ফটাঢোল

ৰাইটাৰছ ব্লক – অত্ৰেয়ী গোস্বামী

কিমান দিন হ’ল বাৰু?দিন নহয় আচলতে কেইবামাহো হ’ল৷ কথাটো সি নিজেই মন কৰিছে৷ এই অলসতাৰ কাৰণ কি সি নিজেই ভাবি পোৱা নাই আৰু সেইবাবে সি যিমান অস্থিৰ হ’ব লাগিছিল সিমান হোৱা দেখা নাযায়৷ সি তাৰ অস্থিৰতাখিনি সযতনে লুকুৱাব জানে৷ সি ভাবিছে৷ বহুত সময় ভাবিছে৷ উৱাদিহ নোপোৱা হৈছে৷ তথাপি কাৰণ এটা উলিয়াব নোৱাৰা কথাটোৱেহে তাক আমনি কৰিছে৷ এনেকৈ হ’লে তাৰ বিপদ হ’ব৷ সেয়া নিশ্চিত৷
মানুহে তাক পাহৰি যাব৷ মনত থাকিবলগীয়াকৈ সি দিলেনো কিমান?অৱশ্যে যি দিলে সেয়া অতি উচ্চ মানৰ৷ এই কথাটোৱে তাক অহংকাৰী কৰি তুলিলে নেকি?নাই,তেনেকুৱা নহয়৷ সি তাৰ সৃষ্টিক অহংকাৰৰ তুলাচনীত উঠাব নোৱাৰে৷ একাকীত্ব,অনুশাসনহীনতা আৰু নিঃসংগতাক বুঢ়া আঙুলি দেখুৱাবলৈকে সি হাতত কলমটো তুলি লৈছিল৷ এটা মানুহ চলি যাব পৰাকৈ কলমটোৱে তাক এটা সুন্দৰ বাট কাটি দিছিল৷ সেই কলমটোকে সাৰথি কৰি সি মানুহ হোৱাৰ পথাৰত নিজৰ চিনাকি এটা গঢ়িবলৈ উঠিপৰি লাগিছিল৷ এই আখৰা বহুদিনীয়া৷

:ন’ ন’ ন’ ন’৷ ন’ ইটছ নট ৰাইটাৰছ ব্লক৷
:তই মানি ন’ললে সঁচা কথা এটা মিছা হৈ নাযায়৷
:কিন্তু এয়া মোৰ ইচ্ছাকৃত৷
:নিজক ফাঁকি দিয়াৰ উত্তম পন্থা৷
:তাৰমানে তই ক’ব খুজিছ নেকি যে মই…
মিচিকিয়া হাঁহি এটিৰে বাইকৰ চাবিটো তৰ্জনী আঙুলিৰে ঘূৰাই ঘূৰাই আঁতৰি যোৱা প্ৰবাললৈ সি একেথৰে চায়েই থাকিল৷
“ৰাইটাৰছ ব্লক” শব্দ দুটা তাৰ বাবে নতুন নহয়৷ হ’লেও এইটো এটা খুটিনাটি মাৰি জানিবলগীয়া বিষয় বুলি সি ভবাই নাছিল৷ প্ৰবাল তাৰ বহু পুৰণি বন্ধু৷ তাৰ কথাবোৰ উলাই কৰিব পৰা বিধৰ নহয়৷ ৷ বন্ধু ওলাই যোৱাৰ পিছত সি তাৰ এজনীয়া বিচনাখনত অলসভাবে এৰি দিলে নিজকে৷ কাষৰ টেবুলত তাৰ নতুন মডেলৰ এণ্ড্ৰইড হেণ্ডচেটটো৷ সি সোঁ হাত খন চকু দুটাৰ ওপৰত থৈ,ভৰি দুটা পাক খুৱাই বাওঁ হাতখনেৰে বুকুত টুকটুকাই কিছু সময় এনেই পৰি থাকিল৷ এতিয়া আৰু এনেকুৱা অলসতা আঁতৰাবলৈ প্ৰেমিকাৰ সৈতে ফুচফুচীয়া ফোনালাপ কৰাৰ বয়স আৰু ইচ্ছা তাৰ একোৱেই নোহোৱা হ’ল৷ হঠাৎ সম্বিত ঘূৰাই পোৱা মানুহৰ দৰে সি ঘপহকৈ টেবুলৰ ফোনটো হাতত লৈ তললৈ পেট পেলাই শুই ল’লে৷ এতিয়া সকলো সমস্যাৰ সমাধান এই ফোনটোৱেই দিয়ে৷ গুগল ৷ চাৰ্চ বাৰত সি লিখিলে “writers block”.ছেকেণ্ডতে এগালমান তথ্য তাৰ সন্মুখত জিলিকি উঠিল৷ লাহে লাহে সি পঢ়ি গ’ল৷

কি এই ৰাইটাৰছ ব্লক?
এজন লিখকে লিখিব নোৱাৰা হোৱা অৱস্থাটোকে ৰাইটাৰছ ব্লক বুলি কোৱা হয়৷ এনেকুৱাও হয়নে?চমুকৈ ক’ব পাৰি,হয়৷ এজন সৃষ্টিশীল লিখকে সমল বিচাৰি হাবাথুৰি খাবলগীয়া নহয়৷ মেধা,বুদ্ধি আৰু কল্পনা শক্তিৰে তেওঁ কাহিনী একোটাক গতি দিয়ে৷ সেই গতি স্বতঃস্ফূৰ্ত৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল লিখো বুলিলেই কোনেও লিখিব নোৱাৰে৷ ঠিক সেইদৰে “মই লিখক হ’ম” বুলিও কোনেও ঠিৰাং কৰিব নোৱাৰে৷ কলমৰ শক্তি এক ঐশ্বৰিক কলা৷ কেতিয়াবা এজন প্ৰতিষ্ঠিত নামী লিখকৰো লিখাৰ স্পৃহা নোহোৱা হয় অথবা লিখিবলৈ মন গ’লেও শব্দই লগ এৰা দিয়ে৷ কেতিয়াবা আকৌ কাহিনী একোটা মনৰ মাজত কঢ়িয়াই ফুৰিও লিখিত ৰূপ দিয়াত ব্যৰ্থ হয়৷
এই ৰাইটাৰছ ব্লক যদিও লিখকৰ বাবেহে প্ৰয়োগ কৰা হয়,দৰাচলতে প্ৰায় সকলো শিল্পীয়েই ইয়াৰ কবলত পৰে বা পৰিব পাৰে৷ এজন সফল পৰিচালকে বহুবছৰ ধৰি এখনো চিনেমা ৰাইজক দিব নোৱাৰিব পাৰে৷ এজন চিত্ৰকৰে আঁকিব নোৱাৰিব পাৰে৷ এজন গায়কৰ গাবলৈ মন নোযোৱা হ’ব পাৰে৷
১৯৭০-৮০ চনৰ শেষৰ ফালে এই বিষয়ৰ গৱেষণা আৰম্ভ হয়৷ গৱেষকসকলে প্ৰধানকৈ লিখকসকলকে লক্ষ্য হিচাপে লৈছিল৷ গোটেই প্ৰক্ৰিয়াটো প্ৰথমবাৰৰ বাবে বৰ্ণনা কৰিছিল চাইক’এনালিষ্ট Edmund burglerএ ১৯৪৭ চনত৷ অৱশ্যে ইয়াৰ আগতেও বহু বিশিষ্ট লেখক এই সমস্যাৰ আক্ৰান্ত হৈছিল৷

কাৰণসমূহ:
ৰাইটাৰছ ব্লকৰ কাৰণ অনেক৷ বিভিন্ন কাৰণত এজন মানুহ (লিখক,গায়ক,চিত্ৰকৰ,প্ৰযোজক,পৰিচালক)এই সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ এজন শিল্পীৰ সৃষ্টিৰ আঁৰৰ ৰহস্য তেওঁৰ মাজতে থাকে৷ ঠিক তেনেকৈ সৃষ্টিশীলতাক ব্যাঘাত জন্মাব পৰা সমস্যাবোৰো তেখেতৰ নিজৰ মাজতে থাকে৷ জুইক যিদৰে ঢাকি ৰাখিব নোৱাৰি,প্ৰতিভাকো লুকুৱাই থ’ব নোৱাৰি৷ কিছুমান প্ৰতিভা সুপ্ত অৱস্থাত থাকে৷ উপযুক্ত পৰিৱেশে প্ৰকাশ হোৱাত সহায় কৰে৷ একেধৰণে ৰাইটাৰছ ব্লককো কিছুমান কাৰকে বিশেষভাবে প্ৰভাৱিত কৰে৷ এজন লিখকৰ চৌপাশৰ পৰিৱেশ আৰু ব্যক্তিগত জীৱনৰ সমস্যাবোৰেও সৃষ্টিৰ ক্ষেত্ৰত বাধা আনিব পাৰে৷ শাৰীৰিক অসুস্থতা,হতাশা,ভাঙোনমুখী সম্পৰ্ক,আৰ্থিক সমস্যা আদিয়েই প্ৰধান কাৰণ৷ এইবোৰ কাৰণৰ বাবে কেতিয়াবা লিখাৰ প্ৰৱণতাও নোহোৱা হৈ যাব পাৰে৷ এই কথা স্বীকাৰ কৰিবই লাগিব যে স্বভাৱ বিৰুদ্ধ অথবা পৰিৱেশক আওকাণ কৰি কোনেও কলমত জোৰ দিব নোৱাৰে৷ বহু লিখকে কিবা এটা লিখাৰ আগত সেই পৰিৱৱেশটো সৃষ্টি কৰি লয় যিটো তেওঁৰ বাবে অনুকূল হয়৷ একঘেয়ামী জীৱন শৈলীও ৰাইটাৰছ ব্লকৰ কাৰণ হ’ব পাৰে৷ দৈনন্দিন একেখন ৰুটিনকে পালন কৰি কৰি কেতিয়াবা ভাবনাত জটি পৰাটো স্বাভাৱিক৷ নিউৰ’লজিষ্ট Alice W. Flaherty ৰ মতে মানুহে মগজুৰ এটা বিশেষ অংশৰ ক্ৰিয়াৰ বাবেহে সৃষ্টি কৰিব পাৰে৷ ৰাইটাৰছ ব্লক সেই বিশেষ অংশৰ নিষ্ক্ৰিয়তাৰ অন্যতম কাৰণ৷

পৰিত্ৰাণৰ উপায়:
এই গোটেই সমস্যাটো পুলিয়ে পোখাই উঘালিব পৰাৰ একমাত্ৰ ক্ষমতা থাকে ভুক্তভোগীৰ হাতত৷ চিকিৎসকো নিজেই,ঔষধো নিজেই হ’ব পাৰিলে উপশম পোৱা যায়৷ কেইটামান উপায় তলত আলোচনা কৰা হ’লঃ

১) দলীয় আলোচনাঃবন্ধুবান্ধৱৰ সৈতে আলোচনাত বহিব লাগে৷ নিজে অংশ গ্ৰহণ নকৰিলেও
আনৰ আলোচনা-সমালোচনাবোৰ শুনি থাকিলেও কামত আহে৷ দলীয় কথা-বতৰাই একাকীত্বক আঁতৰাই ৰাখে৷
২)প্ৰফুল্লতাঃ মনৰ প্ৰফুল্লতাৰ বৰ প্ৰয়োজন৷ সৃষ্টি সাধনাৰ ফল৷ যোগাসন অথবা প্ৰাৰ্থনাৰ জড়িয়তে বিষাদগ্ৰস্ততা সহজে আঁতৰে৷
৩)জিৰণিঃদৈনন্দিন ব্যস্ততাৰ অন্তহীন অজুহাত৷ হাজাৰ ব্যস্ততাৰ মাজতো মগজুক অলপ জিৰণি দিব লাগে৷ অধিক চাপ পালে মগজুৱেও বিৰক্তি পায়৷ সেয়েহে পৰাপক্ষত চাপমুক্ত হৈ থকা ভাল৷
৪)অনুশীলনঃদিনটোত এটা হ’লেও বাক্য লিখিব লাগে৷ নিতৌ লিখাৰ অভ্যাসে মগজুক সেইকামৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিব পাৰে৷ লিখা-পঢ়া কামটো দৈনিক ৰুটিনত বৰ কম সময়ৰ বাবে হ’লেও ৰাখিব লাগে৷
৫)ভ্ৰমণঃফুৰিব লাগে৷ কথা এষাৰ আছে নহয় বোলে “মানুহ ফুৰিলে-চাকিলে টেঙৰ-ভেঙৰ হয়”৷ টেঙৰ হওক নহওক সপ্তাহৰ শেষত পৰিয়ালৰ সৈতে কৰা চুবুৰীয়া ভ্ৰমণেও কিন্তু মনলৈ শিথিলতা আনে৷
৬)মোবাইলঃ অত্যাধিক মোবাইলৰ ব্যৱহাৰ বেয়া৷ বিশেষকৈ জিৰণিৰ সময়ত,শোৱাৰ আগমুহূৰ্তত মোবাইলফোন পৰিহাৰ কৰিব লাগে৷
৭)অন্যান্যঃ প্ৰত্যেক মানুহৰে ৰুচিবোধ ভিন্ন৷ আজৰি সময় পাৰ কৰাৰ উপায়ো ভিন্ন৷ কোনোবাই গান শুনি ভাল পায়,কোনোবাই আকৌ ফুল পুলি ৰুই ভাল পায়৷ এই ভাল পোৱা কামবোৰত মনোনিৱেশ কৰিব লাগে৷
ঠাই সলনিয়েও ব্যক্তি জীৱনত বৰ প্ৰভাৱ পেলায়৷ সকলো বেয়া লগাৰ পৰা আঁতৰি কিছুদিনৰ বাবে দূৰণিলৈ গ’লেও(অকলে) নিজক বিচাৰি পোৱা যায়৷ ওভটনিৰ পিছত বেয়ালগাবোৰ আপোনা-আপুনি নোহোৱা হয়৷

হঠাৎ তাৰ মোবাইলত ল’ বেটেৰীৰ সংকেত৷ সি উঠিব খোজোতেই হাত-ভৰি সিৰামুৰি ধৰা যেন লাগিল৷ বহু সময় একেটা পজিছনতে থকা বাবে তাৰ তেনে লাগিল৷ সি লাহে লাহে উঠি গৈ একাষৰীয়াকৈ থৈ দিয়া বিশেষ টি-ছাৰ্টটো গাত সুমুৱাই নিৰ্দিষ্ট ঠাইডোখৰলৈ ৰাওনা হ’ল৷ নাই,তাৰ বাইকত উদণ্ড গতিবেগ নাছিল৷ সি তাৰ গাঁৱৰ সেই জানটোৰ ওপৰৰ দলংখনতে বহু সময় ৰ’ল৷ সি চাই থাকোতেই বেলিটো জানৰ পানীত জপংকৈ বুৰ মাৰি নোহোৱা হ’ল৷ বাইকৰ পৰা নামি দলঙৰ হেলেকপেলেক খুটা এটাত ভেঁজা দি সি অতীতটো আজুৰি আনিলে৷ কিবা এটা ভাল লগাই তাক চুমি গ’ল৷ সকলোৰে পৰা বিচ্ছিন্ন হৈ চহৰৰ সমীপৱৰ্তী তাৰ জন্ম ঠাইখনৰ বিশেষ সময়ৰ যুৰীয়া স্মৃতিবোৰ বুটলি সি আপোন পাহৰা হৈ পৰিল৷ সি কিমান সময় তেনেকৈ কটালে কোনো হিচাপ নাছিল৷ ভাললগা ভাবনাত ডুব গৈয়েই সি নিজৰ ঠাই পালেগৈ৷
সেইদিনা তাৰ কলমটো সাৰ পালে৷ দোভাগ ৰাতি সি তাৰ সৃষ্টিক প্ৰাণ দিলে প্ৰায় এঘাৰমহীয়া বিৰতিৰ পিছত৷ তাৰ বৰ ৰিলেক্স যেন লাগিল৷ স্মিত হাঁহি এটাৰে দুৱাৰখন খুলি ওলাই আহোতে পুৱাৰ সূৰুযে সি থকা ঘৰটোৰ চোতালখন পোহৰাই তুলিছিল৷

☆★☆★☆

5 Comments

  • Gitarthi Goswami

    বৰ ভাল লাগিল

    Reply
  • Rintumoni Dutta

    ভাল লাগিল পঢ়ি

    Reply
  • Nilakshi Devi Deka

    বৰ সুন্দৰ লিখনি। ভাল লাগিল বহুত। 🙂

    Reply

Leave a Reply

Your email address will not be published.