ফটাঢোল

কইনা মোৰ ধুনীয়া – তৃষ্ণা সোনোৱাল

মানুহটোৰ কাগজে পত্ৰই নাম তিলক চন্দ্ৰ বৰা কিন্তু গাঁৱত এই নামৰ মানুহজন কোন বুলি ক’লে তাক কোনেও উত্তৰে দিব নোৱাৰে। তিলৈ দাই বুলি ক’লেহে তেওঁক সকলোৱে চিনি পাব। ভগৱানে দিয়া সকলোৱেই আছে তিলৈ দাইৰ। সাতজনী বায়েকে নুমলীয়া ভায়েকক কামে-কাজে কথাই-বতৰাই একেবাৰে ছোৱালী লেখীয়া কৈ তুলিলে। তিলৈ দাইৰ কাম-বনৰ লগত গাঁৱৰ কাজী তিৰোতায়ো লাজ পাই যাব। ইফালে আক’ চুবুৰীৰ প্ৰতিঘৰৰে সকামে-নিকামে হওক, টানে-আপদে হওক তিলৈ দাই নহলে নচলেই! মুঠতে তিলৈয়ে ঘৰ-দুৱাৰৰ লগতে গোটেই চুবুৰীটোৱে ধৰি আছে বুলিয়ে ক’ব পাৰি। তিলৈ দাইৰ

Read more

ফটাপ্ৰেম – চবিনা ইয়াচমিন

তেতিয়া মই চাগে তৃতীয়মান শ্ৰেণীত৷ মিথুন আৰু অমিতাভৰ চিনেমা খুব চাওঁ যদিও মোৰ আটাইতকৈ প্ৰিয় অভিনেতা আছিল গোবিন্দ৷ সেইকণ বয়সতেই কত যে সপোন! দেউতাৰ সেই সময়ত কিবা এটা ডাঙৰ অসুখ হৈছিল৷ কি হৈছিল তেতিয়াও নাজানিছিলো আৰু আজিও ভালকৈ গম নাপালো৷ কিন্তু প্ৰায় এশ দিন মান ডিব্ৰুগড় মেডিকেলত থাকি চিকিৎসা কৰাওঁতেহে আৰোগ্য হৈ উলটিছিল৷ দেউতা উলটি অহা পোন্ধৰ, বিশ দিন হৈছেহে, মা টিউবেলৰ পাৰত পৰিল৷ থাকিল ভৰিখন ভাঙি৷ যোৰহাটত চিকিৎসা কৰাই ভাল নহ’ল৷ পুনৰ ডিব্ৰুগড় মেডিকেল যাব লগা হ’ল৷ সেইবোৰ বহুত

Read more

আপদীযা পদ্য – সোমকান্ত শইকীয়া

  ১) নীলা চকুৰ ৰহস্য ” তোমাৰ দুচকুত দুচামোচ সাগৰৰ নীলা” “ছিঃ ছিঃ দেখিলি সপোন মিছাই কল্পনা” এয়া যে এক নিৰ্মম প্ৰতাড়ণা ; নহয় সাগৰৰ নীলা — কাপোৰত দিওঁতে চিটিকি আহি পৰা মাথোন দুচামোচ উজালা —উজালা ॥ ২) “ৰঙা – চকুৰ অনুভৱ” মোৰ হেনো ৰঙা চকুক সমীহ কৰে কোনোবাই — ভাবিলেই কথাটো হিয়া মন শাঁত পৰি যায় । মোৰ কিন্তু চকু দুটা নিস্তেজ – নিৰ্বাক সেই বাবেই আজিও মই হওঁ অবাক এনেকুৱা দিবা স্বপ্ন জানো সঁচাই ফলিয়ায় ? ৩) “ফটা

Read more

দুটি ৰসপূৰ্ণ কাহিনী – চিত্তৰঞ্জন বৰুৱা

১) বেছি দিন হোৱা নাই, এমাহমানৰ আগৰ কথা৷ বজাৰলৈ যাবলৈ ওলাই বাইকখন ষ্টাৰ্ট দিছোঁহে, তেনেতে কামকৰা বাইজনীয়ে চিঞৰি কিবা এটা ক’লে৷ ভালকৈ নুশুনিলো যদিও অনুমানতে বুজিলো যে বজাৰৰ দীঘল লিষ্টখনত আৰু এবিধ বস্তু যোগ হ’ল৷ যিকণ শুনিছিলো সেয়া অনুমান কৰিছিলো এটা ’চিট্ৰল’ (Citrol) লাগে৷ মনতে ভাবিলো, দানী তিৰোতা, ওচৰঘৰীয়া কাৰোবাৰ দৰকাৰ হ’ল চাগে৷ মোৰ ঘৰততো ’চিট্ৰল’ খাব লগাকৈ কাৰো বৰ্তমান অসুখ-অশান্তি নাই৷ যি কি নহওক বজাৰৰ লিষ্টত যোগ দিলো সেইপদো৷ বজাৰৰপৰা আহি প্ৰফুল্ল বদনে শ্ৰীমতীৰ হাতত মোনাসহ বস্তুখিনি গতাই দিলো।

Read more

থোলোক আৰু জাপানী সাহিত্যিকৰ পত্ৰালাপ – জ্যোতিৰূপম দত্ত

জাপানৰ প্ৰখ্যাত সাহিত্যিক হাৰুকি মুৰাকামি আৰু আমাৰ থোলোকৰ মাজত হেনো প্ৰায়েই চিঠি-পত্ৰৰ মাজেৰে মধুৰ ভাৱৰ আদান প্ৰদান চলি থাকে৷ মই প্ৰথমে কথাটো মুঠেও বিশ্বাস কৰা নাছিলো৷ পিছে সিদিনা একেবাৰে চকুৰ সমুখতে প্ৰমাণ পালো৷ কথাটো হয়, সঁচা৷ পিছে ডাঙৰ কথাটো হ’ল যে মুৰাকামিয়ে অসমীয়া, হিন্দী, ইংৰাজী নাজানে, কেৱল জাপানী ভাষাহে জানে আৰু থোলোকে হেনো নজনাৰ ভিতৰত কেৱল জাপানী ভাষাটোহে নাজানে! তথাপিও দুয়োৰে মাজত চিঠিপত্ৰৰ আদান প্ৰদান? কেনেকৈ বাৰু? উৰহীৰ ওৰ বিচাৰি গৈ থোলোকৰ ঘৰ পালো৷ সুধিলো ‘কিবা বোলে জাপানী সাহিত্যিকৰ সৈতে

Read more

নিকুন খুড়া আৰু অসমৰ মৰিয়া জনগোষ্ঠীৰ চমু ইতিবৃত্ত – ভাস্কৰজ্যোতি দাস

এচ.এন.গগৈ৷ সম্পূৰ্ণ নাম শিৱ নাথ গগৈ৷ সকলোৱে নিকুন খুড়া বুলি কয়৷ ঘৰ জাঁজী, হাঁহচৰাত৷ আজিৰপৰা ২০ বছৰমানৰ আগতে আমাৰ ঘৰতে তেখেতৰ পৰিয়ালটো ভাড়া কৰি আছিল৷ খুড়া অ’.এন.জি.চি. ৰ বিষয়া আছিল৷ মাটিৰ মানুহ৷ মাজে মাজে কাহিনী কিছুমান কৈছিল৷ আমি স্কুললৈ যোৱা/ কলেজ যোৱা বয়সত খুড়াৰ কাহিনীবোৰ শুনি বৰ ৰস পাইছিলো৷ এদিন তেওঁ এটা কাহিনী কৈছিল৷ তেখেতৰ কাহিনী কোৱা ষ্টাইলটো সাংঘাটিক৷ সেইদিনা স্কুলৰ পৰা আহি মই আগফালৰ চোতালত বহি আছো৷ নিকুন খুড়া আহি কাষতে বহিলহি৷ তাৰ পাছতে কাহিনী আৰম্ভ কৰিলে৷ নিকুন খুড়া

Read more

লিমাৰিক – ৰাজীৱ শৰ্ম্মা

(১) সাদিনীয়া বিহু আমি মাহ জুৰি পাতো হিন্দী গীত গায়কৰ কাণ ফাটো ফাটো সম্পাদক হোৱা কিযে মস্তি টকা খাই শোওঁ মাৰি ফস্তি বাৰমাহ চলিবলৈ দুমাহতে ঘটো (২) বিয়া পাতি গম পালো তিৰোতাৰ মন আঙুলিৰ ঠাঁৰত নাচিলেহে ধইন্ হাতীৰ ভোজন তিৰোতাৰ মন হাৰিবা ভৰাব খুজি পেট আৰু মন (৩) বৰুৱাৰ পত্নী থাকে সাজি ৰাজৰাণী মুখৰ কথা যেন তাইৰ দৈৱবাণী বৰুৱাৰ আহৰি নাই খোৱা পিন্ধা যতনাই লেবেজান বৰুৱাৰ সুখ হ’ল পানী ☆★☆★☆

Read more

সপ্তাহৰ বাৰ – হিমাংশু ৰাজখোৱা

দেওবাৰ। দেওবাৰ মানে গাহৰি, বেলেগ ভাবিবলৈ নাই আহৰি! কেনেবাকৈ যদি বহিলো তিনিটা, আজি আৰু নাহে বেলেগ একো চিন্তা! সোমবাৰ। সোমবাৰ সদায় গহীন, কামলৈ ওলাই যায় নবীন প্ৰবীণ! কামৰ চিন্তাই মাথা খায় খুলি, ভাগৰত জিভা ওলাই সদায় গধূলি! মংগল বাৰ। মংগলবাৰ বৰ সাধাৰণ, বিশেষ হোৱাৰ একো নাই কাৰণ! দেখাক দেখি কোনোৱে ৰাখে উপবাস, দগৰা খানা পালে সিয়ো হয় বিনাশ! বুধবাৰ। বুধৰ অকণ level আছে, সপ্তাহৰ মাজত আছে! শনিবাৰ ওচৰ চাপে, পাই যাম একে জাপে!! বৃহস্পতি। অন্য নাম গুৰুবাৰ, আমাৰ বাবে একাকাৰ!

Read more

আত্মতৃপ্তি – ৰাস্না বৰা

আজিৰ পৰা বিশ বছৰ মান আগৰ কথা। পুৱাই উঠি গা-পা ধুই ৰান্ধি-বাঢ়ি গৃহস্থ আৰু ছোৱালীজনীক খুৱাই-বোৱাই স্কুললৈ পঠিয়াই কেঁচুৱা ল’ৰাটোক কোনোমতে শুৱাই থৈ নিজেও জলপান খাই উঠি তামোল এখন খাওঁ বুলি পান খনত চূণ অকণ লগাওঁতেই বাহিৰত আমাৰ পামত খেতি কৰা ল’ৰা হৰেণৰ মাত শুনি ওলাই গৈ দেখোঁ এজনী আদিবাসী মহিলা আৰু কাষতে ক্ষীণ-মীন এজনী এঘাৰ-বাৰ বছৰীয়া ছোৱালী। মোক দেখাৰ লগে লগে সি মাত লগালে বোলে বাইদেউ এইয়া মোৰ দিদি আৰু এইয়া ছোৱালী লক্ষ্মী। মই পিচফালৰ বাৰাণ্ডালৈ মাতি বহিব দিলোঁ।

Read more

লটি-ঘটি – খনিন্দ্ৰভূষণ মহন্ত

স্থান : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ বিভাগীয় মুৰব্বীৰ কোঠা। সময় : ২০১৬ চনৰ আগষ্ট মাহৰ ৩ তাৰিখ, ঘড়ীত তেতিয়া পুৱা ৯ বাজি ৪৫ মিনিট হৈছে৷ আগদিনাই HOD (Head of the Department) ছাৰে ’মেইল’ কৰি তেওঁক ৯-৩০ বজাত লগ পাবলৈ নিৰ্দেশ দিছিল৷ ওৰেটো ৰাতি “ছাৰে মোক কিয় মাতিলে” ধৰণৰ প্ৰশ্ন এটাই মোৰ টোপনিটো খালে৷ আৰে, ক্লাচত আটাইতকৈ বেছি গালি খোৱাৰ ৰেকৰ্ড থকাটোক তেনেকৈ মাতিলে টেনচন নহৈ পাৰেনে? ৯-২৫ত গৈ মই উপস্থিত৷ গৈ দেখিছোঁ লগৰে আৰু দুজনী ৰৈ আছে।

Read more
1 2 3 4 5 11