ফটাঢোল

ৰিক্সা, বুঢ়ী আৰু মই – তাবিবৰ ৰহমান

সৰুতে বৰ শান্ত স্বভাৱৰ আছিলোঁ কাৰণে খটাসুৰ, বকাসুৰ ধৰণৰ কেইবাটাও উপাধি পাই থৈছিলোঁ। তাকো সম্পূৰ্ণ নিজা প্ৰচেষ্টাত। দেউতাই দুপৰীয়া চাইকেলখন থৈ ঘৰ সোমাই কি নোসোমাই মই চাইকেল লৈ ফায়া। চাইকেল লৈ সময়ত আহিলে বাৰু একো নকয়। কিন্তু যাবলৈ ৰৈ থাকিব লগা হলে কেতিয়াবা কেতিয়াবা চাইকেলৰ ওপৰতে থলামুৰি নোখোৱা নহয়। ঘৰলৈ আলহী অতিথি চাইকেল লৈ আহিলেও একে কাৰবাৰ। আলহীক সোধ পোছ নাই চিধাই চাইকেল লৈ নোহোৱা হওঁ। কিমান আলহীয়ে চাইকেল ঠেলি ঠেলি নিব লগা হৈছিল তাৰ লেখ জোখ দিয়াটো কঠিন হ’ব। ডাঙৰ হোৱাৰ লগে লগে চাইকেলৰ নিচাটো কমি আহিল। কিন্তু তাতকৈ ডাঙৰ কিবা চলাবলৈ মন যোৱা হ’ল।

অষ্টম-নৱম মানত পঢ়া সময়ৰ ঘটনা। এদিন আমাৰ ঘৰলৈ এযোৰ আলহী ৰিক্সাত আহিল। ৰিক্সাখনত একেলগে উভটি যাব কাৰণে ৰিক্সাৱালাজনে ৰিক্সাখন বাটত ৰখাই ঠেং পকাই বহি আছে। মায়ে তেখেতক চাহ খাবলৈ মাতিব দিয়াত মই তেখেতক চাহ খাবলৈ মাতি নি বহিবলৈ দি ওলাই আহিলোঁ। তেনেতে মোৰ ৰিক্সাখন চলাবলৈ খুউব মন গ’ল। সেই সময়ত মোৰ এটা বৰ বেয়া স্বভাৱ আছিল যে মোৰ যি কৰিবলৈ মন যায় মই কৰিহে এৰোঁ। পিছত কি হয় এইবোৰ ভাবিবলৈ সময় নাই।

আগ পিছ নাভাবি ৰিক্সাত উঠি পেদেল মাৰি চলাই আছোঁ। পিছে পিছে তিনি চাৰিটা মানে মাজে মাজে পিছৰ লোহা ডালত উঠে মাজে মাজে থেলি থাকে। ৰাস্তাটো খলা বমা হোৱা কাৰণে মাজে মাজে টিকা দাঙি পেদেল মাৰিব লাগে। অৱশ্যে পিছৰ কেইজনে সহায় কৰি থাকে। ৰিক্সাই চলাই অলপ মান গৈছোঁ এনেতে এজনী কঁকাল হালি যোৱা আবু(আইতা)য়ে মাত দিলে-
: ও বাপো তই মোক আমাৰ তাইৰ ঘৰত থৈ নাহা কিয়া, বুঢ়ী মানুহ ধৰ্ম হ’ব।
গাঁৱৰ সিটো মূৰে মেইন ৰাস্তাতো ক্ৰছ হৈ এশ মিটাৰ মান পাৰ হৈ বুঢ়ীৰ জীয়েকৰ ঘৰ। বুঢ়ীয়ে কঁকাল হালি খোজ কাঢ়াত কষ্ট হয় কাৰণে মোক থৈ আহিবলৈ কৈছে । মই বোলো এনেই চলাব নাপাওঁ, পাওঁতে অলপ দবাই লব লাগিল। দেৰি নকৰি “ও আবু আহ” বুলি কৈ বুঢ়ীক ৰিক্সাত উঠাই ললোঁ।

ৰিক্সা চলাই থাকোঁতে ৰিক্সাখন এফালে টানি টানি লৈ যাব খোজে। মাজে মাজে বুঢ়ীয়ে অই গজমুৰা ৰিক্সা ভালকৈ চলোঁ বুলি কৈ আছে। মই বোলো আবু তই চিন্তা নকৰিবি তোক ভালে ভালে থৈ আহিব হে লাগে। মেইন ৰাস্তা পোৱাৰ লগে লগে পিছে পিছে ঠেলি অহা কেইজনক জোৰকৈ ঠেলিবলৈ ক’লোঁ। সিহঁতেও যিমান পাৰে সিমান জোৰকৈ ঠেলিছে। ৰাস্তা ক্ৰছ হোৱাৰ লগে লগে ৰিক্সাখনে গতি লৈ এফালে টানি লৈ গৈ আছে। ময়ো চিধা কৰিবলৈ যিমান পাৰি সিমান চেষ্টা কৰি আছোঁ।

শেষত লক্ষণ ভাল নেদেখি “আবু জাপ মাৰ আবু জাপ মাৰ ৰিক্সা পাল্টিব এতিয়া তাৰাতাৰি জাপ মাৰ” বুলি ছেকেণ্ডত তিনি চাৰি বাৰ মান কলোঁ।

বুঢ়ীয়ে বোলে,
:ঐ গজমুৰা, ঐ ভচ্চু উঠা, ঐ জহৰবাদ হ মই কিংকে জাপ মাৰোঁ ও। ও আইহাঁত ও মাইহাঁত মোক ই ফেলে মাইল্লাকে। কুনি ক’ত আছায়ে মোক বাচাহি এ।
এইফালে ৰিক্সা টানি লৈ গৈয়ে আছে। মই বোলো,
:ঐ বুঢ়ী মৰিবলৈ ইচ্ছা নাই যদি আগতে তাৰাতাৰি জাপ মাৰে, পিছত তোৰ মাইহঁতক মাতিবি।

তেনেকৈ কবলৈহে পালোঁহে ৰিক্সা ৰাস্তাৰ পৰা হোঁ হোঁৱাই পথাৰলৈ নামি বিশ পঁচিশ ফুট চিধা-চিধি গৈ আলি এটা খুণ্ডা মাৰি উল্টি গ’ল। বুঢ়ী ৰিক্সাৰ পৰা পাঁচ ছয় ফুট আঁতৰৰ বহলকৈ মেলি থোৱা নৰাৰ দম এটাৰ ওপৰত চিটভঙলা খাই পৰি কেঁকাই আছে। মই ৰিক্সাৰ একেবাৰেই তলত ইমানে বেয়াকৈ ফচিলো, বাৰে বাৰে চেষ্টা কৰিও ৰিক্সাৰ তলৰ পৰা ওলাই আহিব পৰা নোৱাৰা হলো।

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.