ফটাঢোল

ৰঙা বিপদ – চৈয়দা চেমিম ইছলাম

: কিনো ৰঙা জেকেট ডাল পিন্ধি যায় হে সদায় সদায়? কাম নাই আৰু! গৰমৰ দিনত পিন্ধিব ৰঙা চাৰ্ট, ঠাণ্ডাৰ দিনত আকৌ এই ৰঙা জেকেটডাল। বুঢ়া হ’লহি!

: হেঃ হেঃ হেঃ! তুম্ ক‍্যা সমঝোগে বেৱকুফ? নাদৰ ভেকুলী, সাগৰত কি ডাল পাত্তা পাবা তুমি?

: কি? কি বুলি ক’লা মোক?

: “নাদৰ ভেকুলী” – প্ৰিয়ে! হেঃ হেঃ হেঃ!

: হুহ্! নাদৰ ভেকুলী? হেৰি, মই বুলিহে আপোনাৰ সৈতে ইমান দিনে …….!

ঘৈণীয়েকৰ লগত আৰু বেছিকৈ কথা আগ নবঢ়াই পোন্দোৱাকৈ এবাৰ তাইৰ ফালে চাই অফিচলৈ বুলি লৰালৰিকৈ ওলাই আহিল বৰ্মন। আহিয়েই চাৰৰ টেবুলখন চাফা কৰি পানী এগিলাচো সযতনে ঢাকি থ’লে টেবুলত।

কোঠাটোৰ বাহিৰত কেবাটাও পাৰ্টি ৰৈ থকা দেখা পাইছিল সি। কোন, ক’ৰ পৰা আহিছে, কি কাম, কি সমস্যা – থাউকতে সকলো খবৰ লৈ ল’লে সি। বৰ জৰুৰী কাম এইবোৰ তাৰ কাৰণে। পাৰ্টিবোৰৰ পৰা ফাইল নম্বৰবোৰো গোটাই লৈ চাৰ আহি কোঠাত সোমোৱাৰ আগতেই লৰালৰিকৈ ফাইলবোৰ চলাথ কৰি সযতনে ৰাখি থ’লে যাতে মানুহ কেইজন ভিতৰলৈ সোমাই আহিলে চাৰে ফাইলটো চাবলৈ বিচৰাৰ লগে লগেই ফাইলটো উলিয়াই দিব পাৰে সি।

চাৰ আহি পোৱাৰ আগতেই কথা পতাৰ চলেৰেই কাৰোবাৰ পৰা চাহ-পৰঠা, কাৰোবাৰ পৰা তামোল-পাণ খাই উদৰ পূৰ কৰি ল’লে সি। ইতিমধ্যে পাৰ্টিবোৰৰ পৰা তাৰ নিজৰ পূজা অৰ্চনা ভাগো কৰাই ল’লে।
কিবাকিবি ঘৰুৱা দ্বায়িত্ব পালন কৰি চাৰ আহি অফিচ সোমায় মানে চাৰৰ অলপ দেৰিয়েই হ’ল আজি। তথাপিও বৰ্মনৰ দিহামতে পাৰ্টিবোৰৰ এজন-এজনকৈ সোমাই থাকিল, ওলাই থাকিল। চৰকাৰী অফিচৰ কথা। যিকোনো কামতো আৰু অফিচৰ ভিতৰত নুশুৱায়। তাৰ চাৰ্টৰ, জেকেটৰ ৰঙা ৰঙটো বৰ সহায়ক হয় এনেকুৱা সময়ত। কামটো তাৰ নিজৰ জোখাৰ নহ’লে চাৰৰ ঘৰৰ ঠিকনাটো সিহঁতক দিব লগা দ্বায়িত্বটোও তাৰেই হয়। ইমান যে ধুনীয়াকৈ বুজাই দিয়ে সি সিহঁতক, একেবাৰে কামাখ্যা মন্দিৰৰ পাণ্ডাবোৰে ভক্ত সকলক বুজোৱাদি বুজাই দিয়ে।

চাৰ পিচে মানুহজন বৰ গহীন। অত্যন্ত ভাল মানুহ বুলি সুনাম এটাও আছে চাৰৰ। পিচে কথাহে বৰ কমকৈ কয় তেওঁ। এটা দুটা শব্দও ফুটো-নুফুটোকৈ হে ফুটে মুখৰ পৰা। বৰ্মনৰ লগত অৱশ্যে বেছ আন্তৰিকতাৰে নিসংকোচে সকলো কথা পাতে চাৰে। পাৰ্টিবোৰে চাৰৰ লগত কথা পাতিবলৈ বিশেষ সুযোগ সুবিধা নেপায়৷ সংকোচ কৰি বেছি ভাগে বৰ্মনৰ লগতেই নিজৰ সমস্যাৰ আলাপ আলোচনা কৰি সমস্যা সমাধানৰ বাট বিচাৰে। পূৰ্ণ সুযোগ গ্ৰহণ কৰে বৰ্মনেও। কিছুমানেতো বৰ্মনকেই “চাৰ” বুলি ভাবি বৰ্মনৰ লগতে কথা পাতি তাৰ প্ৰলোভনত প্ৰলোভিত হৈ নৈবেদ‍্য এভাগ তাক আগবঢ়াই গুছি যায়। ভাগটো বৰ বেছি ডাঙৰ নহ’লে বৰ্মনৰ পকেটতে থাকি যায়। কিনো আৰু ইমান ডাঙৰ কথা?

পিচে “দুৰ্নীতি মুক্ত ভাৰত তথা অসম” – ভয়ো লাগে কেতিয়াবা বৰ্মনৰ। সেই কাৰণে অফিচৰ বাহিৰত থকা চাহৰ হোটেলখনতে ৰঙা ৰঙৰ চোলা অথবা জেকেটটো পিন্ধি বহি থাকে সি পাৰ্টিবোৰক দি থোৱা সময় মতে।

বেলেগ এটা ডিপাৰ্টমেণ্টত ফাইল লৈ যাব লগীয়া হোৱা বৰ্মনে তাৰ পৰা আহি চাৰৰ কোঠাত সোমাইছিলহে –

: অই, ক’ত আছিলি ইমান সময়? যা, যা। চাহৰ দোকানখনলৈ যা সোনকালে। মই এইমাত্ৰ আদবয়সীয়া মানুহ এজন পঠিয়াই দিছোঁ তোৰ হোটেলখনলৈ। বেতকুছি নে কেয়াকুছি কৰবাৰ পৰা আহিছে বোলে। যিহে বুৰ্বক টাইপ দেখিলোঁ, তোৰ লগতেই ভাল কৈ কথা পাতি লবলৈ কৈছোঁ মানুহজনক। পিচে হোটেলখনহে বা এতিয়া সি বিচাৰি পায় নে নেপায়? তই যাচোন সোনকালে। মই কৈ পঠিয়াইছোঁ মানুহজনক বোলে ৰঙা ৰঙৰ জেকেট পিন্ধা মানুহটোক ……!

অকনো পলম নকৰাকৈ বৰ্মনে লৰালৰিকৈ চাহৰ হোটেলৰ পিনে খোজ ল’লে যদিও খোজবোৰ যেন অলপ থৰক-বৰক হ’ল। মূৰটোও অলপ আচন্দ্ৰাই কৰা যেন লাগিল বৰ্মনৰ। কৰ পৰা বা আহিছে মানুহজন? বেতকুছি নে কেয়াকুছি?

চাহৰ হোটেলখনত হে কাকো নেদেখিলে সি। হোটেলৰ ল’ৰাটোক সুধিলে,

: কোনোবা আহিছিল ৰঙা জেকেট পিন্ধা মানুহ বিচাৰি?

নেতিবাচক উত্তৰটো পাই চাহ একাপৰেই অৰ্ডাৰ দি মানুহজনৰ অপেক্ষাত হোটেলৰ সমুখতে থকা বেঞ্চখনতে বহি ল’লে সি। তেনেতে, তাকেই উদ্দেশ্যি কোনোবাই দূৰৈৰ পৰা গাঁৱত ৰিঙিয়াই মতাৰ নিচিনাকৈ “লাতু বোপা, লাতু বোপা ঔ” বুলি চিঞৰি চিঞৰি মতা যেন অনুভৱ হ’ল তাৰ। উচপ খাই উঠিল সি। কি কৰা যায় এতিয়া?

“উফ্, মানুহজন এইখিনি আহি পাবহিয়ে এতিয়া। ক’ত পলাও এতিয়া, ক’লৈ যাওঁ? মোৰ ওচৰ চপাৰ আগতেই এই জেকেটটোকে খুলি কৰবাত দলিয়াই পেলাব পৰাহেঁতেন!” – উশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল বৰ্মনৰ। মুখখন ঘূৰাই পিছপিনে মানুহজনৰ মুখলৈ চোৱাৰ সাহসকনো নাইকিয়া হ’ল। “মাতটোও চোন অতিকৈ চিনাকি! আমাক সকলোকে সৰুতে নীতি-শিক্ষাৰ সাধুকথা শুনোৱা, ঘৰলৈ গ’লেই মোক লৈ গৰ্বতে ওফন্দি উঠা আমাৰেই অতি মৰমৰ আমাৰ গাঁৱৰ হৰেন দাইটিৰ মাতচোন এইটো।”

“সৰু থাকোঁতে দেউতাৰ হঠাতে মৃত্যু হোৱাত দাইটিয়েই আগভাগ লৈ ৰাইজৰ পৰা মোৰ পঢ়া-শুনাৰ খৰছ যোগাৰ কৰি দিছিল। এতিয়া মোক লৈ বহুত গৰ্ববোধ কৰে তেওঁ। যোৱা বছৰ বিহুত ঘৰলৈ যাওঁতে নামঘৰ নিৰ্মাণৰ বাবে টকা পাঁচ হাজাৰৰ কথা কোৱাৰ লগে লগেই উলিয়াই দিছিলোঁ বাবে কম সন্মান দিছিল নে মোক গাঁৱৰ সমূহ ৰাইজৰ আগত! ৰাজহুৱা সভা পাতি দাইটিয়েই গামোচা পিন্ধাইছিল মোক। গাঁৱৰ উতনুৱা ডেকাবোৰক মোৰ উদাহৰণ দি ককৰ্থনা কৰিছিল সেই দিনা। কৃষ্ণ, কৃষ্ণ!! ক’ত পলাও ঔ মই এতিয়া??

হে ভগৱান! কি কৰোঁ এতিয়া? তুমি বচালেহে বচোৱা আৰু আজি মোক৷ হে আই বসুমতী, ফাট মেলা পাতালে লুকাওঁ।”

জেকেটটো কোনোমতে খুলি হোটেলৰ ল’ৰাটোৰ গালৈ দলিয়াই

: হোঁ, এইটো ল‌। এইটো আজিৰ পৰা তোৰ। অই সোনকালে পিন্ধি ল’বি এইটো। মানুহ এজন আহি আছে, কথা পাতিবি ভালকৈ।

বুলি কৈয়েই একো নুশুনা ভাৱত হাতত তুলি লোৱা চাহৰ কাপটোও তাতেই এৰি ততাতৈয়াকৈ খৰখোজেৰে হোটেলৰ পিছ দুৱাৰেৰে অন্তৰ্ধ‍্যান হ’ল বৰ্মন। মানুহজন হোটেলত সোমাই ল’ৰাটোৰ লগত কথা পাতি আছে। তেনেতে বৰ্মন সোমাই গৈ মাত লগালে,

: এঃ, দাইটি দেখোন! কিবা কামত আহিছিল হ’বলা এইফালে! পিচে ভোক লাগিছে হ’ব পায় আপোনাৰ! আহক, আহক খাই লওক কিবা এটা।

: হওঁতে কাম এটাৰ কাৰণেই আহিছিলোঁ অ’ বোপাই। পিচে চাৰজনেহে কামটোৰ কথাটো ভালকৈ শুনিবলৈকেই ইচ্ছা নকৰিলে। ৰঙা জেকেট পিন্ধা দালাল এটাকহে লগ কৰিবলৈ পঠিয়াই দিলে এই হোটেলখনলৈ। আহি থাকোঁতে হঠাৎ চকামকাকৈ ৰঙা জেকেটটো দেখা পোৱা যেন পাইছিলোঁ, তোকো হোটেলত সোমোৱাৰ আগতেই দেখা যেন পাইছিলোঁ। লাতু, লাতু বুলি ইমানকৈ মাতিলোঁ- হেঃ হেঃ হেঃ। পিচে, হোটেলত সোমাইহে দেখিলোঁ, সৌটোচোন ৰঙা জেকেটটো! পৰি আছে মাটিত। দালালজনহে নাইচোন! কলৈ বা গ’ল? চকু দুটাতো চানি মানে কেটেৰেক্ট পৰিল নহয় মোৰ! নেদেখা হ’লো আৰু ভালকৈ, বোপাই। আঁঠু দুটাও গ’ল, বাত বিষে মানে অষ্টিওআৰ্থ্ৰাইটিছ ৰোগে আক্ৰমণ কৰিছে, খোজটোও খৰকৈ দিব নোৱাৰা হ’লো নহয়! পিচে কামটোহে!

দাইটিয়ে কৈ থাকিল এফালৰ পৰা কিবাকিবিবোৰ। বৰ্মনৰহে পিচে নোসোমাল একো এটা কাণত।

“ভাগ‍্যে দাইটিৰ দুইটা চকুতে চানি পৰিছে। চানি পৰাৰ বাবেই আজি মোৰ মুখখন দেখা নেপালে দাইটিয়ে! দেখা পালে যে কি হ’লহেঁতেন আজি মোৰ! ইমান কৈ নীতি শিক্ষাৰ জ্ঞান দিয়াৰ স্বত্তেও আজি মোৰ এই অৱস্থা দেখিলে বৰ দুখ পালেহেঁতেন চাগৈ মানুহজনে! ভাল বচালে আজি মোক দাইটিৰ দুচকুৰ চানি মানে কেটেৰেক্ট দুখনে আৰু বাত বিষ মানে অষ্টিওআৰ্থ্ৰাইটিছ ৰোগে! হে চানি ভগৱান, হে কেটেৰেক্ট ভগৱান! হে বাত বিষ প্ৰভু ইশ্বৰ, হে অষ্টিওআৰ্থ্ৰাইটিছ প্ৰভু ইশ্বৰ! ভাল বচালা আজি তোমালোকে মোক! মোৰ মান-সন্মান বচাই দিলা আজি তোমালোকে! নামঘৰত আৰু টকা পাঁচ হাজাৰ দিম, চানি ভগৱান, কেটেৰেক্ট প্ৰভু, বাত বিষ প্ৰভু ইশ্বৰ আৰু অষ্টিওআৰ্থ্ৰাইটিছ প্ৰভু ইশ্বৰৰ নামত। আজি বৰ বেয়া দিন আছিল ঔ মোৰ। কিবাকৈ বাচিলোঁ বুলি হে!”

দুচকুৰ সমুখত বাৰে বাৰে পত্নীৰ মুখখনে দোলা দিবলৈ ধৰিলে বৰ্মনৰ৷

“পুৱাই পুৱাই মৰতীজনীয়ে ৰঙা জেকেটতোৰ পিছত লাগি আছিল নহয়! চালি কুলক্ষণী, নাদৰ ভেকুলী! কুছ ভী নহী সমজতী হেই ঔ ঔৰত! আজি তাইক মই ঘৰলৈ গৈ…! বাপ্পেকে….!”

☆★☆★☆

2 Comments

  • ৰাজীৱ

    যত দোষ নন্দঘোষ।এতিয়া ৰঙা জেকেট এৰিবলৈ কোৱাজনীৰ গাতহে দোষ লাগিল।

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.