ফটাঢোল

ৰস-সম্ৰাজ্ঞী চেতনা দাসৰ সৈতে এক অন্তৰংগ আলাপ

অসমীয়া ছবি আৰু অভিনেত্ৰী চেতনা দাস- এই দুয়োটা নামেই ইটোৱে-সিটোৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত। ক’বলৈ গ’লে যেন একেটি মুদ্ৰাৰ ইপিঠি-সিপিঠি।

নিজকে মঞ্চ অভিনেত্ৰী বুলি অভিহিত কৰিলেও অসমীয়া ছবি জগতলৈ চেতনা দাসৰ অৱদান যে অপৰিসীম সেয়া অসমীয়া ছবিজগতৰ লগত জড়িত শিল্পী-কলা-কুশলীকে আদি কৰি সমগ্ৰ অসমবাসীয়ে অন্তঃকৰণেৰে সমৰ্থন কৰে।

বিগত কেবাদশক ধৰি অসমৰ মঞ্চ তথা ছবিজগতত নিজৰ অস্তিত্ব বৰ্তাই অহা চেতনা দাস কেৱল অভিনয়ৰ লগত জড়িত শিল্পী বুলি ক’লে ভুল কোৱা হ’ব। তেওঁক অসমৰ মানুহে যেতিয়াই বিচাৰে কাষতে পায়। সেয়ে তেওঁ কৰ্মক্ষেত্ৰলৈ অহা-যোৱাৰ পথত গুৱাহাটীৰ চিটিবাছত হাজাৰজনে বেঢ়ি-কুঢ়ি ধৰে। হাঁহিৰে সেই বাছযাত্ৰীসকলৰ হৃদয় মুখৰিত কৰি চেতনা দাসে কেতিয়াবা নিজৰ গন্তব্যস্থলত নামিবলৈও পাহৰি যায়। সেয়াই সকলোৰে মৰমৰ চেতনা দাস।

অসমীয়া ছবিজগতৰ এজন লেখলবলগীয়া পৰিচালক নিপ বৰুৱাৰ ছবি “বৰুৱাৰ সংসাৰ”ত অভিনয়েৰে চেতনা দাসে ৰূপালী পৰ্দাৰ জয়যাত্ৰা আৰম্ভ কৰে। চেতনা দাসৰ অভিনয় সদায়েই অতুলনীয় বুলি গণ্য কৰা হৈ আহিছে। প্ৰতিখন ছবিতেই তেওঁ নিজৰ অভিনয়েৰে দৰ্শকৰ মনত সাঁচ বহুৱাই আহিব পাৰিছে।

কেৱল চিনেমা, ৰংগমঞ্চই নহয়, যিকোনো এখন মঞ্চতেই, সভাতে অথবা ঠাইতেই চেতনা দাসৰ উপস্থিতি মানে হো-হোৱাই হোৱা হাঁহিৰ খলকনিৰ ঢৌ বহু দূৰলৈকে শুনা যায়। সেয়াই চেতনা দাসৰ জনপ্ৰিয়তাৰ বিস্তৃতি।

হাঁহিৰ ৰসেৰে চৌপাশ বোৱাই পেলাব পৰা গুণটোৰ বাবেই চেতনা দাসক অসমৰ সাংস্কৃতিক মহাসভাই “ৰসৰাণী” উপাধি প্ৰদান কৰিছিল। তেনেদৰে নতুন দিল্লীস্থিত ‘ইন্-লি ফাউন্ডেশ্যনে’ চেতনা দাসক “ৰসৰত্ন” উপাধিৰে বিভূষিত কৰিছিল। লগতে অসম লেখিকা সমাৰোহে চেতনা দাসক তেওঁৰ অভিনয়ৰ দিশত আগবঢঞোৱা অৱদানৰ বাবে “আইদেউ সন্দিকৈ বঁটা” ৰে সন্মানিত কৰিছিল।

আচলতে চেতনা দাস- এই নামটো এতিয়া এটি অনুষ্ঠানৰ নাম। চেতনা দাসে তেজপুৰৰ সুধী মনিষীসকল ক্ৰমে নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদিৰ অধীনত মঞ্চশিল্পৰ দীক্ষা লোৱাৰ সৌভাগ্য হৈছিল। নিজকে সৌভাগ্যৱতী বুলি ভবা চেতনা দাসৰ জীৱনৰ কথাবোৰক জানিবৰ বাবে “ফটাঢোল”ৰ তৰফৰ পৰা ৰামানুজ গোস্বামী আৰু সঞ্জীৱ কুমাৰ ভট্টাচাৰ্যই তেখেতৰ সৈতে হোৱা এক অন্তৰংগ আলাপ পাঠকলৈ আগবঢ়ালো।

ফটাঢোলঃ বাইদেউ, আজিৰ এই চেতনা দাস নামৰ মানুহগৰাকী পৰিপূৰ্ণ হবলৈ নিশ্চয় এটি সুদীৰ্ঘ পৰিক্ৰমাৰে আপুনি আগুৱাই আহিছে..য’ত আছে….অতীতৰ আঁত… তাৰেই আঁত ধৰি আপোনাৰ ঘৰ,  শৈশৱ, স্কুল, শিক্ষাৰ বিষয়ে কিছু ক’ব নেকি?

চেতনা দাসঃ  মোৰ ঘৰ তেজপুৰত, পঢ়িছিলো চিলভাৰ জুবিলী হাইস্কুলত। আচলতে মোৰ শৈশৱৰ আদিছোৱা বৰপেটাত অতিবাহিত হৈছিল। বৰপেটাৰ আমোলাপট্টি স্কুলত মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল। আমোলাপট্টি স্কুলত মই দ্বিতীয় শ্ৰেণীলৈকে পঢ়িছিলো। ক’বলৈ গ’লে, বৰপেটাৰ সুন্দৰীদিয়া সত্র আৰু কীৰ্তনঘৰৰ সত্ৰৰ সংস্কৃতিয়ে মোৰ জীৱনৰ ওপৰত সমগ্ৰ প্ৰভাৱ পেলাইছে| জীৱনৰ আদিপাঠ আৰম্ভ হোৱা সেই পৰিবেশ আছিল মোৰ অতিকৈয়ে নমস্য। হৰেকৃষ্ণ পূজাৰী চাৰলৈ মোৰ মনত পৰে! হৰেকৃষ্ণ পূজাৰী চাৰৰ চাইকেলৰ ধামত গাৰু বান্ধি সত্ৰলৈ যোৱা কথা মোৰ এতিয়াও মনত পৰে। তাৰ পাছতহে তেজপুৰলৈ যাঁও। তেজপুৰৰ চিলভাৰ জুবিলী স্কুলত পঢ়িবলৈ লওঁ। সেয়ে বৰপেটা আৰু তেজপুৰ -দুয়োখন ঠাইৰে প্ৰভাৱ অতিকৈয়ে বেছি |

দৰং কলেজলৈ মুঠ আঠটা সোণৰ পদক বিভিন্ন সাংস্কৃতিক দিশত কঢ়িয়াই আনিছিলো। প্ৰতিযোগিতাবোৰ হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱত। সেইসময়ৰ অধ্যক্ষ হিমেন বৰঠাকুৰক আজিও মই শ্ৰদ্ধাৰে সোঁৱৰোঁ|  সেই সময়ত নিজৰ বিভাগ বুলি নহয়, একেখন কলেজৰে ছাত্রী হিচাবে বিভিন্ন বিভাগৰ শিক্ষাগুৰুসকলে আমাক বৌদ্ধিক আৰু সাংস্কৃতিক দিশত আগুৱাই নিছিল।

আৰু অকল মই বুলিয়েই নহয়, বাকী ছাত্র-ছাত্রীকো সমানেই উৎসাহ দিছিল| শিক্ষাগুৰুসকল ক্ৰমে ডঃ পৰাগ ভট্ট, নাৰায়ণ দাস, সতীশ ভট্ট, গংগা ভট্ট, বিমল হাজৰিকা,  বিনয় নাথ চাৰসকল আছিল আমাৰ দিক-দৰ্শক। সাংস্কৃতিক ক্ষেত্রখনত আগবাঢ়িবলৈ কলেজৰ বন্ধু-বান্ধৱী সকলকো তেওঁলোকে উৎসাহিত কৰিছিল।

ফটাঢোলঃ বাইদেউ,  আপুনি কৈছিল যে স্কুলীয়া দিনৰে পৰা আপুনি গান-নাটৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আছিল। আপোনাৰ সেই স্কুলীয়া জীৱনৰ সাংস্কৃতিক ক্ষেত্রখনৰ লগত জড়িত আপোনাৰ কথা কিছুমান শ্বেয়াৰ কৰিবনে?

চেতনা দাসঃ ১৯৬২ চনত দ্বিতীয়মান শ্ৰেণীত পঢ়ি থাকোঁতেই মই “শোণিত কুঁৱৰী” নাটকত কুজী বুঢ়ীৰ ভাও লৈছিলো। ’ফুটুকাৰ ফেন’মোৰ প্ৰথম মঞ্চস্থ নাটক আছিল।( অলপ ৰৈ)…

বাণ ৰংগমঞ্চত নটসূৰ্য্য ফণী শৰ্মাৰ লগতো অভিনয় কৰিছিলো। সেয়া মোৰ বাবে পৰম সৌভাগ্যৰ কথা বুলি ভাৱোঁ। সত্তৰৰ দশকতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ বাবে অসম ভ্ৰমি ফুৰিছিলোঁ। আচলতে কি জানা,  প্ৰথমে মই গানহে গাইছিলো। কলাগুৰু বিষ্ণুৰাভাদেৱৰ সান্নিধ্য আাৰু তেওঁৰ মৰম-আশীৰ্বাদো পাইছিলো| সেয়া আছিল মোৰ বাবে পৰম সৌভাগ্যৰ কথা।

নৱম শ্ৰেণীত থাকোঁতে ’উপপথ’ নামৰ এখন নাটকত অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰিছিলো। হাঁহি উঠা কথাটো হ’ল সেই নাটকখনত মই এগৰাকী আইতাৰ ভাও লোৱাৰ বিপৰীতে পাছলৈ ভিলেইনৰ ৰোলত অভিনয় কৰা দীনেশ দাস আৰু নিপনদা (নিপন গোস্বামী)য়ে মোৰ পুত্রৰ ভূমিকা লৈছিল।

মোৰ প্ৰথমখন পূৰ্ণাংগ নাটক আছিল ’ছিৰাজ’। তাত মই ’ফাটেমা’ৰ চৰিত্ৰত অভিনয় কৰিছিলো। ইয়াৰ মাজতে সংগীত নাটকম্ নামৰ অনুষ্ঠানটিত পদ্মশ্ৰী শীলা বৰঠাকুৰ আৰু মৃণালী চেতিয়াৰ তত্বাৱধানত বিজ্ঞানসন্মতভাৱে অভিনয় কলা শিকাৰ সুবিধা পাইছিলো। ‘সংগীত নাটকম’ৰ অগ্ৰজসকলৰ উৎসাহ মোৰ জীৱনৰ এক অন্যতম আশীৰ্বাদ বুলি বিশ্বাস কৰোঁ। বৰ সুন্দৰ স্মৃতি সেইবোৰ….। স্বনামধন্য ৰুদ্ৰ বৰুৱা আৰু কৃষ্ণমূৰ্তি হাজৰিকাৰ পৰা অনুপ্ৰেৰণা মোৰ সদা স্মৰণীয়|

এই যে কৈছো বিজ্ঞানসন্মতভাৱে অভিনয় শিকাৰ কথা, সেই দিশটোৰ অন্যতম পুৰোধা ব্যক্তি আছিল দুলাল ৰয়। দুলাল ৰয়ে অভিনয়ৰ কিছুমান গুৰুত্বপূ্ৰ্ণ কথা শিকাইছিল, যিবোৰ মই আজিও মনত ৰাখি আহিছো।

প্ৰকৃততে মঞ্চজগতৰ এজন পুৰোধা ব্যক্তি আছিল দুলাল ৰয়। অভিনয়ৰ ক্ষেত্ৰখনত দুলাল ৰয়ক প্ৰথম লগ পাইছিলো, গতিকে দুলাল ৰয়ে মঞ্চত কেনেধৰণেৰে বিজ্ঞানসন্মত ভাৱে নাটক কৰিব লাগে বা নাটক কৰাৰ কাৰণেই যে কিছুমান পদ্ধতি থাকে, সেই পদ্ধতিবোৰ শিকাইছিল। তেতিয়া আমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কথা একো নাজানিছিৱেই। সেয়াই আছিল আমাৰ অভিনয় জীৱনৰ পঠন-শিকন।

আচলতে আমি বৰ ভাগ্যৱতী আছিলোহে! আমি মানে, আমাৰ দিনত মই, পূৰ্ণিমা পাঠক আৰু ৰুণু দেৱী—আমি তিনিজনী আছিলো,  আৰু তিনিজন অভিনেতা ক্ৰমে প্ৰাঞ্জল শইকীয়া,  ৰবীন নেওগ আৰু খালেক চৌধুৰী আছিল। লগতে হেমন্ত দত্ত আছিল আমাৰ প্ৰডাকছন এছিচটেণ্ট,  আৰু দুলাল দা আছিল প্ৰযোজক। কিন্তু সেই অগ্ৰজসকলৰ মাজত তেনে কোনো অগ্ৰজ অথবা অফিচাৰ অফিচাৰ ভাৱটো কেতিয়াও দেখুওৱা নাছিল,  এতেকে একদম নিজৰ নিজৰ অনুভৱ,  যিটো মানে ককাই-ভনীৰ সম্পৰ্কৰ দৰে আছিল। অৱশ্যে আমাৰ সংশয়ো আছিল দেই! নাটকৰ লগত জড়িতসকলৰ প্ৰতি শ্ৰদ্ধা ভাৱটো আমি সকলোৱে ৰাখিছিলো।

নাটক যে ইমান চিৰিয়াচ কথা এটা,  নাটকৰ বিষয়ে জানিবলগীয়া গুৰুত্বপূৰ্ণ কথাবোৰ,  মানুহে জানিবলগীয়া ইমান ডাঙৰ তাৎপৰ্য থকা বিষয়বস্তু নাটকৰ মাজত নিহিত হৈ আছে সেই সকলোবোৰ আমি শিকিব পাৰিছিলো।

আমি প্ৰথম প্ৰথম যেতিয়া নাটক কৰিছিলো, নাটকৰ সংলাপবোৰ মুখস্থ কৰিছিলো, কৰি ষ্টেজত কৰিছিলো। মানুহে বাহ্ বাহ্ দিছিল, হাত-চাপৰি বজাইছিল, ভাল লাগিছিল। কিন্তু সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত ৰবীন্দ্ৰ ভৱনত চাকৰি কৰি যেতিয়া নাটকৰ বিষয়ে ক-ক-ম-ম শিকিলো, বৰ বেলেগ ধৰণৰ অনুভৱ হৈছিল। আমি নজনা কথা কিমান যে আছে জানিবলৈ….।

এতিয়াও ক’বলৈ গ’লে গছৰ আগমান দিনহে জীৱনৰ বাকী আছেগৈ,  মানে সেই মোৰ জীৱনৰ কথা কৈছো। এতিয়াও নতুনকৈ নাটকৰ লগত জড়িত হোৱা সৰু ল’ৰা এটাৰ পৰাও মই কিবা এটা শিক্ষা ল’ব পাৰোঁ বুলি ভাবোঁ। আচলতে কি জানা, মোৰ শিকাৰ কেতিয়াও শেষ হোৱা নাই। মই ভাবোঁ যে মানুহে ‘মই পাৰিলো আৰু চব জানোঁ‘ বুলি আৰু আহিব পৰা সেই ভাৱটো মোৰ মনলৈ কেতিয়াও নাহে। মই নাক ফুলাই গপ দি সমাজত ঘূৰিবলৈও ভাল নাপাওঁ বুজিছা!

 ফটাঢোলঃ আপোনাৰ জন্মগত ঘৰখন আৰু বিয়াৰ পাছৰ ঘৰখন তথা আপোনাৰ সংসাৰৰ বিষয়ে জনাৰ আগ্ৰহ আছে সকলোৰে….

চেতনা দাসঃ মোৰ স্বামী বিমলানন্দ দাসে মোৰ জীৱনৰ প্ৰত্যেক খোজতে সহায় কৰি আহিছে। আৰু মোৰ শহুৰৰ ঘৰখনক মই সদায় স্বীকৃতি দিম, এইকাৰণে যে  বুকুত শিল বান্ধি বহুত মহিলা আছে অসমৰ চুকে-কোণে, কিয়নো বহুতে ঘৰত সেইখিনি সুবিধা নাপালে। কিন্তু মোৰ পিতা, মোৰ শহুৰ বহুত পুৰণি দিনৰ মানুহ আছিল দেই! তেখেতে শিক্ষা বিভাগত কাম কৰিছিল। মোৰ মা, মামাহঁতক তেখেতে পঢ়ুৱাইছিল। সেইসময়ৰ সমাজখন ৰক্ষণশীল আছিল। মোকতো জানেই যে নাটক মই আগৰে পৰাই কৰিছো।কিন্তু মোক বোৱাৰী বুলি, বোৱাৰী কৰি আনিবলৈ মোৰ শহুৰৰ ঘৰখনে কেতিয়াও দ্বিধাবোধ কৰা নাছিল। কাৰণ আমাৰ দুয়োটা পৰিয়ালৰ মাজত সম্পৰ্ক খুব ভাল আছিল।

মোৰ শহুৰে যদি মোক বাধা দিলেহেঁতেন, মই পাৰিলোহেঁতেন নে?   মইতো অবাধ্য হৈ বা তেখেতৰ কথা অগ্ৰাহ্য কৰি কেতিয়াও এইখন পথাৰলৈ নাহিলোহেঁতেন! কিন্তু মোৰ শহুৰে কৈছিল যে যোৱা,  তোমাৰ প্ৰতিভা আছে। তেখেতে নিজেও নাটক কৰিছিল। আমাৰ কামৰূপীয়া সনাতন মণ্ডলীৰ যিটো শাখা তেজপুৰত আছে, তাত তেখেতসকলে নাটক কৰিছিল। এতেকে সেই তাহানিতে নাটক কৰা মানুহ, সেয়ে নাটক কৰা মানুহ যে বেয়া নহয়,  সেইটো বুজিছিল। তেখেতে কৈছিল যে গুণগত অৰ্হতা যাৰ আছে সেই মানুহখিনিয়ে নাটক কিয় নকৰিব?   তুমি বোৱাৰী হ’লা বুলিয়েই কিয় কাম কৰিব নোৱাৰিবা?   কাৰণ তেওঁ শ্ৰদ্ধাসহকাৰে বাণ থিয়েটাৰৰ অৱদানখিনিক সন্মান জনাইছিল। সেইবিলাক কথাই, সেইখিনিয়ে বহুত অৰিহণা যোগাইছে মোৰ জীৱনত….

মোৰ স্বামী বিমলানন্দ দাসে এয়াৰফৰ্চত চাকৰি কৰিছিল। কিন্তু অৱশেষত এৱোঁ দুলালদাৰ পৰিচালনাতেই নাটক কৰিছিল। অবিনাশ শৰ্মাৰ পৰিচালনাতো নাটক কৰিছে,  এখেতেও কৰিছে, ময়ো কৰিছো।

সেইদৰে মোৰ মাহীদেউ আৰতি বৰুৱা,  স্বপ্ননীল বৰুৱাৰ মাক,  এইসকলো লোকৰ মোৰ জীৱনত যিবিলাক অৱদান আছে—সেইবিলাক স্বীকাৰ কৰিবই লাগিব। গতিকে মই ভাৱোঁ যে মোৰ লগত যিখিনি লোক জড়িত হৈ আহিছে বা যিখিনিয়ে মোৰ কিবা অৰ্হতা আছে বুলি মাতি মোক আগবঢ়াই দিছে সেইখিনি মানুহক মই সদায় শ্ৰদ্ধা সহকাৰে সোঁৱৰোঁ, ভাল পাঁও। হয়তো মোৰ ফুলটাইম মই তেওঁলোকক দিব পৰা নাই, কিন্তু তেওঁলোকক শ্ৰদ্ধা কৰোঁ।

মোৰ ছোৱালী দুজনী। দুয়োজনীকে বিয়া দিলো। জোঁৱাইদুটাও ভাল দেই! ডাঙৰজনীয়ে ভাল অভিনয় কৰে, সৰুজনীয়েও কৰে। ডাঙৰজনীৰ নাম অনিন্দিতা দাস, সৰুজনীৰ নাম দ্বীপান্বিতা দাস। সিহঁত দুজনীয়েও যে মোৰ সংস্কৃতি পাইছে, সেইটোত মোৰ ভাল লাগে। অৱশ্যে মই জোৰ কৰি কৰোৱা নাই। কিন্তু তাহাঁতৰ জন্মগত যিটো প্ৰবৃত্তি সেইটো সিহঁতে জন্মগতভাৱেই পাইছে। জন্মগত মানে যিটো জন্মগতভাৱে থাকে যে,  দেখি দেখি সৰুৰে পৰাই পাই আহিছে যে সেইখিনিৰ কথা কৈছো।

সৰুজনীয়ে ছমাহতে অভিনয় কৰিছিল। “দিল চে”ৰ শ্বটিঙৰ সময়ত পৰিচালক মণিৰত্নমে তাইক সুধিছিল যে তাই অভিনয় কৰিছে নে নাই বুলি! তাই কৈছে যে মই ছয় মাহ বয়স হওঁতেই অভিনয় কৰিছো।

মণিৰত্নমে আকৌ সুধিছিল যে অসমৰ কোন অভিনেত্ৰী ভাল?  তাই টপৰাই উত্তৰ দিছে, -“মোৰ মা ভাল।“ তাই মানে তেনেকৈয়েই ইণ্টাৰভিউ দিছিলে। তেতিয়া মণিৰত্নমে দৌৰি দৌৰি আহি ছেটৰ বাকী মানুহক কৈছিল, – “বোলে এই ছোৱালীজনীৰ কথা শুনাচোন“।

মোৰ সৰু ছোৱালীজনীক বোৱাৰী কৰি নিয়া ঘৰখনৰ  মূল মানুহ, হেমধৰ দত্ত তেখেতৰ নাম। তেখেত বৰ সংস্কৃতিৱান পৰিয়ালৰ,  তেখেতৰ সেই তাহানিতে এটা ষ্টুডিঅ’ও আছিল ঘৰতে। খুব সংস্কৃতিৱান দুয়োটা পৰিয়াল, মোৰ ছোৱালীদুজনীৰ পৰিয়াল। এতেকে মই দুয়োখন ঘৰৰ লগত সম্পৰ্ক ৰাখি খুব ভাল পাইছো। মোক তেওঁলোকে খুব মৰম কৰে, আৰু খুব সন্মান দিয়ে। দুয়োজনী ছোৱালীৰ বাবেই বিবাহৰ বাবে এবাৰ এবাৰেই বিয়ৈ-বিয়নিহঁতে প্ৰস্তাৱ দিছিল, মই কাকোকে বিমুখ কৰা নাই। সঁচাকৈয়ে এইটোতো ঈশ্বৰে মোক সহায় কৰিছে। দুয়োটা পৰিয়ালৰ লগত সম্বন্ধ ৰাখি আমি ভাল পাওঁ, আমাৰ খুব ঘৰুৱা সম্পৰ্ক।

ফটাঢোলঃ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজক হঁহুৱাই ৰখা চেতনা বাইদেউৰ স্কুলীয়া দিনৰ এনে কিবা ঘটনা আছেনে,  যিয়ে আপোনাক আজিও হাঁহিৰ খোৰাক যোগায়?

চেতনা দাসঃ এনেকুৱা বহুকথা আছে হে…. যদিও এটা কথা মনত পৰিলে এতিয়াও হাঁহি উঠে..। ’উপপথ’  মঞ্চস্থ কৰি থাকোতে অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰিব লগীয়া হৈছিল। মঙ্গলদৈ,  গুৱাহাটী,  নলবাৰী আদিত যেতিয়া মঞ্চস্থ কৰিবলৈ আহিছিলো,  ৰাস্তাৰ কাষৰ গলিবোৰত উপপথ বুলি লিখা দেখা পাইছিলো,  কিন্তু তাৰ অৰ্থ ’চাব-ৱে’ৰ সলনি,  আমাৰ মঞ্চস্থ হ’বলগীয়া অহা নাটক ’উপপথ’ ৰহে পোষ্টাৰ বুলি চিনিয়ৰ সকলে বুজাইছিল। দীনেশ দাসে কৈছিল,-

“দেখিছ নহয়?  তহঁতৰ নাটকৰ পোষ্টাৰ ইয়াৰ পৰাই লগাইছে.. খুব ভালকে কৰিবি অভিনয়..।”

ময়ো আৰু বহুদিনলৈ বুইছা,  তেনে বুলিয়েই ভাৱি আছিলো। পাছলৈহে বুজিলোঁ যে উপপথ মানে ’চাৱ-ৱে’ হে বুজাইছিল! আমাৰ সেই নাটক ’উপপথ’ৰ পোষ্টাৰ নহয়|  এতিয়াও ৰাস্তাৰ কাষত ক’ৰবাত উপপথ শব্দটো দেখিলে মোৰ সেই পোষ্টাৰ বুলি ভাবি ভয় খোৱাটো মনত পৰে আৰু মনে মনে বৰ হাঁহি উঠি যায়….।

আৰু এবাৰ কি হৈছিল কওঁ শুনা। তেতিয়া মোৰ ছোৱালীহঁতৰ বিয়া পাতা হোৱা নাছিল। তেতিয়া লক্ষীমপুৰৰ এখন বিহুতলীত ভাষণ দিওঁতে মই ক’লো যে মই বৰ ভাল পাইছো  আপোনালোকক ৰাইজ,  খুব ভাল পাইছো।  সাধাৰণতে মানুহে মৃত্যুৰ পিচতহে এনেকুৱা বিলাক কাম কৰে,  কিন্তু মোক আপোনালোকে যে জীৱিত অৱস্থাতে ইমান ডাঙৰ এটা ৰাস্তাৰ নাম দিলে!  তেতিয়া ইটোৱে-সিটোৰ মুখলৈ চাই, সিটোৱে-ইটোৰ মুখলৈ চাই…ভাবে যে এই বুঢ়ীজনীয়ে কি কৈছে,  মানুহজনীৰ কি হ’ল..এনেকৈ –কিবা পগলাই হ’ল নেকি–!

সেয়ে এজনে সুধিয়েই দিলে, – “কি কথা কৈছে? আমাৰ ইয়াততো আপোনাৰ নামৰ একো দিয়া হোৱা নাই!”

বহুদেৰি মানুহখিনিয়ে এনে গুণা-গঁথাৰ পাছত একেবাৰে শেষত মই কৈছো,- “কেলেই, চি.ডি. ৰোডটো যে সেইটো জানো চেতনা দাস ৰোড নহয়! তেতিয়া গোটেইবোৰ হাঁহিত একদম খলকনি তুলিছে আৰু…। চি.ডি. ৰোড মানে চাউলধোৱা ৰোড, লক্ষীমপুৰ মূল চহৰতে থকা এটা ৰাস্তাৰ নাম।

ফটাঢোলঃ পাৰ হৈ অহা জীৱনত সন্মুখীন হোৱা কিবা সমস্যাৰ কথা ক’ব নেকি?

চেতনা দাসঃ সমস্যা,  মানুহৰ জীৱনত সমস্যা থাকিবই! সেই সমস্যাবোৰক কেনেধৰণেৰে লোৱা যায় সেইটোহে গুৰুত্বপূৰ্ণ। মোৰ জীৱনতো সমস্যাৰ মুখামুখি হৈছো। পিচে যিকোনো সমস্যাকেই জীৱনৰ প্ৰত্যাহ্বান বুলি ল’ব লাগে। মই পিচে এইবোৰক মধুৰ সমস্যা বুলি কওঁ দেই!

মোৰ ভাল লাগিছিল সাংস্কৃতিক সঞ্চালকালয়ত চাকৰি কৰি। তাত সমস্যাৰ সন্মুখীন হৈছিলো, কিন্তু সেইটোৱেই ভাল লাগিছিল। এটা কথা তোমালোকে নিশ্চয়েই লিখিবা যে –এই সাংস্কৃতিক সঞ্চালকালয়ৰ জৰিয়তেই মই অসমবাসী ৰাইজ হওক, বা ভাৰতবৰ্ষৰ মানুহৰ,  বিভিন্ন মানুহৰ লগত মোৰ চা-চিনাকী হৈছো। গতিকে মই কৃতজ্ঞ যে এনেকুৱা এটা মানে,  সংস্কৃতিবান পৰিবেশ,  তাৰ লগত মই কাম কৰিছো। আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ যিবিলাক কৰ্মী আছে, তেওঁলোকক মোৰ একেবাৰে বুকুৰ আপোন যেন অনুভৱ হয়। তেওঁলোকে মোক কেনে ধৰণেৰে ভাৱে মই নেজানো,  কিন্তু মোৰ মানে পিতৃ-মাতৃৰ ঘৰ,  মোৰ শহুৰ-শাহুৰ ঘৰৰ দৰেই মই মোৰ জীৱনৰ বেছিখিনি সময় এই সাংস্কৃতিক সঞ্চালকালয়ত কটাইছো,  আৰু সেইখিনি সময় মোৰ বাবে বহুমূলীয়া সময়। এতেকে মোৰ সেইখিনিও যেন খুব বুকুৰ আপোন।

আচলতে এই সমস্যা বোলা কথাটোত মই বৰ বেছি গুৰুত্ব নিদিওঁ, কিয়নো মোৰ যি আছে সেয়াই মোৰ,  একোতেই একো নহ’ল সেইটো ভাবিবলৈ একেবাৰে নিবিচাৰোঁ। কেতিয়াবা ক’ৰবাত বিপদত পৰিলেও ভাবোঁ,  মোৰ এইখিনি পইচাই আছে, বোপাই এইখিনিকে লৈ যা! এনেদৰেই কাৰোবাক পাৰিছো সহায় কৰিছো…।

ফটাঢোলঃ আপোনাৰ বেগ চুৰি হৈছিল যে….?

চেতনা দাসঃ এবাৰ নহয়,  হাঃ হাঃ হাঃ,  দুবাৰ, নহয় তিনিবাৰ চুৰি হৈছিল। মই মানে মনে মনে ভাৱো দেই, – “মোকনো বাৰু ইমান আঁজলী যেন লাগেনে?  ইফালে মোৰ নাটকে, থিয়েটাৰে সৱকে ইমানকৈ মোক কোবাই-কিলাই ফুৰাই দেখে! ইমান পিটো সকলোকে, কিন্তু মোক ইমান ভয় নকৰাকৈ মোৰেই পকেট মাৰি লৈ যায়….বাৰেপতি…।”

ফটাঢোলঃ এবাৰ পল্টন বজাৰত হৈছিল হ’বলা….!

চেতনা দাসঃ হয়, হয় পল্টনবজাৰত চুৰি হৈছিল। মোৰ মানে সেইদিনাখন বিয়ৈ-বিয়নি আহিব, লক্ষীমপুৰৰ পৰা। এওঁৰ লগত ময়ো গৈছো তেওঁলোকক আনিবলৈ! অকনমান চিপ্ চিপ্ কৈ বৰষুণ পৰি আছিল। এখেতে ময়ে ট্ৰান্সপৰ্ট অফিচত গৈছো, গৈ থাকোঁতে এফালে মানুহবোৰে,- “’অ’ বাইদেউ, আপোনাক ইমান ভাল লাগে” – এইদৰে কৈ নমস্কাৰ কৰি ভিৰ কৰিছে,  মই আৰু গাড়ীৰ আইনাখন খুলি দিছো। এনেকৈ মানুহক হাত দাঙি মাতি থাকোঁতে ল’ৰা এটাই মোক কৈছে,- “বাইদেউ, আপোনাৰ সেই তলত পইচা পৰি আছে৷” মই ভাবিছো ইমান চকচকীয়া নোট, মোৰ পৰাই পৰিল নে? এনেকৈ ভাবি খুব বুটলিছো দেই নোটকেইখন। এখেতে বোলে মোক দূৰৈৰ পৰা দেখি আছে,  ভাবিছে বৰষুণত তিতি এওঁনো কি বিচাৰিছে,  কি বুটলিছে! পিছ মুহূৰ্ততে দেখিছো মোৰ যিটো বেগ,  মইযে মানুহবিলাকক আইনাখন খুলি কথা পাতিছিলো,  মোৰ বেগটো কোনোবাই লৈ গ’ল।

মই পাছত ভাবিলো যে বোপাইহঁত, মোৰ খুব দৰকাৰী কিছুমান বস্তু থাকে নহয়, মাইকীমানুহৰ, আৰু গা-গহণাও ইটো সিটো কিবা আছিল,  আৰু থাকে এটা টেমা। সেইখিনি বস্তু মোক উভতাই দি বাকী যি আছে লৈ যাহ! পইচা-পাতিও কিবা অলপ আছিল, লৈ গ’ল। পাছত জানা মোক টিভিতো সুধিছিল এই ঘটনাটোৰ কথা।

“এহ হ’ব দিয়া,” -এতিয়া ভাবোঁ কাৰোবাৰ চাগৈ প্ৰয়োজন আছিল, লৈ গৈছিল। কিন্তু লগতে এটা কথা ক‘ব বিচাৰোঁ যে সেইটো বেয়া কথা। সঁচাকৈয়ে বেয়া কথা। কাৰণ কেতিয়াবা আমি বহুত বিপদত পৰোঁ। আমি প্ৰায় সকলোৱেই মধ্যবিত্ত মানুহ, পেটে-ভাতে খাই থকা মানুহ। কোনে জানে কোনোবাই হয়তো হস্পিতেলত পইচা দিবলৈ লৈ আনিছে! তেনেকুৱা মানুহ মই চিটিবাছত বহুত লগ পাইছো, বৰ বেজাৰ লাগে জানানে যেতিয়া পকেটমাৰৰ বাবে সকলো হেৰুৱাই, কান্দি-কাটি বাছৰ পৰা নামি যায় যে!

মই বোলো ইমানবিলাক বেয়া কাম কৰিব নাপায় দেই মানুহে! জীৱনত আমি এবাৰেই জন্ম লওঁ। যিখিনি সময় আমি থাকোঁ, ভাল মনৰে, কাৰো অপকাৰ নকৰাকৈ থাকিব লাগে। আমাৰ প্ৰয়োজনীয়তা, অভাৱ সকলোৰে থাকে, কিন্তু সেইবোৰ বেয়া কাম কৰি পূৰাবলৈ গ’লে কি হ’ব! আজি মোক,  ধৰা,  মই এইটো বেয়া কাম কৰিছো,  ভগৱানে মোক কেতিয়াও সহায় নকৰে। ভাল কাম কৰিলে,  পিচমুহূৰ্ততে ভগৱানেও সহায় কৰে। মই আচলতে খুব ভগৱান বিশ্বাস কৰোঁ। আৰু ঈশ্বৰৰ ইচ্ছাত, মই যিখিনি কাম কৰি আছো, তাত সততে সঁহাৰি জনাইছে।

আমাৰ ‘শতদল‘ বুলি এটা অনুষ্ঠান আছে, পুতলী কায়স্থও এই অনুষ্ঠানৰ লগত জড়িত আছে। সেইবিলাক অনুষ্ঠানৰ জৰিয়তে আমি বহুবিলাক সমাজৰ কাম কৰি আহিছো। আজিহে চাফ-চিকুনৰ কথা আহিছে,  আমি কিন্তু মিউনেচিপালিটিয়ে যেতিয়া ’ষ্ট্ৰাইক’কৰিছিল,  এই শতদলৰ জৰিয়তে যিবিলাক ঘোৰা মৰি আছিল, গৰু মৰি আছিল, তেনেকুৱা ধৰণৰ লেতেৰা বস্তুবিলাকো মই নিজ হাতেৰে, গ্লোভছ পিন্ধি, সেইবোৰ তুলি আনি পেলাইছিলো। তেতিয়া তামূলীদেৱ মিউনিচিপালিটিত আছিল। তেখেতে আমাক অলপমান ৰচী, থৈলা দিছিল, লগতে মিউনিচিপালিটিৰ এখন ট্ৰাক দিছিলে। তাতে সেই লেতেৰা বস্তু বিলাক পেলাইছিলো। সেইখিনি কৰি মোৰ ভাল লাগিছি্ল জানা। মই এনেই ভাত খোৱাৰ সময়ত কোনোবাই খেক কৰিলেও অকনমান বেয়া পাইছিলো। কিন্তু মোৰ সেই চাফাইৰ কাম কৰি ভাল লাগিছিল।

ফটাঢোলঃ কাৰোবাক কেতিয়াবা কিবা কথাত বেয়া পাই পাইছেনে অথবা কাৰোবাক আপোনাৰ কিবা কথাই দুখ দিছিল বুলি ভাবেনে?

চেতনা দাসঃ প্ৰথম কথা, মই নাভাবোঁ যে মোৰ কোনোবা শত্ৰু আছে। নাভাবোঁয়েই! আচলতে কিছুমান মানুহে মুখ খুলি কথাটো ক’ব নোৱাৰে। আমাৰ অসমীয়া মানুহে বিশেষকৈ!

শিল্পী-কলা-কুশলীক ভাল পোৱাটো আনবিলাক ৰাজ্যত মানুহে যেনেকে উষ্ণ আদৰণি এটা জনাই দেখুৱাই,  অসমীয়া মানুহে মনেৰে খুব গ্ৰহণ কৰে,  ভালো পাই, কিন্তু খুব হায়ৈ-বিয়ৈ কৰি উলাহ-আদৰণিটো জনাব নাজানে। হয়তো আমি নেজানো,  মোৰ নিজৰ ক্ষেত্ৰতো সেইটো থাকিব পাৰে,  সেইটো মই নেজানো। কিন্তু যেতিয়া তেনেকুৱা ভাল কোনোবাৰ কথা সোধা হয় তেতিয়া,- “হয় হয়, তেখেতক মোৰ খুব ভাল লাগে,” –  সেইটো তেতিয়াহে প্ৰকাশ কৰে।

বেংগলত গ’লে যেনেকুৱা ধৰণৰ এটা অনুভৱ হয়, মানুহে দৌৰি আহে,- “আপনি কি আৰ্টিষ্ট…!”

অৱশ্যে গুৱাহাটীৰ চিটিবাছত যেতিয়া মই অহা-যোৱা কৰোঁ কৰ্মক্ষেত্ৰলৈ, তেতিয়া বাছখনত যিখিনি মানুহ থাকে সেইখিনি মানুহে মোক এনে এক উষ্ণ আদৰণি জনাই যে, সেইমুহূৰ্তত চিটিবাছখন মই গ্ৰীণৰুম যেন অনুভৱ কৰোঁ। চিটিবাছত অহা-যোৱা মানুহে মোক মৰমেৰে উপচাই দিয়ে যেন অনুভৱ হয়।

কেতিয়াবা এনেকুৱাও হয় যে নামিব লাগিছিল ইয়াত, গৈ গৈ পাওঁগৈ বেলেগত! এইখিনিতে নামিব লাগিছিল,  মানে মানুহৰ এই ইমান মৰমত আৱিষ্ট হৈ গৈ গৈ আচল গন্তব্যস্থান নাপাওঁগৈয়ে। এনেকুৱা ধৰণৰ,  এনেবোৰ কথাই মোক বৰ আনন্দ দিয়ে। কাৰণ মোৰ অসমখনেই বেছি প্ৰিয়, অসমৰ মানুহকে আটাইতকৈ বেছি ভাল পাওঁ। আজি যদি মোক মৰম জনাইছে, তেওঁলোকেই জনাইছে।

তোমালোকেনো আজি কেলেই আহিছা, তোমালোকতো নতুন প্ৰজন্ম, তোমালোকে যে মোক বিচাৰিছা, মই সেইটোৱেই ভাল পাইছো। বৰ আনন্দ লভিছোঁ মনত। আচলতে কি জানা,  মাটিৰ তললৈ গ’লে একো এটা লৈ নাযাওঁ,  তোমালোকৰ মৰম-চেনেহ, অসমবাসী ৰাইজৰ আশীৰ্বাদ, ভাৰতবৰ্ষৰ যিবিলাক মানুহে মোক চিনি পাই, মোৰ শিল্প-ক্ৰমত সঁহাৰি জনাইছে, বা শ্ৰদ্ধা সহকাৰে লৈছে, এইবোৰ মানুহৰ কাৰণেইতো জীয়াই আছো, সেইখিনি বস্তুৱেই লৈ যাম….জীৱন যুঁজৰ শেষত…।

ফটাঢোলঃ গণশিল্পী ডঃ ভূপেন হাজৰিকাৰ লগত জড়িত কিবা স্মৃতিৰ কথা কওকচোন….।

চেতনা দাসঃ ভূপেন দাৰ কথানো কি ক’ম! বহু কথাই মনত দোলা দি যায়। তাৰ ভিতৰত ভূপেন দাই এবাৰ কোৱা এষাৰি কথা মোৰ সদায় মনত থাকিব। মই এবাৰ সোণাৰিলৈ গৈছিলো এখন সভাত যোগদান কৰিবলৈ! সেই সভাত  ভূপেন দাও গৈছিল। পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম শতবাৰ্ষিকী সভা আছিল।তাত ভূপেন দাৰ লগতে আন বহুকেইজন সুধী ব্যক্তিক লগ পাইছিলো। ইমান মানুহ, মানুহবিলাকে আগুৰি আগুৰি ধৰিছিল।

ভূপেন দাৰ প্ৰ’গ্ৰেমটো একেবাৰে পিচত ৰখা হৈছিল, এইটো জনা কথা যে ভূপেন দাক আগত দিলে পিচলৈ মানুহ এজনো নাথাকিব। গতিকে মোক আগতে দিলে, দিওঁতে মই তেতিয়া এটা মন্তব্য প্ৰকাশ কৰিছিলো, গোটেই মানুহখিনিয়ে যে আকোঁৱালি ধৰি ইমান মৰম দিছিল। আচলতে সোণাৰীৰ সেই সভাস্থলীলৈ যোৱা আলিবাট ডোখৰ খুব বেয়া আছিল। সেইসময়ত শৰৎ চন্দ্ৰ বৰকটকীদেৱ গড়কাপ্তানী মন্ত্ৰী আছিল। তেখেত তাত উপস্থিত আছিল। তেখেতক মই অনুৰোধ কৰিছিলো যে এই আলিবাটডোখৰ যাতে সোণেৰে গঢ়াই দিয়ে। সোণেৰে গঢ়াই দিলে যাউতিযুগীয়া হ’ব আপোনাৰ নাম। কিয়নো যিসকল অন্তঃসত্বা মাতৃ আছে, তেওঁলোকক যদি হস্পিতেললৈ নিয়া যায়, তেতিয়া হয়তো তেওঁলোকৰ সন্তান গাড়ীতেই জন্ম হ’ব, আৰু তেনেকৈ গাড়ীতেই তেওঁলোক মাতৃ হ’বগৈ!

মোৰ কথাখিনি অকনমান মনঃপুতঃ হোৱাৰ কাৰণেই নেকি ভূপেন দায়ে তেতিয়া খুব আৱেগিক হৈ পেলাই মোক এনেকৈ ধৰি কৈছিলে, -“তই অসমত কেলেই জন্ম হ’লি!”

ভূপেন দাই কোৱা সেই কথাটো মনত ৰৈ গ’ল,  –চেতনা বাইদেউ কিছু সময়ৰ বাবে ৰৈ গৈছিল, চকু চলচলীয়া হৈ পৰিছিল।

“কেৱল ভূপেন দাই নহয়,  আৰু বহুকেইজন গুণী ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিলো। আৰু এটা কথা মোৰ মনলৈ আহে-

তোমালোকে জানানে যে গুৱাহাটীত বৈজয়ন্তী নামৰ এটা পুৰণি ক্লাব আছিল! সেই ক্লাবটোত লক্ষ্যধৰ চৌধুৰীদেৱ আহিছিল, যুগল দাস চাৰ আছিল, অসমৰ আন বহুকেইজন পুৰোধা ব্যক্তি আছিল বৈজয়ন্তীৰ লগত জড়িত হৈ! জীৱেশ্বৰ চক্ৰৱৰ্তী ডাঙৰীয়া আছিলে, তেখেত আকৌ ’সৌভিক’ নামৰ ক্লাৱৰ লগতো জড়িত আছিল।  মই অৱশ্যে’সৌভিক’তো অভিনয় কৰিছিলো। আৰু ’বৈজয়ন্তী’ৰ লগত মই বহুবিলাক পুৰণা নাটক কৰিছো তাহানিতে, অসমৰ বিভিন্ন মঞ্চত। তেওঁলোকক তেনেকুৱাকে পাঁওতে তেওঁলোকে বহুত অনুপ্ৰেৰণা যোগাইছিল। তেওঁলোকৰ লগত মই এখন নাটকত একমাত্ৰ নাৰী চৰিত্ৰ হৈ অভিনয় কৰিছিলো। চৰিত্ৰটোৰ নাম আছিল তগৰ।নাটকখনৰ নাম আছিল “বায়নৰ খোল”। ’বৈজয়ন্তী’ত বৰ্তমানেও কিছুমান পুৰণা মানুহ জড়িত হৈ আছে। আৰতি দাস বৈৰাগী আদিসকল জড়িত আছিল।

সেইদৰে বাণ থিয়েটাৰ, তথা অসম সাহিত্য সভাত মই যেতিয়া গীত গাইছিলো, আগতে গানেই গাইছিলো, তেতিয়া এই তগৰ ফুলৰ যিটো সুবাস, সেই সুৱাসৰ কথা তুলনা কৰি নীলপৱন বৰুৱাৰ দেউতাক বিনন্দ চন্দ্ৰ বৰুৱাদেৱে মোক কৈছিলে যে এই তগৰ ফুলৰ মালাডাল তোমাক পিন্ধাই দিলো, আৰু তগৰ ফুলৰ গোন্ধ যেনেকৈ বিয়পি যায় ঠিক তেনেকৈ তোমাৰ যশস্যা বিয়পি যাওক।

তেখেতে মোক দিয়া সেই আশীৰ্বাদ মোৰ সদায় মনত থাকে। এই কথাটো এইকাৰণেও মোৰ মনত থাকি গ’ল কিয়নো মোক তেতিয়া মোৰ তলৰ ভাইটিটোৱে কৈছিলে, – “যে আজি যেতিয়া ককাজনে তোমাক মালাদাল পিন্ধাই দিলে, এতিয়াতো তোমাক বিদায় দিব লাগিব! গতিকে তুমি টালি-টোপোলা বান্ধি তেখেতৰ লগতেই সংসাৰ কৰিব যোৱাগৈ। এই সূত্ৰেই মোক নীলপৱন বৰুৱাই ’আই’ বুলিয়েই মাতে, আইদেউ বা আই বুলি মাতে মোক ধেমালি কৰিবলৈ…।

সেইবোৰ কথাই মোৰ মনত আচলতে প্ৰভাৱান্বিত কৰিছিল। ভাল লাগিছিল। এইবিলাক এক নিস্বাৰ্থভাৱে আশীৰ্বাদ দিয়া কথা। তাত কোনো স্বাৰ্থ নিহিত হৈ নাথাকে।

ফটাঢোলঃ মানুহেতো আপোনাক কোনেও চেতনা দাস বুলি নকয়….চেতনা বাইদেউ বুলিহে কয়….।

চেতনা দাসঃ চেতনা বাইদেউ বুলি কয় সকলোৱে। সৰুবোৰে বৰমা,  আইতা বুলিও কয়। আৰু এটা কি কয় জানা—“জমনি মাইকী”…..”বিৰাট জমনি মাইকী”…হাঃ হাঃ হাঃ।

এই নামটো প্ৰথম শুনোতেও মই হাঁহি ৰখাব পৰা নাছিলো। আৰু এতিয়াও, যেতিয়াই সেই কথাটো মনলৈ আহে তেতিয়াই মোৰ বৰ হাঁহি উঠে। আৰু বহুত বিলাক নামো আছে। তাৰ ভিতৰত এই ”জমনি মাইকী”-টোত মোৰ সঁচায়ে খুব হাঁহি উঠিছিল।

ভান্তে বাবাই কৈছিল মোৰ কথা এনেকৈ, এই নামটোৰে। মাৰ্ঘেৰিটাত থকা ভান্তে বাবাৰ কথা কৈছোঁ। তেখেতই এই নামটোৰে মোৰ কথা কৈছিল।

মই ভান্তে বাবাক লগ পাবলৈ বৰ হাবিয়াস কৰি আছিলো। তেতিয়া ভান্তে বাবাৰ ইমান বয়স হোৱা নাছিলে,  বহুতৰে মুখত শুনো তেখেতৰ কথা। মই বোলো লিডুলৈ ময়ো যাওঁচোন, মানে ভান্তে বাবাক সকলোৱে লগ পাবলৈ যায়। ময়ো গৈছিলো এবাৰ তেনেকৈ…।

পিচে তাৰ আগতে হোৱা ঘটনা এটাৰ বিষয়ে কৈ লওঁ। মোৰ মানে মাহীৰ ল’ৰা স্বপ্ননীল বৰুৱাই ভান্তে বাবাক লগ কৰিবলৈ গৈছিল। সেইসময়ত ’মিলাঞ্জে’ নামৰ আলোচনীখনত মোৰ এখন ফটো ওলাইছিল। সেই ফটোখন চাই বোলে ভান্তে বাবাই স্বপ্ননীলক মোৰ কথা এনেকৈ কৈছিল,  মানে ”জমনি মাইকী” বুলি….।

স্বপ্ননীল বৰুৱাই মোক ফোন কৰি জনাইছিল। মোৰ ঘৰত মাতা নাম মামন,  সেয়ে স্বপ্ননীলে কৈছিল, – ”মামন, আজি বৰ ডাঙৰ কথা হ’ল,….আজি ভান্তে বাবাক এটা বেলেগ ৰূপত পালো…তোমাৰ ফটো চাই ভান্তে বাবাই কি  কৈছে.+জানানে ?… ”

-”এই মাইকীটো চিনি পাৱনে? এইটো বৰ জমনি মাইকী হয়…বিৰাট জমনি মাইকী হয়…।”

এইদৰে ভান্তে বাবাই ’জমনি মাইকী’ বুলি মোক, মানে মোৰ ফটোখন চাই স্বপ্ননীল বৰুৱাক কৈছিল….।

পাছত মই যেতিয়া তেখেতৰ তালৈ গৈছিলো,  মাৰ্ঘেৰিটাত,  তেতিয়া তেখেতে মোক চিনি পাইছিল,  আৰু উষ্ণ আদৰণি জনাইছিল,  সাৱটি ধৰাটো কোৱা নাই দেই আকৌ….!(বাইদেউৰ সহজাত প্ৰাণখোলা হাঁহি)। মানে তেখেতৰ যিটো মনৰ, অন্তৰৰ যিটো ভালপোৱা সেয়াহে জনাইছিল। মোৰ সেইদিনা বিৰাট ভাল লাগিছিল….।

ফটাঢোলঃ ডঃ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ চিনেমাত আপোনাক প্ৰাধান্যটো অকনমান বেছিকৈ দিয়ে যেন অনুভৱ হয়?

চেতনা দাসঃ হয়,  ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে তেখেতৰ চিনেমাত মোক সৰু ৰোল এটা হ’লেও দিছিল। তেখেতৰ আশীৰ্বাদ পাইছো, আশীৰ্বাদ আছে সদায়। শইকীয়া ছাৰে মোক বিৰাট ভাল পাইছিল। হয়তো সেয়া মোৰ সৰলতাও হ’ব পাৰে, যাৰ বাবে ছাৰৰ মৰম-আশীষ লাভ কৰিবলৈ সক্ষম হৈছিলো। কিবা এটা বেলেগ ধৰণৰ ভাল লাগে ছাৰৰ কথা ভাবিলে, আৰু কি জানা, ছাৰৰ ভৰি দুখন মোৰ—মানে ছাৰৰ চৰণ যুগল মনত পৰে। মনত পেলাইয়ে শ্ৰদ্ধা অনুভৱ কৰোঁ। তেনেদৰে নটসূৰ্য ফণী শৰ্মাৰ চৰণ যুগলো শ্ৰদ্ধাৰে মোৰ মনলৈ আহে।

আচলতে মই এনেও মঞ্চৰহে অভিনেত্ৰী দেই,  কেৱল চিনেমা বুলি নকওঁ। মঞ্চৰ অভিনেত্ৰী হিচাবে মই তেখেতসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা সদায়েই আছে। এতিয়াও মই অভিনয় কৰাৰ বাবে মঞ্চত উঠাৰ আগে আগে তেখেতসকলৰ চৰণবিলাক চিন্তা কৰি উঠোঁ। কাৰণ নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণু ৰাভাদেৱৰ আশীষত তথা বাণ থিয়েটাৰৰ মঁজিয়াৰ পৰাই আগবাঢ়ি আহিছো মই। বাণ থিয়েটাৰৰ মঁজিয়াৰ পৰা ওলাই আহি মই সমগ্ৰ অসমতে আগবঢ়োৱা মোৰ অভিনয়েৰে মই বাণ থিয়েটাৰৰ প্ৰচাৰ-প্ৰসাৰ, দুয়োটাই কৰি আহিছো। সেই মহান ব্যক্তিসকলৰ দিক্দৰ্শনৰ বাবেইহে মোক আজি সকলোৱে চিনি পায়। এতেকে সেইসময়ত বাণ থিয়েটাৰ ঘৰটোত থকা কাঠৰ হাত থকা চকীখনক মই শ্ৰদ্ধা কৰি আহিছো। তেওঁলোকৰ ফটো নহ’লেও, তেওঁলোকে বহা সেই হাত থকা কাঠৰ চকীখনক মই বাণ থিয়েটাৰলৈ গ’লেই বিচাৰি থাকো।

এটা কথা কি জানা তেওঁলোকক স্মৰণ কৰাৰ যিটো নষ্টালজিয়া, সেইয়া সঁচাকৈয়ে অনুপম। সেইবিলাক কথা মই পাহৰিব নোৱাৰোঁ। কাৰণ সেইবিলাক মানুহৰ, সেই পুৰোধা ব্যক্তিসকলৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদতেই মই আজিৰ ক্ষেত্ৰখনত অৱতীৰ্ণ হৈছো।

আৰু যিসকলে মোক ভাল পাই, তেওঁলোকে সদায় কৈয়েই আহিছে।  যেনে মোক সৰুৰে পৰা পোৱা বাদল দাস আছে, দীনেশ দাস আছে, বা নিপন দাহঁত আছে, ঐশ্বৰ্য কাকতি আছে, কবীন বৰুৱা, তথা কিছুসংখ্যক গুণী ব্যক্তি ঢুকাইও গৈছে, সেইসকলোকে আদি কৰি সকলো ব্যক্তিয়েই সদায়েই মোক মৰমৰ চকুৰে চাইছিল। নিজা ভগ্নীসদৃশভাৱেৰে চাইছিল।

মই অভিনয় কৰা ছবি সমূহৰ, ধৰা এতিয়ালৈকে সত্তৰ খনৰো বেছি কৰিলো,  পৰিচালক-প্ৰযোজক সকল যেনে ধৰা,  মুনীন বৰুৱা, চন্দ্ৰ মুদৈ, ডাঃ সান্ত্বনা বৰদলৈ, সঞ্জীৱ হাজৰিকা, অশোক বিষয়া আদিকে ধৰি ভিন্ন সময়ত পোৱা ভিন্নজনলৈ মোৰ সন্মান সদায়েই আছে|  তেওঁলোকে মোক এখন বহল পথাৰ দিলে ৰাইজৰ বেছি কাষ চাপি যাবলৈ। লগতে অভিনেতা অভিনেত্রীসকলৰ কথা কোৱাৰ প্ৰয়োজনেই নাই, কাৰণ তেওঁলোকৰ মাজতেই মোৰ পৃথিৱীখন|

অসমৰ বিভিন্ন মঞ্চত বহুত মানুহ মই লগ পাইছো। বহুত মানুহৰ মৰম–আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছো। মোতকৈ যিসকল ডাঙৰ তেওঁলোকে মোক সদায় মৰমৰ চকুৰে চাইচে। আচলতে মই ভাবোঁ যে মোক কোনেও বেয়াই নাপায়। মই সদায় প’জিটিভিটিত থাকোঁ দেই! মোক কোনোবাই বেয়া পাই বুলি মই নাভাবোঁৱেই! অথবা মই প্ৰকাৰান্তৰে কাৰো অন্যায় কৰা নাই, সেয়ে কাকো বেয়াও পোৱা নাই। কেতিয়াবা মই কিবা কথাত কাৰোবাৰ পৰা দুখ পালেও মই সেইবাবে,  মানে ঈশ্বৰকহে কওঁ–”যে হে ঈশ্বৰ, মোৰ মনটো বেয়া নকৰিবা—তেওঁৰ প্ৰতি সদায় মোৰ ভাল ভাৱ ৰাখিবা।”

মই এটা কথা ভাবোঁ যে মানুহেতো মোকো পাহৰি যাব এটা সময়ত, সেইটোৰ কাৰণে মোৰ কোনো আক্ষেপ নাই। অলপতে মই আমগুৰিলৈ গৈছিলো। আমগুৰি অধিবেশনলৈ। মানে অকল আমগুৰি বুলিয়েই নকওঁ, অসমৰ বিভিন্ন ঠাইত, গাঁও বা চহৰ, চবলৈকে গৈছো, কোনোবা গাঁৱত গৈছো, এই যে কোনোবাই বোকা লিপি আছিলে, আৰু মোক দেখিলে, -অ’ আই অ’এইজনী, বুলি নিজৰ গাতেই হাতখন মোহাৰি আহি মোক যিটো সাৱতি ধৰে, -সেই উষ্ণ আদৰণিটোক মই সদায়েই সন্মান জনাই আহিছো। গোৱৰ মাটিৰ হাতেৰেই নিজৰ গাতে মোহাৰি মোক সাৱতি ধৰিছেহি যে সেইয়া মৰমত ধৰিছে, সেইটো মোক ভালপাই কাৰণেই কৰিছে বুলি ভাবোঁ। য’তেই শ্বুটিঙৰ বাবে গৈছো, ধুনীয়া গছৰ তলত, বাঁহৰ তলত, য’তেই হওক, তেনেকুৱা শ্বুটিং স্পটত চাবলৈ অহা মানুহবিলাকে মোক দেখি, -’আই অ’– বুলি দৌৰি আহি যে তেওঁলোকৰ উৎসাহ প্ৰকাশ কৰে সেইবোৰ তেওঁলোকৰ মৰমৰ উষ্ণ প্ৰকাশ বুলি গণ্য কৰি আহিছো। তেনেকে অসমৰ বিভিন্ন গাঁৱলৈ যাওঁতে লগ পোৱা মহিলাসকল, তেওঁলোকে যে মোক যিটো আগ্ৰহ দেখুৱায়, কেতিয়াবা কোনোবাই তাঁতৰ শাল বা তাঁতৰ পাটৰ পৰাই এখন গামোছা কাটি আনি মোক দিয়ে, সেই মৰমখিনিক মই কেতিয়াও অনীহা কৰিব নোৱাৰোঁ। সেইয়াই হৈছে প্ৰকৃত প্ৰেম। মোৰ কামৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধা ৰাখি মোক নিজৰ বুকুৰ বাই-ভনী বুলি ভাবি দেখুওৱা সেই প্ৰকৃত প্ৰেমৰ বাবেই তেনেদৰে উষ্ণ আদৰণি জনাব পাৰে। সেইটোতকৈ ডাঙৰ সন্মান মোক নেলাগে।

ফটাঢোলঃ “ ফটাঢোল  “ৰ কাৰণে আপুনি কিবা এটা কওক—-আমাৰ মানে “ফটাঢোল”ৰ ৰাইজসকলৰ বাবে, ব্যংগ গোট হিচাবে আপোনাৰ এটা বাৰ্তা…।

চেতনা দাসঃ “ফটাঢোল” বুলি মই নকওঁৱেই দেই, কাৰণ তোমালোকে এক সুন্দৰ সৃষ্টিমূলক কাম কৰিছা। কাৰণ অসমৰ বিভিন্ন ক্ষেত্ৰৰ মানে কলা জগতত কাম কৰা, সাহিত্য-সংস্কৃতি বিষয়বস্তু থকা সকলোকে তোমালোকে একেখন মঞ্চত আদৰণি জনাইছা। নিজৰ ঢাক-ঢোল তোমালোকে নবজায় যে “ফটাঢোল” বুলি সকলোকে বিকাশ কৰিবলৈ চেষ্টা কৰিছা সেইয়া সঁচাকৈয়ে প্ৰশংসনীয়।

মই সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। ভাল হওক তোমালোক সকলোৰে। নতুন প্ৰজন্মই আমাৰ যিবোৰ শিক্ষা-সংস্কৃতি আছে, আহিবলগীয়া শুভ দিন বিলাকত, বিশেষকৈ মাটিৰ গোন্ধ থকা যিবিলাক লোক-সংস্কৃতি আছে, সেইবিলাকৰ গুণগত অৰ্হতাটো যাতে পাহৰি নেযায় সেইটোত চকু ৰখাটো গুৰুত্বপূৰ্ণ। কাৰণ বিজতৰীয়া সংস্কৃতি আমাৰ কেতিয়াও চানেকী হ’ব নোৱাৰে।

মই সদায় আশাবাদী, একো হোৱা নাই, একোৱেইচোন নহ’ল—এই কথাটো মই নাভাবোঁ কোনোদিনেই। জন্মভূমিৰ সুৰক্ষাৰ কাৰণে ঈশ্বৰে সকলোৰে মংগলময় কৰক, ভাল হওক।

■■

শেষত লুচি-ভাজিৰে আদৰ-আপ্যায়ণ কৰি সাদৰী চেতনা বাইদেৱে ”ফটাঢোল”ৰ দুয়োগৰাকী প্ৰতিনিধিক সমগ্ৰ ‘ফটাঢোল’ৰ সদস্যসকল আৰু তেওঁলোকৰ পৰিয়াললৈ ভোগালী বিহুৰ শ্ৰদ্ধা, মৰম আৰু আশীৰ্বাদ বাৰ্তা প্ৰেৰণ কৰে। লগতে নতুন প্ৰজন্মৰ অসমীয়া ভাষাত ইণ্টাৰনেটৰ জৰিয়তে এনেবোৰ কামৰ বাবে, আমাৰ সকলোৰে মৰমৰ চেতনা বাইদেউৱে “ফটাঢোল”ক বৰ মৰমেৰে আঁকোৱালি ভূয়সী প্ৰশংসা কৰে|

19 Comments

  • বিকাশ শইকীয়া

    মজ্জা। ভাল লাগিল জমনি মাইকীৰ কথা প্ৰথম পঢ়িলো আজি।

    Reply
    • Gitika Saikia

      বাইদেউৰ কথাবোৰেই বহুত ৰসলগা।

      Reply
  • Silpasree

    বৰ ভাল লাগিল সাক্ষাৎকাৰটো পঢ়ি।

    Reply
  • Manash saikia

    পঢ়ি মজা লাগিল৷ ‘জমনি মাইকী’ টো বিশেষণটো সাংঘাতিক৷
    বাইদেউৰ সুস্বাস্হ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ৷

    Reply
  • পাৰবীন

    উপপথ ! ধেত তেৰি
    মজা লাগিল ।

    Reply
  • অৰ্চনাময়ী বড়া

    চেতনা দাস বাইদেউৰ বিষয়ে নজনা বহুতো কথা জানিব পাৰি ভাল লাগিল.

    Reply
  • হেমন্ত কাকতি

    খুউৱ ফাটাফাটী সাক্ষাৎকাৰ হৈছে৷ চুপাৰ হিট৷
    বাইডেউৰ বিষয়ে বহুত কথাই জানিলোঁ৷

    Reply
  • rintu

    খুব সুন্দৰ হৈছে ইণ্টাৰভিউটো, একেবাৰে ঘৰুৱা কথোপকথন যেন লাগিছে, কোনো কৃত্ৰিমতা নাই।

    এই আপাহতে ৰামানুজ আৰু সঞ্জীবলৈ অভিনন্দন আৰু কৃতজ্ঞতা যাচিলো, ইমান ধুনীয়াকৈ সাক্ষাৎকাৰটো সংগ্ৰহ কৰা বাবে।

    চেতনা বাইদেউলৈ সমূহ ফটাঢোলবাসীৰ হৈ আন্তৰিক ধন্যবাদ, তেখেতৰ বিষয়ে জানিবলৈ আমাক এইকণ সুবিধা দি কৃতাৰ্থ কৰাৰ বাবে

    Reply
  • মৃদুপৱন গোহাঁই

    হাঁহিমুখীয়া মানুহগৰাকীৰ প্ৰতিটো কথাই খুব ৰসাল। মুখ আৰু মনলৈ এমোকোৰা মিঠা হাঁহি বিয়পাই যায়।

    Reply
  • সাক্ষাতকাৰটো পঢ়ি বৰ ভাল লাগিল– হাঁহিমুখীয়া বাইদেউক দেখি থকা যেন লাগিল, পঢ়ি থাকোতে।
    বহু কথাই জানিব পাৰিলো। বাইদেউৰ সুস্বাস্থ্য আৰু হঁহুৱাই হাঁহি এনেদৰেই উজ্বলি থাকক, মনেৰে কামনা কৰিলোঁ।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    সুন্দৰ৷বাইদেউ সুস্বাস্থ্য কামনা কৰিলো৷এনেকুৱা এটা ধুনীয়া সাক্ষাৎকাৰ যুগোটাই আমালৈ আগবঢ়োৱা বাব দুয়োজন ফটাঢুলীয়ালৈ অভিনন্দন জনালো৷

    Reply
  • ৰাজীৱ শৰ্মা

    সাক্ষাৎকাৰ আজিহে ইমান মনযোগেৰে পঢ়িলো।হয়তো,চেতনা বাইদেউৰ বুলিয়েই। মোক চিনি নাপালেও মইতো তেখেতক চিনি পাওঁ,অন্তৰেৰে ভাল পাওঁ।

    Reply
  • Lakhimi

    কোনেনো কৈছিল” জমনী মাইকী”বুলি! এইভাবি এইটোৰেই আৰম্ভ কৰিছো পঢ়া।ভাল লাগিল।

    Reply
  • Rajdeep Borah

    চেতনা বাইদেউৰ কথাবোৰ শুনিলেই হাঁহি উঠে । বহুত ভাল লাগে তেখেতৰ অভিনয় ! উপপথ, জমনি মাইকী মজা লাগিল

    Reply
  • মাধুৰীমা ঘৰফলীয়া

    মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ মনৰ কথা পঢ়িবলৈ পাই বৰ ভাল লাগিল।

    Reply
  • SUBHAS BORA

    প্ৰথমে ফটাঢোলৰ সকলো সদস্যলৈ শুভকামনা জনাইছো ! অত্যন্ত সুন্দৰ গোট এটা আমাৰ মাজলৈ আগাবঢ়াই দিয়া বাবে..
    চেতনা জেঠাইৰ মনৰ কথাখিনি পঢ়িবলৈ পাই নিজকে ধন্য মানিছো ! আগলৈও এনেধৰণৰ লিখা বা সাক্ষাৎকাৰ পঢ়িবলৈ আশা ৰাখিছো ! ফটাঢোলৰ গতিময়তা আৰু উত্তৰোত্তৰ কামনা কৰিলো !

    Reply
  • অভিজিত কলিতা

    চেতনা বাইদেউ মোৰ অতি প্ৰিয় অভিনেত্ৰী, আজি বহু দশক ধৰি তেও ছৱিজগতত দপদপাই আছে, কিন্তু মই আজিলৈকে তেওৰ ইমান বিষদ সাক্ষ্যাৎকাৰ পঢ়িবলৈ পোৱা নাই। ফটাঢোলক ধন্যবাদ জনালো।

    Reply
  • কবীন্দ্ৰ ডেকাক

    পকেটমাৰে যিটো বস্তু চুৰি কৰিব নোৱাৰিলে ,সেইটো হ’ল চেতনা দাসৰ ৰসৰ মোনাখন !
    সাক্ষাৎকাৰটি পঢ়ি আপ্লুত হ’লো ।
    ফটাঢোলৰ আৱাজ যেন নফটা ঢোলতকৈও মধুৰ হৈ আহিছে ,হয়তো চেওবিলাকৰে গুণ নেকি !

    Reply
  • Anuradha Devi

    চেতনা বাইদেউৰ সাক্ষাৎকাৰ পঢ়ি খুউব ভাল লাগিল৷ তেখেতৰ সুস্বাস্হ্য কামনা কৰিলো৷

    Reply

Leave a Reply

Your email address will not be published.