ফটাঢোল

আইআইটিৰ অধ্যাপক, ইংৰাজী আৰু মই – ধৰিত্ৰী শৰণীয়া

লটিঘটি আৰু মই! এটা মুদ্ৰাৰ যেন দুটা পিঠি। লটিঘটিয়ে মোক নেৰে নে মই লটিঘটিৰ পিছ নেৰোঁ ভগৱানেহে জানে। কোনোবাদিন যদি বাছত পাৰ্ছ পেলাই বিপদত পৰিছোঁ, কোনোদিন হয়তো ঘৰলৈ আহি চাবিৰ গাঠটো(য’ত মোৰ স্কুটি,ৰূম,স্কুল সকলোৰে চাবি থাকে) ঘৰত এৰি থৈ ৩০০ টকা ওপৰুৱাকে ভৰি অটো ভাড়া কৰি স্কুললৈ গৈ আকৌ চাবি আনিবলৈ প্ৰায় ১০০ কি:মি: বাট উভটি আহিব লগা হৈছে। মই লিখিব লোৱা ঘটনাটো মোক ইংৰাজীয়ে জ্বলা-কলা কৰা ঘটনাবোৰৰ মাজৰ এটা। মোৰ ইংৰাজী মানে গৌৰৱ গগৈৰ অসমীয়াৰ দৰে। এই ইংৰাজীয়ে এবাৰ

Read more

লথৌ খুড়াৰ কাহিনী-বিনয় কৃষ্ণ তামুলী ফুকন

ল’ৰাহঁতে বুঢ়াৰ পিছ নেৰেই। বুঢ়াৰ পিছত ল’ৰাহঁত লাগি থকা দেখিলে খগেন মহন্ত দেৱৰ ‘তলৌ খুড়াৰ হলৌচোলা’  গীতটোলৈ মনত পৰে। বুঢ়াৰ নাম কি আছিল জনা নাযায়। এই গাঁওখনলৈ নাওবৈচা মৌজাৰ ‘লথৌ’  নামৰ ঠাইখনৰ পৰা উঠি আহিছিল বাবে সকলোৱেই ‘লথৌ বুঢ়া’  বুলিয়েই মাতে। ল’ৰাৰ পৰা বুঢ়ালৈ সকলোৰে লথৌ বুঢ়া। বুঢ়া সকলোৰে মাজত জনপ্ৰিয় হোৱাৰ কাৰণ আছে। মিছা কথা কৈয়ো যে মানুহ জনপ্ৰিয় হ’ব পাৰি লথৌ বুঢ়া তাৰ উদাহৰণ। নিৰ্দোষ মিছা কথাবোৰ বৰ ৰসাল ৰূপে কয় লথৌ বুঢ়াই। কণপিতৌৱে বাটৰ কাষৰ খালত বৰশী

Read more

মুখৰ – জিমি শইকীয়া

আমাৰ মা আইতাৰ গৰ্ভত থাকোতেই সাধুবাবা এজনে কৈছিল-“বেটী, তোৰ গৰ্ভে যি চন্তান(সন্তান)আছে, চেই চন্তানৰ যিটি বৰ চন্তান হ’ব, চেই চন্তানক উকীল পঢ়ালে তোৰ বংশৰ গৌৰৱ হ’ব। তোৰ বংশৰ নাম ৰৌচন হ’ব। নাইবা ৰাজনীতিত নামিব দিবি, চেই সন্তানৰ মুখৰ লগত কোনেও জিতিব নোৱাৰিব। যুক্তি তৰ্কত শ্ৰেষ্ঠ বনিব।“ সাধুবাবা‌ই চাগৈ বাকপটুতা গুণৰ হ’ম বুলিছিল। আমাৰ আইতাহঁতৰ মুখত পৰি লাওপাত-কচুপাত মুখৰ গৰাকী হ’ব বুলিহে ওলালগৈ। সি যি কি নহ‌ওঁক,  সাধুবাবাৰ কথা শুনি আইতাই বৰ ৰং পালে। আমাৰ অখ্যাত বংশৰ খ্যাতি তেওঁৰ নাতিয়ে আনিব

Read more

চিঠি – মৌচুমী গগৈ

‘চিঠি’ দুটা আখৰেৰে গঠিত এটা সাধাৰণ শব্দ, কিন্তু এই সাধাৰণ শব্দটোৰ অসাধাৰণ অস্তিত্বক আমি কেতিয়াও উপেক্ষা কৰিব নোৱাৰো। চিঠি হৈছে, এজনৰ পৰা আন এজনলৈ যিকোনো খবৰ পঠোৱাৰ এবিধ মাধ্যম। আগৰ দিনত যিহেতু দূৰসংযোগৰ আহিলাসমূহৰ উদ্ভৱ হোৱা নাছিল, গতিকে চিঠিসমূহেই এই ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। একোখন চিঠিৰ মাজতেই যে কিমান ভাৱনা অন্তঃনিহিত হৈ আছিল তাক অনুভৱ কৰাটো সহজ নহয়। এখন চিঠিয়েই কঢ়িয়াই লৈ ফুৰিছিল হাজাৰ-হাজাৰ জনৰ মনৰ ভালপোৱাৰ খবৰ, দূৰণিবটীয়া পুত্ৰৰ সুকলমে থকাৰ বাতৰি, ভৱিষ্যতৰ কৰ্মসংস্হাপনৰ সপোন, কতজনৰ বিচ্ছেদৰ হা-হুমুনিয়াহ,

Read more

ঈশ্বৰ কা দিয়া হুৱা সব কুছ – মণ্টু কুমাৰ ডেকা

আলহীৰ ঘৰলৈ ৰাতি থকাকৈ গ’লে গা-পা ধোঁৱাৰ পাছত বহুতৰে বাবে সঘনাই হোৱা সমস্যা এটা হ’ল কাপোৰ শুকুৱাটো। তাতে আকৌ নিচেই ব্যক্তিগত কাপোৰ যেনে গেঞ্জী, আণ্ডাৰৱেৰ এইবোৰ ধুই শুকুৱাৰ ক্ষেত্ৰত বেছিকৈয়ে সমস্যাত পৰা যেন লাগে। মানুহে সকলো কাপোৰেই সৰহকৈ কিনে কিন্তু গেঞ্জী আণ্ডাৰৱেৰ এইবোৰ কিনিবলৈ প্ৰায়েই কৃপণালি কৰে। বহুতে আকৌ মোৰ দৰে কিনিবলৈ পাহৰিয়েই থাকে। “আৰে কাপোৰ খুলি কোনেনো চাব ভিতৰত কি কোম্পানীৰ গেঞ্জী পিন্ধিছো? চোলাৰ ভিতৰৰ বস্তু গোপনে চোলাৰ ভিতৰতেই থাকিব। গতিকে ফটা-ছিগা হ’লেও কাম চলিব।” বহুত বছৰৰ পাছত মোৰ

Read more

পায়স আৰু পিয়াঁজ-পৰিস্মিতা বৰদলৈ

ভববেপাৰীয়ে  চুৰিয়াখন আঠুলৈকে কোঁচাই লৈ কান্ধত কেঁকোজেঁকোকৈ পাচলিৰ ভাৰখন লৈ কণমাই খুৰীটিৰ ঘৰৰ চোতাল গৰকিছেহি৷ এই ভৰদুপৰীয়া খন অলপমান জিৰাওঁ বুলি ভাবোতেই ভববেপাৰীক দেখি কণমাই খুৰীটিৰ টিঙিচকৈ মাৰিলে যদিও চুবুৰিটোৰ “নিউজ চেনেল” বুলি জনাজাত এই ভব পাচলি বেপাৰীৰ পৰা গৰম খবৰ শুনাৰ আশাত মুখেৰে যিমান পাৰি মিঠাকৈ “অ’ ভব আহিছা৷বহাহি আহা এই পিৰালিতে বহা” বুলি ক’লে৷ ভববেপাৰী মানে চুবুৰিটোৰ একমাত্ৰ পাচলি বেপাৰী যাৰ বাৰীৰ টাটকা পাচলিয়ে প্ৰত্যেকঘৰ মানুহকে আকৰ্ষণ কৰে৷ ভবকাইটিৰ আকৰ্ষণৰ অন্য এক কাৰণ হৈছে চুবুৰিৰ ইটো মূৰৰ পৰা

Read more

অপৰাধী – বিতোপন গৌৰাত্ৰ

ক’লা মোচোৰাগোম সাপটোৰ দৰেই পথটো আজিও ফিনফিনিয়া নিমজ আৰু ক’লা হৈ থকা নাই, অন্ততঃ আজি দুবছৰমানৰ পৰা। তৎস্বত্তেও সেইটো এটা সদাব্যস্ত ‘ৰোমাণ্টিক আলি’ , এককথাত ‘চেনি আলি’…! চেনিআলি তাৰ স্থানীয় নাম। নাতিদূৰৈত থকা কলেজখন আৰু বিশেষকৈ তাৰেই গাৰ্লচ হোষ্টেলৰ ই অন্যতম সংযোগী পথ। নগৰৰ মূল আৱহাৱাৰ পৰা প্ৰায় তিনি কিল মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বৰ চেনি আলিৰ সোঁমাজতে এটা পুল, বাৰিষা সোঁসোৱাই পানী বোৱা দিনত দুই এটা স্থানীয় সৰু লৰা ছোৱালীয়ে পুলটোৰ ওপৰত বহি সৰু কাগজৰ টুকুৰা নাইবা থু পেলাই আৰু ঘপকৈ

Read more

ব্ৰেকিং নিউজ-সোনটো ৰঞ্জন বৰুৱা

চুচুকচামাকৈ সি চেনেলটোৰ মালিকৰ অফিছলৈ সোমাই গ’ল । “চাৰ , অফিছত আজি মোৰ প্ৰথম দিন । আগতে এই কামৰ অভিজ্ঞতা অকণো নাই । “ “হমমম”…. অলপ  সময় ভাবি মালিকে সুধিলে,- “ফটো তুলিব জানা ? “ “জানো চাৰ ।” “ঠিক আছে, কেমেৰা লোৱা ,ৰাষ্টালৈ যোৱা , যি দেখা ফটো, ভিডিঅ’ শ্বুটিং কৰি আনা। কামৰ হয়নে নহয় একো নাভাবিবা , মুঠতে তুলি যাবা।” “হ’ব চাৰ ।” সি দিনৰ দিনটো  ঘূৰি যি দেখে তাকে তুলি সন্ধ্যা অফিছলৈ ঘূৰি আহিল । “চাৰ, এইখিনি ফটো,

Read more

“বাৰ্থডে” –ডা: পাৰ্থসাৰথি ভূঞা

ৱাইফৰ বাৰ্থডেৰ নিশা দিয়া পাৰ্টিটোত সকলোৱে খানা পিনা কৰি নাচি বাগি থকাৰ মাজতে, অকণমান আঁতৰি আহি নিজৰ গিলাছটোৰ পৰা আৰু অলপ বিলাতী সুৰা পান কৰি দত্তই বেঁকা হাঁহি এটা মাৰি বৰুৱাক কলে “বুজিছে বৰুৱা, আজি অনুভৱ কৰিছোঁ, মানৱ সভ্যতাৰ আজিলৈকে আবিষ্কাৰ হোৱা আটাইতকৈ কামৰ বস্তুটো হৈছে ফেচবুক, আজি ফেচবুকে চিৰিমতীৰ বাৰ্থডে বুলি মনত পেলাই নিদিয়া হলে, হে হে বুজিছেই আৰু মোৰ কি গতি হল হেতেন!” ☆★☆★☆

Read more
1 11 12 13