সকলো চিকটা মানুহেই মিতব্যয়ী নহয়।” এৰা, কলিতাই ঠিকেই কৈছে। ইয়াতকৈ আৰু বহলাই বাখ্যা নকৰিলেও হ’ব। সেই যে সেইদিনা কলিতাই আৰম্ভ কৰিলে, টপিকটো আজিও শেষ হোৱা নাই। চলিয়েই আছে। অনেক উদাহৰণ, অনেক কাহিনী ওলায়েই আছে, ওলায়েই আছে, ওলায়েই আছে।

☆★☆★☆

2 Comments

  • আড্ডাৰ কথোপকথনে ‘চিকতা’ নে ‘মিতব্যয়ী’, তাক সুন্দৰকৈ ফঁহিয়াই দেখুৱালে। ভাল লাগিল।

    Reply
  • Mridula Gogoi

    সুন্দৰ লিখনি ।

    Reply

Leave a Reply

Your email address will not be published.