ফটাঢোল

য়ে দোস্তী –নয়নমণি হালৈ

তেতিয়া শৰীৰত ভৰ যৌৱন।। দাঢ়ি-মোছ চিনিব পৰা হৈছে। টিকাত দুইপোৱা মাংস নাথাকিব পাৰে, তেজত কিন্তু ৰণুৱা ঘোঁৰা দৌৰে। মনত যেন এশটা হাতীৰ বল। কথাতে কয়, ‘মনৰ বলেই আচল বল, হাজাৰ বন্দুক হুলাবাৰীৰ তল’। বন্ধু বুলি ক’লে জান-প্ৰাণ দিব পৰা সময় তেতিয়া‌। তেজ দিয়া সৰু কথা, প্ৰয়োজনত কিডনি, লিভাৰ সকলো দিম বন্ধুৰ বাবে, সেই সময়ৰ কথা।

খবৰ আহিল, ভাস্কৰ আৰু মোহিতক পুলিচে থানাৰ লক-আপত ভৰাই থৈছে। কোন পুলিচ বে! আমি থাকোঁতে আমাৰ লগৰ ভাস্কৰ, মোহিতক লকআপত ভৰাই থয়! বাইকখনত দিলো এটা গোৰ মাৰি, ওলাই গ’ল ধোঁৱা। ইচ বৰ বেয়া গোন্ধাইছে। মবিল পুৰি শেষ হৈ গৈছে। ব্লকটোৰ একেবাৰে কাম নাইকীয়া হৈ গৈছে। মবিল ভৰোৱা, ব্লক ৰিপিয়াৰিং কৰাৰ নামত ‘পিতা স্বৰ্গ পিতা ধৰ্ম’ৰ পৰা দুহেজাৰ মান টকা ইতিমধ্যে ‘পেৰাডাইজ ধাবা’ আৰু মন্তুৰ গুমটিত ধোঁৱা হৈ উৰি গৈছে। এইখিনি সময়তে মোৰ ন-ঢলা বজাৰত নিগনি-চিকা মৰা ঔষধ বিক্ৰী কৰি ফুৰা ‘কলা মোহন’লৈ খঙটো উঠি আহে। সি …ৰ বাচ্চাই যি পইচাকেইটা গণি লৈ গ’ল, আৰু দেখাদেখি নাই! তেল-তুল ঘঁহি চিকচিকিয়া কৰি মোৰ ওচৰত থাৰ্ডহেণ্ড বাইকখন বিক্ৰী কৰিলে, পিছতহে গম পালোঁ সি আচলতে মোক বাইকৰ খোলাটোহে বেচিলে। ভিতৰখনত মাল-বস্তু বুলিবলৈ একোৱেই নাই। হাৱা গৈ থকা বাবে দুই কিল’মিটাৰ ঠেলি বাতিবলৈ লৈ গ’লো এদিন। গেৰেজৰ মেকানিকটোৱে মোক টিউবটো দেখুৱাই সুধিলে ‘কেইটা ফুটা বাতো’! কেইটা ফুটা মানে! দেখিলোঁ, টিউবটোত নতুনকৈ বাতিবৰ ঠাই আৰু নাই। ছেকেণ্ড হেণ্ড টিউব এটা লগাই কিবাকৈ ঘৰ পালোঁ সিদিনা। সিদিনাৰ পৰাই জ্বলি আছোঁ, কলা মোহনক পালে চিকা মৰা গোটেইকেইটা পেকেট তাৰ মুখত ঢালি দিম, চিনি পোৱা নাই বাপেকক।

কিন্তু এতিয়া আৰু উপায় নাই, থানা গৈ পাবগৈ লাগে। বাটতে লগ পালোঁ ভাস্কৰৰ মাকক। বেচেৰী খুড়ীজনী কান্দি-কাটি ব্যাকুল। একমাত্ৰ পুত্ৰ ভাস্কৰ কাৰাগাৰৰ লৌহ কুঠৰীত, কোনসতে সহে বাৰু!
: খুড়ী, আপুনি চিন্তাই নকৰিব। থানাত মোৰ চিনাকী আছে।
: হ’লেও বোপা পইছা পাতি নিদিলে আজিকালি একো কাম নহয়। এই তিনিশ টকা লৈ যোৱা। যেনেকৈয়ে নহওঁক তাক উলিয়াই আনা। সি এক্কেবাৰে চাধা-চিধা ল’ৰা। এই মোহিতটোৱে তাৰ মূৰ খালে বুজিছা।
: হে নালাগে নালাগে- মুখেৰে অন্তৰ শাত পৰা হাঁহিটো মাৰিলেও পইছাখিনি চিলনীৰ জীয়েকক ঠাপ মাৰি অনা দিহে আনিলোঁ। হওঁক, কাৰোবাক দুই-এশ খুৱাব লাগে যদি খুৱাম, মুঠতে সিহঁত দুইটাক মোকলাই আনিব লাগে। সিহঁতেইতো মোৰ প্ৰাণৰ বন্ধু। কিন্তু চিনাকী গাড়ীৰ গেৰেজটোৰ সন্মুখ পোৱাৰ লগে-লগে মনটো লক-লকাই উঠিল। মবিলটো ভৰায়েই লওঁ নেকি! যিহে ধোঁৱা মাৰি আছে আৰু যিটোহে আৱাজ বাহিৰ কৰিছে, মানুহ নালাগে ৰাস্তাৰ কুকুৰেও আজি মোক ৰাস্তা এৰি দিছে। যেনেকৈয়ে নহওঁক, হাতলৈ ধন আহিছে মানে লক্ষ্মী আহিছে। আৰু স্বয়ং ধনলক্ষ্মী হাতত থাকোঁতেই যদি মবিলটো ভৰাই নলওঁ, তেন্তে অন্যায় হ’ব। কিন্তু ভাস্কৰ, মোহিত .. ! যাহঃ! যি হয় হ’ব। ভৱিষ্যতৰ কথা ভাবি বৰ্তমানটো নষ্ট কৰিব নোৱাৰি।

: ঐ ভৰাই দে মবিল – গেৰেজৰ চিনাকী মেকানিকজনলৈ চাই চিঞঁৰি দিলোঁ।

বাহঃ, এতিয়াহে অলপ মিহি হৈছে। ধোঁৱাও কমকৈ ওলাইছে। ব্লকটো চাফা কৰি দিলে এইখন থাৰ্ড হেণ্ড বুলি আৰু কোনেও ক’ব নোৱাৰিব। কলা মোহনলৈ অলপ মৰম ভাব আহিল। ইমান কম দামত জানো বাইক এখন পোৱা যায়! এতিয়া থানা গৈ পোৱাহে কথা।

থানা পাওঁ পাওঁ হৈছোঁ, মনত ভাব হ’ল; বাইকখন ভাল হ’ল যেতিয়া মই দেখোন বন্দনাকে এবাৰ লগ কৰি আহিব পাৰোঁ! আজি ধুই ইস্ত্ৰি কৰি থোৱা চোলা এটাও পিন্ধি আহিছোঁ! কিন্তু ভাস্কৰ, মোহিত! যাহঃ যি হয় হ’ব। ভবামতেই কাম। ঘূৰাই দিলোঁ। একেপাকতে বাইকখন ঘূৰাই ছোৱালী কলেজৰ সন্মুখত হিৰো ষ্টাইলত ব্ৰেক মাৰি দিলোঁ। কলেজৰ সন্মুখত যেন ফুলৰ মেলা বহিছে। কোন পাহ চাম, কোন পাহ নেচাম! কোনোপাহ যদি ফুলো ফুলো হৈ থকা নাৰ্জী, কোনোপাহ আকৌ লাজৰ ওৰণি গুচাই হাঁহি মৰা ৰক্তজবা পাহি। আহঃ, দেখিলেই মন ভৰি যায়।
: অজয়দা অজয়দা .., হঠাত্‍ পিছফালৰ পৰা মাত এটা ভাহি আহিল।

আহঃ ইমান মিঠা মাতেৰে কোনোবাই মোকেই মাতিছে নে! ঘূৰি চালোঁ। দেখিয়েই এনে লাগিল যেন কলেজৰ সন্মুখৰ গেলা পানীৰ ৰাস্তাটো হঠাত্‍ স্বৰ্গলৈ যোৱা সেন্দুৰীয়া পথ হৈ পৰিছে আৰু গেলা পানীবোৰ হৈ পৰিছে স্বৰ্গৰ মন্দাকিনী নদী। চাৰিওফালে যেন অকাল বসন্ত, পখীৰ কলকল শব্দ ভাহি আহিছে। এইজনী আমাৰ চুবুৰীৰে, অৰ্পিতা। এইজনীৰ বাবেই আজি মোৰ চুবুৰীটো জিলাখনৰ ভিতৰতে সান্ধ্যভ্ৰমণৰ বাবে এক আদৰ্শ স্থলী হৈ পৰিছে। মোৰ চুবুৰীটো বাদেই, ওচৰ-পাজৰৰ চুবুৰীকেইটাৰ পৰাও বহু ডেকাই অৰ্পিতাহঁতৰ পদুলিয়েদি যোৱা বাটটোক সান্ধ্যভ্ৰমণৰ বাবে বাচি লৈছে। সেইজনী অৰ্পিতা আগবাঢ়ি আহিছে মোৰ পিনে! মই থৰ লাগিলোঁ।
: “অজয়দা, মোক অলপ আগবঢ়াই দিবা নেকি?”
: কি? মই ঠিকেই শুনিছোঁ নে বাৰু? মই হা ক’বলৈ মুখ মেলিছিলোঁহে মাত্ৰ, অৰ্পিতা আহি মোৰ পিছফালে লিপিট খাই বহি পৰিলেই! ধুনু ছোৱালী এজনীক মোৰ থাৰ্ডহেণ্ড বাইকখনত উঠোৱাৰ কিমান যে হাবিয়াস আছিল মোৰ! অৱশেষত আজি কণা বিধাতাই মূৰ দাঙি চালে। কেৱল বিধাতাই নহয়, ৰাস্তাৰ কাষত ৰোমিঅবোৰেও আজি মোৰ পিনে চকু থিয় কৰি চাইছে। ইচ, আজি যদি ভাস্কৰ আৰু মোহিতে এই দৃশ্য দেখিলেহেঁতেন, দুয়ো নিৰ্ঘাট জ্বলি-পুৰি ছাঁই হৈ গ’লহেতেন। লকআপত সোমাই থকা দুয়োটাৰে মুখদুখন মনত পৰি ক্ষন্তেকৰ বাবে মোৰ মুখখন মোলান পৰি গ’ল যদিও অৰ্পিতাৰ শৰীৰৰ পৰা অহা ‘ফাৰ্ষ্ট লাভ’ চেইন্টৰ গোন্ধে যেন বৰষুণৰ পিছত ওলাই অহা ৰামধেনুৰ দৰে মোৰ মুখখন ক্ষণিকতে পোহৰাই তুলিলে।

যেন মেঘৰ মাজে-মাজে কোনোবা ৰাজকন্যাক লৈ পুষ্পক ৰথতহে ঘূৰি ফুৰিছোঁ! এই পুষ্পক ৰথত যেন কেতিয়াও ব্ৰেক মাৰিব লগা নহয়, হে দয়াময় তুমি চাবা আৰু!
: ৰখোৱা ৰখোৱা – হঠাত্‍ যেন মেঘবোৰ উৰি গুচি গ’ল। দয়াময়ৰ দয়াত মই কিবাকৈহে ব্ৰেক মাৰি বাহনখন ৰখালোঁ। ইতিমধ্যে চহৰখন পাৰ হৈ আমি এখন সুদৃশ্য ৰেষ্টুৰেণ্টৰ সন্মুখ পাইছিলোঁ। এনেতে দেখিলোঁ মক্কেল এটা অৰ্পিতাৰ ফালে আগবাঢ়ি আহি তাইৰ হাতত ধৰিছে।
: অজয়দা, এইজন মোৰ মানে এইজন মোৰ মানে, এইজন মোৰ ..
: হ’ব বুজিছোঁ, এইজন মানে তোমাৰ, হেঃ হেঃ হেঃ – হাঁহিছো যদিও মোৰ মাতটো মৰিব ওলোৱা বেমাৰীৰ মাতৰ দৰেহে শুনা গ’ল।
: অজয়দা, বেয়া নাপাবা হা, তোমাক অলপ ডিষ্টাৰ্ব দিলোঁ – বুলি কৈয়ে মৰতীয়ে সেইজনৰ লগত ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই গ’ল। বুকুখন যেন বিষাই উঠিল। এইমাত্ৰ সপোন এটা দেখিছিলোহে! গজমূৰীয়ে মোক প্ৰেমিক বনাব দূৰ, ড্ৰাইভাৰহে বনাই থৈ গ’ল। সঁচাকৈ কোনদিনা যে সপোনবোৰ পূৰণ হ’ব! কোনদিনা এনেদৰে এজনী গাভৰুৱে মোক ক’ব- অজয়দা ‘আই লাভ ইউ’।

‘লাভ ইউ’ বুলি কোৱাৰ লগে লগে মোৰ মনত পৰি গ’ল ‘বন্দনা’লৈ। ছেহঃ মই আচলতে বন্দনাকহে চাবলৈ আহিছিলোঁ। এই কুলক্ষণীয়ে মোৰ সৱ খেলি-মেলি লগাই দিলে। বন্দনাই মোৰ সঁচা প্ৰেম। তাই যে কিমান কৈ থাকে মোক ‘আই লাভ ইউ’ বুলি! আৰু সেই সঁচা প্ৰেম পাহৰি মই কোনোবা মায়াবিনী নাৰীৰ পাকচক্ৰত বন্দী হ’বলৈ গৈছিলোঁ। নিজৰ চঞ্চল মনটোৰ ওপৰতেই মোৰ ধিক্কাৰ আহিল। ‘হে বাবা বিশ্বকৰ্মা, বন্দনাৰ বাহিৰে আৰু কোনো ছোৱালীক মই পিছফালে নবহাওঁ’- বাইকৰ তেলৰ টেংকীটোতে হাতখনেৰে চুই সেৱা কৰাৰ দৰে দুবাৰমান কপালত লগাই নিজকে নিজে ক’লো। গাড়ী আকৌ ঘূৰাই দিলোঁ; এইবাৰ মোৰ লক্ষ্য বন্দনা।

বন্দনাক যেতিয়া মই দেখিলোঁ, তেতিয়াই গম পালোঁ যে গুৰুতৰ কিবা এটা ঘটনা ঘটিছে। নহ’লে তাই এনে ৰণচণ্ডী মূৰ্তি ধৰি মোৰ ফালে আগুৱাই নাহে! কিন্তু ই কি! মোৰ সন্মুখত আঙুলি টোৱাই তাই ক’বলৈ ধৰিছে- ‘ননচেন্স, অভদ্ৰ, মোৰ লগত প্ৰেমৰ নাটক কৰি বেলেগৰ লগত ঘূৰি ফুৰ হা! চুবুৰীৰ সেইজনীৰ লগত যে তোমাৰ কিবা এটা আছে, সেই কথা মই আগতেই জানিছিলোঁ। কিন্তু আজি দেখদেখকৈ প্ৰমাণ পালোঁ। এইমাত্ৰ তুমি তাইৰ লগত ৰেষ্টুৰেণ্টত যোৱা নাই! আজিৰ পৰা মোৰ তোমাৰ লগত সকলো ৰিস্তা শেষ।
: ৰ’বাচোন ৰ’বা। বন্দনা পিলিজ ৰ’বাচোন ৰ’বা। – নাই, বন্দনা আৰু নৰ’ল। অগ্নিমূৰ্তি ধৰিয়েই তাই গোঁ-গোঁৱাই গুচি গ’ল।

কাৰ মুখ চাই যে ওলাইছিলোঁ আজি মই! আৰু এই প্ৰেম-পিৰিতি বোলা বস্তুটো কোনে উলিয়াইছিল নো বাৰু! ইমান টেনচন এই প্ৰেম-পিৰিতিত! প্ৰেমৰ ওপৰত যেন গভীৰ দাৰ্শনিক উপলব্ধি আহি গ’ল মোৰ। সঁচাকৈ এই প্ৰেম-পিৰিতিবোৰ বৰ লেতেৰা বস্তু। প্ৰেমৰ মজা কেতিয়াও বন্ধুৰ দৰে হ’ব নোৱাৰে। প্ৰেম মদৰ নিচাৰ দৰে, নিচা ফাটিলেই সকলো শেষ। কিন্তু বন্ধু? বন্ধু যেন জন্ম-জন্মান্তৰৰ সাধনাৰ ফল। এই বন্দনা, অৰ্পিতাৰ পাল্লাত পৰাতকৈ কলা মোহন, ভাস্কৰ, মোহিতহঁতেই বহুত ভাল। সিহঁতৰ পৰা না কিবা টেনচন, না কিবা দুখ-দুৰ্গতি! এতিয়া বা ভাস্কৰ, মোহিতহঁত ক’ত আছে!

ভাস্কৰ, মোহিতৰ কথা মনত পৰাৰ লগে-লগে মই উচপ খাই উঠিলোঁ। ইচ ৰাম, মই সিহঁতকেইটাক উদ্ধাৰ কৰিবলৈহে আহিছিলোঁ! লকআপত বেচেৰা দুটাৰ বা এতিয়া কি অৱস্থা হৈ আছে! কেনে বন্ধু মই, লড়কী মিল গয়া তো দোস্ত কো ভুল গয়া! সিহঁত লকআপত সোমাই আছে আৰু মই ছোৱালীৰ পিছত লাগি আছোঁ। নাই আৰু নহ’ব, বাইকত গোৰ এটা মাৰিয়ে মই থানাৰ পিনে ধূলি উৰুৱাই দিলোঁ। থানাৰ সন্মুখৰ চেলুন এখনত চুলি কেইডাল অলপ ঠিক কৰি ল’লোঁ আৰু বীৰদৰ্পে থানাৰ ভিতৰলৈ সোমাই গ’লো।

দেখিলোঁ, টেবুল দুখনমানত খাকী পোচাকধাৰী দুজনমানে কিবা লিখা-লিখি কৰি আছে। লকআপৰ ভিতৰত পকেটমাৰ, সিন্ধি দিয়া চোৰ দুটামানৰ লগত ভিতৰৰ কোণ এটাত চুকভেকুলীৰ দৰে ভাস্কৰ আৰু মোহিত বহি আছে। সিহঁতৰ অপৰাধ কি বাৰু! লাইচেন্স নহোৱাকৈ গাড়ী চলাই বুঢ়ী এজনীক খুন্দিয়ালে। কিন্তু সেইটো অপৰাধৰ বাবে লকআপত ভৰাই থ’ব! এইখন কোন দেশৰ আইন! বুঢ়ী অলপ ইনজিউৰড হ’ল যদি হ’ল, মৰা নাই নহয়। মনতে ভাব আজি পুলিচক থানাৰ ভিতৰতে জাৰি দিম। আইন আমিও জানোঁ। মই ভাস্কৰ, মোহিতলৈ চকুৰ থিয়াৰেৰে চাই বুজাই দিলোঁ যে ‘দোস্ত, চিন্তা নকৰিবি, মই আহি গ’লো।’ মই চকীকেইখনত বহি থকা পুলিচকেইজনৰ লগত কথা পাতো বুলি সন্মুখত বহোঁ, সিহঁতে কেৱল কয় “চাৰ আহি আছে, যি কয় চাৰৰ আগত ক’ব”। হ’ব বাৰু, চাৰকে চাই লওঁ আজি।

প্ৰায় দহ-পোন্ধৰ মিনিট পিছত গিৰিপ-গাৰাপকৈ অফিচাৰ এজন সোমাই আহিল। সোমাই অহাৰ লগে-লগে বহি থকা কেইজনে ‘চাৰ’ বুলি চেলাম একোটা মাৰি দিলে। ‘চাৰ’জন ওখই চাৰে ছয় ফুটমান হ’ব, পথালিয়েও দেৰফুটমান। মোচকোচা দেখি মোৰ চিধাই ভাওনাৰ ৰাৱনলৈ মনত পৰি গ’ল। হঠাত্‍ দেখোন চাৰে মোৰ পিণে চাই ‘ঐ তই কেনেকৈ বাহিৰলৈ ওলালি’ বুলি চিঞৰি দিলে। মই বোলো চাৰৰ কিবা এটা ভুল হ’ল আজি। মই সেমেনা-সেমেনি কৰি কিবা ক’বলৈ মুখখন মেলোতেই চাৰে আকৌ চিঞৰিলে, ‘শইকীয়া, শইকীয়া ই কেনেকৈ বাহিৰলৈ ওলাল’।
: চাৰ মই আচলতে বাহিৰৰে মানুহ..
: চুপ কথা নকবি‌ তয়েই মেইন কালপ্ৰীত। পুলিচৰ গাত হাত উঠাৱ। আজি ভৰিৰ হাড় ভাঙি দিম তহঁতৰ। ঐ শইকীয়া ইয়াক ভৰাই থ।’ মই বোলো আজি মোক স্বয়ং নাৰায়নেও ৰক্ষা কৰিব নোৱাৰে। এই পুলিচ অফিচাৰটোৰ গাত কৰবাৰ ভুত লম্ভি আহিছে। তথাপিও প্ৰাণপনে মই শেষ চেষ্টা কৰি চালোঁ, ‘নহয় চাৰ, আপোনাৰ ভুল হৈছে, মই আচলতে মই আচলতে..
: চুপ, আৰু এটাও কথা নক’বি তই! শইকীয়া.. । এনেতে শইকীয়া বোলা এটাই আহি মোক জপটিয়াই ধৰিলেই।
: চাৰ ইয়াৰ চুলি চাওঁকচোন, একেবাৰে ‘তেৰে নাম’ কৰি দিছে.. শইকীয়া বোলাটোৱে এপাকত চুলিকোঁচাত ধৰি ঘটালি দিলে। মই ঈশ্বৰ, আল্লা, গড যিমান আছে সকলোকে স্তুতি আৰম্ভ কৰি দিলোঁ। কিন্তু কোনেও আহি মোক এই মানৱ ৰূপী দানৱৰ হাতৰ পৰা ৰক্ষা নকৰিলে। দোষ কৰিলেও বেলেগ কথা, বিনাদোষে পূতিগন্ধময় লকআপটোৰ ভিতৰলৈ শইকীয়াই মোক ঠেলি-হেঁচি সুমুৱাই দিলে।

সেই এটা নিশা মোক যিমান মহে খালে, সিমান মহৰ কামোৰ খোৱাতকৈ শইকীয়াৰ হাতৰ টাঙোনৰ দুটা কোব খালেও মই শান্তি পালোহেঁতেন। অৱশ্যে মোহিতে মোৰ পিঠিখন মাজে-মাজে খজুৱাই দিছিল। মোহিতৰ ককায়েকেই পিছদিনা পুৱা আহি আমাক তিনিওটাকে তিনিটা কানতলীয়া সোধাই মুকলি কৰি লৈ গ’লহি। প্ৰিয় পাঠক, অৰ্পিতা আৰু বন্দনাৰ কি হ’ল মই গম নাপাওঁ। দুয়োটা জীয়াই আছে নে মৰিছে সেয়াও মই নাজানোঁ। কিন্তু ভাস্কৰ আৰু মোহিতৰ লগত ‘দোস্তী’ এতিয়াও অক্ষুন্ন আছে। কিন্তু বিশ্বাস কৰক, সেই তেতিয়াৰ পৰা আজিলৈ মই থানাৰ চোতাল আৰু গচকি পোৱা নাই।

☆★☆★☆

8 Comments

  • ডলী তালুকদাৰ

    মজ্জা

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল নয়ন!

    Reply
  • তৃষ্ণা সো

    বিৰাট ৰসাল লেখা।

    Reply
  • জয়ন্ত দাস

    বাঃ বৰ ধুনীয়া লাগিল৷

    Reply
  • Anurup Mahanta

    হাঃ হাঃ, বিৰাট ৰস পালোঁ। মজ্জা

    Reply
  • ফটিক বৰা phatikbora03@gmail.com

    বঢ়িয়া ।

    Reply

Leave a Reply

Your email address will not be published.