ফটাঢোল

লটি ঘটি – অনন্ত বৰা

শ্ৰী মতীৰ সম্বন্ধীয় মানুহ এঘৰত ফুৰিবলৈ গ’লো৷ শ্ৰী মতীক সুধি গম পালোঁ ঘৰখনৰ মেইন মানুহজন মানে আমাৰ এওঁৰ সম্বন্ধীয় ভিনিয়েকজন বোলে ৰাজনীতিৰ মানুহ৷ দুই তিনিবাৰ গাঁও পঞ্চায়তৰো কিবাকিবি আছিল বোলে৷ ৰাজনীতিৰ মানুহ যেতিয়া, কথা বতৰাবোৰো চাগে তেনেকুৱাই হ’ব৷ মইনো কি ৰাজনীতিৰ কথা পাতিম! তথাপি ঘৰতেই হ’মৱৰ্ক এটা কৰি লৈছো৷ : হেইৰা, এইকেইদিনত কোনোবাই দল সলাইছে নেকি হে? আৰু তেওঁ কোনটো দলৰ বা! : সেই মই সেইবোৰ গম নাপাওঁ দেই৷ —-শ্ৰী মতীয়ে ভেকাহি মাৰি উঠিল৷ : আপুনি নাজানে যদি মনে মনে

Read more

সুখ দুখ – বৈদুৰ্য্য বৰুৱা

মতিৰ মনটো কেইদিনমানৰপৰা বেয়া। মাজে মাজে কথাটো মনত পৰিলেই তাৰ টিঙিচকৈ খংটো উঠে। অলপ দেৰিৰ আগতে কিন্তু তাৰ মনটো ভাল লাগিছিল। এতিয়া আকৌ বেয়া। কোন হাৰামীয়ে তাক ঠগন দিলে বাৰু! চাল্লা বজ্জাত চব! কেইদিনমানৰ আগতে সি সন্ধিয়া বজাৰলৈ গৈছিল। চালানী মাছ এপোৱা, মচুৰ ডাইল আৰু মগু ডাইল মিলাই এপোৱা, আলু কেইটামান, পিয়াঁজ দুটা, পাচলি দুটামান লৈ সি শংকৰৰ পাণ ঘূমটিৰপৰা বিড়ি এমুঠা ল’লে। মানিবেগটোৰপৰা সি বিশটকীয়া এখন উলিয়াই শংকৰৰ হাতত দিলে। সি হিচাপত দহ টকা ঘূৰাই পাব। শংকৰে নোটখন তাৰ

Read more

ভাগৱতৰ সপোন – প্ৰশান্ত বৰগোহাঁই

ৰসেশ্বৰ হাজৰিকাই দুপৰীয়া ভাত খাই আগফালৰ চকীখনতে বহি মূৰটো বেৰত‍ে ভেঁজা দি অকণমান জিৰণি লৈছে ৷ তেওঁ আটোমটোকাৰিকৈ গঢ়ি তোলা আগফালৰ বাৰীখন এবাৰ ফেদুৱাহঁতৰ  বাঘৰ আগতেল খোৱা গৰু দুটাই মোহাৰি পেলোৱাৰ দিনাৰ পৰাই দুপৰীয়াৰ ভাত সাঁজ খাই এনেকৈয়ে এঘূমতি মৰাৰ অভ্যাস ৷ দূৰৈৰ পৰা ভাঁহি আহিছে মাইক লগাই ভাগৱত পাঠ কৰাৰ শব্দ ৷ হাজৰিকাহঁতৰ ঘৰৰ আগফাল আৰু পাছৰ গাঁওদুখনত ভাগৱত পাঠ চলিছে ৷ প্ৰতিখন গাঁৱতে আক দুটা নামঘৰ– মানে এতিয়ালৈকে চাৰিবাৰ অখণ্ড পাঠ হ’লেই ৷ টোপনিৰ জালতে ৰসেশ্বৰৰ মূৰটো মাজে-সময়ে

Read more

ন-পঢ়ুৱৈৰ দৃষ্টিভংগীত বেজবৰুৱা – হোমেন বৰগোহাঞি

আজি কেইবছৰমান আগতে গুৱাহাটীৰ নবীন বৰদলৈ হলৰ চোতালত অনুষ্ঠিত বেজবৰুৱা স্মৃতিসভা এখনত থিয় হৈ,অসমীয়া সাহিত্যৰ কৃতবিদ্য অধ্যাপক এজনে ঘোষণা কৰিছিল যে,আজিলৈকে অসমীয়া সাহিত্যত বেজবৰুৱা যুগেই চলি আছে৷”বেজবৰুৱা যুগ এতিয়াও শেষ হোৱা নাই”:এই কথা কোৱাৰ অৰ্থ এয়েই যে,এতিয়ালৈকে অসমীয়া সাহিত্যত সামন্ত-যুগীয় মনোভাৱ অতীতৰ প্ৰতি নিৰ্বিচাৰ অন্ধ মোহ আৰু ঠেক জাতীয়তাবাদৰ শেষ হোৱা নাই৷তাৰ অৰ্থ এয়েই যে অসমীয়া সাহিত্য এটা মৰা সুঁতিত পৰিণত হৈছে;যোৱা প্ৰায় একুৰি বছৰৰ বিশ্ব-ৰাজনীতিত উখল-মাখল লগোৱা বিৰাট অভিজ্ঞতাবোৰ,দ্বিতীয় বিশ্বযুদ্ধ,এচিয়া-আফ্ৰিকাত ঔপনিবেশিকতাৰ অৱসান,নতুন নতুন ৰাষ্ট্ৰীয় অভিব্যক্তি আৰু মানুহৰ চিন্তাক ন

Read more

ফটাপ্ৰেমৰ প্ৰতিশোধ – পৰী পাৰবীন

কলেজত ভৰি দিছো মাত্ৰ৷ ৰেগিং পিৰিয়ড চলি আছে৷ প্ৰতিজনীকে থপিয়াই থপিয়াই লগৰ ল’ৰাকেইটাৰ লগত এটা এটাকৈ জোৰা দিয়াৰ পাছত বাকী ৰৈছোগৈ মই৷ কণাৰ বাবেও হেনো কাণী থাকে৷ মোৰ বাবেনো নাথাকিবনে? পিছে মোৰ সেই গহীন মুখখন যে, সতকাই ওচৰ আহিবলৈ হেনো সৱে ভয় খায়৷ সিদিনা নবাগতা সভা৷ আমি নবাগতসকল সিদিনাৰে পৰা জ্যেষ্ঠসকলৰ শাসনৰ পৰা মুকলি হ’ম বুলি ফূৰ্তিত তত নাই৷ লচপচকৈ সাজি-কাচি কলেজলৈ গৈছো, কোনোবাই গান গাইছে, নাচিছে, হাঁহিছে, ফূৰ্তি কৰিছে৷ সন্ধ্যা সময়ত জাকৰ মাজত খিলখিলকৈ হাঁহি হাঁহি ৰাস্তা আৱৰি কলেজৰ

Read more

বাঁহনি তলৰ চোৰ – তৃষ্ণা সোনোৱাল

আলিবাটৰ কাষৰ বেৰাখন পচিছে দেখি নাৰায়ণে পদূলিৰপৰাই গোটেই বেৰাখন এৰুৱাই পেলালে। জাতি বাঁহ কেইডালিমান কাটি প্ৰথমতে মাজ অংশৰপৰা গুৰিলৈকে জেওৰাৰ খুটিকেইটা কাটিলে। আগৰচোৱাৰপৰা কামি চাৰিডালিমান ফালিছিলহে, সেই সময়তে আহিল পেহী। “আহিল এইজনী। এতিয়া কি নোহোৱা হয় হৰিয়ে জানিব।” – নাৰায়ণে পেটে পেটে দেখিবই নোৱাৰে পেহীক। যোৱাবছৰ হ’বলগীয়া কইনাজনীৰ ঘৰত লগোৱা যুঁজোৱা কৰি পেহীয়েই বিয়াখন ভঙা নাই জানো। “নাৰায়ণ ঔ, বাঁহ কাটিছ হ’বলা। কি কামত লগাবি হেৰ’?” – পিৰালিতে ৰমক জমককৈ বগা গোলাপ এজুপি ফুলি আছিল। কুৰ্চুতীয়া পেহীয়ে তামোলৰ পিক সোপাকে

Read more

ফেদুৱাবুঢ়া পুৰাণ – অনুৰূপ মহন্ত

(১) ফেদুৱা বুঢ়া ঘৰৰ কাষৰে মুহীৰামৰ লগত গাঁৱৰ এঘৰত নাম গাবলৈ গ’ল৷ নিমন্ত্ৰণ মতে বুঢ়াই নাম গাব আৰু মুহিৰামে পাঠ পঢ়িব৷ বয়স বঢ়াৰ লগে লগে বুঢ়াৰ আজি কালি দৃষ্টি শক্তি আৰু স্মৃতি শক্তি দুইটাই কমি আহিছে, সেয়ে নাম ললে বিতচকুযোৰ লগাই কীৰ্তনখন চাই চাই হে নাম লগাব পাৰে৷ পিছে লেঠা লাগিল তাতেই৷ বুঢ়াৰ বিতচকুযোৰ খটাসুৰ নাতি টোৱে পেলাই ভাঙিলে৷ সদায় নাম লৈ থকা মানুহ জনৰো নাম মুখস্থ নাই বুলি গম পালে গাঁৱৰ মানুহৰ আগত এতিয়া বুঢ়াই কমখন লাজ পাবনে বাৰু!

Read more

শেষ পৃষ্ঠাৰ ছবি – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

“এনেকুৱা ছবি ক’ত পাইছিলি সোনকালে ক ৷ নহ’লে আজি তোৰ পিঠিত এছাৰিৰে এনেকুৱা ছবি মই আঁকিম”৷ এছাৰি ডাল নচুৱাই নচুৱাই কলিতা ছাৰে সুধি গ’ল ধীমানক৷ কুমলীয়া এছাৰিৰ কোবত ধীমানৰ হাত-ভৰিত তেজ গোট মাৰি ৰঙা-ৰঙা দীঘলীয়া চিন বহি গৈছে৷ ধীমানেও সতী জয়মতীয়ে “মই মোৰ স্বামীৰ কথা নকওঁ,নকওঁ,নকওঁ” বুলি কোৱাৰ দৰে “এইখন ফটোৰ কথা মই নাজানো নাজানো নাজানো” বুলি তিনি সইত খালে৷ কলিতা ছাৰেও আমাক দিব পৰা পৰ্যায়ত থাৰ্ড ডিগ্ৰী ধীমানৰ ওপৰত প্ৰয়োগ কৰি থাকিয়েই বাকীকেইজনৰ ফালেও পিৰিক-পাৰাক চাই আছে৷ উদ্দেশ্য-ধীমানৰ পকেটৰ

Read more

আজলী পেহী – ৰাস্না বৰা

দেখাত লনী তেজগোড়া চেহেৰাৰ মৰম লগা পেহীজনীৰ আমাৰ ঘৰলৈ দিনে-ৰাতিয়ে একোপাক মৰাটো যেন নিত্য-নৈমিত্তিক কাম৷ পেহী আহিয়েই মাক বৌদেও বুলি মতাৰ লগে লগেই মই য’তে যি কৰি থাকোঁ আহি হাজিৰ হওঁহি; কাৰণ পেহীয়ে ৰস লগাই কোৱা কথাবোৰ তেওঁ আমালৈ অনা আম,কঁঠাল,লিচু,বগৰী আদিতকৈও মিঠা৷ পেহীৰ আকৌ মালৈ বৰ মৰম৷ মাক কুঁৱাৰ পৰা পানী দুবাল্টি আনি দিয়া, পাচলি কাটি দিয়া, মচলাকণ পিছি দিয়া আদি কৰি সদায় সহায় কৰে৷ মানা কৰিলেও নুশুনে৷ পেহীয়ে গাঁৱৰ হাঁহি উঠা খবৰবোৰ; যেনে-কাৰ ন-বোৱাৰী শহুৰৰ আগতে চোতালত পিছলি

Read more

সেয়াও এক প্ৰেম – দিগন্ত কুমাৰ ভট্টাচাৰ্য

মেনকা হাতীবৰুৱা আমাৰ কলেজতে পঢ়িছিল৷ সহপাঠী আমাৰ৷ ফে’চবুক জগতৰ বহুতেই মেনকা হাতীবৰুৱাক চিনি পায়৷ ৰঙা চিফনৰ শাৰী আৰু ক’লা শ্লিভলেছ ব্লাউজ পিন্ধি উঠা তাইৰ প্ৰ’ফাইল ফ’টোখন দেখাৰ লগে লগে সকলোৰে এবাৰ হ’লেও ‘এড ফ্ৰেণ্ড’ত ক্লিক কৰিবলৈ মন যায়েই৷ তাই ‘এক্সেপ্ট’ কৰা নকৰাটো পাছৰ কথা, কিন্তু মন যায়৷ ‘ফ্ৰেইণ্ড’ হোৱাৰ পাছত মেছেজ এটা দি ‘আপুনি ইমান ধুনীয়া’ বুলি লিখিবও মন যাবই৷ ‘ৰিপ্লাই’ পোৱা-নোপোৱা পাছৰ কথা, কিন্তু মন নোযোৱাটোহে হয়তো অস্বাভাৱিক৷ ইমান ধুনীয়াকৈ হাঁহিব পাৰে মেনকাই! সেই হাঁহিতে তপস্যা ভংগ হোৱা আমাৰ

Read more
1 2 3 4 10