ফটাঢোল

বাঃ কি এক আৰাম ডা মামলা – কুল শইকীয়া

তাৰ ওফোন্দা মুখ, চলচলীয়া চকু, নাকৰ তললৈ বৈ অহা শেঙুনৰ টোপাল, হাতত লাগি থকা ড্ৰয়িঙৰ দীঘল বহীটো, চকুৱে-মুখে বিয়পি পৰা ক্ষোভৰ প্ৰলেপ – এইবোৰ অনুধাৱন কৰি গম পালো সি মোক নিশ্চিতভাৱে অভিযোগ দিছেহি যে মই এইমাত্ৰ তাক দোকানৰ পৰা ইৰেজাৰ আনি দিব নোৱাৰিলে সি স্কুল নাযায়। অতএব, পিন্ধি থকা হাৱাই চেণ্ডেল চোচৰাই মই আবিৰ্ভাৱ হ’লো নবীনৰ মণিহাৰী দোকানত, ক’লো – ‘ইৰেজাৰ –এই যে পেঞ্চিলেৰে লিখা ভুল-চুলবোৰ মচি পেলাব পাৰি, যাক আমি সৰুতে পঢ়াশালিত ৰবৰ বুলিয়েই কৈছিলো।’ মই ইমানবোৰ ব্যাখ্যা শেষ

Read more

এল অ’ এল (lol) — মনিষা কাকতি

সেইসময়ৰ কথা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈ একেটা বিষয়কে মেজৰ বিষয় হিচাপে লৈ মই আৰু মোৰ বেষ্টী (Bestie) পুনৰ একেখন কলেজতে স্নাতক পাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰিলো। কাজেই কলেজত আমি একো নতুনত্ব বিচাৰি পোৱা নাছিলো – একেই কলেজ, একেই শ্ৰেণীকোঠা, একেই কেন্টিন, একেই ল’ৰাজাক। কলেজৰ পৃথিৱীখন অকল আমাৰ দুয়োজনীৰ মাজতে সীমাৱদ্ধ হৈ আছিল। দুয়োজনী একেলগে আহোঁ, একেলগে খাওঁ, একেলগে ক্লাছ কৰোঁ, একেলগে থাকো, একেলগে লেকচাৰ মাৰো আৰু শেষত একেলগে কলেজৰপৰা ঘৰলৈ বুলি ওলাও। আমাৰ দৈনিক ৰুটিনখন ঠিক এনেকুৱাই আছিল সেইসময়ত। আগবঢ়াৰ

Read more

কৌতুক- লোকেশ্বৰ পাটগিৰি

এজনী ছাগলী ভয়ত হাবু দাবু খাই হাবিলৈ তামাম দৌৰি আছে৷তাকে দেখি এটা নিগনিয়ে সুধিলে : “কি হ’ল হে ভন্টি কিয় ইমানকৈ দৌৰি আছা?জগিং কৰি আছা নেকি ?” ছাগলী :-” বন্ধু, হাবিত পুলিচে হাতী ধৰিবলৈ আহিছে সেইকাৰণে দৌৰিছো৷” নিগনি :- “অ ! তাতে আকৌ তোমাৰ কি গৰজ পৰিল দৌৰিবলৈ?তুমিতো ছাগলীহে ?” ছাগলী :- “এইখন ভাৰতবৰ্ষ হয় ভাই । ধৰা পৰিলে,২০ বছৰ অফিচ-কাছাৰি ঘূৰি ফুৰিব লাগিব, হাতী নহয় ছাগলী বুলি প্ৰমাণ কৰিবলৈ।” এই কথা শুনিয়েই নিগনিও ছাগলীৰ লগত সমানে দৌৰিব ধৰিলে ৷

Read more

 সলিউশন এক্স (একাংকিকা নাটক) (১ম খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

ভূমিকালিপি:(মঞ্চ অনুযায়ী) ডঃ শম্ভুনাথ সেনগুপ্ত  – বৈজ্ঞানিক টুটুল – শম্ভুনাথৰ পুত্ৰ অণিমা – শম্ভুনাথৰ  স্ত্ৰী হৰি – ভৃত্য ডঃ সোমেন চ্যাটাৰ্জি – বৈজ্ঞানিক ৰমেশ – অনুষ্ঠানৰ কৰ্মী বেলা – সোমেনৰ পত্নী গণেশ – চুবুৰীয়া ঘৰৰ ভৃত্য ডঃ খাস্তগীৰ – অনুষ্ঠানৰ অধ্যক্ষ গীতা – অণিমাৰ বৌৱেক প্ৰথম দৃশ্য — (বৈজ্ঞানিক ডঃ শম্ভুনাথ সেনগুপ্তৰ ঘৰ৷ ঘৰটি তেওঁৰ নিজৰ গৱেষণাগাৰ৷ মঞ্চৰ পিছফালে এখন ডাঙৰ মেজত গৱেষণা সম্বন্ধীয় ডাঙৰ যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ আদি আছে৷ কাষত দুখন টোল৷ সমুখৰ ফালে লিখিবৰ কাৰণে এযোৰ চকী-মেজ৷ পিছফালে

Read more

আপদীয়া পদ্য – হেমেন ডেকা

বিষ্ণু ৰাভা এতিয়া দোভাগ ৰাতি, চান্দা তুলি ফাংচন পাতি কৰা নাই ত্ৰুটি। তোমাক সুঁৱৰি আছো মাত মাতি, কোনেনো ৰাখিব ভেটি, কি হ’ব আমাৰ গতি। আকৌ আহিবানে তুমি গঢ়িবলৈ সম্প্রীতি, লুইতত জাহ যায় ভৰিৰ তলৰ মাটি, বিষ্ণু ৰাভা এতিয়া ইমান ৰাতি- তোমাৰ ৰচনা পঢ়ি আমি পাৰো চেঙালুটি। বিয়াগোম বহু ডাঙৰীয়াই খাইছে লুটি-পুতি- ৰাইজৰহে টেকেলি কাটি অতীত গৰিমাৰ যেন ইতি-ধামখুমীয়াত হেৰাই জাতিৰ থৰ-কাছুটি। দেখিছো কিছু চমকপ্রদ নীতি লৰিছে দেখো সংস্কৃতিৰ খুঁটি বিষ্ণু ৰাভা অমৰ তোমাৰ কীৰ্তি- বজ্র কণ্ঠ-কৰ্মই জ্বলাই প্রেৰণাৰ বন্তি। *********

Read more

গেঞ্জী চোৰ – জয়ন্ত শৰ্মা

দাদাৰ হোষ্টেলীয়া দিনৰ কথা। দাদা তেতিয়া তামাম পপুলাৰ। কলেজৰ প্ৰগ্ৰেম বিলাকত নাটক কৰে, গানগায়। ।।আচলতে দাদাৰ মনটো খুবেই ভাল । হোষ্টেলৰ সকলোকে নিজৰ পৰিয়ালৰ ভাই ককাইৰ দৰে ভাবে। সেয়ে বাহিৰত ধুই মেলি দিয়া নিজৰ জোখৰ গেঞ্জি পালেই নিজৰ পিন্ধি থকা লেতেৰাটো থৈ সেইটো পিন্ধি লয়। তাকেই কোনোবা ঠেক মনৰ টুটকীয়া কপটীয়াই দাদাৰ জনপ্ৰিয়তাত ঈৰ্ষান্বিত হৈ দাদাক “গেঞ্জি চোৰ” উপাধি প্ৰদান কৰে। হ’লেও দাদা দিলদাৰ মানুহ ।কাকো বেয়া নাপায়। স্বভাৱো পৰিবৰ্তন নকৰে।দাদাই হোষ্টেলত থকা দিন কেইটাত কেতিয়াও গেঞ্জি কিনি নাপালে যদিও

Read more

বেলনা মাৰি – অমিতাভ মহন্ত

মেচত খানাৰ যোগাৰ চলিছে৷ পঙ্কজে চাকৰি পোৱাৰ স্ফূৰ্তিতে গাহৰিৰ খানা পাতিছে৷ গৰমত গোটেইকেইটাৰ অৱস্থা নাই৷ উদি মুদি হৈ বহি আছো৷ মনোজ আৰু আলোকৰ পেটত ইতিমধ্যে ঘুটুং পানী পৰিলেই৷ দুয়ো প্ৰকাণ্ড পেট দুটা উলিয়াই দেৱদাস চিনেমাখনৰ ‘দোলা ৰে দোলা’ গানটোৰ তালে তালে তামাম নাচি আছে৷ আমিও গাহৰি ভাজি আৰু ভাঙৰ ধোঁৱাৰ মাজত দুয়োৰে নৃত্যৰ মজা লৈ আছো৷ নৃত্য, বস্ত্ৰ, ধোঁৱা এই সকলোবোৰ মিলি এক ব্যভিচাৰ পৰিবেশ৷ একে জাপে গোটেইকেইটা এটেনচন পজিচনত আহি গ’লো৷ দুৱাৰমুখত দেখোন এয়া মিলি৷ ঢিলা ইলাষ্টিকৰ হাফপেন্টটো টানি

Read more

কৌতুক – সঞ্জীব মজুমদাৰ

ডাক্তৰৰ চেম্বাৰৰ দৃশ্য : ডাক্তৰজনে মানুহজনীক মুখত থাৰ্মোমিটাৰটো ভৰাই মনে মনে থাকিবলৈ ক’লে। ডাক্তৰৰ কথামতে, মুখত থাৰ্মোমিটাৰটো ভৰোৱাৰপিছত, মানুহজনী কিছু সময় মনে মনে থাকিল। পতিগৰাকীয়ে কথাটো মন কৰিলে আৰু ডাক্তৰকক’লে, “চাৰ, এই যাদুকৰী বস্তুটোৰ কিমান দাম ? মোকো এটা লাগিছিল। ☆★☆★☆

Read more

ঝেংকাংকিকা নাট -কৰ্তব্যনিষ্ঠা – অভিজিত কলিতা

(পট খোল খোৱাৰ লগে লগে দেখা যাব এটা সুদৃশ্য কাৰ্যালয়, বেৰত মহাত্মা গান্ধী আৰু আন কেইবাজনো নেতাৰ ফটো ওলমি থাকিব। প্ৰকাণ্ড অফিচ টেবুলখনৰ সিপাৰে এজন ব্যক্তি। তেওঁক দেখিয়েই গম পোৱা যাব তেওঁ এজন প্ৰভাৱশালী মন্ত্ৰী, চুলি তেল লগাই পৰিপাটিকৈ ফনিওৱা, গাত জহৰ কোট। টেবুলখনৰ ইটো পাৰে কেইবাখনো গেষ্ট চেয়াৰ। সকলো আচবাবেই মূল্যবান। টেবুলত কেইটামান ফাইল থাকিব। দুটামান মোবাইল ফোনো থাকিব। মন্ত্ৰীজনে ফাইলত চহী কৰি থাকিব। তেনেতে চাপ্ৰাছীৰ পোচাক পিন্ধা মানুহ এজন সোমাই আহি মন্ত্ৰীৰ কাণে কাণে কিবা এটা ক’।ব। মন্ত্ৰীয়ে

Read more
1 2 3 4 5 9