ফটাঢোল

ৰাকুদাৰ A Wonderous Army ৰ ৰিভিউ – সুনীল দত্ত

হাবিলৈ পৰ্য্যটক গৈ ঘূৰি নহাৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰাৰ দায়িত্ব আৰ্মিৰ মেজৰে আমাৰ চিনেমাৰ নায়ক ওৰফে কেপ্টেইনৰ কান্ধত অৰ্পণ কৰাৰ পিছত লয়লাস খোজেৰে নায়ক ওলাই আহে৷ বাহিৰত ৰৈ থকা আৰ্মিৰ জোৱানজনে লগে লগে নায়কক চেল্যুট নিদিয়াৰ বাবে নায়কে ক্ষন্তেক অপেক্ষা কৰে৷ দিওঁ নিদিওঁকৈ জোৱানজনে চেল্যুট দিয়াৰ পিছত নায়কে পুনৰ স্বভাৱসুলভ ভঙ্গীমাৰে লাহে লাহে খোজ কাঢ়ি নামি যায়৷ এইখিনিতেই আমি নায়কৰ নিয়মানুবৰ্তিতাৰ উমান পাওঁ৷

হাবি গৈ পোৱাৰ পিছতেই নায়কে লগত লৈ যোৱা চছপেনটো উলিয়াই চাহ বনাবলৈ আৰম্ভ কৰে৷ ইয়াত আমি নায়কৰ দূৰদৰ্শিতাৰ উমান পাওঁ৷ ৰহস্য ভেদ কৰোঁতে যে কিছুদিন লাগিব আৰু তাক নায়কে ভালদৰেই অনুমান কৰিছিল আৰু সেইবাবে লগত চছপেন, ৰেচন ইত্যাদি লৈ গৈছিল৷ চলচ্ছিত্ৰখনত চছপেনটোৱেও এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ প্ৰথমেই লগ পোৱা উগ্ৰপন্থীজনে গুলীয়াওঁতে চছপেনটোৱে উগ্ৰপন্থীজনৰ দৃষ্টি আকৰ্ষণ কৰা বাবেহে লক্ষ্যভ্ৰষ্ট হয় আৰু নায়কৰ প্ৰাণ ৰক্ষা পৰে৷

পাহাৰী ছোৱালীৰ ছদ্মবেশ ধাৰণ কৰা মেজৰৰ ছোৱালীজনীক লগ পোৱাৰ লগে লগে নায়ক ছোৱালীজনীৰ প্ৰেমত পৰে৷ ইয়াত আমি নায়কৰ সময়নিষ্ঠাৰ উমান পাওঁ৷ দুইমিনিটৰ ভিতৰতেই নায়কে ছোৱালীজনীৰ হাতত মোবাইল ফোন এটা দি দুহাত দূৰৰ পৰাই ফোন কৰে আৰু ফোনতেই প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়৷ ছোৱালীজনীয়ে বাৰ্তালাপত দুই এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰোঁতে নায়কৰ সন্দেহ হয় আৰু ছোৱালীজনীক সোধপোছ কৰি গম পায় যে বহুতে তাইক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু তাই তাত সঁহাৰিও দিছে৷ ইয়াত নায়ক ক্ষুণ্ণ হৈ পৰে আৰু নায়কৰ বাহিৰে কাৰো লগত কথা নাপাতিবলৈ সকীয়নি দিয়ে৷ ইয়াত আমি নায়কৰ দমনবাদী চৰিত্ৰৰ উমান পাওঁ৷ অলপ পিছতেই নায়কে ছোৱালীজনীক চুম্বন কৰাৰ দৃশ্য আমি দেখা পাওঁ৷ ইয়াৰ পিছতেই হোৱা দুটাকৈ গানৰ দৃশ্যত নায়কে ই-ৰিস্কা এখনত নায়িকা উঠি আহি চালকক ভাৰা দি বান্ধৱীক লগ কৰা দেখুৱাইছে৷ ই-ৰিস্কাত নায়িকা উঠি অহা দৃশ্য বিশ্বত চাগৈ এইটোৱেই প্ৰথম৷ আনহাতে ইয়াত পৰিচালকে সততাৰ পৰিচয়ো দেখুৱাইছে৷ সাধাৰণতে নায়ক বা নায়িকাই গাড়ীৰ ভাৰা দিয়া দৃশ্য বিৰল৷ গানৰ দৃশ্য এটাত নায়কে চাহ দোকান এখনত পৰঠা এটুকুৰা ছিঙি মুখত ভৰাই লৈ ৰঙালাউৰ তৰকাৰি এচামুচ মুখলৈ নিবলৈ লওঁতেই হনুমানে বুকু ফালি ৰাম আৰু সীতাক দেখুওৱাৰ দৰে নায়িকাকো নায়কৰ বুকুৰ ভিতৰত দেখুৱাই দিছে৷ দৃশ্যটোৰ জৰিয়তে পৰিচালকে এজন সহজ সৰল মানুহ হিচাপে নায়কক প্ৰক্ষেপ কৰিছে৷ যদিও নায়কে টাই পিন্ধি ফুৰিছে তথাপিও চাহাবী খাদ্য নাখাই পৰঠা আৰু ৰঙালাউৰ তৰকাৰি খাইছে৷

লগত নিয়া ৰেচন শেষ হোৱাৰ পিছত নায়কে পিষ্টলেৰে গুলীয়াই ঈগল চৰাইক ভয় খুৱাই ঈগলৰ মুখৰ পৰা চিকেনৰ লেগ পিছ সৰকাই তাকে পুৰি খাইছে আৰু পৰম তৃপ্তি পাইছে৷ লগত নিয়া পানী শেষ হোৱা বাবে বটলত নিজৰাৰ পানী ভৰাই তাকেই খাই দেহা শাঁত পেলাইছে৷ ইয়াতেই আমি সচৰাচৰ কিতাপ আলোচনীত পোৱা বাক্য এটাৰ অৰ্থ বুজি পাইছোঁ-ভোকৰ ভাত, পিয়াহৰ পানী৷ তাৰ পিছৰ দৃশ্য এটাত নায়কে গছৰ ডাল এটাৰে খুঁচি পানীৰ পৰা ডাঙৰ গ’ৰৈ মাছ এটা আনি পুৰি খোৱাও আমি দেখা পাইছোঁ৷ আগৰ দিনত যে মানুহে জুইত পুৰি মাছ আৰু মঙহ খাইছিল তাক নায়কে সুন্দৰকৈ বুজাই দিছে৷ ইয়াৰ পিছতেই হাবিত থকা টঙিঘৰ এটাত নায়কে নৈশযাপন কৰিছে৷ এইখিনিতেই আমাৰ মনত পৰে-বহিব জানিলে মাটিয়েই পীৰা, খাব জানিলে চাউলেই চিৰা৷

ইতিমধ্যে নায়কে বহুত উগ্ৰপন্থীক তেখেতৰ জুই ওলোৱা ৰাইফলটোৰে গুলীয়াই হত্যা কৰিছে৷ আগৰ চিনেমাবোৰত নায়কে এটা গুলী মাৰিলেই দুজন তিনিজন উগ্ৰপন্থী মৰিছিল৷ পিচে সেইবোৰ আমাৰ থলুৱা উগ্ৰপন্থী আছিল৷ এইবাৰ স্বয়ং তালিবাণী সন্ত্ৰাসবাদীৰ লগত যুদ্ধ লগা বাবে এজনক মাৰিবলৈয়ে নায়কে দহটামান গুলী ফুটাবলগীয়া হৈছে৷ দুই এবাৰ নায়কে গোৰ আৰু ঘোঁচাৰো আশ্ৰয় লৈছে৷ আনহাতে সন্ত্ৰাসবাদীবোৰে চিনি নোপোৱা বুলি ভাবি তেখেত মাজে মাজে-“হাম কৌন হেই জানতে হো? আৰ্মি আৰ্মি আৰ্মি, কেপ্টেইন কেপ্টেইন কেপ্টেইন৷” বুলি দোহাৰি থাকি বিপদৰ লগত খেলিবলৈ যে তেখেতে ভয় নকৰে তাকেই বুজাইছে৷

ইয়াৰ পিছৰ দৃশ্যত আমি নায়কক সামৰিক পোছাকত দেখা পাওঁ৷ এইখিনি সময়ত কিন্তু নায়কৰ বেগটো আমি দেখা নাপাওঁ৷ ক’ৰবাৰ সুৰক্ষিত স্থানত তেখেতে চাগে বেগটো লুকুৱাই ৰাখিছিল৷ হাবিত ঘূৰি ফুৰোঁতে নায়কে কোনোবাই আধা খাই পেলাই দিয়া চিগাৰেটৰ টুকুৰা এটা দেখা পায়৷ নায়কে চিগাৰেটৰ টুকুৰাটো বুটলি দুই হুপামান মাৰে৷ এইখিনিতেই আমাৰ -“কিনা হাঁহৰ ঠোঁটলৈকে মঙহ” নামৰ ফঁকৰা যোজনাটোলৈ মনত পৰে৷

 সামৰিক প্ৰশিক্ষণ দিবলৈ অনা ছোৱালী এজনীক এজন সন্ত্ৰাসবাদীয়ে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰোঁতে নায়কে তাইক উদ্ধাৰ কৰে৷ আনহাতে উগ্ৰপন্থী এজনক হত্যা নকৰি তাক কয় যে আজি মোৰ জন্মদিন সেইবাবে তোক নামাৰোঁ৷ তই পলাই যা৷ উগ্ৰপন্থীজন যোৱাৰ পিছত নায়কে নিজৰ চতুৰতাত নিজেই হাঁহে৷ আচলতে নায়কে উগ্ৰপন্থীজনৰ বেগটোত টাইম বোমা এটা ভৰাই দিছিল৷ উগ্ৰপন্থীজনে বাকী সতীৰ্থসকলৰ ওচৰ গৈ পোৱাৰ লগে লগে বোমাটোৰ বিষ্ফোৰণ ঘটে আৰু বহুতৰ মৃত্যু হয়৷ ইয়াত আমি নায়কৰ উপস্থিত বুদ্ধিৰ উমান পাওঁ৷

এজন এজনকৈ উগ্ৰপন্থী মাৰি থাকি নায়কৰ আমনি লাগে আৰু একেলগে আটাইকে একগোট কৰি হত্যা কৰাৰ পৰিকল্পনা কৰে৷ ইয়াৰ বাবে নায়কে অলপ শুকান বন গোটাই জুই জ্বলাই দিয়ে আৰু ধোঁৱা দেখি আটাইবোৰ সন্ত্ৰাসবাদী আহোঁতে নায়কে আটাইকে হত্যা কৰে৷

ইয়াৰ পিছত আমি পুনৰ নায়কক ছাৰ্ট টাই পিন্ধি ঘূৰি ফুৰা অৱস্থাত আৱিষ্কাৰ কৰোঁ আৰু লগতে বেগটোও দেখা পাওঁ৷ নায়কে পুনৰ চাহ খাবলৈ মন কৰে পিচে জুইশলাৰ কাঠি শেষ হোৱাৰ বাবে নায়ক বিপদত পৰে৷ তথাপি নায়কে ধৈৰ্য্যৰ পৰিচয় দি দুটা শিল ঘঁহি জুই জ্বলায়৷ এইখিনিতেই নায়কে আদিম যুগত যে মানুহে শিলৰ সহায়ত জুই জ্বলাইছিল তাক মনত পেলাই দিছে৷

প্ৰেমিকাৰ বিৰহত ইতিমধ্যে নায়কে ছটফটাই থাকে আৰু অৱশেষত প্ৰেমিকাক লগ পায়৷ লগ পাই অলপ সময় ৰোমাঞ্চ কৰাৰ পিছতেই মেজৰৰ লগত হোৱা বাৰ্তালাপত নায়কে গম পায় যে সেইগৰাকী মেজৰৰ ছোৱালীহে আছিল৷ নায়কে প্ৰেমিকাক বান্দৰী বুলি জোকাই খং উঠায় যদিও শেষত সুন্দৰী বুলি কৈ সকলো খং মাৰ নিয়ায়৷ ইয়াতেই নায়ক যে ছোৱালী পতোৱাত সিদ্ধহস্ত তাক আমি বুজি পাওঁ৷

চিনেমাখন যদিও হিন্দী ভাষাত নিৰ্মাণ কৰা হৈছে তথাপি আমাৰ চিত্ৰনাট্যকাৰ তথা পৰিচালকে ঘোঁচা, বান্দৰী, দলং আদি বহুতো অসমীয়া শব্দৰ স্বকীয়তা বজাই ৰাখিছে৷ অচিৰেই এই শব্দবোৰো হিন্দী ভাষাত অন্তৰ্ভুক্ত হৈ হিন্দী ভাষাটোক সোণত সুৱগা চৰাব বুলি আমি আশাবাদী৷ আনহাতে ৰোমাণ্টিক দৃশ্যবোৰত নায়কে টাই চাই নিপিন্ধি ৰূপা গেঞ্জী পিন্ধি অংশ লোৱা হ’লে দৃশ্যবোৰ বেছি natural হ’লহেঁতেন বুলি আমি অনুভৱ কৰিছোঁ৷ আনহাতে হাবিত ইমানদিন থকাৰ পিছতো নায়কৰ চুলিখিনি ফিৰফিৰাই উৰি থাকিবলৈ কি যত্ন লৈছিল তাক দেখুওৱা হ’লে বহুতেই উপকৃত হ’লহেঁতেন৷ আনহাতে হাবিলৈ যাওঁতে নায়কে জুইশলা নিনি লাইটাৰ এটা লৈ যোৱা হ’লে শিলেৰে জুই জ্বলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন৷ ভৱিষ্যতে আমাৰ ৰাজকুমাৰদাই এইবোৰ কথা মনত ৰাখি চিনেমা বনালে অনতিপলমে অস্কাৰ বঁটা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে৷

☆★☆★☆

Leave a Reply

Your email address will not be published.