ফটাঢোল

ৰামানুজ গোস্বামীলৈ এখন মুকলি চিঠি– অভিজিত কলিতা

মৰমৰ ৰামানুজ,

মৰম ল’বা। আশাকৰোঁ তুমি ভালে আছা। মোৰো ভালেই। কেৱল এই বুঢ়া বয়সত বিদেশী ভাষা কেইটামান শিকিব লগা হোৱাৰ বাবে কষ্ট পাই আছোঁ। বাৰু সি যি কি নহওক, তোমাৰ ৰংপুৰ এক্সপ্ৰেছ ‘বিস্ময়’ত ধাৰাবাহিক ভাৱে প্ৰকাশ হোৱা বুলি শুনি বৰ সন্তোষ পাইছোঁ। তুমি ভাল লিখা, তোমাৰ কলমৰ জোৰ আছে, চিন্তাৰ গভীৰতা আছে, মনত সততা আছে, তোমাৰ লেখা ভাল হ’বই। কিন্তু এটা কথা তুমি ভালদৰে বুজা নাই যেন লাগিছে, ভাল লিখিলেই জানো ভাল বিখ্যাত চাহিত্যিক হ’ব পাৰি? আচৰিত নহ’বা? ভাল সাহিত্য সৃষ্টি কৰিলেই নামজ্বলা চাহিত্যিক হ’ব নোৱাৰি, ই এক গুপুত সত্য। কিন্তু তুমি এই দিশটো একেবাৰে উপেক্ষা কৰি আছা, আৰু কথাটোৱে মোক চিন্তিত কৰি তুলিছে। সেয়ে ককাই হিচাপে মই তোমাক নামজ্বলা চাহিত্যিক হোৱাৰ গুপুত কিটিপ কেইটামান থাওকতে দি থ’ব খুজিছোঁ। নহ’লে আকৌ পিছলে মোক দোষ দিবা নহয়- বোলে আপোন ককাই বুলি ভবা মানুহজনে জানিও মন্ত্ৰষাৰ নিশিকালে। চিঠিখন মন দি পঢ়িবা, ইয়াৰ এটি এটি শব্দ হৃদয়ংগম কৰিবা, বা কৰিব নোৱাৰিলেও সৰুকালত নেওতা মুখস্থ মতা দি মাতি থাকিবা। এইমতে চলিলে তুমি যদি এদিন অসমৰ মুধাফটা চাহিত্যিক হ’ব নোৱাৰা, তেনে ককায়েৰৰ নামত একুৰি ভতুৱা কুকুৰ পুহিবা।

বাৰু এতিয়া আচল কথালৈ আহোঁ; ভাল লিখিলেই যদি চাহিত্যিক হ’ব নোৱাৰি, তেনে পাৰি কেনকৈ? সেইটো প্ৰশ্নই তোমাৰ মনত বাৰে বাৰে উঠি আছে নহয়? দেখিছা অমুকা মুখ খুলিলেই গৰ্ভ দেখা মানুহ। দিম দিম, মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম। দিম বুলিয়েই এই মৰ জাৰতো চিঠিখন লিখিম বুলি বহিছোঁ।

আচল সত্যটো হ’ল- চাহিত্যিক হ’বলৈ আচলতে বৰ বেছি জনপ্ৰিয় বা ভাল সাহিত্য সৃষ্টি নকৰিলেও হ’ল- চাহিত্যিক হ’বৰ বাবে বহুত অধ্যয়ন, অধ্যৱসায়, চৰ্চা কৰিব লাগে বুলি কোৱা কথাবোৰ তেনেই মিছা। এইবোৰ কথা আচলতে ডাঙৰ সাহিত্যিকে নতুনকৈ চাহিত্যিক হ’বলৈ ওলোৱা মানুহবোৰক ভয় খুৱাবলে কৰি ফুৰা কিছুমান অপপ্ৰচাৰ। ইয়াত মই যদিও চাহিত্যিক বুলি কৈছোঁ, তুমি ইয়াৰ অৰ্থ গল্পকাৰ, ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, অনুবাদক, চাহিত্যিক আদি সকলো বুলিয়েই ধৰিব পাৰা। ৰ’বা ৰ’বা, তোমাৰ মনত আকৌ এটা প্ৰশ্ন জাগি‍ছে। হয়নে? গল্পকাৰ, ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, অনুবাদক- মানে এইখিনি যদি বেলেগ মানুহ, তেনে চাহিত্যিকে নো কি কৰে? হেঃ হেঃ! তাতেই লুকাই আছে আচল গুপুত ৰহস্য! মই তোমাক গল্প উপন্যাস, প্ৰবন্ধ লিখিবলৈ শিকাব খোজা নাই, সেইবোৰ তুমি মোতকৈ ভালকৈয়ে জানা! মই তোমাক বিখ্যাত, মুধাফটা, নামজ্বলা, বঁটা-বাহনেৰে পোত খাই থকা চাহিত্যিক হোৱাৰ পথ দেখুৱাব খুজিছোঁ।

এতিয়ালৈকে তুমি বুজিছা চাগে, চাহিত্যিক মালটো অলপ বেলেগ। প্ৰকৃততে বিখ্যাত চাহিত্যিক হ’বলৈ ভাল লেখাতকৈয়ো জৰুৰী হৈছে দুটা কথা-

ক) চাহিত্যিকৰ চাল (Style)
আৰু
খ) বঁটা বাহন

বঁটা বাহনৰ খেলটো তুমি অলপ অচৰপ জানাই, গতিকে সেইটো পিছলৈ লিখিম৷ এইখন চিঠিত মই কিদৰে চাহিত্যিকৰ চালটো ভালকৈ মাৰি, কম সময়তে অসমীয়া সাহিত্য জগতত খোপনি পুতিব পাৰি তাকে লিখিম বুলি ভাৱিছোঁ।

চাহিত্যিক হ’বৰ বাবে তুমি পোন প্ৰথমে চাহিত্যিকৰ দৰে খাব-শুব, উঠিব-বহিব, নিত্যকৰ্ম কৰিব, আৰু মানুহৰ সৈতে কথা বতৰা পাতিব জানিব লাগিব। দ্বিতীয়তে তুমি অসমীয়া চুপাৰহিট সাহিত্যৰ নীতি নিয়মবোৰ শিকি, মুখস্থ কৰি একেবাৰে হেৰফেৰ নোহোৱাকৈ মানি চলিব লাগিব।

তুমি জনা উচিত, চাহিত্যিকসকল এলাপেচা ইতৰ নৰমনিচ নহয়, তেওঁলোক বেলেগ এখন দেশৰ পৰা অহা ‘এলিয়েন’। গতিকে তেওঁলোকৰ কথা বতৰা, নিয়ম নীতি আন ফকতীয়া নৰ মনিচতকৈ পৃথক হোৱা উচিৎ। এই কথাটো তুমি কলিজাত ধাৰাল চুৰীৰে আঁ‌ক মাৰি লিখি লোৱা। আজিৰ পৰাই তুমি এইটো কাম কৰিবলৈ আৰম্ভ কৰা… তুমি যে সাধাৰণ মানুহতকৈ বেলেগ সেই কথাটো পাকে প্ৰকাৰে সকলোকে বুজাই দিবলৈ যত্ন কৰা। কি বেলেগ হ’বা, কিমান বেলেগ হ’বা সেইটো তোমাৰ নিজৰ কথা। সাধাৰণ মানুহে নকৰা কাম কিছুমান তুমি আনৰ চকুত পৰাকৈ কৰিব লাগিব। এই ধৰা তুমি মাজনিশা দুই বজাত উঠি খালি ভৰিৰে ঘাঁহনিত খোজ কাঢ়া, নহ’লে তোমাৰ কলমেৰে আখৰ এটাও নোলায়, তেনে ধৰণৰ কাম একোটা। আৰু সেই কামটো তুমি কৰা বা নকৰা, সুবিধা পালেই কথাটো দহো ৰাইজক জনাবলৈ নেপাহৰিবা। আকৌ ধৰা তুমি পিকনিক খাবলে গ’লা, বাকী ৰাইজে যি কৰে কৰি থাকক, তুমি অকলে গৈ নদীখনলে চাই দিনটো বহি থাকা, ভাত খাবলে মাতিলেও নেযাবা। কোনোবাই সুধিলে কিবা অদ্ভূত উত্তৰ এটা দি দিবা, যেনে,

– “আজি এই নদীখনৰ তিলনি, তিনিদিন আগতে নদীখনৰ মৃত্যু হ’ল; নিষ্ঠুৰ নাওখনে নদীক হত্যা কৰিলে। মই আজি নদীৰ মৃত্যোৎসৱ উদ্‌যাপন কৰি আছোঁ। আঁহা, তুমিও আঁহা, আনন্দেৰে পান কৰা মৃত নদীৰ কলিজাৰ পিয়লা৷”

ইয়াৰ মানে কি মোক নুসুধিবা, মানে থকাৰ দৰকাৰ নাই, মুঠতে তোমাৰ কথা বতৰা ইউনিক হ’ব লাগে।

এনেধৰণেৰে তুমি এক মোতামোটি অহৌ বলীয়া টাইপ ইমেজ এটা সৃষ্টি কৰিব লাগিব। পোচাক পাতিও অলপ আনতকৈ বেলেগ কৰাৰ প্ৰয়োজন। কিন্তু মনত ৰাখিবা আগৰ সেই “পাইজামা, কুৰ্তা, কান্ধত মোনা” বস্তুটোৰ আজিকালি SWAG নাই, সেইটো আউটডেটেড হ’ল। আজিকালিৰ হিচাপত চাহিত্যিকৰ পোচাকত এথ্নিক এলিমেণ্ট থকা জৰুৰী, লগতে সেইটো আনকমন হ’ব লাগে। তুমি এড়ি কাপোৰৰ থ্ৰী কোৱাৰ্টাৰ পেণ্ট আৰু এখন হাত ছুটী, এখন দীঘল মণিপুৰী চিল্কৰ ছাৰ্ট ব্যৱহাৰ কৰি চাব পাৰা। সেইটোত মই বৰ জোৰ নিদিও বাৰু, যিকোনো ইউনিক ডিজাইনৰ এথনিক কাপোৰ হ’লেই হ’ল।

ইমানখিনিৰেই মোতামোটি গেট-আপ হৈ যাব লাগে, চকুত উদভ্ৰান্ত দৃষ্টি, আউল বাউল চুলি, চচমা আদি মিনিমাম কথাবিলাক তুমি জানাই নিশ্চয়।

অ’ ৰ’বা, আৰু এটা কথা। তোমাৰ ল’ৰা ছোৱালীৰে ভৰা সুখৰ সংসাৰ এখন আছে বুলি জানো। বোৱাৰী আৰু পোৱালীকেইটাৰ মুখকেইখন মনত পৰি অলপ বেয়াও লাগিছে, কিন্তু নিয়ম যেতিয়া নক’লেও নহয়। সেয়ে কৈছোঁ, চাহিত্যিক হ’লে অলপ পৰকীয়া-ফৰকীয়া থাকিব লাগে, তেহে ডিমাণ্ড বাঢ়ে। নহ’লেও হ’ব, কিন্তু তেতিয়া সময় লাগিব। যদি কিবা দুই এটা তেনে কৰ্ম কৰিব পাৰা, তেনে সাহিত্যৰ জখলাত পতাপত বগাব পাৰিবা। কেৱল বোৱাৰীয়ে নেজানিলে ভাল, নহ’লে এইবোৰ বুদ্ধি দিয়া বুলি শুনিলে তেওঁ মোক বিহুত গামোচাৰে সেৱা নকৰি সেই গামোচাৰে ডিঙি চেপিবও পাৰে। সাৱধান হ’বা।

এতিয়া মই তোমাক অসমীয়া সাহিত্যৰ কিছুমান নীতি আৰু আদৰ্শৰ কথা ক’ম। যদিহে জীৱনত কেতিয়াবা চাহিত্যিক হ’ম বুলি আশা কৰিছা, তেনে এই নীতি আদৰ্শবোৰ এক চুলিও হেৰ ফেৰ নোহোৱাকৈ মানি চলিব লাগিব।

হিৰো আৰু ভিলেইন: অসমীয়া সাহিত্যত তুমি কাক হিৰো আৰু কাক ভিলেইন বনাব পাৰিবা তাৰ বাবে স্পষ্ট নিৰ্দেশনা দিয়া আছে। এই নিৰ্দেশনা মতে ধনী, সফল আৰু প্ৰেক্টিকেল মানুহবোৰ সদায় বেয়া, আৰু দুখীয়া আৰু বিফল মানুহ সদায় ভাল। তাৰোপৰি তুমি কিছু বিশেষ লোকসকলকহে তোমাৰ কাহিনীৰ নায়ক সাজিব পাৰিবা, যেনে ধৰা দৰ্মহা পোৱা বা নোপোৱা আদৰ্শ শিক্ষক, বানে মৰা খেতিয়ক, ঘৰ এৰা বিপ্লৱী, বিফল প্ৰেমিক, বেকাৰ যুৱক, আৰু বৰ বেছি, গাঁৱত চাকৰি কৰা এজন ডাক্তৰ। কিন্তু কোনো কাৰণতে তুমি এজন সফল ব্যৱসায়ী, চিৰিয়াচ ইঞ্জিনিয়াৰ, মন্ত্ৰী, মৌজাদাৰ, চাহ বাগানৰ মালিক আদিক নায়ক সজাব নোৱাৰিবা, এইবোৰ নিগেটিভ চৰিত্ৰৰ বাবে ৰিজাৰ্ভ কৰা আছে। এগৰাকী দুখীয়া বিধবাক তুমি কেতিয়াও নিগেটিভ চৰিত্ৰত ৰাখিব নোৱাৰিবা। ইয়াৰ ভিতৰত সকলোতকৈ Taboo বস্তুটো হ’ল ইঞ্জিনিয়াৰ, ইঞ্জিনিয়াৰৰ কথা আচলতে লিখিবই নোৱাৰি, লিখিলেও এক পূৰ্ব নিৰ্দিষ্ট সীমাৰ ভিতৰত লিখিব লাগিব। অসমীয়া সাহিত্যত ইঞ্জিনিয়াৰৰ ভূমিকা সম্পৰ্কে পিছত বিষদ ভাৱে আলোচনা কৰিম।

সাম্যবাদ আৰু শ্ৰেণী সংগ্ৰাম: এই দুটা অসমীয়া সাহিত্যৰ সকলোতকৈ হিট ফৰ্মুলা। এই দুই দিব্যবস্তু বাদ দি অসমীয়া সাহিত্য হ’বই নোৱাৰে। তুমি এখন ভ্ৰমণভিত্তিক থ্ৰীলাৰ উপন্যাস লিখিলেও এই দুই মছলা মাৰিবই লাগিব, নহ’লে নেচেল। ইয়াৰ লগতে নাৰী মুক্তিৰ তৰ্কা অলপ মাৰিব পাৰিলে ভাল।

ধুতি নীতি: অসমীয়া সাহিত্য নিষ্কলুষ, কালিমাবিহীন, পিয়’ৰ, চিৰিন, কায়-মনো-বাক্যে শুদ্ধ বস্তু। গতিকে তুমি অসমীয়া সাহিত্যত কলাৰ নৱৰসৰ কেউটা ৰস ব্যৱহাৰ কৰিব নোৱাৰিবা, বিশেষ কৈ আদি ৰস বা ‘শৃংগাৰস’ বোলা প্ৰথম ৰস বিধ। অসমীয়া সহিত্যত এটা গল্পত বেশ্যা শব্দটো থাকিলেই তাক পৰ্ণগ্ৰাফী আখ্যা দিয়া হয়। গতিকে সেই বিষয়ত অতি সাৱধান হ’বা। ফুলশয্যাৰ ৰাতিৰ কথা লিখিলেও দুপাহ গোলাপ ফুলে বতাহত লৰি চৰি ইপাহে সিপাহক চুমি থকাৰ দৰে কেমোফ্লেজ কৰি দিবা। আদি ৰসৰ বাদেও অসমীয়া সাহিত্যত হাস্য, বীভৎস, ভয়ানক আদি ৰসৰো ব্যৱহাৰ নিষিদ্ধ, তুমি কেৱল ‘বীৰম’ আৰু ‘কাৰুণ্যম’ ৰসহে ব্যৱহাৰ কৰিব পাৰিবা; বাকীবোৰ ৰস অসমীয়া সাহিত্যত অচল।

এইখিনিতে এটা দৰকাৰী কথা কওঁ, ‘ইলাইট’ অসমীয়া সাহিত্যত দুবিধ বস্তু একেবাৰে অদৰকাৰী আৰু অলাগতীয়াল বস্তু আছে, সেয়া হ’ল- হাস্য-ব্যংগ আৰু থ্ৰীলাৰ। এই দুবিধ সাহিত্যৰ পাঠক প্ৰচুৰ, বা নতুন পাঠক সৃষ্টি কৰাতো সাহিত্যৰ এই দুইধাৰাৰ মূল্য অপৰিসীম, কিন্তু অসমীয়া চাহিত্যিক আৰু বুদ্ধিজীৱিয়ে এই দুবিধক কেতিয়াও সাহিত্য বুলি স্বীকাৰ নকৰে। এতিয়া তুমি মোৰ সৈতে তৰ্ক কৰিবা- “কিয় ইংৰাজী, স্পেনিছ, আন নেলাগে বাংলা সাহিত্যতো এই দুইবিধ উপাদান ভৰি পৰি আছে, আজিকালি পাঠকক আকৰ্ষণ কৰিবলৈ সকলো বৃহৎ সাহিত্যই হাস্য-বাংগ আৰু থ্ৰীলাৰৰ উপাদান সমূহ ব্যৱহাৰ কৰে, আমি কিয় নকৰোঁ?”- তাৰ উত্তৰত মই তোমাক ক’ম- “জাষ্ট ছাট আপ! থ্ৰীলাৰ আৰু হাস্য- ব্যংগ লিখা মানুহ চাহিত্যিক নহয় বুলিছোঁ যেতিয়া, নহয়। ন’ আৰ্গুমেণ্টচ প্লীজ। অলপ অসুবিধা আছে বুলিহে, নহ’লে বেজবৰুৱাকো অচাহিত্যিক বুলি ষ্টাম্প মাৰি দিলোহেঁতেন। বিধৱাৰ শোক, মহাজনৰ শোষণ, বিপ্লৱীৰ দাড়ি বাদ দি কি এইবোৰ “বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি লিখে?”

গতিকে কথাটো বুজিবা। অসমীয়া চাহিত্যিক হ’বলৈ হ’লে তুমি এই দুই ৰিপু এৰি চলিবই লাগিব। আন কোনো উপায় নাই।

ৰেফাৰেন্স: এইটো সকলোতকৈ দৰকাৰী পইণ্ট। কথাটো হ’ল চাহিত্যিক বোলাবলৈ হ’লে তুমি কিছুমান বিশেষ বিশ্ববিখ্যাত শিল্পী আৰু চাহিত্যিকৰ লগতে কিছুমান অদ্ভূত নামৰ ‘ইজম’ৰ ৰেফাৰেন্স যেতিয়াই তেতিয়াই হকে বিহকে কৈ থাকিব লাগিব। এতিয়া তুমি হয়তো ভাৱিছা তুমি বিশ্বৰ কলা, সাহিত্য অধ্যয়ন কৰি খাস্তাং কৰিব লাগিব! ভুল কৰিছা ভাই, মুঠেও নেলাগে। অসমত চাহিত্যিক হ’বলৈ বিশ্বৰ কলা, সংস্কৃতি, সাহিত্য আৰু দৰ্শন সম্পৰ্কে যিকেইটা কথা জানিব লগা হয় সেইকেইটা মই তলত লিখিয়ে দিছোঁ, পূৱা গধুলী আঁওৰালে সুফল পাবা।

১) কাঁ‌ফকা- এইজন চাহিত্যিকৰ নাম মনত ৰাখিবা, আৰু মনত ৰাখিবা যে তেওঁ মেটামৰ্ফচিছ বুলি এটা গল্প লিখিছিল। আৰু কিবা কিবি লিখিছিল চাগে, কিন্তু সেইবোৰ দৰকাৰী নহয়। সেই গল্পটোত কাঁফকাই মানুহ এটা বিছা নে কেৰেলুৱা হৈ যোৱাৰ কথা লিখিছিল, বোধহয় সেই সময়চোৱাত তেওঁ মহাদেৱৰ পুৰীয়া টানি আছিল। সি যি কি নহওক, কাঁফকা আৰু মেটামৰ্ফচিছৰ নাম তুমি যিমানে ল’বা, সিমানে তোমাৰ চাহিত্যিক লেভেল বাঢ়িব।

২) ভেন গ’ঘ- এইজন এজন অহৌবলীয়া মানুহ আছিল, তেওঁ ছবি আঁ‌কিছিল। তেওঁৰ বিষয়ে মনত ৰাখিব লগা কথা কেইটা হ’ল- হালধীয়া ৰং, বেলিফুল, আৰু এখন কটা কাণ। বুজাৰ দৰকাৰ নাই, কেবল এই শব্দ কেইটা মাজে মাজে কৈ বা লিখি থাকিলে সুফল পাবা।

৩) ‘ৰেনেছাঁ‌’, ‘পোষ্ট মডাৰ্নিজম’, ‘চাৰিয়েলিজম’ ‘মেজিক ৰিয়েলিজম’ আৰু লগতে ‘ক্লিছ’, আৰু ‘মেটাফ’ৰ’। এইকেইটা মাল খাই নে কাণত পিন্ধে মই নেজনো। তোমাৰো জানিবৰ দৰকাৰ নাই, কিন্তু তুমি বিন্দাছ এইকেইটাৰ ৰেফাৰেন্স দিব পাৰিবা, নিৰ্ভয়ে। কাৰণ কেৱল তুমি আৰু ময়ে নহয়, এইকেইটাৰ অৰ্থ ভালকে কোনেও নেজানে। চ’ ডণ্ট ৱৰী, য’তে ‘ইজম’ জাতীয় শব্দ সুমুৱাৰ চান্স পোৱা, তাতে ইয়াৰ এটা বা ততোধিক শব্দ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিবা। ইয়াৰ লগত ‘দালি’, ‘পিকাছো’, ‘নেৰুডা’ আদি দুটামান শব্দও ব্যবহাৰ কৰিব পাৰা। ‘দালি’ৰ নামটো মনত ৰাখিবলে অসুবিধা হ’লে – ভাতৰ লগত সানি খোৱা হালধীয়া ৰঙৰ জুলীয়া বস্তুবিধ বুলি মনত ৰাখিবলৈ চেষ্টা কৰিবা। তেওঁৰ সৈতে লিংক থকা মালটো হ’ল ‘চাৰিয়েলিজম’ বা ‘অধিবাস্তৱবাদ’! এতিয়াই মুখস্থ কৰা।

৪) গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুয়েজ: এটা কথা মনত ৰাখিবা, শিল্প সাহিত্যৰ হেভী মাল বিলাক কেৱল ইউৰোপ আৰু দক্ষিণ আমেৰিকাতহে হয়। বাকীবোৰ শিল্পৰ দাম নাই। এই কাৰবাৰটোৰ সৈতে স্পেনিছ (নে পৰ্তুগীজ জানো, বাদ দিয়া। কিবা এটা ক’লেই হ’ল, অসমতনো স্পেনিছ বা পৰ্তুগীজ ভাষা জনা পণ্ডিত কেইটা আছে?) ভাষাটোৰ কিবা এটা সম্পৰ্ক আছে। আৰু এটা কথা, এই যে ইজম বিলাকৰ নাম ক’লোঁ, সেইবোৰ খান্দি কাটি, বিছাৰি উলিয়াই, নিমখত দি, শুকুৱাই, ভাজি, আচাৰ কৰি দুনীয়াত বিলাই ফুৰা কামটো হয় জাৰ্মানীত। গতিকে গুগল বাবাক সুধি দুই চাৰিজন স্পেনিছ বা পৰ্তুগীজ ভাষাত লিখা লেখক (দক্ষিণ আমেৰিকাৰ হ’লে ভাল হয়) আৰু কেইজনমান জাৰ্মান দাৰ্শনিকৰ নাম মুখস্থ কৰি সুবিধা পালেই তেওঁলোকৰ নাম লৈ থাকিবলৈ নেপাহৰিবা।

৫) অসমীয়া চাহিত্যিকৰ মতে দুনীয়াত যদি কিবা বিদেশী ভাষা সাহিত্য পঢ়িব লগা আছে, যদি কিবা গান শুনিব লগা আছে, সেয়া হ’ল বাংলা। তুমিও অলপ অচৰপ বাংলা সাহিত্য পঢ়িবা। কিন্তু অকল বাংলা সাহিত্য কিয়? ৰ’বাহে টেপেচকৈ মাত দি ডিচতাৰ্ব কৰি নেথাকিবা। অসমীয়া চাহিত্যিকে বিদেশী সাহিত্য বুলিলেই কেৱল বাংলা পঢ়াৰ একমাত্ৰ কাৰণটো হ’ল আমাৰ বাবে এই ভাষাটো পঢ়িবলৈ সহজ, আখৰকেইটা মোটামুটি একেই যে। ইংৰাজী আদি পঢ়িবলৈ টান, সেয়ে কোনেও নপঢ়ে, সেয়ে বাংলাকে একমাত্ৰ পঢ়িব লগা বিদেশী সাহিত্য বুলি ভাবি ল’লে গালৈয়ো উজু হয়, আৰু বিদেশী সাহিত্য অধ্যয়ন কৰা বুলি চাহিত্যিক চালটোও পৰি যায়। গতিকে তুমি যেতিয়াই সুবিধা পোৱা, য’তে সুৰুঙা পোৱা, তাতে বাংলা গান আৰু সাহিত্যৰ কথা ক’বা। ই তোমাৰ লেভেল বঢ়োৱাত সহায় কৰিব।

চাহিত্যিক চভা INC; আচাম: এইটো মজাৰ মাল। ‘ইলাইট’ চাহিত্যিক হ’বলৈ এই মালটোৰ সৈতে জড়িত হোৱা অতি প্ৰয়োজনীয়।

এস! আকৌ কি মাজতে প্ৰশ্ন কৰি থাকা হে? “সাহিত্য কৰিবলৈ সভা এখন কিয় লাগে, ঘৰত বহি মনে মনে পঢ়া শুনা কৰি, চকু-কাণ খুলি ৰাখি, সাহিত্য সৃষ্টিত মন দিলেই দেখোন হয়!” তাকে সুধিছা নহয়?

শুনা, আগতে লাগিছিল, সেই সময়ত অসমীয়া সাহিত্যিকসকলক সংগঠিত কৰি, অসমীয়া ভাষা সাহিত্যৰ প্ৰতি উৎসাহিত লোকসকলৰ প্ৰচেষ্টা আৰু সদিচ্ছাক এক নিৰ্দিষ্ট দিশ দিয়াৰ প্ৰয়োজন আছিল; মানুহক অসমীয়া সাহিত্য পঢ়িবলৈ আৰু লিখিবলৈ উৎসাহ দিয়াৰ প্ৰয়োজন আছিল। গতিকে এই চভাখন আৰম্ভ কৰা হৈছিল। সেই প্ৰয়োজন আজিও আছে, কিন্তু এই চভাৰ প্ৰায়’ৰিটি বিলাক আজিকালি সলনি হ’ল। এই চভাই আজিকালি কোটি টকাৰ তলত কথাই নেপাতে। আজিকালি “চভাই ভাল বোলে যাক, তাৰ লিখি মেলি কষ্ট কৰাৰ প্ৰয়োজন নাই”, বঁটা বাহন লানি নিছিগাকৈ আহি থাকিব। এই চভাত সোমাব পাৰিলে তুমি পৰম আনন্দ লাভ কৰিবা, আৰু চাহিত্যিকৰ চালটোও ১৬ অনা পুৰা হৈ পৰিব। চভাৰ হেৰি সকলক সন্তুষ্ট কৰিব পাৰিলে তুমি লিখা মেলা নকৰাকেও, এখনো কিতাপ নপঢ়াকৈয়ো, তামাম চাহিত্যিক বোলাই ফুৰিব পাৰিবা। চৰকাৰী পৃষ্ঠপোষকতাও পাবা। গতিকে চলে বলে কৌশলে এই পৰম আনন্দ লাভ কৰাৰ চেষ্টা কৰাই তোমাৰ বাবে ফলদায়ক হ’ব।

আৰু কেইটামান টিপচ্ আছে, কিন্তু সেইকেইটা এডভান্স লেভেলৰ। পিছত কেতিয়াবা চিঠিত লিখিম। সদ্যহতে তুমি লিখাতকৈয়ো ওপৰত দিয়া সাৰবস্তু কেইভাগত মনোনিবেশ কৰা। দেখিবা তোমাৰ নাম চাৰিওদিশে ফুটি ফাটি গৈছে, তুমি সাহিত্যিক পেনছন পাইছা, সভা সমিতিত পোৱা গামোচাৰে তোমাৰ ৱাৰ্ডৰ’ব ভৰি পৰিছে, বঁটা বাহনে পিছ নেৰা হৈছে; আৰু লগতে তুমি নিজৰ মনৰ খুচীত এতিয়া কৰিব নোৱাৰা বহু কাম কৰিব পৰা হৈছা।

আজিলৈ এৰোঁ, এই হাড় কঁপোৱা জাৰত আৰু বেছি লিখিবলৈ দেহাই নেটানে। আশাকৰোঁ তুমি মোৰ উপদেশ কেইটা মানি চলি সোনকালেই মুধাফটা চাহিত্যিক ৰূপে আত্মপ্ৰকাশ কৰিবা।

ইতি
তোমাৰ ককায়েৰ

☆★☆★☆

28 Comments

  • আল্টিমেট ।💚💚
    ব্যংগৰ ছলেৰে ছিৰিয়াছ মেচেজ দি দিলে কিন্তু !😍

    Reply
  • ৰিমঝিম

    তামাম

    Reply
  • Madhurjya Goswami

    সাংঘাটিক। ভাষা নাই। খুবেই উচ্চস্তৰৰ ব্যংগ।

    Reply
  • ৰিণ্টু

    দাদা, মই কাফকা-মাৰ্কুৱেজ সৱ পঢ়িছো, অস্কাৰ ৱাইল্ডো পঢ়িছো। মোৰ চাঞ্চ আছে মানে।

    জোকচ এপাৰ্ট, কি সাংঘাতিক লিখিছে দাদা। অতি উচ্চ স্তৰৰ চেটায়াৰ। হেটচ-অফ

    Reply
  • Nibhakakati

    ব’লেতো’ চুপাৰ হিট

    Reply
  • কমল তালুকদাৰ

    ৱাহ! কি অপূৰ্ব্ব ব্যংগ ।

    Reply
  • কমলা দাস

    প্ৰশংসা কৰিবলৈ ভাষা নাই ‌। অতি উচ্চ স্তৰৰ

    Reply
  • ৰাজশ্ৰী শৰ্মা

    এইটো যে সঁচাকৈয়ে অতি উচ্চ মানৰ ব্যংগ দাদা। কি লিখিলে। এটা এটা শব্দ চাবুকৰ দৰে গাত লাগিছে।

    Reply
  • Mridula

    অতি সুন্দৰ

    Reply
  • নীলাঞ্জনা মহন্ত

    সাংঘাটিক লিখিছে! আপোনাৰ লেখাৰে ফটাঢোলৰ এই সংখ্যা আৰম্ভ কৰিছো পঢ়িবলে৷ প্ৰথম বলতেই চিক্সাৰ!!! হেটচ অফ দাদা!!🙏🏽

    Reply
  • অলকেশ ভাগৱতী

    ফালি দিছে দাদা৷ আল্টিমেট ৷ সেইদিনা পিকনিকলৈ যাওঁতে আপুনি ব্ৰহ্মপুু্ত্ৰৰ পাৰত বহি চাই থকাৰ কাৰণটো আজিহে বুজিলো ৷ মই আকৌ সেইদিনা আপুনি কিবা পুৰিয়া চুৰিয়া খাই লৈহে তেনে কৰি থকা বুলি ভাৱিছিলো৷ এতিয়াহে গম পাইছো যে অসমীয়া কাফকা, চাকি, মাৰ্কুৱেইজ আদি হবলৈ হ’লে এনে কৰাটো জৰুৰী৷ ফেন্টাছটিক লিখনি ৷ আপোনাৰ লিখনিত মই অ হেনৰী, মাৰ্কুৱেইজ,ডুমা, ষ্টেইনবেক,ফ’কনাৰ আদিৰ দৰে শৈলী এটা দেখিবলৈ পাওঁ যিটো ভাৰ্জিনিয়া উল্ফ, অলিভাৰ গোল্ডস্মিথ, বালজাক আদিৰ লিখনিতকৈও আকৰ্ষণীয় ৷ ( এইসকল কোন ময়ো নাজানো ৷ কিন্তু আজিৰ পৰা ময়ো আপোনাৰ কিটিপবোৰ ফলো কৰা আৰম্ভ কৰিছো ৷)

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    দালি,নেৰুদা,পিকাছো এইবোৰ ফৰ্মেল ড্ৰেছ নে কেজুৱেল ড্ৰেছ বুজিয়েই নাপাও,গতিকে ৰামানুজ দাই নোৱাৰিলেও মই যে এদিন চাহিত্যিক হব পাৰিম সেইটো খাটাং।

    Reply
  • সচাকৈ কি অপূৰ্ব ব্যংগ৷মই আজিৰ পৰা আপোনাৰ শিষ্য হৈ গলো৷

    Reply
  • Jyotirupam Dutta

    চাউলধোৱা পানীৰ কথা লিখোতেও ‘চালভাদৰ ডালি’ৰ ৰেফাৰেঞ্চ উলিয়াবই লাগিব! সেয়াহে খাহীত্যিক!

    এনাডাৰ বাৰ্ষ্ট শ্বট ফ্ৰম দ্য বেৰেল অফ লিজেণ্ডেৰী এ.কে.!!

    Reply
  • কি সাংঘাটিক ব্যংগ লিখনি দাদা ।কবলৈ শব্দৰ অভাৱ ।

    Reply
  • Smritirekha das

    মজা লাগিল দাদা।

    Reply
  • kaur

    উপৰোক্ত গুণ আৰু জ্ঞান মোৰ অকনো নাই। মোৰ ভৱিষ্যত এন্ধাৰ 😭😭

    Reply
  • অতি উচ্চস্তৰৰ ব্যংগ, চেল্যুট দাদা।

    Reply
  • Manash Saikia

    আজিৰ পৰা ষোল্ল অনাই মানি চলিম৷
    বঢ়িয়া৷ ভাল লাগিল৷

    Reply
  • তৃষ্ণা সো

    সাংঘাটিক ব্যংগ, হেটচ্ অফ

    Reply
  • Pratim Pratap Baruah

    Classic.

    Reply
  • অভিজিত কলিতা

    সকলোকে অশেষ ধন্যবাদ

    Reply
  • Ucchajit Kalita

    কলিতাৰ সৌকাৰ কোব ৷ বঢ়িয়া৷

    Reply
  • Sidanandaborah

    তামাম

    Reply
  • অনুৰূপ মহন্ত

    সাংঘাটিক লিখে দেই দাদা। মানি গৈছোঁ আপোনাক। বঢ়িয়া লাগিল।

    Reply
  • ৰাজীৱ

    কমেণ্ট কিনো লিখিম তাৰে উৱাদিহ পোৱা নাই।কি সুন্দৰ ব্যংগ!

    Reply
  • জয়ন্ত দাস

    বাহ, সাংঘাতিক লিখিলে৷ পৰবৰ্তী সময়ত চাংবাদিক কেনেকৈ বনিব পাৰি লিখিবলৈ অনুৰোধ কৰিলে৷

    Reply

Leave a Reply

Your email address will not be published.