ফটাঢোল

চকুলো – মণিষা কাকতি

ৰাতি ৭.৪৮ বাজিছে৷ দুজনীয়া সংসাৰ৷ পত্নী পাকঘৰত ব্যস্ত৷ পতি কাষৰ ৰুমত টিভি চোৱাত ব্যস্ত৷ পত্নীঃ (পতিদেৱক উদ্দেশ্যি অলপ উষ্মাৰে) তুমি কিন্তু তোমাৰ প্ৰমিজ ৰাখিব পৰা নাই৷ পতিঃ হা.. কিবা কৈছা? পত্নীঃ ………..প্ৰমিজ ………………নাই৷ (অকল সেই দুটাহে শব্দ শুনি কিবা জগৰ লগালো বুলি ভাবি পতি হাতত ৰিম’ট লৈ টিভিৰ কাষৰপৰা উঠি আহিবলৈ বাধ্য হ’ল) পতিঃ কিবা কৈছিলা জানু? পত্নীঃ (মুখখন অলপ ফুলাই) তুমি মোৰ মা-দেউতাৰ আগত প্ৰমিজ কৰিছিলা যে মোৰ চকুৰপৰা কেতিয়াও ’চকুলো’ ওলাব নিদিয়া৷ কিন্তু বিয়াৰ পাছতে তুমি সকলো পাহৰি

Read more

প্ৰতিবেশী – গীতাশ্ৰী কলিতা

বৰুৱাৰ ঘৰৰ কাষৰ বহুত দিনৰ পৰা খালী থকা ঘৰটোলৈ আজি নতুন ভাৰতীয়া আহিছে৷ নতুনকৈ বিয়া হোৱা কিজানি৷ অকল গিৰিয়েক-ঘৈণীয়েক৷ বৰুৱাইও ভাল পালে৷ ঘৰত দিনটো অকলে থকা বৰুৱানীৰ লগ এটাকে হ’ব মাতলে বোললে৷ বৰুৱাৰ পৰিয়ালত বৰুৱা বৰুৱানী আৰু ছবছৰীয়া বাবলি৷ বৰ মৰম লগা, অলপ কথকীও৷ লাহে লাহে দুই পৰিয়ালৰ চা-চিনাকি হল, আহ-যাহ হ’ল৷ অহা যোৱা ক্ৰমান্নয়ে বাঢ়ি চাহ চেনি আদান প্ৰদান পৰ্য্যায় পালেগৈ৷ কিন্তু শৰ্মা পৰিবাৰৰ ধৰণ কৰণে বৰুৱানীক অমুৱাবলৈ বেছি দিন নালাগিল৷ শৰ্মানীয়ে যদি আগদিনাৰ চেনি দিয়া বাতিটো ঘুৰাবলৈ আহে

Read more

চন্দুৰ বেবেৰিবাং চিন্তা – চন্দনা শইকীয়া

চন্দুই যেতিয়া ঘৰ মচি থাকে হয়তো দীপালি বৰঠাকুৰ বাইদেউৰ গান গুণগুণাই থাকে নহয়তো কিবাকিবি চিন্তাত বিভোৰ হৈ থাকে৷ আজিও ঘৰ মচি থকা সময়ত তাইৰ মূৰত ভয়ংকৰ চিন্তা আশংকা কিছুমানে আহি ভিৰ কৰিলেহি৷ এই চিন্তাবোৰৰ সাৰাংশ এনেধৰণৰ – চন্দুই অতদিনে ভাবি আছিল তাইৰ ঘৰৰ ওচৰৰ মানুহে তাইক স্কুলৰ নামেৰে নাজানে৷ কেৱল শইকীয়ানীৰ সৰুজনী জীয়েক নাইবা মইনা বুলিয়েই চিনি পায় যিয়ে কাৰো ঘৰে দুৱাৰে ফুৰিবলৈ নাযায় (আনৰ ঘৰত চেল্ফী উঠিবলৈ লাজ কৰে যে! ), ঘৰতে থাকি কামবন আৰু পঢ়া শুনা কৰি থাকে

Read more

দ্যা কাঠমাণ্ডু টাইগাৰ্ছ – ৰামানুজ গোস্বামী

(পাতনি) এই বিশ্বব্ৰহ্মাণ্ডত ঘটি থকা অলেখ অলেখ পৰিঘটনাৰ ভিতৰত এটা সৰু পৰিঘটনা আছিল হাতীপটিৰ কোনো এক অংশত ভ্ৰ্যাম্যমাণ তিনিটি উজ্জ্বল জ্যোতিষ্ক৷ মহাকৰ্ষণ বলৰ সূত্র অনুসৰি তিনিও নিজা নিজা কক্ষপথত খুবেই আত্মীয়তাৰে, সমন্বয়তাৰে আৰু এক সহযোগিতাৰে পৰিভ্ৰমণ কৰি আছিল৷ যদিও অন্যান্য প্ৰাকৃতিক কাৰণত তিনিওৰে কেতিয়াবা স্থান বিচ্যুতি ঘটিছিল যদিও, “ত্রি-আভ্যন্তৰীণ মহাকৰ্ষণ“ বলেৰে তিনিও পুনৰ লগ হৈছিল৷ তিনিওটাৰে গতি-গোত্র, অৱস্থা-ব্যৱস্থা, চলন-ফুৰণ ইত্যাদি ইটোৰ ওপৰত সিটো সম্পূৰ্ণ নিৰ্ভৰশীল আছিল… এদিন প্ৰথম আৰু দ্বিতীয় জ্যোতিষ্ক প্ৰায় একেলগে থাকোতেই দেখিলে এটি বৰ মৰমলগা গ্ৰহ৷ সেই

Read more

যমপুৰীত এদিন – হেমন্ত কাকতি

কালি ৰাতিয়েই মোৰ ডায়েবেটিছজনিত ৰোগত মৃত্যু হ’ল যদিও যমপুৰী পাওঁতে দেৰি হ’ল৷ গেইট পায়ো বহুত দেৰি ৰবলগা হ’ল৷ যথেষ্ট ভিৰ৷ কিবা ইৰাক, চিৰিয়াৰ যুদ্ধ লাগি আছিল হেনো, তাৰে আজি বহু মানুহ আহিছে৷ গতিকে লাইনত লাগিবলগা হ’ল৷ অলপ আমাৰ বিজয় যেন লগা মানুহ এজনক দেখিলো গেটত কিবা ফৰ্ম জমা লৈ প্ৰত্যেকৰে পিছফালে কিবা এটা নম্বৰ লগাই লগাই এজন এজনকৈ সোমোৱাই আছে৷ সন্দেহযুক্ত যেন লগা দুই এজনক প্ৰশ্ন কৰি ৰখায়ো থৈছে৷ জীয়াই থাকোতে এনে বহু লাইনত ঠিয় হোৱাৰ অভিজ্ঞতাপুষ্ট বাবে বিশেষ অসুবিধা

Read more

নাস্তিকৰ ভূত – বিপ্লৱ বৰা

’পাছ কৰ বে৷ মণিপুৰী হয়৷ যধে মধে টানিবি, নগেনদা টাইপ কিচ্ছা বনি যাবি৷ ’ ডক্টৰ নিচাৰ ৱেডাৰ ফ’ৰকাষ্টিং শুনি লগে লগে বাবাডাললৈ মুখ মেলি চাই থকা গুটিলৈ সেইডাল পাছ কৰি দিলো৷ গুটিয়ে বাবাডাল দুই হাতৰ মুঠিত লৈ ওপৰলৈ মূৰ কৰি সেৱা এভাগ জনাই আপোনমনে সেইডাল হুঁপাত লাগিল৷ ফ্লেচবেক: #নগেনদাৰ_AK47 (আমি তেতিয়া হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত৷ সেইবাৰ শিৱৰাত্ৰিত ডিগ্ৰী থাৰ্ড ইয়েৰৰ ছাত্ৰ নগেনদাই সভক্তিৰে এনেকৈয়ে ঘোঁটা খালে, পাৰফৰমেন্স দেখি প্ৰসন্ন হৈ খোদ শিৱবাবা চাগে নিজেই আহি নগেনদাক লম্ভিলে৷ আৰু নগেনদাই হোষ্টেলৰ

Read more

লিমাৰিক – ধনজিত বৰুৱা

১) বোলো লিভাইচ জিন্সেৰে তেওঁ প্ৰিন্সেচ ৰ’জ যতে পাই ততে দিয়ে চেলফিৰ প’জ ৰক আৰু ৰোল কৃষ্টি, নকলৰ সৃষ্টি, চামথিং হেপেনিং, লিটল অভাৰ ডজ ২) বাইক দি উমলাই ৰমলাৰ পুত্ৰ, শব্দই কৈ দিয়ে তেওঁৰ গতিগোত্ৰ৷ চনে এদিন বেলটালে, আধা গা চেলখালে, বাপেকেই দি আছে পুৱাই গোমূত্ৰ৷ ৩) মহাদেৱৰ মহাশিচ যেন তেওঁ কিং লিয়েৰ হাঁহি-মাতি পান কৰে জীৱনৰ বহু টিয়েৰ আশীৰ্বাদৰ যেন ৰং হলাহল মায়াৰ চং যাত্ৰা জীৱনৰ অগ্ৰগামী কেতিয়াবা বেক গীয়েৰ৷ ৪) জখলা নহলেও নাই মাৰি কথাৰ মহলা মিহিৰামে বগাই

Read more

অসমীয়া হাস্য-ব্যংগ সাহিত্য – চমু আলোকপাত – জীমণি গগৈ

অসমীয়া ভাষা-সাহিত্যই  লাভ কৰা কালৰে পৰা দৰাচলতে অসমীয়া হাস্য-ব্যংগ সাহিত্যই নিজৰ বিকাশ যাত্ৰা অব্যাহত ৰাখিছে৷ কিন্তু সেয়ে হ’লেও সাহিত্যৰ অনান্য বিভাগতকৈ (কবিতা, গল্প, উপন্যাস আদি) অসমীয়া হাস্য ব্যংগ সাহিত্যৰ বিকাশৰ যি গতিধাৰা সেয়া কিন্তু লক্ষণীয়ভাৱে মন্থৰ৷ মন কৰিব লগীয়া কথাটো হ’ল হাস্যৰসাত্মক সাহিত্য আৰু ব্যংগ সাহিত্য ইটো সিটোৰ পৰিপূৰক যদিও দুয়োটা কিন্তু পৃথক ৰচনা৷ হাস্য ৰসাত্মক সাহিত্যত যদিহে ব্যংগ নাথাকে তেনে ৰচনা লঘু কৌতুকধৰ্মী ৰচনালৈ পৰ্যবসিত হ’ব পাৰে৷ আনহাতে হাস্য নথকা কেৱল ব্যংগবোৰ বহুসময়ত গালিৰ শাৰীলৈ নামি যোৱাৰ সম্ভাৱনীয়তা থাকে৷

Read more

কৌতুকৰ পেৰা

দেৱজিত শৰ্মা আপেল দা: হেৰা, নেমুত ৰস আছেনে? বেপাৰী: হয় দাদা, কুঁহিয়াৰতকৈ বেছি আছে৷ আপেল দা: আমাৰ আকৌ বাৰীৰ নেমু সাংঘাতিক হজমী৷ ৰাতি কটাৰীৰে কাটিলে পুৱালৈ নালটোহে থাকে; কটাৰীখন হজম হৈ যায়৷ বেপাৰী: (ধূতি পাঞ্জাবী পিন্ধি থকা দাদালৈ চাই) লৈ যাওক দাদা৷ আমাৰ নেমুৰ ৰিজাল্ট আৰু ভাল৷ এই নেমু পুৰুহিতে খালে ৰাতিপুৱালৈ টিকনিডাল হে থাকে, মানুহটো হজম হৈ যায়৷■■ পাপৰি দত্ত শিৱৰাত্ৰিৰ গেট-টুগেদাৰ৷ ডিব্ৰুগড়ৰ পৰা ৰমেনে কেইবাটাও বন্ধ মিলাই গুৱাহাটীলৈ গৈছে গেট-টুগেদাৰত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যে আৰু একেলগৰ স্কুলৰ বন্ধু

Read more

সৰুমাছ – আদিত্যজ্যোতি বৰঠাকুৰ

কিছুমান কথাত তাৰ দৰে ঠাণ্ডা মানুহৰো বৈদ্য খং উঠে৷ খঙৰ ভমকত যা তা কাম কৰি দিবলৈ মন যায়৷ এই দেওঁবাৰ এটাৰ কথাকে ধৰক…. দেওঁবাৰ বুলি পুৱা ৯ টা ১০ টা মান বজাত শুই উঠি “বে’ড টি” একাপ পোৱাতো তাৰ দৰে ঠাণ্ডা মানুহে মৌলিক অধিকাৰ বুলিয়েই ভাৱে৷ কিন্তু হিটলাৰী শাসন ব্যৱস্থাত কি মৌলিক অধিকাৰ…..কি কৰ্ত্তব্য.! ! ! পুৱা ৬ নাবাজোতেই তাক তাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল ঘৰলৈ আলহি অহাৰ অজুহাতত, ধেৰ কাম থকাৰ অজুহাতত……বজাৰ-সমাৰৰ মূল দায়িত্ব অৰ্পনেৰে৷ একেবাৰে পুৱাই পুৱাই

Read more
1 2 3 4 5 7