ফটাঢোল

প্ৰায়শ্চিত্ত – অঞ্জলি গগৈ বৰগোহাঞি

আজিকালি পূজা আহিলেই মই বৰ অস্থিৰ হৈ পৰোঁ। আচলতে এতিয়া অস্থিৰ হৈ লাভ নাই বুলিও জানো! চৰকাৰী চাকৰি কৰা তাতে আকৌ আগত অফিচাৰ নাম ফলক এখন আঁ‌ৰি থোৱা, আমাৰ দৰে মানুহৰ বাবে পূজা মানে কিমান বোজা আপুনি কি বুজিব! যত দোষ মোৰ এই চেহেৰাটো! চেহেৰাটো বুলি যে ক’লোঁ কিয় কৈ আছোঁ ৰ’ব।

আচলতে ডেকা বয়সত মইও সেই হেণ্ডচামেই আছিলোঁ, তাতে আপোনাৰ অলপ চেনি টাইপৰো। কিমানজনীৰ লগত লীলা কৰিলোঁ নিজেই হিচাপ দিব নোৱাৰিম। শেষত গৈ যিগৰাকীৰ লগত সংসাৰ কৰিলোঁ, তেৱোঁ‌ আছিল সাংঘাতিক ধৰণে চৌখিন। বিয়াৰ দুবছৰ মান আপোনাৰ কৈছোঁ নহয় বিৰাট চখ কৰিলোঁ। ফুৰিলোঁ, বিলাসী হোটেলত খালোঁ, কাপোৰে-কানিৰে নক’ব আৰু। অৱশ্যে তেতিয়া দিনবোৰো ভাল আছিল! দৰমহানো কেইটকা পাওঁ, পিছে টেবুলৰ তলেদি একেবাৰে কৈছোঁ নহয় ৰইনাৰে চপোৱাদি চপাই লৈছিলোঁ। পিছে কি হ’ব! মোৰ ধোঁৱাখুলীয়া স্বভাৱ আছিলেই, ইফালে শ্ৰীমতী আৰু এখোপ চৰা। হ’লেও সম্পত্তিৰ নামত বিলাসী গাড়ী এখন তেতিয়াই ল’লোঁ। কথা আছে দিয়কচোন, মানে আগত অফিচাৰৰ লেবেল এটা আছিল যে। তাতে ডেকা বয়সত বিলাসী গাড়ীত সুন্দৰী পত্নীক লগত লৈ ঘূৰাৰ মজাই সুকীয়া।

দিনবোৰ একেই নাথাকে নহয়। লাহে লাহে আমাৰ সংসাৰৰো উত্তৰণ ঘটিল। বিয়াৰ তিনিবছৰৰ পাছত আমাৰ মাজলৈ বিট্টু আহিল। বিট্টুৰ বাহিৰে দ্বিতীয় সন্তানৰ আশা কৰা নাছিলোঁ যদিও, তাৰ চাৰি বছৰ বয়সত যঁজা ছোৱালী দুজনী মিংকি আৰু ৰিংকিৰ জন্ম হ’ল। দিন যোৱাৰ লগে লগে খৰচৰ মাত্ৰা বাঢ়ি আহিল। বাঢ়িবই, সেয়া স্বাভাৱিক কথা। ইফালে টেবুলৰ তলেৰে অহা লক্ষ্মীয়েও টা টা বাই বাই কৰিলে। মই মানুহটো সলনি হ’বলৈ বাধ্য হলোঁ লাহে লাহে। সলনি নহৈ উপায় নাছিল । সলনি মানে একেবাৰে খোৱা-বোৱা, সাজ-সজ্জা সকলোফালে নিৰস হৈ পৰিলোঁ। কিন্তু, ঘৰৰ বাকী সকলৰ দিনে দিনে প্ৰয়োজন বেছি হ’বলৈহে ধৰিলে। মানে আৰু কি , ৰঙীন পৃথিৱীৰ দিশত আগুৱাই যাবলৈ ধৰিলে। মই কেতিয়াবা বুজাবলৈ চেষ্টা কৰিলেই উপাধি আৰ্জো গাঁৱলীয়া ভূত বুলি।

অফিচাৰৰ ল’ৰা-ছোৱালী! গতিকে দামী স্কুলত নাম লিখালোঁ‌। কাপোৰ-কানি কি সাধাৰণ মানুহে পিন্ধা পিন্ধিব নেকি? মহানগৰীৰ ব্ৰেণ্ডেড দোকানৰ পৰা কিনা। অভ্যাসে নৰ কৰ্ণ পথে কৰে শৰ! এইবোৰ আদব-কায়দা সৰুতে কৰি দিলোঁ। আচলতে মোৰ মন নাথাকিলেও শ্ৰীমতীৰ কাঢ়া নিৰ্দেশ মৰ্মে এইবোৰ কৰিবলৈ বাধ্য হলোঁ। গতিকে ডাঙৰ হৈ ক’ত আৰু সলনি হ’ব। বৰঞ্চ বাঢ়ি আহিল। ইফালে দৰমহাৰে মাহটো কোনোমতেই মিলাব নোৱাৰোঁ। জি পি এফত মিনিমাম যিমান থাকিব লাগে তাৰ ওপৰত এটকাও নাই। পাৰ্চনেল ল’ন ইটোৰ পাছত সিটো লৈয়ে আছোঁ। তথাপিও তথাপিও মিলাব নোৱাৰি খৰচৰ হিচাব-নিকাচ। তাতে আহিল এই পূজা। পূজা তাকো পাঁচদিনৰ! মোৰ অৱস্থা জুবিন গাৰ্গৰ মৰিলং মৰিলং লাগি যায় গানটোৰ দৰেই হৈছেগৈ। এটা সময়ত, মানে মাকক বাদ দি ল’ৰা-ছোৱালীকেইটাৰ কাপোৰ যদিও ব্ৰেণ্ডেড দোকানৰ পৰা কিনিছিলোঁ, পকেটৰ অলপমান হিচাপ কৰিছিলোঁ। তাতে তেতিয়া টেবুলৰ তলেদি মুটামুটি ভাল ইনকাম হৈ আছিল। কিন্তু এতিয়া ক’ব লাগিব –

” বিয়নি এ নাহিলি সুখৰে দিনত , সাতজনী গাই খীৰাই খাইছিলোঁ নিগনিক বাইছিলোঁ হালত।”

মাকৰ বাদে বুলি যে কথাষাৰ ক’লোঁ কিয় গম পোৱা নাই নহয়নে? মানে মাকে বিয়াৰ পাছৰে পৰা যিমানদিন পূজা আছিল সিমানদিনৰ পোছাক লৈছিল, আজি বিয়া হৈ যোৱা ১৮ বছৰৰ পাছতো সেই একেই গতি! এতিয়া ছোৱালী দুজনীয়েও মানে মিংকি আৰু ৰিংকিকো পাঁচ দিনৰ পাঁচযোৰ পোছাক লাগিবতো লাগিবই, পাৰিলে আৰু দুযোৰমান ল’বহে তাতোকৈ কম হোৱাৰ কথা হ’বই নোৱাৰে। অৱশ্যে ল’ৰাটোক কেৱল দুযোৰ লাগে বাকী জোতা আদি আছে লগত। মানে পূজাৰ বজাৰৰ নামত প্ৰায় নাই নাই বুলিও ৮০/৯০ হাজাৰ শৰাধ হয়! মোকতো ঘৰৰ বাকী চাৰিটা প্ৰাণীয়ে টকা ঘটা মেচিন বুলিয়েই ভাৱে। মোৰ না আবেগ আছে, না কিবা ভাল লগা, বেয়া লগা আছে! সিহঁত চাৰিও যিফালে দিক্ নিৰ্ণয় কৰি দিছে, মই গৈ আছোঁ। আৰু যদিহে কেতিয়াবা দিক্ সলনি কৰিছোঁ, ঘৰত মহাভাৰত আৰম্ভ হৈ যায়। মই জীয়াই থকা নথকা মোৰ বাবে একো পাৰ্থক্য নাই। কিন্তু সিহঁত চাৰিটাৰ বাবে মই জীয়াই থাকিব লাগিব কাৰণ, কাৰণ মই সিহঁতৰ বাবে চৌব্বিছ ঘণ্টাই চালু হৈ থকা এ টি এম যে ।

সিহঁতৰ এই দিনক দিনে বাঢ়ি অহা, নতুন পৃথিৱীৰ প্ৰতি মিলি যোৱাৰ জিজ্ঞাসা দেখি, নিজৰ যৌৱনৰ দিনবোৰলৈ উলটি যাওঁ। অনুভৱ কৰোঁ এতিয়াহে , আই-পিতাৰ সেই সময়ত হোৱা মনৰ অৱস্থাটো। এদিন মইও দেখোন কেৰাণী পিতৃৰ দুখ বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। চাৰিজনী ছোৱালীৰ পাছত ওপজা মই আতৌ-পুতৌৰ আছিলোঁ বাবেই, এটা সময়ত সুবিধা ল’বলৈ আৰম্ভ কৰা নাছিলোঁ জানো। চাৰিজনী ছোৱালীক বিয়া-বাৰু দিয়া, ঋণগ্ৰস্ত পিতাৰ মুখখন পঢ়িবলৈ চেষ্টা কৰিছিলোঁনে কেতিয়াবা! সেই সময়ত সাধাৰণ ঘৰৰ ল’ৰাই যেনেকৈ থাকে, মই জানো আছিলোঁ তেনেকৈ। ভাল সাজ-পাৰ, ভাল খানা, মুঠৰ ওপৰত মই যি প্ৰয়োজন অনুভৱ কৰো, সেইটো যেনেতেনে মোক দিবলৈ বাধ্য কৰি দিছিলোঁ! এখন বাইকৰ বাবে কৰা অত্যাচাৰ সহ্য কৰিব নোৱাৰি, পিতাই দেখোন ৰাস্তাৰ কিনাৰৰ এপুৰা মাটি বিক্ৰী কৰিছিল! সেইবোৰ দিনত আই-পিতাই চাগৈ মনত কিমান কষ্ট পাইছিল। মোৰ দিনবোৰো হয়তো তেনে হ’বলৈ গৈ আছে। শাও আই-পিতাই মোক দিয়া হয়তো নাছিল, কিন্তু মনত কিমানযে সন্তাপ পাইছিল। তাৰ বাবেই আজি মোৰ এনেকুৱা দুৰ্দিন চলিছে। কথাবোৰ ভাৱি থাকোতে কিমান সময় পাৰ হৈ গ’ল ক’ব নোৱাৰো!

ৰাতিৰ আকাশত চতুৰ্দশী জোন। এক মায়াসনা পৰিবেশ। গাড়ীৰ খিৰিকীখন খুলি দিলোঁ, শেৱালিৰ মন মতলীয়া কৰা সুবাস এটা নাকত লাগিল। আজি পাঁচ বছৰৰ পাছত আই-পিতাৰ কাষলৈ আহিছোঁ। ঘৰত হয়তো এই সময়ত মাক, পুতেক, জীয়েক দুজনী ঘৰলৈ পূজাৰ বজাৰ কৰি ঘূৰি আহিছে। দৰজা খুলিবলৈ মই নাই, তাৰ ঠাইত ওলমি আছে এটা তলা। কিছু উদ্বাউল হৈছে চাগৈ মায়া! স্মাৰ্টফ’নত হয়তো মোৰ নম্বৰ ডায়েল কৰিছে! উত্তৰ আহিছে – দিচ ফ’ন নাম্বাৰ ইজ চুইচ্ছ অফ ৰাইট নাও। কেতিয়াও ঘৰত একো নোকোৱাকৈ ওলাই নহা মানুহ এটাৰ হঠাতে এনে পৰিবৰ্তন দেখি কিছু চিন্তিত হৈছেনে ল’ৰা-ছোৱালী তিনিটা! সিহঁতে বাৰু এ টি এম টো হেৰাই গ’ল বুলি ভয় খাইছে নে ঘৰগোনা দেউতাকতো হেৰাই যোৱা বুলি ভয় খাইছে বাৰু? নাই নাই যিবিলাক মানুহৰ বাবে মোৰ কোনো মূল্য নাই, মই কিয় তেওঁলোকৰ বাবে চিন্তা কৰি আছোঁ। গাড়ীখনৰ পৰা নামি ড্ৰাইভাৰজনক মূল্যটো দি মই নঙলা খুলি সোমাই গ’লোঁ ঘৰটোলৈ বুলি। ঘৰৰ ভিতৰত এটা কম পাৱাৰৰ লাইটৰ পোহৰ দেখা পালোঁ।হঠাতে একেলেথাৰিয়ে ভাঁহি অহা কাহৰ শব্দ শুনা পালোঁ, সেইয়া পিতাই। তেওঁৰ কাহৰ শব্দ শুনি মইও বুকুত বিষ এটা অনুভৱ কৰিলোঁ। ল’ৰালৰিকৈ মই গৈ দুৱাৰত টোকৰ দিলোঁ। কেঁকাই-গেঁথাই ধীৰে ধীৰে খোজ কাঢ়ি অহা আইৰ মাত শুনিলোঁ –

– এই ৰাতিখন কোন আহিছ অ’ হয়নে? থৰক-বৰক হ’ল খোজ, আহোঁ বুলিলেই ফটচেনে আহিব নোৱাৰোঁ দেখোন। দৰজা খোলোতে সময় লাগিছে বেয়া নাপাবি বোপাই!

জলক-তবক চাৱনিৰে চিনাকি-অচিনাকি ভাৱেৰে মোৰ চকুলৈ চাই ৰোৱা আইৰ দুচকুৰে সৰ-সৰাই বাগৰি অহা চকুপানী দেখি মোৰ বুকুৱেদি উজাই আহিল বহুদিনৰ আগতে এৰি অহা এটি নিভাজ মৰমৰ আবেদন। মই আইৰ শীৰ্ণ বুকুৰ মাজত এটি কেঁচুৱাৰ দৰে সোমাই গ’লোঁ। ক্ৰমে মোৰ দুচকু মুদ খাই আহিল আৰু মই গভীৰ নিদ্ৰাত ঢলি পৰিলোঁ।

*****

 

5 Comments

Leave a Reply

Your email address will not be published.