ফটাঢোল

বাই-ভনী – শ্ৰীমানস শইকীয়া

সৰুতে দুই-এটা খুট্-খাটৰ বাহিৰে বায়েক-ভনীয়েকৰ বিৰাট মিলা-প্ৰীতি৷ খুট্‌-খাটবোৰো এজনীৰ ভাত খোৱা থালখন সিজনীয়ে নোধোৱাক লৈ, এজনীয়ে ধুই-কৰি ইস্ত্ৰি কৰা কাপোৰযোৰ আনজনীয়ে পিন্ধাক লৈ; নাইবা ইজনীৰ প্ৰসাধন সামগ্ৰী সিজনীয়ে লোৱাক লৈ লাগে আৰু! অৱশ্যে, কোনো এটা সুদৰ্শন(হেনচু) ডেকাই এজনীৰ ওপৰত বেছিকৈ চকু দিলেও হনা-খোঁচা কাচিৎ লাগে৷ বিয়াৰ পিছত কিন্তু মৰমবোৰ ৰৈ বৈ যোৱা৷ মণি-হাৰি কিবা সামগ্ৰীয়েই হওক, ফেৰীৱালাৰ পৰা কাপোৰেই হওক, লওঁতে ইজনীয়ে সিজনীৰ বাবে ল’বই৷ তাৰ মাজতে দুটি স্নেপশ্বট আপোনালোকলৈ বুলি৷ (সুবিধাৰ বাবে বাই-ভনী দুগৰাকীৰ নাম দি লওঁ— ৰীণা আৰু

Read more

টপুৰ বাৰ্থ্‌ডে‍ – বিকি দাস

ৰাতিপুৱা হ’ল কি নহ’ল, ক্যেলেণ্ডাৰ ৰিমাইণ্ডাৰ, ফেচবুক ৰিমাইণ্ডাৰ আৰু এলাৰ্ম ক্লক্‌টো একেলগে বাজি ইমান ধুনীয়া সপোনটো ভাঙি দিলে৷ অমিতাভ বচ্ছনে ৫ কোটি টকীয়া চেকখন আগবঢ়াই দি ক’ব পাইছিলহে “য়ে ৰহা আপকে লিয়ে পূৰে ৫ কড়ৌৰ কা চেক (হায়)৷” আপদীয়া মোবাইলটোৱে সকলোখিনি পানী কৰিলে৷ বাৰু যি কি নহওক, এটা চকু মেলিয়েই ম’বাইলটোলৈ চাই পঠিয়ালোঁ৷ উৱা! আজিচোন টপুৰ বাৰ্থ্‌ডেই৷ বাৰ্থ্‌ডেই মানে পাৰ্টি আৰু পাৰ্টি৷ মানেই শইকীয়া ধাবা জিন্দাবাদ৷ টপু মানে মোৰ ক্লাছ চিক্সত লিখা বেষ্ট ফ্ৰেণ্ড ৰচনাখনৰ পৰা ধৰি শইকীয়া ধাবাত ৰঙা

Read more

ৰং নাম্বাৰ – উৎপলা কৌৰ

ৰাতিপুৱাৰ পৰা ৰূহীৰ গাত তৎ নাই৷ সোনকালে শুই উঠি যোৱা সপ্তাহত বিক্ৰমৰ লগত গৈ শ্ব’ৰূমৰ পৰা কিনা ৰঙা টপটো আৰু পালাজ’ পেণ্টটো ইস্ত্ৰি মাৰিথৈ বাথৰূমত সোমাল৷ বহুদেৰি গাধুলে, ছেম্পুও কৰিলে৷ আজি বৰ বিশেষ দিন তাইৰ বাবে৷ সাজ-সজ্জাত কোনো খুটি-নাটি এৰিব নোখোজে তাই, আফটাৰ অল ফাৰ্ষ্ট ইম্প্ৰেছন ইজ দা লাষ্ট ইম্প্ৰেছন! এসপ্তাহ মান হৈছে তাই নতুন মুৰ্গা এটা জালত পেলাইছে৷ খুউব “মালদাৰ“ বোলে! হয়তো! ধুনীয়া আৰু ধনী ল’ৰাবোৰ তাইৰ বাবে একোটা ’মুৰ্গা’ই! সি যে বেছ ধনী তাৰ কথা-বতৰা, ভাৱ-ভংগীতে গম পায়৷

Read more

প্ৰাক্‌শংকৰী যুগৰ সাহিত্যৰ এটি চমু আভাস – চবিনা ইয়াচমিন

কোনো এটা যুগৰ সাহিত্যৰ বিষয়ে চৰ্চা কৰিবলৈ যাওঁতে প্ৰথমে আমি জানি ল’ব লাগিব সাহিত্যৰ সৃষ্টিনো কেনেকৈ হ’ল? কোনো এটা ভাষাই স্বকীয়তা লাভ কৰে ক্ৰমবিৱৰ্তনৰ ফলত৷ আৰু তাৰ পিছতেই সেই ভাষাত সাহিত্য সৃষ্টি হ’বলৈ ধৰে৷ আদি কালত সাহিত্যসমূহ কেৱল মৌখিক ৰূপতহে প্ৰচলিত হৈছিল৷ লিপি সৃষ্টিৰ পিছতহে স্বাক্ষৰলোকৰ হাতত লিখিত সাহিত্যৰ সৃষ্টি হয়৷ পোনপ্ৰথমে সৃষ্টি হৈছিল ভাষাৰ৷ তাৰ পিছত সাহিত্য আৰু তাৰ পিছতহে লিপিৰ সৃষ্টি হৈছিল৷ কিন্তু যদিও বৰ্তমান লিপিৰ সৃষ্টি হ’ল মৌখিক সাহিত্যৰ প্ৰচলন এতিয়াও অব্যাহত আছে৷ অসমীয়া মন্ত্ৰ সাহিত্য তাৰ

Read more

মুখা – মৌচুমী বৰুৱা

“উস্‌ উস্‌ যোগেন বৰ ঠগ হ’লি দেই তই আজিকালি ৷” “কি হ’ল দাদা ?”যোগেনে ভয়ে ভয়ে শুধিলে ৷ “এনেকৈ গ্ৰাহকক ঠগন দিব নাপাই দেই ৷ভগৱানলৈতো অলপ ভয় কৰিবি ৷কালি তোৰ দোকানৰ পৰা নিয়া আলুৰ আধা গেলা ওলাল ৷” “আলু আপুনি নিজেই বাচি লৈছিলচোন দাদা ৷” যোগেনে সেমেনা সেমেনি কৰিলে ৷আলুখিনি ঘুৰাই দি পইচা লৈ মানুহজন ওলাই গ’ল ৷ দোকানত দাইল আৰু মিঠাতেল কিনিবলৈ সোমোৱা বিনোদে মানুহজনৰ ফালে চালে ৷হয় হয় এইজন মানুহেই তাক দেউতাকৰ পেঞ্চনৰ ফাইল এটা পাছ কৰি দিবলৈ

Read more

সংখ্যাটোৰ আঁৰৰ কথা – বিকাশ শইকীয়া

‘ফটাঢোল’লৈ আহিছিলো সন্মানীয় ব্যক্তি অভিজিতদা, জ্যোতিদাৰ লেখা দেখি, অকণমান হাঁহিম বুলি। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ প্ৰথমতেই এটা লেখা দিলো। ইমান মৰম পাম বুলি ভবাই নাছিলো। লাহে লাহে বহুত সন্মানীয় ব্যক্তিক লগ পালো। দুই এটাকৈ লেখা দিবলৈ আৰম্ভ কৰিলো। এনেদৰে ফটাঢোলৰ সদস্যসকলৰ মৰমত সক্ৰিয় সদস্য হৈ পৰিলো। দিনক দিনে ফটাঢোলে উন্নতি কৰিব ধৰিলে। নৱেম্বৰ মাহৰ সম্পাদনাৰ বাবে গুৰু দায়িত্ব পালো। প্ৰথমে ভয় লাগিছিল। কিন্তু তলত উল্লেখ কৰা ব্যক্তিসকলৰ প্ৰচেষ্টাত আলোচনীখন প্ৰথম বৰ্ষৰ পঞ্চম সংখ্যা ভূমিস্থ হ’ল। জনপ্ৰিয় হাস্য-ব্যংগ গোট ‘ফটাঢোল’ৰ মাহেকীয়া

Read more

শিৱৰাত্ৰি – প্ৰণতি শইকীয়া

নৱম শ্ৰেণীত পঢ়ি থকা দিনৰ কথা৷ শিৱৰাত্ৰিৰ পাছদিনা গান গাই গাই স্কুললৈ বুলি ওলাইছোঁ৷ অলপ সোনকালেই ওলালো৷ কাৰণ শিৱৰাত্ৰিত কোনে কি কৰিলে আলোচনা হ’ব৷ চাইকেলখনৰ চকাকেইটা চেপেটা যেন দেখি পাম্প অকণ দি লওঁ বুলি গাঁৱৰে চাইকেল মিস্ত্ৰী বীৰেণ খুড়াৰ ঘৰতে সোমাই দিলো৷ খুড়াই ক’লে, “দুই মিনিট বহ৷ মই সাউতকৈ ধুপগছ জ্বলাই লওঁ৷“ তাকে শুনি খুড়ীয়ে ক’লে, “মজিয়ালৈকে আহ৷ চাহ এবাতি খাইয়ে যা৷ হৈয়ে আছে৷“ ময়ো ভালেই পালো৷ দল ঘাঁহ খোৱা ম’হৰ গাখীৰত কৰা চাহ৷ বৰ মজা লাগিল খাই৷ পাম্প দি

Read more
1 5 6 7