ফটাঢোল

হোটেলৰ কোঠাত তাইৰ সৈতে এৰাতি – পৰী পাৰবীন

: “অই প্ৰকল্প৷ ক’ত আছ তই?”

: “উজানবজাৰৰ ফেৰীঘাটত আছোঁ৷ কিয় সুধিলি?”

: “এই বে…..(অশ্লীল)৷ কি মূৰটো কৰিছগৈ তাত? মই ৰুমত পৰি আছোঁ অকলে৷ কিবা এটা লৈ আন৷”

তাই কি বিচাৰিছে বুজিলো মই৷ তাৰমানে তাই আজিও মোক এৰি নিদিব কিবা এটা লৈ আন মানে, তাইৰ লগত মই ৰাতি এপৰলৈকে বহি থাকিব লাগিব৷ তাইৰ লাগবান্ধ নোহোৱা কথাবোৰ শুনিব লাগিব৷ মাজে মাজে মোৰ মতামত দাঙি ধৰিব লাগিব৷ উবেৰ এখন মাতি পঠিয়ালো৷ উজানবজাৰৰ পৰা খ্ৰীষ্টীয়ান বস্তিৰ হোটেল গ্ৰেণ্ড ষ্টাৰলাইন৷ মাজতে নামি কিবা এটা ল’ব লাগিব৷ কোৱাৰ্টাৰ এটাকে লওঁনে হাফ এটাকে লওঁ চিন্তা কৰিলো অলপ পৰ৷ ইফালে কাইলৈ পুৱা নবজাত তাইৰ হেনো দিল্লীলৈ ফ্লাইট ধৰিবলগা আছে৷ নিচা বেছি হ’লে হেং অভাৰত উঠিব নোৱৰা হ’লে দিগদাৰ হ’ব৷ গতিকে কোৱাৰ্টাৰ এটাকে লৈ তাইৰ ৰুমলৈ পোনালৈ৷ লিফটত উঠি বাটন টিপিলো, ছয় নম্বৰ মহলা, ৰুম নম্বৰ ৬১০৷ কলিংবেল টিপিলো, মোহিনীয়ে দুৱাৰ খুলি দিলে৷ মোহিনীজনী সঁচাকৈয়ে মোহনীয়৷ চিগনেচাৰৰ বটলটোৰ পৰা পানীয়খিনি ঢালি তাই দুপেগ বনাই ল’লে৷

: “এতিয়াহে ভাল লাগিছে।”

গিলাচত চুমুক দি তাই কৈ উঠিল৷ পিন্ধনত তাইৰ নীলা স্কাৰ্ট আৰু সেউজীয়া টপ৷ সৰু ছোৱালীৰ সৰলতাৰে এখনি নিমাখিত মুখ৷ তাইক দেখিলে কোনেও নকয় যে তাই নবছৰীয়া এহাল যঁজা সন্তানক এৰি আহি পৰপুৰুষৰ সৈতে হোটেল কক্ষত অকলে গুলপীয়া নিচা পান কৰিছেহি৷ মোৰ ভয় লাগে৷ সমাজখন এতিয়াও ইমান উচ্চ মনৰ হৈ উঠা নাই যে এই সমগ্ৰ পৰিঘটনাটো এক সহজ দৃষ্টিৰে চাব৷ কিন্তু মোহিনী সাহসী৷ অনৰ্থক কথালৈ কেৰেপ নকৰে তাই৷ গিলাচৰ চুমুকৰ লগে লগে তাইৰ কথাৰ স্বৰ বাঢ়ি গৈ আছে৷

:“এইবাৰ মামাৰ ঘৰ ভাঙি থৈ আহিছোঁ।”

তাই মৃদু হাঁহি এটাৰে কৈ উঠিল৷ মোৰ আচৰিত হোৱাৰ পাল৷ মোমায়েৰৰ ঘৰ ভাঙি তাই উল্লাসত ফাটি পৰিছে৷ এনে নহয় তাই৷ কি হ’ল পিছে?

: “বুজাই কচোন৷ কি কৰিলি মোমায়েৰৰ লগত?”

কৌতূহল দমাব নোৱাৰি সুধিলো৷

: “নহয় বুজিছ৷ মামীলৈ মোৰ খুব বেয়া লাগে৷ সাদৰী মামী৷ ঘৰ-ল’ৰা লৈ ব্যস্ত থকা মানুহ৷ কিন্তু মামাই যে মামীক কিবা ধৰণৰ কথাবোৰ কৈ দিয়ে মুখৰ ওপৰতে, বৰ খং উঠে মোৰ।”

: “কি কয়নো মোমায়েৰে?”

: “তেনেকুৱা বিশেষ কথা নহয়। কিন্তু কথাই প্ৰতি যেন তিৰস্কাৰ, আই মিন কাট মাৰি থাকে মামীক৷ এদিন কিবা বস্তু এটা নষ্ট হ’ল, মামাই ক’লে বোলে, ঘৰতে আৰামত বহি থাকাতো৷ কেতিয়াবা বাহিৰলৈ গৈ আৰ্জি দেখুৱাবাচোন৷”

: “ওম৷ সেইটো বেয়া কথা৷ মামাই তেনেদৰে ক’ব নালাগে৷”

: “মই মামীক কওঁ, ‘মামী তুমিনো কিয় চাকৰি নকৰিলা?’ আৰু মামাকো ফেপেৰি পাতি ধৰিলো এদিন, ‘বোলো মামা, ফ্ৰীতে বহুমুখী শ্ৰমিক পাইছাতো৷ দৰমহা কিমান হ’ব কেলকুলেট কৰি দিওঁ নেকি? এজন ৰান্ধনীৰ ধৰা মাহিলী তিনিহেজাৰ টকা, এজন ধোবাৰ দুহেজাৰ টকা, ৰুম ক্লীনাৰৰ দুহেজাৰ টকা, দুটা ল’ৰা ছোৱালীৰ টিউচনৰ নামত আঠহেজাৰ টকা৷ বাকী মেনেজাৰৰ দৰমহাটোৰ কথা নকওঁৱেই বাৰু’৷ মামাৰ মুখখন কেহেৰাজবৰণ হয়।”

এইজনীয়েই মোহিনী৷ মুখ চোকা মোহিনী৷ যুক্তিবাদী মোহিনী৷ অপ্ৰিয় সত্যবোৰ কৈ মানুহৰ অপ্ৰিয়ভাজন হোৱা মোহিনী৷ একমাত্ৰ মোৰ লগতে তাই সকলো কথা ভাগবতৰা কৰে৷

: “পুৰুষত্বৰ বৰ অহংকাৰ জাননে প্ৰকল্প?”

চাকনা চোবাই চোবাই তাই কৈ থাকিল৷ মোৰ এইবাৰ সঁচাকৈয়ে খং উঠিল৷ বোলো বেটী, তোৰ এটা ফোনত মই নেজ ডাঙি দৌৰি আহিলো, আৰু এতিয়া কৈ আছ বোলে, পুৰুষত্বৰ বৰ অহংকাৰ৷ তহঁতবোৰৰ সঁচাকৈয়ে মহিমা ধৰা টান৷

: “পিছে তই কৰিলি কি মোমায়েৰৰ লগত?”

: “অ’ কি কৰিলো শুন”, বুলি তাই আকৌ টিভিৰ ভলিউমটো কমাই দিলে।

: “এই যে টেট, মানে টিচাৰ এলিজিবিলিটি টেষ্ট৷ তাত মই মামীৰ অনলাইন ফৰ্ম ফিলআপ কৰাই দিলো৷ ৰিজাল্ট, ভেৰিফিকেশ্যন, চিলেকচন, এইবোৰ কোনেও পাত্তাই নিদিলে৷ এপইণ্টমেণ্টলৈকে কাৰো গা বজা নাছিল৷ পোষ্টিঙৰ পিছত যেতিয়া মামীয়ে পাঁচশ কিলোমিটাৰ দূৰৈৰ জিলাখনলৈ যাবলৈ কাপোৰ বান্ধিলে, তেতিয়াহে মামাৰ গা চেবালে৷ মই গৈ পাওঁতে মামীক মামাৰ বকনি, ‘হৌৰা, তোমাৰ মূৰটোত কি পোক সোমাল? এই বয়সত চাকৰি কৰিবলৈ মন গ’ল কিয়হে?’ মামীও এইবাৰ শেনৰ এজাত। ‘বয়সৰ কথা ক’লা যে৷ বয়সে ভাটি দিয়া নাই মোৰ৷ নহ’লে চৰকাৰী চাকৰি পালোহেঁতেন নেকি?’ কিয় যাব লাগে? কি মন গ’ল তেওঁৰ? ধন ঘটাৰ বুধিটো কোনে দিলে তেওঁক? মানুহজনৰ ধনেৰে চলা নাছিলানে ইমানদিন? মুখ ওভোটাই ধৰিলে মামাই৷ হওঁতে তেওঁৰ দৰমহাৰ টকাৰে কিছু অসুবিধা নোহোৱা নহয়। সেইবুলি মানুহজনীক ইমান দূৰলৈ পঠিয়াব, সেইটো কিবা নোহোৱা নোপোজা কথা৷ মামাই ভোৰভোৰাই আছে৷ পাৰেমানে মন্ত্ৰীজনাক গালি পাৰি আছে৷ সংসাৰবোৰ ভাঙিবলৈকে মাইকী মানুহবোৰক চাকৰি দিছে বুলি চৰকাৰখনকে গালি পাৰি মৰিছে৷

: “হেহেহে৷ সেইটো হয় পিছে৷ শিক্ষয়িত্ৰীৰ সংখ্যা বহুত বাঢ়িল।”

: “সেয়া, মই নকৈছিলোনে যে পুৰুষত্বৰ অহংকাৰ তহঁতৰ বুলি।”

: “কিয় ক’লি তেনেদৰে?”

: “আৰে ছোৱালীবোৰে নিজৰ মেৰিটত চাকৰি পাইছে৷ দূৰৈত পাইছে সেইটো বেলেগ কথা৷ আৰু কি জাননে? শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰাটো চৰকাৰৰ এক শিক্ষানীতি৷ মানৱ মগজুৰ ওপৰত কৰা এক পৰীক্ষাত এইটো প্ৰমাণিত হৈছে যে মহিলাৰ মগজুৰ গঠন আৰু ধৰণৰ ফলত এগৰাকী মহিলাৰ শিক্ষাদান এজন পুৰুষতকৈ বেছি ফলপ্ৰসূ হয়৷ তদুপৰি পুৰুষৰ অস্থিৰতাৰ বিপৰীতে মহিলাৰ ধৈৰ্যগুণ বেছি৷ সেয়াও এক কাৰণ এই পলিচীৰ৷ তাত আমাৰ মন্ত্ৰীজনাৰ অকলে হাত নাই হেৰৌ৷ কিন্তু মামাক বুজায় কোনে?”

: “এৰা৷ ভালেই হ’ল দে৷ এই শিক্ষানীতিৰ ফলতে বহুতে চাকৰি পালে৷ জীৱিকাৰ পথ মুকলি হ’ল৷ বিয়াৰ সংখ্যাও বাঢ়িল৷”

: “কিন্তু সমানুপাতিকভাৱে বিচ্ছেদৰ সংখ্যাও বাঢ়িল৷ লগতে বাঢ়িল মহিলা শিক্ষকৰ ওপৰত জোৰ জুলুম।”

মোৰ পৰা আধা কথা টানি নি মোহিনীয়ে টিভিটোলৈ আঙুলিয়াই দিলে,

: “দেখিছ, এই ঘটনাটোত কেনেকৈ এচামে সাম্প্ৰদায়িকতাৰ ৰহণ সানিবলৈ বিচাৰি আছে৷”
হয়৷ কোনোবা টেট শিক্ষয়িত্ৰীৰ নিউজ দুটামান দি আছিল টিভিত৷

: “এই যে সমস্যাবোৰ, এইবোৰৰ সমাধান নাইনে? সকলোৱে চৰকাৰখনকে গালি পাৰে, বোলে চমক সৃষ্টিৰ বাদে হেনো একো নহয় এয়া৷ বৰপেটাৰ মানুহ নি ডিব্ৰুগড়ত পেলাইছে৷ আকৌ ডিব্ৰুগড়ৰ মানুহ আনি বৰপেটাত পেলাইছে৷ চাকৰিৰ মোহত (নে বাধ্যত) পৰি দুখন সংসাৰ অকলশৰীয়া হৈছে৷ মিলাব পৰা নগ’লহেঁতেননে?”

: “মিলাব পৰা গ’লহেঁতেন, যদি পুৰুষত্বৰ অহংকাৰ নাথাকিলহেঁতেন।”
বাৰে বাৰে একেটা কথাকে শুনি শুনি মোৰ মূৰটো ঘোলা হৈ গৈছে৷ নিচাও ধৰিছে অলপকৈ৷

: “অই ছোৱালী, কি বাৰে বাৰে একেটা কথাকে কৈ আছ? ইয়াৰ লগত পুৰুষত্বৰ অহংকাৰৰ কথা ক’ৰ পৰা আহিল?”

: “আহিল পুৰুষত্বৰ অহংকাৰৰ কথা৷ তই হিচাপ কৰচোন এগৰাকী মহিলাৰ কাম কি কি৷ প্ৰকৃতিগতভাৱেই মহিলাগৰাকীৰ ওপৰত গৰ্ভধাৰণ, প্ৰসৱবেদনা, স্তনপান, সন্তান লালন-পালনৰ কাম, এইবোৰ আছেই৷ তদুপৰি নাৰীসকলৰ আছে এটা সুস্থ মগজু, যিটোক উচিত কামত খটুৱালে আমাৰ সমাজখন বহুতদূৰ আগুৱাই যোৱাৰ সম্ভাৱনা আছে৷ কিন্তু এচাম পুৰুষ আছে, যি সহায় কৰক চাৰি সদায় উভতি ধৰে৷ মোৰ মা-দেউতাকে চা৷ অফিচত মাৰ দায়িত্ব বহুত৷ ঘৰতো। কিন্তু দেউতাৰ ৰুমালখনলৈকে খবৰ ৰাখিবলগীয়া হয় মায়ে৷ অফিচৰপৰা আহোতে মা ভাগৰত লেবেজান হৈ আহে৷ ঘৰত আহি মোকো মায়ে পঢ়ায়, ভাতৰ যোগাৰো কৰে৷ দেউতাই ভৰিৰ ওপৰত ভৰি তুলি টিভি চায়৷ দেউতাক কিবাতো ক’বই নোৱাৰি, ক’লেই ক’ব, চাকৰি এৰি দিয়া৷ সেয়া পুৰুষত্বৰ অহংকাৰ নহয়নো কি?”

: “কিন্তু সকলোবোৰ তেনেকুৱা নহয়৷ আজিকালি বুজাপৰা বাঢ়িছে। মই নিজেই তেনে নহয়৷”

: “ক’ত বাঢ়িছেহে? নাৰী-পুৰুষৰ সমঅধিকাৰৰ দোহাই দি লটাৰী চিষ্টেমত পোষ্টিং হয় বুজিছ৷ অথচ পলিচীমেকাৰসকলে ভাবি নাচায় যে অলৰেডি   ফিমেলচ আৰ অভাৰলোডেড৷ ঘৰৰ পৰা দূৰৈত থাকি মাতৃসকল অকলশৰীয়া হৈ পৰিছে৷ হয় সন্তান এৰিছে নহয় ঘৰ এৰিছে৷ নতুনকৈ বিয়া হৈ আহি চাকৰি কৰাসকলৰ কথা ভাবি চাচোন৷ কেইবছৰমানৰ পিছত কি হ’ব জাননে? অৰ্থনৈতিক নিৰাপত্তা থাকিব, কিন্তু এখন ঘৰ নাথাকিব৷ বেংকত এগালমান টকা থাকিব, ভোগ কৰিবলৈ দেহে নুকুলাব৷”

: “হয় দে, ঠিক কৈছ তই।”

মই তাইৰ কথাত হয়ভৰ জনালো৷

: “পৰিনীতি যে তাইক লগ পালো যোৱাবাৰ৷ খীণাই মীণাই অৱস্থা নাই তাইৰ৷ গুৱাহাটীৰ হেনো কেবাঠাইত মাটি কিনিছে৷ দালালি কৰিছে মাটিৰ৷ বেংকত টকা সাঁচিছে৷ খাবলৈ, শুবলৈ সময় নাই৷ স্বাস্থ্যৰ ফালে চাব নোৱাৰি তাইৰ৷ মোৰো ফটা-মুখ৷ ক’লো, বোলো, ইমান সম্পত্তি কৰিছহে হয়। স্বাস্থ্যৰো যতন ল’বি। নহ’লে ভোগ কৰিবলৈকে নাপাবি৷”

মই একো নামাতিলো৷ তাই হ’বলা নাজানে সম্পত্তি গঢ়াটো এটা নিচা৷ ভোগ কৰাটো পিছৰ কথা৷

আকৌ অনৰ্গল বকলা মেলিলে তাই।

: “হিমানীয়ে আক’ তাইৰ চাৰিবছৰীয়া লৰাটোৱে পৰীক্ষাত একনম্বৰ কম পাওঁতে মোৰ সন্মুখতে যিহে বকিবলৈ আৰম্ভ কৰিলে, মই ক’লো, ‘অই তই ষোল্ল বছৰত পাছ কৰা মেট্ৰিকৰ মাৰ্কশ্বীটখন দেখুওৱাচোন মোক৷’ তাৰপাছৰপৰা তাই মোক দেখিলেও নমতা হ’ল।”

এইজনীয়ে মোহিনী৷ ৰাতি দুপৰলৈকে হোটেলৰ ৰুমত মোৰ লগত বহি থকা মহিলাগৰাকী৷ মোৰ কলেজীয়া বান্ধৱী৷ কিবা এটা তাল-মিল ঘটে আমাৰ দুয়োৰে মাজত৷ মোৰ পত্নীয়ে জানে তাইৰ সৈতে মোৰ বন্ধুত্বৰ কথা৷ কিন্তু ইমানলৈকে যে বন্ধুত্ব সেই কথা নাজানে৷ নকওঁ তাইক৷ আমাৰ সমাজে নাৰী-পুৰুষৰ এই বন্ধুত্বক এতিয়াও সহজে ল’ব পৰা অৱস্থা পোৱাগৈ নাই৷ মোহিনীৰ হাজবেণ্ডে কিন্তু এইবোৰ জানে নে নাজানে বাৰু? জানিবলৈ মন যায় মোৰ। তাইৰ বেপেৰুৱা স্বভাৱ, তাইৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত একো আপত্তি নাইনে মানুহজনৰ? সদায়েই তাইৰ যেন কিবা আক্ষেপ থাকে৷ সমাজ সংশোধন কৰাৰ কিবা যেন ভূত এটা লম্ভি থাকে৷ অৱশ্যে কাজে কামে তাই একো কৰিবগৈ নোৱাৰে৷ মাথো মোৰ আগত বৰ বৰ ভাষণ দিব জানে৷ তথাপি তাইৰ মানসিকতাক মই সন্মান জনাওঁ৷ অন্ততঃ বহুতে চিন্তা কৰিব নোৱৰা কিছুমান চিন্তাৰ আঁত খুলি দিয়ে তাই৷ আজৰি সময়ত সেইখিনিকে পখালি কাকতে-পত্ৰই দুই এটা কলম লিখিও বাঃ বাঃ ল’ব পাৰি৷ গতিকে তাইৰ এই সংগ উপভোগ কৰো মই ভালকৈয়ে৷ ৰাতি দুই বাজিল৷ মোহিনীয়ে ভাতৰ অৰ্ডাৰ দিয়ে থৈছিল৷ ঠাণ্ডা হোৱা ভাতখিনি পেটলৈ ঠেলি থাকোতে তাইক সুধি পেলালো, “তই পিছে কি কামত যাবলৈ ওলাইছ দিল্লীলৈ”? ভাত এগৰাহ মুখলৈ নি তাই কৈ উঠিল,

: “চিমলালৈ যাম।”

: “চিমলালৈ আকৌ কিয় যাৱ তই?”

: “সিহঁতৰ পিছা কৰিম।”

: “সিহঁতৰ পিছা কৰিবি মানে?”

: “মোৰ পৰম পতিদেৱতাৰ আৰু তেওঁৰ অফিচ এছিছটেণ্ট গৰাকীৰ৷”

নিচা ফাটি গ’ল মোৰ৷ তাই নিচাতে আবোল তাবোল বকা নাইতো? ইমান ভাল মানুহজনৰ কথা কিয় তেনেদৰে কৈছে! নে ধেমালি কৰিছে?

: “কি কৈ আছ তই? মইতো জনাত তহঁতৰ দৰে সুখী দম্পতী আমাৰ বন্ধুবৰ্গত কাৰোৱেই নাই৷”

তাই খোৱাৰ পৰা উঠিল৷ বেচিনত হাত ধুই ল’লে৷ তাৰপিছত মোৰ ফালে চাই ক’বলৈ ধৰিলে,

: “এহাল দম্পতী আছিল বুজিছ৷ ঘৰত অনবৰতে হাঁহিৰ শব্দ৷ ওচৰ-চুবুৰীয়াই সিঁহতৰ হাঁহি শুনি হিংসাত জ্বলি পকি মৰে৷ কিহৰনো ইমান ফূৰ্তি বুলি এদিন খবৰ ল’লে৷ গম পালে, সিহঁত দুয়োটাই কাজিয়া লাগিলেই ইটোলৈ বস্তু দলিয়াই দিয়ে৷ গাত নালাগিলে ইটোৱে হাঁহে৷ লাগিলে সিটোৱে৷ আমাৰো তেনেকুৱাই৷”

মোৰ মুখৰ মাত হৰিছিল৷ ইমান সহজে কিছুমান কথা কৈ দিব পাৰিছে তাই৷ দুখ লগা নাইনে তাইৰ? কিন্তু তাই সিহঁতৰ পিছ লোৱাৰ কি প্ৰয়োজন? পিছ ল’লেই জানো আচল কথা ধৰা পৰিব? ময়োতো হোটেলৰ ৰুম এটাত তাইৰ লগত অকলে সোমাই আছোঁ৷ ৰুমৰ ভিতৰত কি চলি আছে, বাহিৰৰ মানুহে কিদৰে জানিব? চিন্তাৰ আঁতটো হেৰাই গ’ল মোৰ৷ মোহিনীক অকলে এৰি তাইৰ ৰুমৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিলো৷ মনটো বেয়া লাগিল মোৰ৷ কণমানি সন্তান দুটি আইতাকৰ হাতত এৰি তাই দিল্লীলৈ যাবলৈ ওলাইছে৷ দেউতাকো হয়তো দিল্লীত আছেগৈ৷ লিফটত সোমাই শূন্য বাটনটো টিপি দিওঁতেই আৰু এহাল মানুহ সোমাই আহিল৷ মোলৈ চাই তলমূৰ কৰি ৰোৱা মানুহগৰাকীক দেখি মোৰ অৱশিষ্ট নিচাকণো ফাটি গ’ল৷ পৰি যোৱাৰ পৰা তুলি ধৰিলে মানুহজনে৷ বুজিব নোৱাৰিলো, দিল্লীলৈ যাবলগা মোহিনীৰ স্বামীয়ে ইয়াত কি কৰিছেহি৷ এইটোও বুজিব নোৱাৰিলো, যোৰহাটৰপৰা মোৰ পত্নী কেতিয়া গুৱাহাটী ওলালহি আৰু মোহিনীৰ স্বামীৰ লগত তেওঁৰেনো কি সম্পৰ্ক৷ মোহিনীৰ দৰেই এওঁও মোক পিছা কৰি এইখনি পোৱাহি নাইতো! নুবুজিলো৷ নিজে নুবুজা কথাবোৰ বুজাবলৈকো দিগদাৰ হৈ পৰিল৷ সন্দেহ, অৱজ্ঞা, ঘৃণাজাতীয় শব্দ কিছুমানে মোক যেন ওলাই আহিব নোৱাৰাকৈ মেৰিয়াই ধৰিলে। ঠিক ৰঘূমলাৰ দৰে৷

☆★☆

 

14 Comments

  • bhaskar

    Oti Xundar

    Reply
  • Jinti Barman

    হাস্যৰস অলপ কম যেন লাগিল। কিন্তু পঢ়ি খুব উপভোগ কৰিলো। আপুনি ইমান সুন্দৰকৈ উপস্থাপন কৰে বা..

    Reply
  • ৱাহ বা কি পাক

    Reply
  • উৎপলা

    বৰ ভাল লাগিল

    Reply
  • Abismita

    বহুত ভাল লাগিল পঢ়ি

    Reply
  • বৰ ভাল পালোঁ। পাকলগা কাহিনী

    Reply
  • পাৰবীন

    পাঠকসমাজলৈ ধন্যবাদেৰে জনাওঁ যে, হাস্যৰসৰ উপাদান বেছিকৈ নাঢালি এই লিখনিটোৰ সাম্প্ৰতিক পৰিঘটনাসমূহৰ ওপৰত এক ব্যংগাত্মক পৰ্যালোচনা দাঙি ধৰিবলৈ বিচৰা হৈছিল । আপোনালোকে মোহিনীৰ কথাই কথাই সেই প্ৰমাণ পাব ।
    পাঠকসমাজ তথা মন্তব্যকাৰীসকললৈ পুনঃধন্যবাদেৰে,

    পৰী পাৰবীন

    Reply
  • বন্দিতা গগৈ বৰা

    এক কথাত সুখপাঠ্য।

    Reply
  • কুসুমাঞ্জলি শৰ্মা

    গল্পটো যেন আজিকালিৰ জীৱন্ত প্ৰতিচ্ছবিহে।

    Reply
  • জগদীশ চন্দ্ৰ শৰ্মা।‌

    একে বহাতে পঢ়ি শেষ কৰিলোঁ সুখ পাঠ্য গল্পটি।‌সাম্প্ৰতিক ক্ষয়িষ্ণু সমাজৰ এখন স্পষ্ট ছবি অঙ্কন কৰাত গল্পকাৰ সফল হৈছে।‌

    Reply
  • naba kamal borah

    ভাল লাগিল পঢ়ি । সাহিত্য জগতত নতুন হলেও সুন্দৰ আৰু অনুপম আপোনাৰ লিখনি

    Reply
  • বিকাশ শইকীয়া

    পুৱতি তৰা কিতাপখনলৈ মনত পৰি গ’ল। মজা লাগিল।

    Reply
  • চাহিন জাফ্ৰি

    খুব ভাল লাগিল পাৰবিন বা

    Reply
  • গল্পটো ইমান ধুনীয়াকৈ উপস্হাপন কৰিছে। বৰ্তমান চলি থকা নিত্য-নৈমিত্তিক ঘটনাবোৰৰ এক স্পষ্ট বিৱৰণ দিছে। সকলো সুন্দৰ হৈছে।

    Reply

Leave a Reply

Your email address will not be published.