ফটাঢোল

পাখৰী আৰু হাঁহিবোৰ – মাধুৰীমা ঘৰফলীয়া

সেইখন ঘৰ মোৰ দ্বিতীয় এখন ঘৰৰ দৰে আছিল। ঘৰত থাকিলে দিনৰ দিনটো তাতেই থাকোঁ। মই নগ’লে সেইখন ঘৰৰ ডাঙৰ ছোৱালীজনী আমাৰ ঘৰত থাকেহি। সেইদিনাও মই তাত আছিলোঁগৈ। ঘৰৰ মূৰব্বীজন সম্বন্ধত মোৰ দৌতি হয়। সেইদিনা আইতা আৰু দৌতি শিৱসাগৰৰ টাউনলৈ কিবা বজাৰ কৰিবলৈ গ’ল। গতিকে ঘৰৰ ৰখীয়া হিচাপে দৌতিহঁতৰ তিনি গৰাকী ছোৱালী ক্ৰমে মুন,ভণ্টি,মাইনা আৰু লগত মই। দৌতিহঁত ওলাই যাবলৈহে পালে হাতত বুটমাহ লৈ আমি বাৰাণ্ডাত বহি ঘৰৰ সমুখৰ চেপন চূণপোৰা আলিৰে যোৱা গাড়ী হিচাপ কৰিবলৈ ধৰিলোঁ। এই বুটমাহ আদি খোৱা বস্তুবোৰ

Read more

খুচুৰা পইচাৰ বোমা – ৰঞ্জিত হাজৰিকা

বাহিৰত মাজনিশাৰ ঘোপ মৰা অন্ধকাৰ৷ নিশাচৰ দুই-এটা নাম নজনা চৰাইৰ বিকট মাত৷ চিপচিপীয়া এজাক বৰষুণ আৰু মাজে মাজে বলি থকা বতাহছাটিয়ে নিশাটোক আৰু ৰহস্যময় কৰি তুলিছে৷ সেই ৰহস্যত ভৌতিক অনুভূতি সানি ঘৰটোৰ দ্বিতীয় মহলাৰ খোলা খিৰিকীখনৰ পৰ্দাৰ ফাঁকেৰে জান-নাজানকৈ দেখা গৈছে এটা ছায়ামূৰ্তি৷ যেন ওপৰ মহলাৰ খিৰিকীখনৰ বাহিৰৰ ফালে শূন্যতে ওপঙি আছে ছায়ামূৰ্তিটো৷ ৰাজহাড় শীতল কৰি দিব পৰাকৈ পৰিবেশটো আৰু বেছি জয়াল কৰি তুলিছে ৰৈ ৰৈ ভাহি অহা নুপূৰৰ শব্দই, ৰুণজুণ, ৰুণজুণ৷ কোনোবা অতৃপ্ত আত্মাই মাজনিশা মোৰ বেডৰুমৰ খিৰিকীৰ কাষত

Read more

আপদীয়া পদ্য – হেমেন ডেকা

১) বাদুলিয়ে কলঠোক খোৱা বুলি ক’বলৈহে পালে বাদুলি বিচাৰি বহু ডেকাই বিম্বাশবদে লৰ দিলে ক’লৈ পলাল নিশাচৰ সৱেই বোলে ধৰধৰ ধেই,কল দেখোঁ পকাই নাই-খেনোৱে আহি ক’লে৷ ২) বোন্দা মেকুৰী এটাৰ অন্তৰত বৰ দুখ বহুদিন হ’ল- দেখাই নাই মাছৰ মুখ বজাৰত দেখো জুই ৰজাঘৰো আছে শুই হতাশ বিড়ালে কাঁইট চেলেকিয়ে লভে সুখ৷ ৩) খাহী ছাগলীয়ে কি বুজিব ঘাতকৰ দৃষ্টি কিয়নো বাৰু ইমান আদৰ-যত্নৰ বৃষ্টি খন্তেকীয়া সুখৰ জীৱন লাভ কৰে সশ্ৰদ্ধ তোষণ নেজানিলে সি যে বৰভোজৰ বাবেই সৃষ্টি৷ ☆★☆★☆

Read more

ভগৱান কোন ? — নয়ন জ্যোতি দাস

সাধৰণতে সন্ন্যাসী বা ভগৱান বিশ্বাস কৰা লোকসকলে কোৱা শুনিবলৈ পোৱা যাই যে পূজা কৰিব লাগে। সঁচাকৈয়ে পূজা কৰিব লাগে। পূজা কৰিলে মানসিক শান্তি পোৱাৰ লগতে মনত বিশ্বাস বাঢ়ে, লগতে সেই বিশ্বাসে জীৱনটোক আাগুৱাই নিয়াত সহায় কৰে। কিন্তু পূজা কৰাৰ অৰ্থ বা মনোভাৱ এনে হ’ব নেলাগে যে ম’হ, হাঁহ, আদি নিৰ্বোধ জীৱবোৰক ভগবানৰ নামত বধ কৰিলে ভগৱান সন্তুষ্ট হ’ব। “ কৰ্মই ধৰ্ম” বুলি এষাৰ কথা আছে। প্ৰতিবছৰে দেখি আহিছো যে পূজা বুলি হাজাৰ হাজাৰ নিৰ্বোধ জীৱবোৰক আমি ভগৱানৰ নামত নিধন কৰি

Read more

ধোবি আৰু গাধ (মূল : সন্তোষ মাহাতু) – অনুবাদ : বিজু বুঢ়াগোহাঁ‌ই

এসময়ৰ কথা, এখন গাঁ‌ৱত এজন বৰ অজলা আৰু সৰল মনৰ ধোবি আছিল। তেওঁৰ কোনো সতি-সন্ততি নাছিল। এদিন তেওঁ বজাৰলৈ যাওঁ‌তে এজন শিক্ষকে তেওঁৰ ছাত্ৰক কৈ থকা শুনিলে, “মই ডাঙৰ-ডাঙৰ গাধক মানুহ বনাইছোঁ‌।” কথাটো শুনি ধোবিজনে ইমানেই স্ফূৰ্তি পালে যে দৌৰি পত্নীৰ ওচৰলৈ গৈ ক’লে, আজি বজাৰলৈ যাওতে বৰ অদ্ভুত কথা এটা শুনিলোঁ‌। এজন মানুহে কৈ আছিল তেওঁ হেনো বৰ ডাঙৰ-ডাঙৰ গাধক মানুহ বনাইছে। আমাৰ যিহেতু সন্তান নাই, আমাৰ ঘৰৰ গাধ এটাকে যদি মানুহজনে মানুহ বনাই দিয়ে কিমান যে ভাল হ’ব!

Read more

সপোনঃ এক মিঠা ৰহস্য — উৎপলা শইকীয়া

“সপোন”, কহুঁৱা-কোমল অনুভূতিৰে আৱৰি ৰখা এটা মায়াময় শব্দ৷ আশাৰ অনেক কিৰণেৰে উদ্ভাসিত এটি ছন্দোময় আৱেগ৷ সুকোমল অনুভূতিৰ পৰা দৃঢ়তাভৰা অনুশীলনৰ ৰূপান্তৰলৈকে বিস্তাৰিত হৈ থাকে সপোনৰ এই সুবিশাল পৰিসৰ৷ এটা মিঠা সপোন পৃথিৱীখনক হেপাঁহ পলুৱাই চোৱাৰ৷ শুকুলা ডাৱৰৰ স’তে লুকাভাকু খেলি শৈশৱতে দুচকুত সানি লোৱা এটি মিঠা সপোন আমি সকলোৱে লৈ ফুৰোঁ। বুকুত বান্ধি যেন আজীৱন ধৰি ৰাখিম সোণোৱালী শৈশৱক হেঁপাহৰ আঁচলেৰে মেৰিয়ায়৷ জাৰৰ কুহুমীয়া পুৱাটিত মিঠা ৰ’দ একাঁজলিৰ সপোন, গ্ৰীষ্মৰ ভৰদুপৰীয়া এচাটি মৃদু মলয়াৰ সপোন৷ নীলা আকাশ এখন হেঁপাহ পলুৱাই

Read more

জীৱনৰ ভিন্ন স্বাদ – সঞ্জীৱ মজুমদাৰ

প্ৰথম ভাগঃ মাৰ্ক টুৱেইনৰ দৃষ্টিৰে জীৱন হেলীৰ ধূমকেতুৱে প্ৰতি ৭৬ বছৰৰ মূৰে মূৰে পৃথিবীৰ নিকটতম দূৰত্বত, নিজ কক্ষপথেৰে পৰিভ্ৰমণ কৰে আৰু পৃথিৱীবাসীৰ দৃষ্টিগোচৰ হয়। ১৮৩৫ চনত হেলীৰ ধূমকেতুৰ আবিৰ্ভাৱ হৈছিল আৰু সেই বছৰতেই এগৰাকী বিশ্ববৰেণ্য আমেৰিকান সাহিত্যিক আৰু চিন্তাবিদৰ জন্ম হৈছিল। তেখেত আছিল মাৰ্ক টুৱেইন। মাৰ্ক টুৱেইনক আমেৰিকান সাহিত্যৰ জনক বুলি কোৱা হয়। কুৰি শতিকাৰ এগৰাকী বৰেণ্য সাহিত্যিক আৰ্ণেষ্ট হেমিংৱেৰ মতে টুৱেইনৰ “এডভেঞ্চাৰ্ছ অৱ হাকলবেৰী ফিন্” নামৰ উপন্যাসখন হৈছে সৰ্বকালৰ আমেৰিকান সাহিত্যৰ মূল প্ৰেৰণাস্ৰোত। মাৰ্ক টুৱেইন আছিল সময়তকৈ আগবঢ়া আৰু

Read more

ফটাঢোল এডভেন্সাৰ (অন্তিম খণ্ড)—হেমন্ত কাকতি/বিজয় মহন্ত

অৱশেষত আমেৰিকা ভ্ৰমন আধাতে সাং কৰি উভতি অহটোৱেই সিদ্ধান্ত হ’ল৷ বহুত বুজোৱাৰ অন্তত চিণ্টু আৰু মনিকাও সন্মত হ’ল৷ চিণ্টুয়ে ৰিটাৰ্ন টিকেট কৰাৰ দায়িত্ব ললে৷ চান্স পাই চিণ্টুৰ লগতে মনিকাও টিকেটৰ খৱৰ লবলৈ ওলাই গ’ল৷ আমি বিজয় আৰু মই আহি ৰুমত বিচনাত বাগৰি আছোঁ৷ “কাকতী দা, মনিকাবায়ে যে সিদিনা মায়ঙৰ বেজৰ এডৰেচটো কোৱা কথাখিনি আপুনি মোবাইলত ৰেকৰ্ড কৰিছিল মনত আছেনে?” বিজয়ে শেষ আশা যে এতিয়াও এৰা নাই গম পাই হাঁহি উঠিল৷ এটা ম্লান হাঁহি মাৰি কলোঁ- “বিজয়, মনত আছে৷ পিচে অসম

Read more

অতএব……মন্দিৰ – জীমণি গগৈ

 আচলতে জীৱনত বহুকথা নোকোৱাকৈ থাকি যায় বা কোৱা নাযায়। নোকোৱাকৈ থাকি যোৱাৰ আন বহু আনুষংগিক কাৰণৰ লগতে লাজ-মান বুলিও বস্তু এটা থাকে। পিছে লাজ-মান কাতি কৰিও কেতিয়াবা কিছুমান কথা ক’বলৈ মন যায়। মোৰ ক’ব খোজা কথাটোও লাজ-মান কাতি কৰি ক’বলৈ মন যোৱা তেনেকুৱা কথা এটা।  হোষ্টেলত নতুনকৈ সোমাইছোঁ । হোষ্টেলৰ চিনিয়ৰ বিলাকৰ সৈতে বাদেই আমি নিউ কামাৰ বিলাকৰ মাজতো ভালকৈ আচল হোষ্টেলীয়া বন্ধুত্ব গঢ় লৈ উঠা নাই। মাত্ৰ চুচুক্-চামাককৈ বাথৰুমলৈ যাওঁতে চকুৱে চকুৱে পৰিলে মিচিকিয়াই হঁহা, ডাইনিং হললৈ যাওঁতে নূন্যতম

Read more
1 2 3 4 5 6 13