ফটাঢোল

ৰেৱাজ – ভাস্কৰজ্যোতি দাস

বিহুমঞ্চত গান গাবলৈ নাপাই হেৰম্বৰ ফুল টেনচন হৈ গৈছিল৷ ইমানেই ফুল হৈ গৈছিল যে গড়মাৰ্কাৰ ফুলেও কাম কৰা নাছিল৷ এই টেনচনতে হেৰম্বই ৰেৱাজ বন্ধ কৰি দিছিল৷
শেহতীয়াকৈ শুনামতে হেৰম্বই আকৌ ৰেৱাজ আৰম্ভ কৰিছে৷ কে.এল. চাইগলৰ পৰা মন হীৰা দৈ লৈকে৷
কালিৰ কেছ৷
হেৰম্বৰ ঘৰ৷ ৰাতি ১০ মান বাজিছে৷ ক’লিং বেলটো বাজিল৷ হেৰম্বই তেতিয়া ভাতকেইটা খাই হাত ধুই আছিল৷ হাতখন টাৱেল এখনত মছি হেৰম্বই দৰজাখন খুলিলে৷ সমুখত কাষৰ ঘৰৰ মহন্ত৷
হেৰম্ব- অ মহন্ত দেখুন৷ কি মন কৰি আহিলে?
মহন্ত- বস্তু এটা খুজিবলৈ আহিলো হেৰম্বদা!
হেৰম্ব- কি বস্তু?
মহন্ত- একো বিশেষ নহয়৷ আপোনাৰ হাৰ্মোনিয়ামখন লাগিছিল৷
হেৰম্বই হাৰ্মোনিয়ামখন আনি মহন্তৰ হাতত দি বৰ আগ্ৰহেৰে সুধিলে -“প্ৰো’গ্ৰেম কেতিয়া আছে?”
মহন্ত নৰলেই৷ হাৰ্মোনিয়ামখন হাতত লৈ নিজৰ ঘৰলৈ খোজ দি দি কৈ গ’ল- “একো প্ৰোগ্ৰেম-চো’গেম নাই৷ শাহু আহিছিল৷ কাইলৈ পুৱা চাৰিটাত ট্ৰেইনত উঠাব লাগে৷”
নিজৰ ঘৰ সোমাৱাৰ আগে আগে মহন্তই চিঞৰি দিলে-“বুঢ়া, আজি এসপ্তাহ ধৰি শুবলৈ পোৱা নাই৷”

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.