ফটাঢোল

ৰসৰাজ বেজবৰুৱা আৰু কৃপাবৰী শৈলী – যোজনাগন্ধা পাঠক

কৃপাবৰ বৰুৱা! জন্ম ঊনবিংশ শতিকাৰ প্ৰথম ভাগত৷ বংগদেশত৷ ‘জোনাকী’ কাকতত৷ সাহিত্যৰথী বেজবৰুৱাদেৱে কেৱল ৰস বা সাহিত্য সৃষ্টিৰ খাটিৰতে নহয়, অসমীয়া জাতিক স্বৰূপাৰ্থত গঢ় দিবলৈহে কৃপাবৰক জন্ম দিছিল৷ ‘জোনাকী’ৰ দ্বিতীয় বছৰ সপ্তম সংখ্যাৰ পৰা আৰম্ভ হোৱা কৃপাবৰী ৰচনা নিৰৱচ্ছিন্নভাবে জোনাকীৰ পাছত ‘বাঁহী’ত প্ৰকাশিত হৈছিল৷ বিক্ষিপ্তভাবে পৰৱৰ্তী সময়ৰ কাকতত দুই এটা ৰচনা প্ৰকাশিত হোৱাৰ পাচত প্ৰবন্ধসমূহ পুথি আকাৰে সংকলিত হয়৷ বাহ্যিক দৃষ্টিত তত্ত্বকথাৰ স্ৰষ্টা বেজবৰুৱা আৰু কৃপাবৰী ৰচনাৰ বেজবৰুৱাক দুজন ভিন্ন ব্যক্তি যেন লাগিব পাৰে৷ কিন্তু, দকৈ গমি চালে স্পষ্ট হৈ পৰে বেজবৰুৱাৰ বিশাল ব্যক্তিত্বৰ পৰিসৰ৷ দৰাচলতে গভীৰ চিন্তাশীল লেখকৰ পক্ষেহে সাৰ্থক হাস্যৰস আৰু শ্লেষৰ সৃষ্টি সম্ভৱ৷

অননুকৰণীয় কৃপাবৰী শৈলী হাঁহি-চকুলো-আশাবাদৰ অপূৰ্ব মিশ্ৰণ৷ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি,বৰবৰুৱাৰ বুলনি,বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি( ১ম আৰু ২য় খণ্ড), বৰবৰুৱাৰ চিন্তাৰ শিলগুটি, বৰবৰুৱাৰ সাহিত্যিক ৰচনা আৰু কৃপাবৰ বৰুৱাৰ সামৰণি– এই আঠোখন কৃপাবৰী গ্ৰন্থ সৰ্বমুঠ দুশ পঁইত্ৰিশটা প্ৰবন্ধৰে সন্মিলিত৷

কৃপাবৰৰ হাঁহি আছিল দৰাচলতে কান্দোন লুকুৱাবৰ নিমিত্তে মৰা হাঁহি৷ ইংৰাজী দুই চাৰিটা শব্দ শিকি ইংৰাজী ভাষাৰে প্ৰেম কৰা অথবা হাকিম-পুত্ৰই চহা অনাখৰী পিতৃক অপমান কৰা আদি সহিব নোৱাৰিছিল বাবেই সেইসমূহৰ বিৰুদ্ধে কাপ-মৈলাম চলাবলৈ তেওঁ সদা প্ৰস্তুত আছিল৷ ‘সমাজিক’ প্ৰবন্ধত ব্ৰাহ্মণ, গোসাঁই, মহন্ত, পুলিচ আৰু ডা-ডাঙৰীয়াসকলৰ দুৰ্নীতি, আক্ৰোশ ইত্যাদিৰ বিৰুদ্ধে তেখেত সৰব হৈ উঠিছে৷ ‘বিষয় আৰু বিষয়া’ প্ৰবন্ধত শিক্ষিত আৰু আমোলাসকলৰ উপাধি মোহৰ ওপৰত কৃপাবৰে বিদ্ৰূপ কৰিছে৷ ‘বৰবৰুৱাৰ বিয়া আৰু জীৱিকাৰ উপায়’ প্ৰবন্ধত চাকৰি মোহ আৰু বিবাহ আদিজনিত অবিচাৰসমূহ উনুকিয়াইছে৷ ‘কবিতা’ প্ৰবন্ধত কাব্যকলা আয়ত্ত কৰিবৰ চেষ্টা নকৰি কবিতা লিখাৰ অপচেষ্টাক ব্যঙ্গ কৰিছে৷ ‘কঁকালৰ বিষ ভাল কৰিবৰ উপায়’ চিকিৎসাৰ প্ৰতি অবৈজ্ঞানিক মনোভাৱ সম্পৰ্কে হাঁহিৰ মাজেৰে আক্ৰমণ কৰি সমাজক সজাগ কৰিবলৈ বিচাৰিছে৷ কেইবাটাও প্ৰবন্ধত তেখেতে ধৰণ-কৰণ আৰু অসমীয়াৰ অন্ধ অনুকৰণৰ মোহক তীব্ৰ শ্লেষাত্মক বাক্যবাণেৰে থকাসৰকা কৰিছে৷

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ কথাৰে ক’ব পাৰি,-“কৃপাবৰ বৰুৱাৰ অৱতাৰ অবিহনে, তেওঁৰ মুকলি ভাবোচ্ছাস আৰু সানমিহলি ৰচনাশৈলীৰ অবাধ গতিৰ ধাৰ বোওৱা সম্ভৱপৰ নহ’লহেঁতেন৷” ‘বন্দে মাতৰম্‌’ প্ৰবন্ধত বংকিমচন্দ্ৰই ৰচনা কৰা জনমভূমিক বন্দনা কৰা গীতটিৰ কথা আৰু ধ্বনিৰ অতিপ্ৰয়োগ আৰু লঘুপ্ৰয়োগ বৰবৰুৱাই সহিব পৰা নাছিল৷ আকৌ এঠাইত ‘জোনাকী’ ৰ কৃপাবৰ বৰুৱা পৰৱৰ্তী সময়ত বৰবৰুৱা হোৱাত কৃপাবৰে নিজেই হাঁহি- খিকিন্দালি তুলিছে : “হেৰ’ পৰুৱা, কিয় হ’লি তই বৰবৰুৱা? আগেয়ে আছিলি তই পৰুৱাৰ বৰুৱা হৈ ; নিগমে মৰিলি তই বৰবৰুৱা বিষয় লৈ!”(বেজবৰুৱা গ্ৰন্থাৱলী)

কৃপাবৰ বৰুৱা, কৃপাবৰ বৰবৰুৱা ছদ্মনামেৰে বেজবৰুৱাদেৱে মুক্ত আকাশৰ তলত অবাধ বিচৰণ কৰি যি পৰিতৃপ্তি লাভ কৰিছিল, সেয়া তেখেতে সাহিত্যৰ আনবোৰ শাখাত লাভ কৰা তৃপ্তিতকৈ সম্পূৰ্ণ সুকীয়া৷ চিন্তাৰ ক্ষেত্ৰত বেজবৰুৱা যেনে স্বাধীনচিতীয়া আছিল, ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো তেখেত আছিল নিৰ্ভীক৷ এইপ্ৰসংগত বেজবৰুৱাদেৱৰ কেইআষাৰমান কথা উনুকিয়ালোঁ-
(১) “ভয়েই মানুহৰ প্ৰধান শত্ৰু৷ যদি আধ্যাত্মিক, মানসিক আৰু শাৰীৰিক স্বাধীনতা লাভ কৰিব খুজিছা, তেন্তে এই শত্ৰুক জয় কৰা” (বাঁহী ; ৬ষ্ঠ বছৰ, ১ম সংখ্যা)
(২) “ভাষা জীয়া বস্তু, তাৰ বৃদ্ধি আছে, হেমকোষৰ লোৰ শিকলিয়ে সদায় তাক বান্ধি ৰাখিব নোৱাৰে আৰু ৰখাটো বিপদৰহে চিন, সম্পদৰ নহয়৷” (বেজবৰুৱা গ্ৰন্থাৱলী)

বাণীকান্ত কাকতিদেৱে কৈ গৈছে- “বেজবৰুৱা য’তে থাকক তেওঁৰ হিয়া পৰি আছে অসমৰ হাবি-বননিৰ মাজত, তেওঁ বঙালীৰ সন্দেশ-মিঠাই খাই থাকিলেও তেওঁৰ জিভাৰ পানী পৰে এতিয়াও অসমীয়া কাহুদী-খাৰলিৰ সোঁৱৰণীত”৷ অসমীয়া মানুহৰ দুৰ্বলতাক ব্যঙ্গ কৰা বেজবৰুৱাদেৱৰ স্বদেশপ্ৰীতিৰ অংগ৷ সেয়ে তেখেতে পৰা গালিবোৰো সোৱাদময়৷ বৰবৰুৱাৰ নিজৰ ভাষাৰে-“কোনো লোকৰ গাত, কোনো সমাজৰ গাত যদি তুমি ঘা দেখিলা, তেন্তে ততালিকে নেমুটেঙ্গাৰ ৰসত বিদ্ৰোপাত্মক বা ব্যঙ্গসূচক কবিতা খৰাই তাত ছটিয়াই দিব পাৰা৷ এই ঔষধ প্ৰয়োগ কৰা বাবে যদি ৰোগীয়ে বৰকৈ চেঙালুটি পাৰে, তেনেহ’লে তেওঁৰ কাণৰ ওচৰত ‘সহিলে সম্পদক পায়’ আৰু ‘ধৈৰ্যগুণ’ এইকথা সোঁৱৰাই ঠাইতে তুমি আঁতৰ হ’বা৷ নহ’লে তেওঁক কান্ধত ল’ব লাগিব৷” (বেজবৰুৱা গ্ৰন্থাৱলী/ ২য় খণ্ড)৷ কৃপাবৰী ব্যঙ্গৰ এয়াই মূল কথা৷ বেজবৰুৱাদেৱৰ উদ্দেশ্য আছিল অসমীয়া সমাজক আত্ম-বিস্মৃত, কু-সংস্কাৰ, এলান্ধুকলীয়া ৰীতি-নীতি মধ্যবিত্তীয় ভেম- ভণ্ডামি ইত্যাদিৰ পৰা আঁতৰাই প্ৰত্যয়দীপ্ত জাতিৰূপে জগাই তুলি জ্ঞানৰ বিকাশ সাধনেৰে আলোকিত কৰা৷ নলিনীধৰ ভট্টাচাৰ্যদেৱে ক’বৰ দৰে–“কুৰি শতিকাৰ আগছোৱাত তেওঁ (লক্ষ্মীনাথ বেজবৰুৱা) অসমীয়া জাতীয় সত্বাৰ অপ্ৰতিদ্বন্দ্বী নায়ক, মৃত্যুৰ পিছতো জুলিয়াছ চিজাৰৰ ‘স্পিৰিট’ ৰ দৰে বেজবৰুৱাৰ ‘স্পিৰিটে’ অসমীয়া মানুহক সঁকিয়াই আছে৷”

ঊনবিংশ শতাব্দীৰ অসমীয়া সমাজ- সংস্কৃতিৰ বিসংগতিসমূহ কৃপাবৰে আনুবীক্ষণিক দৃষ্টিৰে লক্ষ্য কৰি হাস্য-ব্যঙ্গৰ মাজেৰে যথাৰ্থৰূপত উপস্থাপন কৰিছিল৷ আত্মসংশোধনৰ মন্ত্ৰ দিবলৈ যাওঁতে কৃপাবৰী ব্যঙ্গত সমাজ ৰাজনীতি একো বাদ পৰা নাছিল৷ যিবোৰৰ মূল্য সমাজ-বুৰঞ্জীৰ ফালৰ পৰা অপৰিসীম৷ তদুপৰি কুসংস্কাৰ, অন্ধবিশ্বাস, মধ্যবিত্তৰ ফোপোলা ভেম ইত্যাদি আজিও আমাৰ সমাজত ন ন ৰূপত দেখা দিয়া ব্যাধি৷ সেইদিশৰ পৰাও কৃপাবৰী ৰচনাৰ প্ৰাসংগিকতা আজিও আছে৷ বিশেষকৈ মাতৃভাষা শুদ্ধ আৰু শুৱলাকৈ লিখা আৰু চিন্তাৰ ক্ষেত্ৰত বেজবৰুৱাদেৱক উত্তৰসুৰীসকলে সদায়ে স্মৰণ কৰাটো বিশেষভাৱে প্ৰয়োজনীয়৷ গভীৰ সমাজ চেতনা আৰু দেশ-জাতিৰ প্ৰতি অদম্য ভালপোৱাই বেজবৰুৱাদেৱক সাহসী কৰি তুলিছিল৷ তেখেতৰ মূল লক্ষ্য আছিল এলেহুৱা সোৰোপা অসমীয়াক সাহিয়াল, কৰ্মদ্যোগী,পটু মানুহ হিচাপে গঢ় দিয়া৷ সাহসী আছিল বাবেই তেখেতে প্ৰচলিত পৰম্পৰা আৰু বিসংগতিত আঙুলি টোঁৱাই তীব্ৰ কটাক্ষৰে সেয়া প্ৰগতিৰ বাটৰ অন্তৰায় বুলি বুজাই দিব পাৰিছিল৷আৰু সেয়াই তেখেতক আধুনিকতাৰ নিৰ্ভীক পদাতিক হিচাপে প্ৰতিষ্ঠা কৰিলে৷

☆★☆★☆

Leave a Reply

Your email address will not be published.