ফটাঢোল

হোষ্টেলৰ মাংসৰ অভিজ্ঞতা – কুকি কল্পিতা মহন্ত

পঢ়া শুনাৰ খাতিৰত আজিলৈকে চাৰিটা হোষ্টেলত জীৱনৰ আঠোটাকৈ বছৰ অতিবাহিত কৰিলোঁ। হোষ্টেলত থকা সময়ছোৱাত বহুত ধৰণৰ অভিজ্ঞতাই গঢ়ি উঠিল। তাৰে মাজত হোষ্টেলৰ মাংসৰ অভিজ্ঞতাও অন্যতম। আচলতে এই অভিজ্ঞতা বিধ বৰ ভিন্নৰঙী নহয়। প্রায় একে বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।

প্ৰথমে আহোঁ যোৰহাটৰ জে.বি কলেজত পঢ়ি থাকোঁতে থকা এটা প্ৰাইভেট হোষ্টেলৰ কথালৈ। এইটোৱে আছিল মোৰ জীৱনৰ প্ৰথম হোষ্টেল। তাত আণ্টীয়ে খানা নিজেই ৰান্ধিছিল। ভাত-পানীবোৰ ঘৰৰ দৰে নহ’লেও বৰ এটা বেয়া নাছিল। দেওবাৰৰ দিনা ৰাতি সদাই মাংস দিয়ে ভাতৰ লগত। সকলোৱে আগ্ৰহেৰে বাট চাই থাকে দেওবাৰৰ ৰাতিৰ ভাত সাজলৈ। পিছে কাঁহি বাটি লৈ ভাত আনিবলৈ গৈ দেখোঁ মাংসৰ জোলেই নে চুপেই ধৰিবই নোৱাৰিছো দেখোন এইয়া। ৰঙটো পাতল হালধীয়া। তিনিটুকুৰা মান মাংস আৰু লগতে দুটুকুৰা মান আলু আৰু একবাটি ধেঙ-ধেঙিয়া জোল। এনেকুৱাই মাংস তিনিবছৰ খালোঁ। এদিনো ইয়াৰ ৰূপ-ৰং তথা “কোৱালিটি” সলনি নহ’ল। “কনষ্টেণ্ট” এনেকুৱাই মাংস খাই থাকিবলৈ পালোঁ। এইবিধ মাংসৰ আমি নাম থৈছিলোঁ “মাছালা ৱাটাৰ চিকেন”! আমাৰ লগৰ এজনীয়ে আকৌ ব্ৰইলাৰ মাংস নাখাইছিল। তাইক আণ্টীয়ে এই স্পেচিয়েল মাংস ৰেচিপিৰ পৰা মাংসখিনি আঁতৰাই বইল ডিম এটা দি দিছিল আৰু ৰেচিপিটো পৰিৱৰ্তন হৈছিল “ডিমৰ ডমলৈ”।

এইবাৰ আহোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নলিনীবালা দেৱী ছাত্রী নিৱাসৰ মাংসৰ কথালৈ। বিশ্ববিদ্যালয়ৰ চৰকাৰী হোষ্টেল সমূহৰ “মেছ ডিউছ” ৰ পৰিমাণ প্ৰাইভেট হোষ্টেলসমূহৰ তুলনাত যথেষ্ঠ কম বুলিয়ে ক’ব পাৰি। সেয়েহে তাৰ অনুপাতে মাংসৰ নমুনা কেনেকুৱা হ’ব সেইয়া চাগে নক’লেও হ’ব। দেওবাৰৰ দিনা মাংস দিয়ে। ভাত খাবলৈ গৈ কাঁহী বাটিযোৰ কীটচেনত ভৰাই দিওঁ আৰু ভিতৰৰ পৰা ৰান্ধনি খুড়ায়ে ভাত বাঢ়ি কাঁহী খন ভাত আৰু মাংসৰ বাটিটোৰে সৈতে উলিয়াই দিয়ে। মাংস মানে পহু কুটন বুলিযে কয়, তেনেকুৱা দুই টুকুৰা মাংস আৰু এটুকুৰা আলুৰে ধেঙ- ধেঙিয়া জোল। এয়াও পিছে বৰ কষ্টৰ মূৰত হে পোৱা যায়। হোষ্টেলত ছোৱালী সৰহ হোৱাৰ বাবে প্ৰায়ে হোষ্টেলত মাংস শেষ হৈ যায়। হোষ্টেলত চিনিয়ৰ ছোৱালীয়ে আগত আৰু জুনিয়ৰ ছোৱালীয়ে পাছত খোৱাৰ নিয়ম। গতিকে জুনিয়ৰ হৈ থকা বছৰ খুব কমেইহে এইবিধ মাংসৰ সোৱাদ লবলৈ পাইছিলোঁ। বেছি ভাগ সময় আমি জুনিয়ৰ ছোৱালীখিনিয়ে এটা ডিম ভাজি দুফাল কৰি দিয়া আমলেট খাওঁতেই গ’ল। চিনিয়ৰ হোৱাৰ পৰা যেনিবা মনৰ হেঁপাহ পলুৱাই এইবিধ মাংসৰ সোৱাদ ল’বলৈ পালোঁ।

ইয়াৰ পাছত Ph.D কৰিবলৈ বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ যাওঁতে প্ৰথম তিনিমাহ মান সময় এটা প্ৰাইভেট গাৰ্লছ P.G ত আছিলোঁ। তাত আকৌ দেওবাৰৰ দিনা হোষ্টেলৰ ছোৱালীবোৰে লগ লাগি মাংস ৰান্ধে। ছোৱালীবোৰে নিজৰ হেঁপাহ পলুৱাই তেল ঢালে আৰু সুন্দৰকৈ মাংস ৰান্ধে। গতিকে মাংস খাবলৈ যে বৰ বেয়া নহয় সেয়া নক’লেও হ’ব। পিছে পিছদিনা তেলৰ বটলটো দেখিহে চাগে আণ্টীৰ মনটো দুখ লাগি আহে।
ইয়াৰ পাছত আহিলো ইউনিভাৰ্চিটিৰ “ৰিচাৰ্ছ স্কলাৰ” হোষ্টেললৈ। ইউনিভাৰ্চিটিৰ হোষ্টেল যদিও হোষ্টেলৰ মেছটো প্ৰাইভেট মালিকৰ দ্বাৰা পৰিচালিত আছিল। প্ৰথম হোষ্টেলত সোমাই আমি খানা দেখি অবাক। বাপৰে ইমান ধুনীয়া খানা দিয়ে এইটো হোষ্টেলত! হোষ্টেল হ’লে এনেকুৱাহে হ’ব লাগে। ৰাতিপুৱা গধূলি দেখোন খানাই খানা। খাই খাই আমনি লাগি যায়। মাংস সপ্তাহত দুদিন। বাকী কেইদিনো মাছ, ডিম, আমলেট, পনীৰ, কিবা নহয় কিবা এটাটো থাকেই। মাংস এদিন “ড্ৰাই ফ্ৰাই” আৰু এদিন থাকে মাংসৰ জোল। দুইবিধৰে মানদণ্ড ও উন্নত। গতিকে আমি পুৰা খুচ। হোষ্টেলত থকা ছোৱালীক “ৰেষ্টুৰেণ্ট ষ্টাইল” মাংস হোটেলতে পালে অৰুনো কি লাগিছে। পিচে খুব কম সময়ৰ বাবেহে এনেকুৱা খানা খাবলৈ পালোঁ। অলপ দিনৰ পাছতে খানা বেয়াৰ ফালে ঢাল খালে। ইমানেই বেয়া হ’লগৈ যে এটা সময়ত “এডমিনিষ্ট্ৰেটিভ”য়ে মেছৰ মালিক সলনি কৰিবলৈ বাধ্য হ’ল। এইবাৰ নতুন মালিক আহিল। আহিয়ে মালিকৰ ফটফটনিত ত’তেই নাই এইবাৰ বোলে তেওঁ মাহেকত এবাৰ ছাগলী মাংসও খুৱাব তাকো নিজে বনাই। শুনিয়ে ভাল লাগি আহিল। ৱাহ! এইবাৰ হে এইবাৰ আৰু! প্ৰথম দুই এবাৰ মান বঢ়িয়াকে ছাগলী মাংস খালোঁ। তাৰপাছৰ পৰা ছাগলী ককা নে আইতা আনিবলৈ ল’লে জানো মাংস দেখোন হাড়ৰ পৰা এৰাইয়ে নাহে। যি অৱস্থা! উপাই নাপাই নিজৰ নামটো ছাগলী মাংস খোৱা ছোৱালীৰ নামৰ লিষ্টৰ পৰা আঁতৰাই ব্ৰইলাৰ মাংসৰ লিষ্টত ভৰালোঁগৈ। অলপ দিনৰ পাছত ব্ৰইলাৰ মাংসবোৰও বৰ টান টান পাবলৈ ল’লোঁ। যিমানেই বাছি বাছি মাংস নানো কিয় তাত মস্ত মস্ত চপৰা দুটামান থাকেই ৰবৰৰ নিচিনা টান। সেইকেইটুকুৰা কোনো পধ্যেই পেটলৈ নাযায়। উপায় নাপাই হোষ্টেলৰ মাংস খাবলৈকে বাদ দিলোঁ। পিচে “অলটাৰনেটিভ”ত পোৱা পনীৰ কেইটুকুৰাও একেই দেই যোৱা ৰবৰেই আছিল। একোৱে যেতিয়া খাব নোৱাৰোঁ, মাংস থকাৰ দিনা কিবা এটা নিজে ৰান্ধি খোৱাৰ বাহিৰে গত্যন্তৰ নাছিল। নিজে মাংস আনি কেতিয়াবা ৰান্ধি খাওঁ। পিছে আমি নিজে বনাই খোৱা মাংসবোৰ দেখোন কোমলেই হয়, হোষ্টেলৰবোৰনো কিয় এনেকুৱা হয় বুলি এদিন ৰান্ধনি ল’ৰাটোক সুধিলোঁ, -বোলো তোমালোকৰ মাংসবোৰ কিয় ইমান টান হয় হে?
সি কওঁ নকওঁ কৈ ক’লে, বোলে সিহঁতৰ মালিকে হেনো ৫ কে.জি ৰ তলৰ ওজনৰ ব্ৰইলাৰ নিকিনেই। হে হৰি, সেইডাল ব্ৰইলাৰ আৰু ৰবৰ নহৈ কি হ’ব হে!

পুনৰ মেছৰ মালিক সলনি হ’ল অলপ দিনৰ পাছত। নতুন মালিক আহিলে এদিন আকৌ বহুত দিনৰ মূৰত হোষ্টেলৰ মাংস খাবলৈ গ’লো। কোৱা শুনিলোঁ সেইদিনা বোলে মাংস কলডিল দি ৰান্ধিছে। ভাবিলোঁ আজি চাগে মজা মাংস খাবলৈ পাম। নতুন মালিক আহিছে যেতিয়া! অন্ততঃ এক মাহ মানতো ভাল খাবলৈ পামেই। পিছে এই আশা আশা হৈয়েই ৰ’ল আমাৰ। ভাত খাবলৈ গৈ দেখোঁ একেটা কলডিলেৰে এক কেৰাহি মাংস বনাইছে। বাতিটো দেখিয়ে মূৰে কপালে হাত দিলোঁ। ৰাম ৰাম বাটিৰ তলত মাংস দুই টুকুৰা আৰু তাৰ ওপৰতে কলডিলৰ টুকুৰা দুটামানে ধুনীয়াকৈ সাঁতুৰি আছে। কৃষ্ণহে বুলিলো আৰু দেই। ইমানতে হোষ্টেলৰ মাংসৰ ফালে পানী এচলু দি ‘আপোন হাত জগন্নাথ’ বুলি নিজে মাংস আনি বনাই খোৱাই ভাল বুলি ঠিক কৰিলোঁ।

ভবা মতেই কাম হ’ল। কলডিল আনি এইবাৰ নিজে লোকেল মুৰ্গীৰ মাংসৰ সৈতে বনালোঁ। প্ৰথমতে মাংসখিনি চাৰি জনীয়ে মিলি খাই শেষ কৰিব নোৱাৰিম বুলি ভাবি ৰাতিপুৱালৈ ও থোৱাৰ কথা ভাবিছিলোঁ। পিছে খাওঁতে খাওঁতে দেখোন কেৰাহী উদং হৈ গ’ল। ক’ত আৰু ৰাতিপুৱালৈ থোৱা হয়। তেতিয়াৰ পৰা কলডিলৰ লগত মই ৰন্ধা মুৰ্গীৰ মাংস মোৰ লগৰ কেইজনীৰ বৰ প্ৰিয় খাদ্য। মাংস আনিলেই লগত কলডিল বিচাৰি ফুৰা হ’লো। কেতিয়াবা মোৰ পিছে বিলাহীৰ লগত ও মাংস খাবলৈ মন যায়। পিছে লগৰ কেইজনীৰ পৰা আৰু মোৰ সেই আশা পূৰণ ন’হল। সিহঁতৰ ডিমাণ্ডত হোষ্টেলৰ পৰা অহাৰ দিনালৈকে কলডিলৰ লগত মাংস খাওঁতেই গ’ল।

এইবিলাক হোষ্টেলৰ মাংসৰ অভিজ্ঞতা সদাই মনত থাকি যাব।

☆★☆★☆

Leave a Reply

Your email address will not be published.