ফটাঢোল

মিছলীয়াৰ ঠেং দীঘল – হেমন্ত কাকতি

“দাদা, নমস্কাৰ, ভালে আছে? কালি যেতিয়াই দোকানৰ শুভাৰম্ভৰ কথা গম পালোঁ মনটোৱেই ভাল লাগি গ’ল৷ এইবাৰ মিঠাই খাবই লাগিব, মানে এইবাৰ গ’লে মিঠাই মইয়েই লৈ যাম দাদা, সকলোফালে আপোনাৰেই জয়জয় ময়ময় আৰু! …… হয়, দাদা হয়, আপোনাৰ কাৰণে আৰু…ধেইত, দাদা, সেইবোৰ কৈ লাজ নিদিব আৰু, আপোনাতকৈ ওপৰত কোনো নহয়! হয়…৷”

দূৰভাষ যন্ত্ৰটোত এজন মুধাফুটা ‘সাহিত্যিক’ আৰু তেওঁৰ গুণগ্ৰাহীৰ মাজত কথোপকথন৷ তেওৰ ‘গুণগ্ৰাহী’ জনে ফোনতে এনেকে মূৰ দোঁৱাইছে যেন চৰণ স্পৰ্শ কৰাৰ পিচত মূৰটো চিধা কৰিবলৈ সময়ে পোৱা নাই৷ আচলতে তেওঁ এনে এজন ‘সজ্জন’ৰ লগত কথাবতৰাত ব্যস্ত যাৰ “পহুচ” পুৰস্কাৰ চয়ন সমিতিৰ টপ লেভেলত, আৰু বঁটাৰ যোগাৰত “মাহিৰ” বুলি জনাজাত৷ ‘গুণগ্ৰাহী’ জনে যেতিয়াই গম পাইছিল যে ‘সাহিত্যিক’ জনৰ দ্বিতীয় পুত্ৰৰ শ্বপিং কমপ্লেক্স এখনৰ শুভাৰম্ভ হ’ব ওলাইছে, তেওঁ অলপো সময়ৰ অপব্যয় নকৰি মবাইল ফোন সেৱাৰ বিটচ আৰু বাইটচত উঠি সেইজনাৰ চৰণ স্পৰ্শ কৰি ললে৷

কথাখিনি সম্পূৰ্ণ কৰি মোৰ ওচৰতে চকী এখন টানি লৈ বহি ক’লে “এই খচ্ছৰ বুঢ়া বৰ “হাৰামী” হে! কিন্তু কৰিম কি, সাহিত্যৰ ক্ষেত্ৰখনত অলপ “জমি” উঠিবলৈ হলে এই খচ্ছৰবোৰক তেল নামাৰিলে উপায়ো নাই নহয়!” মই দেখিলোঁ অলপ আগতে তেওঁৰ মুখমণ্ডলত ফুটি উঠা সুখৰ হেল’জেন বাল্বটো হঠাৎ নুমাই বাৰিষাৰ মেঘে ভৰা আকাশখন হেন হৈ উঠিছে৷ তাৰ পিছৰ পৰাই তথাকথিত সাহিত্যিক জাতিটোৰ গোষ্ঠীত ধৰি কিছুসময় ভোৰভোৰাই থাকিল৷ মই ঠিক বুজিব পৰা নাছিলোঁ যে সাহিত্যিকজনৰ প্ৰতি তেওঁৰ খংটো আচল নে অলপ আগতে দেখুওৱা ভাৱ ভক্তিবোৰহে বাস্তৱ৷ এটা কথা ঠিক যে তেওঁৰ কথাবতৰাৰ কোনোবা এক অধ্যায় গোকাট মিছা হয়৷

সঁচা ক’বলৈ হ’লে প্ৰত্যেক মানুহে জীৱনত কেতিয়াবা নহয় কেতিয়াবা মিছা কথাৰ আশ্ৰয় লয়েই৷ মিছা কথাৰ উপযোগিতা আৰু মহত্ত্ব একেবাৰে নথকা নহয়৷ সঁচা কোৱা মানুহ হয়তো সত্যযুগতো বহুত কমহে আছিল৷ নহ’লেনো ৰজা হৰিশ্চন্দ্ৰৰ নাম আজিও কিয় মানুহে লৈ থাকে? ধৰ্মৰাজ যুধিষ্ঠিৰৰ “অশত্থামা হত, কিন্তু ইতি গজ”লৈ চাওক৷ কিমান ঋষি মুনিয়ে ছদ্মবেশো ধাৰণ কৰিব লগাত পৰিছিল৷ সেয়াও একধৰণৰ মিছা নহয়নে? গৌতম ঋষি গা ধুবলৈ নৈৰ পাৰত যোৱা কাহিনীটো মনত আছেনে? এজন দেৱতাই যে তেওঁৰ ডাবল ৰোল কৰি অহল্যাৰ কাষ চাপিছিল! ৰামায়ণত ৰাৱনে সীতাক মিছা কথাকৈ অপহৰণ কৰা নাছিল জানো? মুঠতে মিছাৰ কৱলৰ পৰা কোনো যুগ সাৰি যোৱা নাই৷ কলি কালততো আমি লাইচেন্সেই পাই গ’লো৷

মানৱ সভ্যতাৰ বিকাশৰ লগে লগে হয়তো মিছাৰো জন্ম হৈছিল৷ মানুহ অসভ্য আৰু বৰ্বৰ হৈ থাকোতেই চাগৈ সকলো সত্যৰ ওচৰে পাজৰে আছিল, কিন্তু যিমানেই সভ্যতা আৰু বুদ্ধিৰ বিকাশ ঘটিল, আমি লাহে লাহে অসত্যৰ ফালে ঢাপলি মেলিলোঁ৷ যিমানে অত্যাধুনিক ব্যক্তি হলোঁ সিমানে অত্যন্ত মিছা কথা কোৱা হ’লোঁ৷ এই যে কয় মিছা কথাৰ ঠেং চুটি, সেয়ে হয়তো মিছা কোৱা মানুহবোৰ খোজ নেকাঢ়ি উৰি উৰি য’তে ত’তে আগবাঢ়ি যায়৷ মিছাৰ ব্যাপকতা ইমানেই বেছি হ’ল যে পৃথিৱীৰ সকলো দেশতে ইয়াৰ শিপা গজি ঠাল ঠেঙুলিৰে পৰিপূৰ্ণ হৈ ভৰি পৰিল৷ এটা পুৰণি হিন্দী গীতৰ কলি মনত আছেনে- ঝুঠ বোলে কৌৱা কাটে, কালী কৌৱে চে ডৰিঔ? মই জীৱনত কিমান মিছা কথা ক’লো পিচে আজিলৈকেচোন এটা কাউৰীৰো সাহস হোৱা নাই মোক কামুৰিবলৈ৷ তাৰমানে এইটোও মিছা কথা? নহ’লে মিছলীয়াৰ বল ইমান বাঢ়িল যে কাউৰীও ফাল্টু কামোৰ দি জেং জোঁট চপাই নলয় আৰু৷

ভাৰতীয় চিন্তাধাৰাত “মনসা ৱাচা কৰ্মনা”ক বহুত মহত্ত্ব দিয়া হয়, যাৰ অৰ্থ হ’ল- যি মনলৈ আহিছে সেইটোকে কোৱা আৰু তাকেই কৰা৷ কিন্তু আজিকালি স্থিতি সম্পূৰ্ণ বিপৰীত হৈ গ’ল৷ যি মনলৈ আহিছে তাক জিভালৈ কেতিয়াও আহিব নিদিবা আৰু যদি কিবা ভুলতে কৈও পালা তাক কদাপি নকৰিবা৷

যেতিয়া কোনোবা এজন নেতাই টিভিৰ পৰ্দাত কোৱা শুনো যে “মই পাৰ্টী এৰি যোৱাৰ কথা কেতিয়াও ভাবিবই নোৱাৰোঁ, তেতিয়াই ৰাইজে বুজি পোৱা উচিত যে তেখেত নতুন পাৰ্টীত জইন কৰাৰ জা-যোগাৰ চলাইছেই ইতিমধ্যে৷ যেতিয়া পেট্ৰল, ডিজেল বা অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কোনো সম্ভাৱনাই নাই বুলি চৰকাৰে ন দি কবলৈ ধৰে তেতিয়াই পাবলিকে গম পোৱা উচিত যে দাম বঢ়াতো অৱশ্যম্ভাৱী৷

শুনিছিলোঁ, মানুহ আগতে ইমানেই সত্যবাদী আছিল যে মিছা কৈ ধৰা পৰিলে চেহেৰাত কিছুমান পৰিৱৰ্তন ঘটিছিল আৰু তাকে চাই মানুহ নিশ্চিত হৈছিল যে সেইজনে মিছা কৈছে৷ যেতিয়া মিছাৰ পয়োভৰ বাঢ়ি গ’ল “লাই ডিটেক্টৰ” মেচিনৰ আমদানী হ’ল৷ কিন্তু কলি কালত মানুহে এই মেচিনৰ ওপৰতো বিজয় প্ৰাপ্তি কৰি ললে যেনেকে সাধাৰণ ম’হ মাখিয়ে ডিডিটী বা মেলেৰীয়া পৰজীৱিয়ে তেজ পৰীক্ষাত ধৰা নপৰা হ’ল৷

মানুহে গোকাট মিছা এনে ধৰণে কোৱা হ’ল যে ধৰা পৰাতো দূৰৰে কথা, বহুতে “অমুকৰ কথা শিলৰ ৰেখা” বুলি চকু মুদি মানি লোৱা হ’ল৷ এই গোকাট মিছাবোৰ বাতৰি কাকত, টিভি আদিৰ শিৰোনামা দখল কৰি ললে৷ দিনৰাতি ব্ৰেকিং নিউজ হিচাবে প্ৰচাৰিত হৈ থাকিল৷ বহুতে আকৌ তাৰ ওপৰত কাহিনীও লিখি লিখি হোৱাটচ এপ আৰু অন্য চ’চিয়েল মিডিয়াত বিয়পালে৷ জানিশুনি কৰা অপপ্ৰচাৰবোৰ এৰিলোৱেই যেনিবা৷

সকলো পৰিৱৰ্তনৰ লগে লগে এই মিছাৰ ক্ষেত্ৰখনো দোপত দোপে উন্নতিৰ পথত আগুৱাই গৈ থাকিল৷ আগতে যিবোৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰি কৰি ৰূপালী পৰ্দাত অভিনেতাসকলে “ট্ৰেজেডী কিং” বা বেষ্ট এক্টৰ এক্ট্ৰেছ হৈছিলগৈ তাতকৈ চুপাৰ ডুপাৰ এক্টিং নেতা পালিনেতা, মন্ত্ৰী-বিধায়কসকলে কৰিবলৈ ললে৷ উদাহৰণস্বৰূপে নিৰ্বাচনী সভাত প্ৰাৰ্থীয়ে ৰাইজৰ দুখত কান্দি কাটি আউলী বাউলী হোৱা, দুখীয়া নিছলাৰ দুখত নেতা মন্ত্ৰীৰ চকুত চকুপানী নিগৰি নিগৰি ওলোৱা আদি সাধাৰণ ঘটনাত পৰিণত হ’ল৷

আৰু এক ধৰণৰ নিৰ্ঘাট মিছা আজিকালি খুৱ চকুত পৰে৷ তাক কি নাম দিব আপোনালোকেই কওক৷ কোনোবা এটা নিউজ চেনেলত দেখিব অমুক পাৰ্টীৰ প্ৰৱক্তাই কেমেৰাৰ সন্মুখত ক’ব “আমাৰ পাৰ্টীৰ ভিতৰত কোনো মতানৈক্য নাই৷ এই বিষয়ত আমি সকলো একমত৷” সকলো দৰ্শকে লগে লগে এশ শতাংশই বিশ্বাস কৰি লয় যে হয় তেওঁৰ কথাত এক শতাংশও সত্যতা নাই৷ প্ৰৱক্তাজনৰ আত্মবিশ্বাসো এইক্ষেত্ৰত শলাগিবলগীয়া হয়৷ প্ৰেছ কনফাৰেন্সত যি আত্মবিশ্বাসেৰে তেওঁ কয় যে “এই ভাঙোন হোৱা বুলি চলোৱা কথাবোৰ বিৰোধীৰ অপপ্ৰচাৰত বাহিৰে একো নহয়৷” পিচে তাৰ দুদিন পিচতেই একেজন প্ৰৱক্তাই তাতকৈ দুগুণ উৎসাহেৰে আকৌ ঘোষণা কৰিবলৈ ওলায়হি বোলে অমুক, ভুচুক আৰু তুচুকক পাৰ্টী অনুশাসন ভংগ কৰাৰ অপৰাধত ছয় বছৰৰ বাবে নিলম্বিত কৰা হ’ল৷

বিজ্ঞাপনৰ পৃথিৱীখনৰ মিছাকথাবোৰ আকৌ অলপ ৰং বিৰঙী৷ মানে নেতাৰ যদি “সফেদ ঝুঠ” ইহঁতৰ বোৰ কালাৰফুল৷ ধৰক “ৰেচমী ঝুঠ৷” এনে গুলপীয়া, বাদামী কিম্বা ৰেচমী মিছাবোৰ গাঁৱে ভুঞে চহৰে নগৰে প্ৰচাৰ হয় টিভি, চিনেমাহল বা ডাঙৰ ডাঙৰ হৰ্ডিং বোৰৰ জৰিয়তে৷ চুলি ক’লা কৰাই নহয়, তপাৰ মূৰত চুলি গজাই দিয়া, ছালৰ বৰণ সপ্তাহতে ক’লাৰ পৰা বগা হোৱা, মেদবহুলতা শেষ কৰি চাৰি সপ্তাহত ঢোল হেন পেটক চিক্স পেকলৈ ৰূপান্তৰ কৰা আদি বিভিন্ন কথাৰ ছল চাতুৰিৰে মানুহক সন্মোহিত কৰি ৰাখিছে৷ যৌৱন আৰু বৃদ্ধাৱস্থাৰ সন্ধিক্ষনত জীয়াই থকা পুৰুষ মহিলাই হয়তো এইবোৰ মিছা বুলি জানিও অবুজন মনক পতিয়ন নিয়াবলৈ এনে ৰঙীন আশ্বাসত আশ্ৰয় লোৱাটোত ভুল বুলি ক’বলৈ নাই, কাৰণ এই সপোনৰ ৰং যে মিছা হলেও সুখকৰ৷

যি নহওক সঁচাক সঁচা বুলি ক’বলৈ ভয় লগা হ’ল৷ চোৰক চোৰ বুলি কোৱা আৰু দুৰ্নীতি পৰায়ণ বা ভ্ৰষ্টজনক ভ্ৰষ্ট বোলাটো সুচতুৰ বা বিজ্ঞলোকে নকৰে৷ জ্ঞানীজনে নিজৰ ভৰিত নিজে কুঠাৰ নামাৰে৷ অপ্ৰিয় সত্য ক’বলৈ বাৰণ কৰা নাই জানো? মিছলীয়া ৰজা আৰু পৰাক্ৰমী ঠেং দীঘল সকলক অজ্ঞানী বুলি কোনোবা মুৰ্খইহে ক’ব৷ পিচে আমাৰ দৰে অকৰ্মন্য লোকে এই বিসংগতিবোৰ দেখি শুনি কিবা ক’বলৈ ফটামুখ মেলাৰ দৰে ভয়ংকৰ “নাদানী” বোৰ কৰি ফুৰোঁ য’তে ত’তে৷ জ্ঞান বুদ্ধি বেছি হ’লেনো এনেকে ফটাঢোল কোবাই ব্যংগ কৰি ফুৰিলোহেঁতেননে?

☆★☆★☆

20 Comments

Leave a Reply

Your email address will not be published.