ফটাঢোল

মোৰ বিলৈ – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

সময় নিশা ন বাজি বিছ মিনিট…

নতুন ভাড়াঘৰ বিছাৰি গোটেইখন চলাথ কৰি ভাগৰি-জুগৰি তিনিওজনী সিহঁতৰ ৰুম পালো। তেনেতে সিহঁতৰ ৰুমমেট জুৰীবাৰ ফোন আহিল তাই আজি নাহে,নাৰেংগীত থকা খুড়াকৰ তাত ৰাতি থাকিব ৷ কথাটো শুনি মই আৰু ছেৰ্লীনে পৰস্পৰে মুখলৈ চোৱা-চুই কৰিলো, তাইৰ ইংগিত বুজি পাই লাহেকৈ ঘড়ীটোলৈ চালো৷ তেতিয়া ঘড়ীটোৱে নিশা চাৰে ন বজাৰ সংকেত দিছে…

য়েছমিনে আমাক মন কৰি আছিল, তাই টপৰ কৈ মাত দিলে,তহঁতৰ আঁচনি আৰম্ভ হ’লেই মানে৷

জুৰীবা নথকাৰ সুযোগত যিমান মহৎ কাম সংঘটিত হৈছে তাত আমাৰ দুয়োজনীৰে অগ্ৰনী ভুমিকা থাকেই ৷ছেৰ্লীনে লাহেকৈ ক’লে খাবিনে নেখাৱ সেইটো ক’৷ মই মাত দিলো পিছে এতিয়া ক’ত কি পাবি?ছেৰ্লীনে ক’লে এতিয়াও পাম ব’ল…

গম পালো তাইৰ স্কুটীৰ পিছফালে চুলিৰ আগত জীউটোলৈ বহি যোৱাৰ পাল মোৰেই পৰিল। ৰুমমেটে কিবা এষাৰ কৈছিল যদিও কাণ নিদি আহি আছো বুলি দুয়ো তললৈ নামি আহিলো…৷

স্কুটী ফাই-ফাই উৰিল,এবাৰত ইমান জোৰেৰে ব্ৰেক মাৰিলে মই তাইৰ ওপৰেদি ওফৰি পৰিবলে অলপতহে বাকী ৷ স্কুটী গৈ ভঙাগড় পালেগৈ।

এতিয়া সমস্যা হ’ল আমাক লগা বস্তুটো কিনো কেনেকৈ…?ইফালে সিফালে চাই পাণ দোকানী এজনৰ কাষ পালো, লাহেকৈ কলো, দাদা সৌ দোকানখনৰ পৰা বস্তু এটা আনি দিব পাৰিবনে আমাক ৷দোকানীটোৱে মোলৈ কেৰাহীকৈ চালে! ভয়ো খালো কিবা কৈ দিয়ে বুলি,কিন্তু একো নোকোৱাকৈ পইছাটো হাত পাতি লাহেকৈ দোকানখনলৈ গুছি গ’ল…উফফ ৰক্ষা,কামটো সিজিল ৷

অলপ পৰৰ পিছত দোকানী দাদাটো ঘুৰি আহিল,গোমোঠা মুখেৰে মোৰ হাতত বস্তুটো তুলি দিলে…মুখত পাৰিলে দুটা গেমেহা ভুকু দিয়াৰ ভাৱ ৷ লৰালৰিকৈ তাৰ পৰা পলালো৷ এইবাৰ স্কুটী উৰিল মাংসৰ দোকানলৈ ।

এইবাৰ আৰু পৰাৰ ভয়,এখন হাতত বস্তুটো,আনখনত ম’বাইল আৰু বেগ ৷ ছেৰ্লীনক ভালদৰে ধৰি ল’বও পৰা নাই,স্কুটীখনটো উৰিয়েই আছে। মৰো জীওঁ-সো-আধিকৈ গৈ মাংসৰ দোকান পালো…৷

লবলগীয়া সকলোখিনি লৈ মেলি আকৌ স্কুটীৰ পিঠিত ৰকেটৰ গতিত আহি ৰুম পালোহি ৷ৰুমত সোমাই তিনিও কামত লাগিলো…

এজনীয়ে ভাত বহালে, মই মাংস, আনজনীয়ে চালাদ কাটিলে ৷ আমাৰ যো-জা দেখি মোৰ ৰুমমেট ৰুমলৈ যাবলৈ ওলাল,নহ’লে আমি ডায়েটিং ভ্ৰষ্ট কৰি দিম বুলি…! তাইক ৰখাই লাভ নাই বুলি জানিওঁ কলো থাকা অলপপৰ আমাক চম্ভালিবা,নাথাকিল তাই…ৰুমলৈ পলাল ৷ নিশা বাঢ়ি গৈ আছে,এঘাৰ বাজিল…

আমাৰো যোগাৰ হৈ গ’ল, ছেৰ্লীনৰ ৰুমৰ পকাতে বহি ল’লো৷

খুলিলো,এটা এটা গৈ আছে পেটলৈ,মাজতে য়েছমিনৰ ফোন আহিল তাই উঠি গ’ল…অলপ পিছত মুখত এগালমান ইংৰাজী লৈ উভতি আহিল৷আকৌ আৰম্ভ হ’ল,এটা এটা আৰু গ’ল পেটলৈ…

মাজে মাজে য়েছমিনৰ ফোন আৰু তাইৰ ইংৰাজী চলি আছে৷এইবাৰ ছেৰ্লীনৰ নীতিশিক্ষা বৰষিল তাইৰ ওপৰত…এইটো সময়ত কাৰো ফোন ৰিচিভ কৰিব নালাগে আনকি প্ৰেমিকৰো, য়েছমিন থেনথেনাই উঠিল অলপ লগাতকৈ বেছিকে ৷

বুজিলো,ভাড়াঘৰ বিছৰা ভাগৰখিনিয়ে ইহঁতক আনদিনাতকৈ সোনকালে কাবু কৰি পেলাইছে,মই মাজত সোমাই দুয়োকে ক্ষান্ত কৰিবৰ চেষ্টা চলাই থাকিলো… ৷

এটা খালী হ’ল,ছেৰ্লীনে নতুন

এটাত হাত দিলে,আচল নাটক এইবাৰহে আৰম্ভ হ’ল…

নতুনটোৰ আধা পাওঁ মানেই সিহঁত দুজনী সৰৱ হৈ উঠিল৷ পুৰণি কথা মনত পেলাই অলপ কান্দিলেও। মোৰো দেখাক দেখি মনটো দুখেৰে ভৰি পৰিল,কিন্তু দেখুৱাই কান্দিবও নোৱাৰো নহ’লে যে মোৰ জনজাতীয় সন্মান ,জন্মৰ দিনাই চাউলৰ বিধ আমাক চেলেকাই দিয়ে…এইবিলাকে মোক টলাব নোৱাৰে বুলি সিহঁতৰ আগত মৰা ওফাইডাংৰ ইজ্জতটো যাব ৷বুজিলো ভাড়াঘৰৰ ভাগৰটো এতিয়া অলপ মোৰো লাগিছে… সাৱধান হৈ ভালদৰে বহিলো, য়েছমিনৰ পিয়াহ লগাত উঠি গ’ল ৰুমটোতে অলপ দূৰত থকা ফিল্টাৰটো কাষলৈ! ফিল্টাৰ খালী বোলে,পানী কিয় ঢালা নাই বুলি ছেৰ্লীনক গালি পাৰি পাৰি নিজৰ ৰুমত থকা ফিল্টাৰটোৰ পৰা আনিম বুলি গুছি গ’ল ৷তেতিয়া আমি বটলটোৰ তলি পাইছো।

য়েছমিন পানী লৈ নাহে হে নাহে,ৰৈ ৰৈ আমনি লগাত দুয়োজনীয়ে শেষ কৰি দিলো৷ ছেৰ্লীনক চালো, ফেনৰ বতাহত অবাধ্য খিৰিকীৰ পৰ্দা খনক বাধ্য কৰাত ব্যস্ত! মোৰ ভোকো লাগিছিল,তাইক তাতে এৰি য়েছমিনক বিছাৰি গ’লো ভাত খাওঁ বুলি ৷এটা বাজিল…ভয়ো লাগিল,এতিয়া দেখোন ভূতৰে ভাত খোৱা সময় হ’ল ৷ এহ্ যাহ ৰাতিৰ আৰু পুৱাৰ সাজ একেলগেই খাম বুলি কৈ য়েছমিনৰ কাষ পালোগৈ…গৈ দেখিলো তাই তেতিয়াওঁ পানীতেই লাগি আছে,পানী বৈ মজিয়াত বানপানী কিন্তু তাইৰ হাতৰ বটলটোত তেতিয়া আধামান ভৰিছেহে,তাইয়ো অলপমান তাতে ভাগৰ মাৰিছে …

ব’ল ভাত খাওঁ,বানপানী খিনি কাইলৈ শুকুৱাম ,লাহেকৈ কলো ৷ তাই অলপ সাৱধান হ’ল,কলে ব’ল মই গৈ আছো৷

মই পাকঘৰ পালোগৈ,গৈ অবাক… তাত ভাতৰ কুকাৰ,মাংসৰ কেৰাহী একো নাই৷ চিঞঁৰ এটা মাৰি ছেৰ্লীনৰ কাষ পালোগৈ,এইবাৰ আৰু আচৰিত…তাই কুকাৰ,কেৰাহী কাষত লৈ পকাতে বাগৰি আছে৷ মোৰ উঠিল খং,তাইক একেটানে উঠাই কাষতে থকা বটলটোৰ পানীখিনি মুৰত ঢালি দিলো৷ তাই থুনথুনালে মই এনেই পানীত উটি আছো আৰু তই বৰষুণত তিয়াইছ…মোক ইমান বেয়া কিয় পাৱ ৷ উপায় নাপাই তাইৰ কাষতে থপ্ কৈ বহি দিলো, দুয়োজনীকে চম্ভালি ভাগৰো লাগিছিল ৷

অলপ পিছত অনুভৱ কৰিলো মইয়ো দেখোন পানীত বহি আছো…মগজটোৰে যিমানদূৰ ঢুকি পাওঁ ভাৱি থাকিলো,এই তিনি মহলালৈ পানী উঠিল যেতিয়া গোটেই অসমখন ডুবিল,অকল আমি কেইজনীহে ছাগে বাচি আছো ৷

ভালদৰে গমিলো…

বানপানী নহয়, য়েছমিনে খালী বুলি

ভাৱি নল খুলি থৈ যোৱা ভৰ্ত্তি ফিল্টাৰটোৰহে পানী…খপজপাই উঠিলো,এইকো উঠাই বিছনাত বহাই দিলো৷ খঙে-ভোকে য়েছমিনক এজাউৰি দিবলৈ তাইৰ ৰুমলৈ গ’লো৷

ৰুম পাই মুৰে-কপালে হাত দিলো…

মহাৰাণী দৰ্জাতে এখন গাল লগাই দুয়ো হাতেৰে দৰ্জাখন আঁকোৱালি লোৱাৰ দৰে কৰি জেঠী হোৱাৰ কছৰৎ কৰি আছে৷তাই ওখই পাঁচ ফুট আঠ ইঞ্চি,ইমান ওখ জেঠীক কিম্ভূতকিমাকাৰ দেখিলো৷

তাইকো টানি আজুৰি লৈ আহিলো ইটো ৰুমলৈ।ইয়াতো নাটকৰ বেলেগ এটা অংশ চলি আছিল৷

ছেৰ্লীন ব্যস্ত। খালী হোৱা বটল দুটাক লৈ৷

দুয়োটাতে পানী ভৰাই অলপ অলপ খাই আছে,তাকে দেখি ইজনীৰ লাগিল জগৰ…অকলে খাইছ! দে মোকো৷

তাই নিদিয়ে এই নেৰে,পিছত যেনিবা দিলে৷

মই দৰ্শক।

পানী ভৰা বটলৰ ছিৰ্য়েচ হৈ আছে,সব ঠিক ঠাক চলি আছে৷ পানী শেষ হ’ল,আকৌ মোৰ মজাপালি আৰম্ভ হ’ল ৷ হাতত লৈ থকা বটলটোকে খুব চুমা যাচি আছে য়েছমিনে। ইমান ছেক্সী বটল আগতে দেখাই নাছিল বোলে৷ চুমা খাই খাই এপাকত মিছিক কে হাঁহি মোক ক’লে,বটলটো দলিয়াই দিওঁ নে?

হে হৰি! এই পুৱতি নিশা যদি বটল তললৈ দলিয়াই,ৰাতিটোত চাৰিবাৰ মান উঠি গেটৰ তলা ঠিকে আছেনে নাই চাই থকা ঘৰৰ মালিকৰ তপা মূৰতে পৰিলে কি হ’ব ভাবিবলৈকে ভয় লাগিল ৷

দুয়োকে কোনোমতে বুজাই-বঢ়াই ভাত খোৱালো-খালো। টানি চোচৰাই বিচনাত শুৱাই দিলো৷

কিবা-কিবি বলকি আছিল যদিও কাণ নিদি যি কৰ কৰ বুলি সিহঁতৰ ফালে পিঠি দিলো৷

যিমান হ’লেওঁ একেখিনি ভাগৰ তেতিয়া মোৰো লাগিছিল ভাই৷

কেতিয়া টোপনিত ঢলি পৰিলো গম নাপালো ৷ পুৱা চাৰে সাতমান বজাত বাওঁ ভৰিত প্ৰচণ্ড গছক এটা পৰোতেহে খকমককৈ উঠি দেখিলো ছেৰ্লীন আমাৰ ওপৰেদিয়ে দৌৰা-দৌৰি কৰি আছে ডিউটি যাবলৈ৷

বিষাই থকা ভৰিখন পিটিকি পিটিকি এইবাৰো বুজি পালো…নিশাৰ নাটকৰ যৱনিকা পৰাই নাই,উপায় নেপাই হে বেছেৰী ডিউটি যাব ওলাইছে ৷■■

One comment

  • লিপিকা

    হাঃ হাঃ… বিলৈ ভালকৈয়ে হৈছিল মানে… !!

    Reply

Leave a Reply

Your email address will not be published.