ফটাঢোল

বীৰেণ সংবাদ – মানস শইকীয়া

“পঢ়াশালীত বীৰেণ” নাম লগাই দিয়াৰ পিছৰ দিনা পুৱাতে উঠি বলীধৰে গোৱৰৰ দমটোৰ কাষত গৰুগাড়ীখন ৰাখি গোৱৰ বোজাই কৰিছে৷ আগমুহূৰ্ত্তত বীৰেণক জগাই দিলে বোলে “ইচকুলীয়া লৱা ইমান দেৰী শুৱ নাপায়৷” মাঘমহীয়া জাৰত বীৰেণে আৰু এক ঘুমতি মাৰিব বিচাৰিছিল৷ দেউতাকৰ ভয়ত উঠি আহি পিৰালিতে বহি টোপনিয়াই আছে৷ মাক পুতলীৰ মনতে বেয়াও লাগিছে৷ “হেৱৈ, ৰাতিপুৱা টোপনিতো ভঙাই নাইনে?” দেউতাকৰ মাতত বীৰেন খপজপকৈ উঠি এঙাৰ এটুকুৰা লৈ চিধাই পুখুৰী পালেগৈ৷ মাক পুতলীয়ে এহাতত কাঁহি এখনত চাহ জলপান আৰু আনটো হাতত পানী এঘটি লৈ বলীধৰৰ

Read more

বাটে ঘাটে – চম্পক শৰ্মা

১২০৮৭ শতাব্দী এক্সপ্ৰেছ খন ৰঙিয়াৰ তিনি নম্বৰ প্লেটফৰ্ম সোমাই গৈ মানে চিফুং পেছেঞ্জাৰ খন দুই নম্বৰ প্লেটফর্মত ৰৈ আছিল। দৌৰা দৌৰিকৈ গৈ ট্ৰেইন খনত উঠি দিলোঁ। ট্ৰেইন খনত যাত্ৰী কম। খিৰিকিৰ কাষৰ ছিট এটাত বহি মোবাইলত সময় চালোঁ, ঠিক টাইম মতে ট্ৰেইন চলি আছে। শতাব্দী খনহে এডভান্স সোমাইছে। “আৰে চম্পক, তুই এইখানে” চিনাকী চিনাকী লগা মাত এটাত ঘূৰি চালোঁ, হয়, ভবা জনেই হয়। সেইজন নৰেন দা। আলিপুৰত লগ পাইছিলোঁ। সদাহাস্যমুখী নৰেন দা গাজা কোৱাত পাকৈত। এনেকুৱা ৰস লগাই কথাবোৰ কয়,

Read more

আজৱ পৃথিৱীৰ আজৱ খবৰ – নৱনীতা বৰ্মন

সঁচাকৈয়ে এই পৃথিৱীখন বিচিত্ৰ আৰু বিচিত্ৰ ইয়াৰ মানুহ নামৰ প্ৰাণীবিধ৷ আচলতে সকলো মানুহৰে চিন্তা ভাৱনা, মানসিকতা, আচাৰ-ব্যৱহাৰ পৃথক হোৱাটো স্বাভাৱিক৷ কথাখিনিৰ পাতনি এইকাৰণে মেলিলো কাৰণ আজি মাৰ্ছীক স্কুলৰপৰা আনিবলৈ যাওঁতে বহুদিনৰ মূৰত এগৰাকী অনা অসমীয়া পৰিচিত মহিলাক লগ পালো৷ কথাৰে মানুহৰ পেট ভৰাই দিয়া মহিলাগৰাকীক লগ পাই এই কথাৰ পাতনি মেলিবলগীয়া হ’ল৷ আগতে প্ৰায়ে মাৰ্ছীক পাৰ্কলৈ লৈ গ’লে মহিলাগৰাকীক লগ পাওঁ৷ ভাবী ভাবীকৈ একেবাৰে কথাৰে মুহি পেলাই মানুহগৰাকীয়ে৷ অৱশ্যে নিজৰ জীয়ৰী আৰু পুত্ৰক লৈ মোৰ তালৈ বহুদিন আহিছেও আৰু যোৱাৰ

Read more

গছৰ বিলৈ – চিকু শৰ্মা

“আজি ৫ জুন, আজিৰ দিনটোক বিশ্ব পৰিবেশ দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰে। আজিৰ দিনটোত সকলোৱে নিজৰ নিজৰ ঘৰত ভাল গছৰ পুলি ২ টা, ৩ টা মানকৈ ৰুবা।” ছাৰৰ কথা শুনি ঠিৰাং কৰিলো যে আজি চোতালত গছৰ পুলি ৰুবই লাগিব। তেতিয়া মই পঞ্চম শ্ৰেণীত আছিলো। ২.৩০ মান বজাত স্কুল ছুটী হʼল। স্কুলৰপৰা আহি ঘৰত জিৰাবলৈ সময় নাই, ড্ৰেছযোৰ সলাই গছৰ পুলি বিচৰাত লাগি গʼলো। কʼতো গছৰ পুলি বিচাৰি নাপাওঁ। বাৰীৰপৰা বাটলৈ ১০ বাৰমান মাকো মাৰিলো, কিন্তু গছৰ পুলি নাই। ইফালে

Read more

এই সংখ্যাৰ আঁৰৰ কথা – মৌচুমী বৰি

শিৱসাগৰত অনুষ্ঠিত হোৱা “ফটা ঢোল বহাগী প্ৰীতিমেলত” ৰিণ্টুমনি দত্ত দাক লগ পাইছিলোঁ ৷ তেওঁ মোৰ স’তে চিনাকি হৈ কথা প্ৰসংগত ক’লে — “আমাৰ আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব এবাৰ ল’ব লাগিব দেই ৷” “ফটা ঢোল”ৰ দৰে এখন উচ্চমানৰ  অসমীয়া হাস্য-ব্যংগ ই-আলোচনীৰ  দায়িত্ব লোৱাটো এই অভাজনীৰ বাবে বৰ ডাঙৰ কথা ৷ সেয়ে ভয় লাগিল অলপ ৷ ভাবিলোঁ– “ৰিণ্টুমনি দাই কথাখিনি যেন ইমানতে পাহৰি যায় আৰু কস্মিনকালেও মোক যেন এই কথা নুসোধে ৷ “পিচে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি ৷ দাদাই

Read more

দেৱকান্ত সন্দিকৈ: জীৱন-জগতৰ এক আদৰ্শ প্ৰেমিক

  অন্ধবিশ্বাসৰ জুইয়ে শেহতীয়াকৈ অসমখন ছানি ধৰাৰ সময়তেই মনত পৰিছিল দেৱকান্ত সন্দিকৈ ছাৰলৈ। ছাৰৰ আদৰ্শক সদায়ে প্ৰণিপাত কৰা মইজনীয়ে ছাৰৰ ফোন নম্বৰ সংগ্ৰহ কৰি শংকামিহলি আবেগেৰে ছাৰলৈ ফোন লগালো।সুদূৰ গুৰগাঁৱলৈ ফুৰিবলৈ যোৱা ছাৰে কিন্তু অপ্ৰত্যাশিতভাৱে ভাল সঁহাৰি জনালে। যিহেতু ছাৰক চাক্ষুসভাৱে লগ পোৱাটো সম্ভৱ নহ’ল গতিকে ফোনযোগে এই সাক্ষাৎকাৰ লোৱাৰ ব্যৱস্থা কৰা হ’ল। ছাৰৰ দৰে স্পষ্টবাদী তথা যুক্তিত আপোচবিহীন ব্যক্তিত্বৰ সান্নিধ্যলৈ অহাটো ফটা-ঢোলৰ বাবে এক মাইলৰ খুঁটি। ছাৰৰ সতে কথা পতাৰ আগতে ছাৰৰ কিতাপসমূহ পুনৰবাৰৰ বাবে লুটিয়াই বগৰাই চাইছিলো। সাক্ষাৎকাৰৰ

Read more

সম্পাদকীয় – মৌচুমী বৰি

জগত সভালৈ অসমীয়া হাস্য-ব্যংগ সাহিত্য: সাহিত্য সৃষ্টিৰ দিনৰে পৰা সাহিত্যত হাস্যৰসৰ প্ৰকাশ ঘটিছে৷হাস্যৰস সৃষ্টিৰ বাবে কিছুমান কথা বেঁকাকৈ বা ব্যংগভাৱে কোৱা হয়৷ এনে ব্যংগৰ জৰিয়তে হাস্যভাৱ প্ৰদান কৰাটোৱেই যেতিয়া সাহিত্যৰ প্ৰধান গুণ হৈ উঠে তেন্তে তেনে সাহিত্যক হাস্য-ব্যংগ সাহিত্য বুলি ক’ব পাৰি৷হাস্য-ব্যংগ সাহিত্যৰ লঘু কল্পনাপূৰ্ণ হাস্যৰসাত্মক ব্যক্তিনিষ্ঠ প্ৰবন্ধকে ৰম্যৰচনা বোলা হয়৷ দাৰ্শনিকতাৰ পৰিৱৰ্তে লঘু মন্তব্য, মহত্ত্বৰ(sublimity) পৰিৱৰ্তে ঘৰুৱা ৰসঘন পৰিৱেশ, যুক্তিৰ ঠাইত অনুভূতি, বিষয়বস্তুৰ গুৰুত্বৰ পৰিৱৰ্তে প্ৰকাশভঙ্গীৰ অভিনৱত্ব আৰু ব্যক্তি নিৰপেক্ষতাৰ পৰিৱৰ্তে একান্ত ব্যক্তিনিষ্ঠতা এইবিধ ৰচনাৰ বিশেষত্ব৷ সমালোচক মুনীন বৰকটকী

Read more
1 8 9 10