ফটাঢোল

ৰামজীচাচা আৰু কলডিলৰ ভাজি – ৰঞ্জু শৰ্মা

হঠাৎ কালি ৰামজীচাচালৈ মনত পৰিছিল। মোৰ বিয়াৰ ঠিক পিছতেই কইনা চাবলৈ আহি চাচীয়ে বনোৱা এবটল ৰঙা জলকীয়াৰ আচাৰ  উপহাৰ দিয়া ৰামজীচাচা। ৰামলাল ওৰফে ৰামজীচাচা জন্মসূত্রে বিহাৰী হ’লেও হাড়ে হিমজুৱে অসমীয়া। এতিয়া বুঢ়া হ’ল। বয়সো প্রায় আশীৰ ওচৰা-ওচৰি হ’ব। বিহাৰৰ কোনোবা এখন অখ্যাত গাঁৱৰ পৰা প্রকৃততে কোন চনত ৰামলাল আহি অসম মুলুক ওলাইছিলহি সেই কথাবোৰ জনাৰ কোনো উপায় নাই। এতিয়া হয়তো তেওঁৰ নিজৰো মনত নাই। মাথো মনত আছে যিদিনা তেওঁ সেই গাঁৱলীয়া সৰু হল্টটোৰ (আগতে বিহাৰৰ মাজত ষ্টেচন নোহোৱাকৈয়ো কিছুমান ট্রেইন ৰাখিছিল, সেইবোৰকে ‘হল্ট’ বুলিছিল) পৰা অসমাভিমুখী ৰেলগাড়ীখনৰ খালী ডবাটোত উঠি দিছিল সেইদিনা ৰাতিপুৱা ৰামলালক তেওঁৰ বাওজীয়ে ফলা খৰিৰে কোবাই ভৰিৰ কলাফুলত হেনো তেজ উলিয়াই দিছিল। সপ্তমমানত পঢ়ি থকা ৰামলাল নামৰ সেই বিহাৰী ল’ৰাজনৰ বয়স সেইসময়ত হয়তো বাৰ তেৰ বছৰমানৰ বেছি নাছিল।

ইয়াৰ পিছৰ ৰামলালৰ জীৱনৰ পৰিঘটনাবোৰ জীয়া কাহিনীৰে সজোৱা এখন ক’লা-বগা চলচিত্রৰ লেখীয়া। ৰেলগাড়ী আহি গুৱাহাটীত ৰ’ল পিচে ৰামজীচাচা উজাই গৈ ডিব্রুগড় পালেগৈ। চহৰখনে ৰামলালক আকোৱালি ল’লে। সেই চহৰতে ক’ত কেনেকৈ থাকি তেওঁ ৰেডিঅ’ ভাল কৰা, চাইকেল মেৰামতি কৰা, চুলি কটা আদি কামবোৰত পাকৈত হৈ উঠিল সেইবোৰ কবলৈ গ’লে কাহিনী দীঘল হ’ব। বিয়াৰ পিছত উত্তৰাধিকাৰ সূত্রে মই শুনিছিলোঁ তেওঁৰ নিজৰ মুখেৰে।

ৰামলাল অসমলৈ অহা ইতিমধ্যে কেইবাবছৰো পাৰ হৈ গৈছিল। ইমান বছৰে নিজৰ গাঁৱৰ পৰা, নিজৰ মানুহৰ পৰা আঁতৰি থকাৰ পিছত এদিনাখন ৰামলাল বিহাৰৰ ঘৰলৈ ঘূৰি যাবলৈ ওলাল। দহ বছৰৰ পিছত ঘৰলৈ উভতি যোৱা ৰামলালক ঘৰতে ৰখাৰ উপায় হিচাপে গৈ পোৱাৰ পিছতে ৰামলালৰ বাওজীয়ে তাক প্রায় জোৰ কৰিয়েই ছোৱালী এজনী বিয়া পাতি দিলে। বিয়াৰ আগতে লৰাই ছোৱালীক বা ছোৱালীয়ে ল’ৰাক দেখাৰ সময় আৰু প্রয়োজন দুইটাই নহ’ল। তেৰবছৰমান হৈছিল চাগে তেতিয়া ছোৱালীজনীৰ, ওৰণিৰ তলেৰেই ৰামলালে আইদিয়া এটা কৰি ল’লে। বিয়াখনতো হ’ল পিচে অসমৰ মোহে গ্রাস কৰি থোৱা ৰামলালক তেওঁৰ অন্তৰে অসমখন এৰি বিহাৰৰ গাঁৱত থাকিবলৈ নিদিলে। তাতে সেই অবাঞ্চিত বিয়াৰ শিকলিডাল!

বিয়াৰ পিছদিনাখন ৰাতি হাতত সাৰে ভৰিত সাৰে ৰামলাল কোঠাৰ বাহিৰ ওলাল। ভিতৰত ওৰণিৰ তলত ন-কইনা। ওলায়ে পথাৰে পথাৰে চিধা ৰেললাইনলৈ দৌৰ। ৰামলাল ফোপাই-জোপাই আহি ৰেললাইনৰ কাষত ঠিয় দি আছে, ৰেললৈ তেতিয়াও কিছু সময় বাকী, তেনেতে তেওঁৰ ঠিক পিছফালে কোনোবা মানুহৰ দীঘল দীঘল উশাহৰ শব্দ। উচপ খাই উঠি ঘূৰি চাই দেখে গহনা গাঠৰিয়ে ৰমক-জমক ৰামলালৰ কইনাজনী। দৌৰি  আহি বেচেৰী ফোপাই আছে। হতভম্ব ৰামলালে আৰু একো নুশুধিলে হাতত ধৰি তাইকো ডবাটোত উঠাই আনি অসম পোৱালেহি।

তাৰ পিছত ৰামজীচাচা আৰু চাচী নিগাজীকৈ অসমীয়া হৈ পৰিল। ন-কইনা আনি ৰামলাল চিধা লক্ষিমপুৰ পালেগৈ। কেনেবাকৈ যোগাৰ কৰি চাইকেল ভাল কৰা কাম এটি গোটাই নতুন সংসাৰ আৰম্ভ কৰিলে। পিচে আসুবিধা হ’ল চাচীক লৈহে। বেচেৰীয়ে অসমীয়া কথা, খানা, ধৰণ-কৰণ একোৰে আও-ভাও নাপায়। দুপৰীয়া সময়ত ওচৰৰে আইতা এজনী আহে কইনজনীৰ স’তে সময় কটাবলৈ। বেচেৰীয়ে না কিবা বুজে না কিবা ক’ব পাৰে। আইতাজনীও কম নহয় বুজক নুবুজক কথা পাতিবই, উপদেশ দিবই। এদিনাখন আইতাই ন-কইনালৈ কেইটিমান ভোট জলকীয়া লৈ আহিল, লগতে আকাৰে ইংগিতে বুজাইও দিলে

: অকণমান ভাঙিহে খাবি, গোটেইটো একেবাৰতে নাখাবি, মৰ জ্বলা।

চাচীয়ে বুজিলে অকণমান দিলে নহ’ব, এনেকুৱা চাৰি পাঁচটামান দিবি তেহে জ্বলা হ’ব।

বচ হৈ গ’ল কাম। ৰামজীচাচাই কোৱা মতে সেইদিনা চাচীয়ে হেনো কলডিলৰ ভাজি এখন বনাইছিল, ধুনীয়াকৈ জ্বলা-মচলা দি, মনত পৰিলে সর্বশৰীৰৰ পোৰণি এতিয়াও উক দিয়ে মাজে মাজে।

সেইয়া বহু পুৰণি কথা। সুবিধা পালেই ৰামজীচাচাই খুব ৰস লগাকৈ কয়। এতিয়া পিচে চাচীৰ হাতৰ খাৰৰ আঞ্জা, কচুৰ তৰকাৰী আনকি লাড়ু পিঠাৰো সাংঘাতিক সোৱাদ।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.