ফটাঢোল

হ্ৰীং ক্ৰীং ফট – দেৱজিত শইকীয়া

ফুল নুফুলাকৈয়ে জীৱনৰ বসন্তবোৰ পাৰ হ’ব আৰম্ভ কৰিব ধৰিলে৷ প্ৰেমৰ নামত যি দুই-এটা কলি মনৰ বাগিছাত ফুলিব ধৰিছিল, তাকো ক’ৰবাৰ পৰা টপককৈ কোনোবা নহয় কোনোবা এটা ভোমোৰা আহি পৰি ৰেণু চুৰ কৰি লৈ গ’ল৷

আনে প্ৰেম কৰি লাঠ খোৱা শুনিলেও নিজলৈ পুতৌ লগা হ’ল,  কোনোবাই যদি হেৰৌ লাঠকে মাৰিলে হয়, মৰিলে যমৰ ওচৰত ক’ব পাৰিলো হয় যে অন্তত এগৰাকীয়ে অমুকাক “আই লাভ ইউ” ক’লে প্ৰভু,  মোৰ মনুষ্য জীৱন সাৰ্থক হ’ল৷

পিচে মোৰ চেহেৰাৰে দোষ নে আকাৰ, আকৃতি-প্ৰকৃতিৰে দোষ নাজানো। কলেজত ক্লাচ ক্ষতি কৰি কৰি এজনীৰ লগত গৈ কেন্টিনত চাহ-চিঙৰা খুৱাই দুদিন কি কথা পাতিলো, তৃতীয় দিনা দাদা পাতি সোঁহাতখন ৰাখী পিন্ধাবলৈ আগবঢ়াই দিব কয়৷ অমুকাইও কলেজীয়া জীৱনত যিমান কেইগৰাকী ভনী পাতিলো,  পাতিলো নহয়, প্ৰকৃততে যিমান কেইগৰাকীয়ে অমুকাক দাদা পাতিলে ৰাষ্টাই ঘাটে লগ পালে কোঁচৰ কেঁচুৱাটো মোৰ কোলাত তুলি দি মাত নুফুটা পোৱালীটোকো এইটো তোমাৰ মামা চোৱা,   মামা বুলি মাতা বুলি যেতিয়া কয় ভেলেন্টাইনৰ কচম বুকু হমহমাই যায়৷ কোন স’তেনো কওঁ, হেৰৌ মোৰ ভনীসকল, কলেজীয়া দিনত যদি এজনী বৌয়েৰো মোৰ বাবে চাই দিলি হয়, মোৰো কেঁচুৱাই এতিয়া তহঁতক পেহী পেহী মাতিব পাৰিলে হয়! নাই সকলো চেলফিচ৷

কিমানৰ ইলু ইলু চেটিং কৰিবলৈ লোকৰ চিঠি-পত্ৰ আদান-প্ৰদান কৰি বিনা বেতনৰ পিয়ন হ’লো,  কিমানৰ গাৰ্লফ্ৰেণ্ডক জোকোৱা ভিলেইনক চিনেমা মাফিক দম দিলো, কিমানক ডেটিং নিবলৈ মোৰ পুৰনি য়ামাহা বাইকখনৰ যোগান ধৰি দি পূণ্য কৰিলো তাৰ হিচাপ নাই৷ কিন্তু অমুকাই আজিও এজনী বাইকৰ পিচৰ চিটত চুলি উৰুৱাই নিজৰ বুলি গৰ্বৰে আনক দেখুৱাই বহাব নোৱাৰিলো৷

ক্লাচ ফ’ৰত থাকোতে প্ৰথম যিজনীয়ে কলিজা খাইছিল, প্ৰপ’জ দিম দিম ভাবোতেই বছৰবোৰ গ’ল, টেনত থাকোতে তাই এটালৈ পলাই গ’ল৷ তাতোকৈ ডাঙৰ কথা যে এতিয়া তাইৰ ল’ৰাক ইংৰাজী টিউচন কৰোঁ৷ মেট্ৰিক দি উঠি যিজনীক আগ-পিচ নাচাই প্ৰ’পজ মাৰিলো, তাইৰো গন্দা হিচাপত যে  বয়ফ্ৰেণ্ড আছিল পিচত হে গম পালো৷ এৰা, এতিয়াও সেইগৰাকীৰ কথা মনত পৰিলে কিয়নো প্ৰপ’জ দিছিলো এনেকুৱা লাগে! প্ৰপ’জ কি দিলো যেন পাকিস্তানত ভিছা নোহোৱাকৈ হে যেন প্ৰৱেশ কৰিলো,  তাইৰ বয়ফ্ৰেণ্ডৰ দমৰ কোবত এমাহ মানলৈ সন্ধিয়া টাউন ওলাবকে  নোৱাৰা হৈছিলো৷ তাৰ পিচত ডিগ্ৰী পঢ়োঁতে মেজৰমেট এজনী চালো৷ দুদিন পিচত মোৰ লগৰটোৱে কাকুতি মিনতি কৰি বোলে ’দোষ্ট, তাইক মই সৰুৰে পৰা ভাল পাঁও, তই ইমান ভাল, হাজাৰজনী ছোৱালী পাবি,  এইক মোৰ হ’ব দে,  প্লিজ, তই তাইক এৰি দে৷’ মইনো কঁও কিদৰে যে হেৰৌ হাজাৰজনী বাদ দে, এজনী প্ৰেমিকাৰো প্ৰেম এই অমুকাই এতিয়ালৈ কপালত সাধি নাপালো৷ তথাপি দোষ্টৰ কথা অনুভৱ কৰি তাইৰ ওচৰত নিজকে বহুত বেয়া ল’ৰা বুলি প্ৰমাণিত কৰিলো যাতে তাই মোৰ কাষ নাচাপে৷ ঔষধে ইমানেই কামত দিলে যে মোৰ বৰশীত টোপ খাই থকা চেঙেলীজনীয়ে দুদিন পিচতে কুটুককৈ লগৰটোৰ ডিঙিত মেৰিয়াই ধৰিলে৷ হওক,  আৰু এটা পূণ্য কৰিলো৷

কলেজৰ তিনিবছৰীয়া বসন্ত, লগতে প্ৰেম কৰা উপযুক্ত সময় বুলি বিবেচিত যৌৱনৰ সেই গুৰুত্বপূৰ্ণ সময়ছোৱা সফলতাৰে অথলে খেদাই, লগতে কলেজৰ ৰাজহুৱা দাদাৰ চাৰ্টিফেকেট খন ডিঙিত ওলোমাই ইউনিভাৰ্চিটি পালোগৈ৷ মনতে এটা শান্তনা লৈছিলো যে কলেজৰ সময়ছোৱা পঢ়াৰ সময়, এই প্ৰেম-চ্ৰেম জাতীয় বস্তুবোৰে পঢ়াত ক্ষতি কৰে,  গতিকে ভালেই হ’ল৷ LOVE মানে Lost Of Valuable Energy নামৰ কোনোবা বিফল প্ৰেমিকে পকাত মূৰ মাৰি লিখি থৈ যোৱা সেই বিখ্যাত উক্তিষাৰ শিৰোগত কৰি কৃষ্ণচুড়াৰ দেশত মানে গুৱাহাটী বিশ্ব বিদ্যালয় পালো৷ পিচে যি জন প্ৰেমিক পণ্ডিতে হাইস্কুলৰ পৰা বুলি কলেজীয়া জীৱনত এটাও প্ৰেমৰ মুখ নেদেখিলে তেওঁ যে বিশ্ববিদ্যালয়ত খুব কিবা এটা সফলতাৰ মুখ দেখিব আশা কৰাটোও ভুল৷

পিচে হোষ্টেলত এদিন এটা ডাঙৰ ঘটনা ঘটিল৷ নিউ ইয়েৰৰ পাৰ্টি৷  ৰাতি লগৰ দুটামানৰ লগত নতুনকৈ খাবলৈ শিকা ৰঙাপানীকনৰ কৃপাত প্ৰেমহীন জীৱনৰ মনৰ দুখ সকলো বটিয়াবলৈ ধৰিলো৷ যিমানেই ৰঙাপানী ডিঙিৰ পৰা তললৈ গ’ল সিমানেই সমস্ত ট্ৰেজেদী জিভাৰে পাক খাই-খাই ওলাব ধৰিলে৷ এসময়ত মোৰ ইতিহাস শুনি থকা লগৰটোৱে বোলে নতুন বছৰত আনে কি সংকল্প লয় নাজানো, এইবাৰ মই হ’লে পুৰণি কেলেণ্ডাৰখনৰ শপত খাই প্ৰতিজ্ঞা কৰিলো যে যদি মই মৰ্দ হয়,  মই এইবছৰ তোক এজনী পটাই দি হে এৰিম৷ যদিও তাৰ মৰ্দাংগীৰ ওপৰত কোনো সন্দেহ নাছিল তথাপি তাৰ ভীষ্ম প্ৰতিজ্ঞাটো ৰঙাপানীৰ নিচাত নে সঁচাই লৈছে অলপ সন্দেহ থাকি গ’ল৷ যি কি নহওঁক মৰিবলৈ ধৰাটোৱে কুটাটোকে সাৱতি ধৰাৰ দৰে মইও উদ্ধাৰৰ বাবে মোৰ গিলাচৰকনো তাক বাকী দি বোলো দোষ্ট, তই যদি সঁচাকৈ মোৰ এই মৰুভূমি হেন জীৱনত গোলাপ ফুলাই দিব পাৰ, এই খালী বটলৰ কচম, পাৰ্টি হিচাপে তই টেপ খুলিলেই খাব পৰাকৈ হোষ্টেলৰ টেংকীত এদিন কাৰ্টুনে কাৰ্টুনে বাকী দিম৷ সি বোলে হৈ যাব৷ তই চিন্তা নকৰিবি৷ মইও মায়ঙৰ বৈদ্য বেজৰ পুতেক৷ ফুঁ এটা মাৰি পলাই যোৱা ছোৱালী তিনিদিনত ঘৰলৈ ঘুৰাই আনো,  বইচ কৰিব নোৱাৰা গিৰিয়েকক ক’লা সুঁতা জাৰি ককালত পিন্ধাই বান্দৰৰ দৰে নচুৱাই দিওঁ৷ ৰভাতলীৰ পৰা পুৰণী প্ৰেমিকৰ কাষলৈ কইনা দৌৰাই দিওঁ…..আৰু কিবা কিবি কৈছিল,  পিছে সেইখিনি এক্সপিৰিয়েঞ্চৰ  ইন্ট্ৰ’ডাকচনেই মোৰ তাক কনফিডেঞ্চত ল’বলৈ যথেষ্ট আছিল৷

পুৱা হ’ল, নিচা ফাটিল,  মই ভাবিছিলো ’ৰাত গয়ি বাত গয়ি’, পিছে সি পুৱাই আহি মোৰ ৰূমৰ দুৱাৰত টোকৰ দিলে বোলে তোৰ যি জনী পচন্দ হৈছে তাই পিন্ধা কাপোৰৰ টুকুৰা এটা বা চুলি অলপ লাগিব৷ যদি তই সেইটো গোটাব পাৰ ভাবি ল, তাই তোৰ কনফাৰ্ম৷ পেটে পেটে অলপ ভয়ো লাগিল৷ ছোৱালীয়ে পিন্ধা কাপোৰৰ টুকুৰা বা চুলিনো কি সতে কাটি আনো৷ মই মনতে বোলো এইটো আশা বাদ দিয়াই ভাল৷ তন্ত্ৰ-মন্ত্ৰ কৰি মোক প্ৰেমিকা নালাগে,  যদি মৰদ হয় নিজেই এজনী গোটাম৷ তাক হ’ব দে চেষ্টা কৰিম বুলি সেই আশা তাতে বাদ দিলো৷

ইউনিভাৰচিটিত পুৰণি বেমাৰটোৱে আকৌ উক দিলে৷ ক’ব নোৱাৰাকৈয়ে এজনী সঁচাকৈয়ে ভাল লাগিব ধৰিলে৷ দুপৰীয়া নি নি আৰ্টচ কেন্টিনত চাহো খোৱাব ধৰিলো৷ ইমানদিনে গালত ৰখা দাড়ী কটাই মিলমিলিয়া হ’ব ধৰিলো৷ আগৰ হাতত যিটোকে পৰে সেইটো কাপোৰেই পিন্ধিছিলো, পিচে তাইক পোৱাৰ পৰা কাপোৰো খমখমিয়া ইষ্ট্ৰি কৰি হে পিন্ধা হ’লো৷ মুঠতে ক’বলৈ গলে একপক্ষীয় প্ৰেম। এনেও মোৰ বহু কেইটা আগৰ এক্সপেৰিয়েঞ্চ আছিলেই, গতিকে নতুন প্ৰেমে আকৌ শুকান গছত বসন্ত আনিব ধৰিলে৷পুৰণি কবিতাবোৰ আকৌ অলপ সাল-সলনি কৰি নতুনকৈ লিখিব ধৰিলো৷ পুৰণি গিটাৰখনৰো ধুলি মাকতি গুচাই “তোমাৰ মৰমে মোৰ  দেহত তুলিলে ঢৌ” আকৌ টুংটুঙাবলৈ ল’লো৷

মুঠতে আই এম ইন লাভ৷ সেইখিনিলৈকে সকলো ঠিকে-ঠাকেই গৈ আছিল৷ পিচে প্ৰপ’জ দিম দিম ভাবি থাকোতেই বিশ্ববিদ্যালয় সপ্তাহ আহিল৷ তাই মোক এৰি চিনিয়’ৰ এটাৰ লগত ঘুৰি ফুৰা দেখা পাবলৈ ধৰিলো৷ দুই এটাই হোষ্টেলত আহি “তোৰ মইনাজনী দেখোন বেলেগ ডালত পৰা দেখিলো” বুলি কোৱা-কুই আৰম্ভ কৰিলে৷ দুটা মানে “পোহনীয়া চৰাইটি উৰিলে,  বিচাৰি পাবলৈ নাই” বুলি হোষ্টেলত মোৰ ৰূমৰ আগেদি গাই যোৱাও আৰম্ভ কৰিলে৷ শেষত উপাই নাপাই যি আছে দেখা যাব বুলি মায়ঙৰ বন্ধুৰ কাষ চাপিলো৷ তাৰ সেই একেই ফৰমাইচ,  হয় চুলি নহয় কাপোৰ৷ মই বোলো এইচব মই গোটাব নোৱাৰো,  তই কিবা বেলেগ মন্ত্ৰ মাৰ৷ সি বোলে হ’ব মই গোটাই দিম৷ তাই থকা হোষ্টেলৰ ৰান্ধনীজন মোৰ গাঁৱৰে,  তাক ক’লে গোটাই দিব৷ কথামতে কাম৷ তাই থকা হোষ্টেলৰ ৰান্ধনী জনে খবৰ কাগজৰে মেৰিয়াই এদিন টোপোলা এটা মোৰ হাতত দি গ’ল৷ টোপোলাটো চাই মোৰ হাত কঁপিব ধৰিলে,  সেউজীয়া ৰঙৰ ব্লাউজ এটা৷ মই তাক বোলো এইটো য’ৰ পৰা আনিছিলি আকৌ ওলোমাই থৈ আহ৷ সিও খঙতে ভোৰভোৰাই আঁতৰি গ’ল৷ বন্ধুক ৰাতি কওঁতে মায়ঙৰ ঠলুৱা ভাষাৰ সোপাকে গালিৰে মোৰ কান শুদ্ধি কৰিলে৷ যি কি নহওঁক বেলেগ উপাই এটা যেনিবা সি কৰিম বুলি ক’লে। কিন্তু সেইটো বিদ্যা তাৰ বাপেকেহে জানে৷ গতিকে ঘৰ গ’লে আনি দিম ক’লে৷ মইও ৰক্ষা পালো৷ এনেদৰে মোৰ একপক্ষীয় বিফল প্ৰেম সফলতাৰ চিৰি বগাই আগুৱাব ধৰিলে৷

ফাইনেল পৰীক্ষালৈ এমাহমান থাকোতে সি ঘৰ গৈছিল আৰু ঘৰৰ পৰা মোৰ বাবে কঁকালত আঁৰিবলৈ এটা তাবিজ আনি দিলে,  লগতে ক’লে যে তাবিজটো দুবুৱা পানী শনিবাৰ বা মংগলবাৰ এটাত তাইক খোৱালেই কাম হৈ যাব৷ এই বুলি মই পেন্টটো অলপ তললৈ কৰি চাৰ্টটো দাঙি দিলো৷ সি একে উশাহে তাবিজটো বান্ধি দিলে৷ শনিবাৰ এটা চাই ডিপাৰ্টমেন্টত কাপোৰৰ ফাঁকৰে তাবিজটো ওলিয়াই বহুত ট্ৰাই কৰিলো কিন্তু কঁকালত টানকৈ বন্ধা তাবিজ গিলাচৰ পানীত ডুব নাযায়৷ যেন তেন বিভিন্ন এংগোলত কঁকাল বেঁকা কৰি তাবিজটো গিলাচত ডুবাই পানীখিনি বটলত ভৰালো৷ বটলটো তাই হাতে পোৱাতে ৰাখিলো ৷ কিন্তু তাই পানী নাখায় হে নাখায়,  মইনো জোৰ কৰোঁ কেনেকৈ?  এসময়ত মই ঠাপ মাৰি ধৰাৰ আগতেই লগৰ এটাই কোট কোট কৈ বটলৰ পুৰা পানী গিলি দিলে৷ মইয়ো ভয়তে কঁকালৰ তাবিজ সেই মুহুৰ্ততে প্ৰেকটিকেলৰ কেচিৰে কাটি মোৰ প্ৰেমক “ঔম স্বাহা” বুলি কৈ  দলিয়াই দিলো…….

☆★☆★☆

5 Comments

  • হা:হা: মন্ত্ৰ পুত: পানী বন্ধুৱে গলাধ: কৰণ কৰিলে– আইঐ।
    বৰ ভাল পালোঁ।ৰসাল ৰচনা।

    Reply
  • অসমী গগৈ।

    অনন্য সোৱাদ যুক্ত লেখা।

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল পঢ়ি দেবজিত, তোমাৰ লিখাৰ এক নিজস্ব ষ্টাইল আছে, সুন্দৰ

    Reply
  • Rajdeep Borah

    ভাল লাগিল ।

    Reply
  • অভিজিত কলিতা

    হা হা, শেষত একদম টুইষ্ট আহি গ’ল। পিছে পানী খোৱা বন্ধুজনৰ পিছত কিহ’লগৈ জানিবলৈ মন থাকিল

    Reply

Leave a Reply

Your email address will not be published.