ফটাঢোল

সফল ব্যৱসায়ী শ্ৰীঅলকেশ ভাগৱতীৰ জীৱনৰ এটা দিন – অভিজিত কলিতা

অসমীয়া মানুহে হেনো ব্যৱসায় কৰিব নাজানে, বা জানিলেও নকৰে। সঁচাকৈয়ে চাবলৈ গ’লে ব্যৱসায়ৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। আজিও সাধাৰণ অসমীয়া লোকসকলে নিজৰ সন্তানক ডাঙৰ হৈ ভাল ব্যৱসায়ী হ’ব বুলি আশা নকৰে। ঐতিহাসিক ভাৱে অসমীয়াসকলে ব্যৱসায়ক গুৰুত্ব নিদিয়া বাবে, অসমীয়াই কেতিয়াও ব্যৱসায়িক নেটৱৰ্ক এটা গঢ়ি তুলিব নোৱাৰিলে। আৰু অনভ্যাসৰ বাবেই অসমীয়া লোকৰ ব্যৱসায় বুদ্ধি একেবাৰে সীমিত হৈ থাকি গ’ল বুলি ক’লেও ভুল নহ’ব। কিন্তু এই প্ৰতিকূল পৰিবে‍শৰ মাজতো, দুই এজন অসমীয়া লোকে ব্যৱসায়ৰ জগতখনত

Read more

সম্পাদকীয় – অলকেশ ভাগৱতী

এমাহ আগতে এদিন বিপদত পৰি মোৰ মনলৈ অহা বহুতকে সহায় বিচাৰি ফোন কৰিলোঁ – “কেনেবাকৈ মোক এইবাৰ উদ্ধাৰ কৰা দোস্ত৷ তোমাৰ এই সহায় মই কোনোকালেই নাপাহৰোঁ৷” সেইফালৰ পৰা বিভিন্ন উত্তৰ – “ইস্‌! কি যে কোৱা বন্ধু! মোৰ দৰে ডালদৰিদ্ৰ এটাক খুজি লাজ কিয় দিছা? তুমিচোন জানাই মোৰ অৱস্থা।” “দাদা, আপোনাৰ পৰাহে খুজিম বুলি ভাৱি আছিলোঁ৷ পূজাও আহিলেই৷ এইবাৰ আমাৰেই একদম বেয়া অৱস্থা।” “ইয়ে ৰাম! বৰ বেয়া সময়ত খুজিলা৷ দুদিন আগতে এজনক দি দিলোঁ৷ এতিয়া একদমেই খালী৷ বেয়া নাপাবা ভাই৷” “এইমাহত

Read more

ভাষা-চিন্তাৰ ক্ৰমবিকাশ আৰু নৌম চমস্কীৰ ভাষা চিন্তা – খগেশ সেন ডেকা

ভাষা-চৰ্চাৰ চমু ইতিহাস পৰম্পৰাগত ধাৰা – পৃথিৱীৰ বুকুত মাত্ৰ দুটা জাতিয়ে বহু অতীজৰে পৰা সম্পূৰ্ণ স্বাধীনভাৱে ভাষা-বিশ্লেষণ-প্ৰক্ৰিয়াৰ একোটাহঁত ঐতিহ্যমণ্ডিত পৰম্পৰাৰ সৃষ্টি কৰা দেখা গৈছে : পশ্চিমত গ্ৰীকসকল আৰু প্ৰাচ্যত ভাৰতীয়সকল ৷ প্ৰাচীন ভাৰতত যিদৰে বেদ-সম্পদৰ ভাষাৰ বিশুদ্ধতা ৰক্ষাৰ বাবে আজিৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পূৰ্বে ভাষা-চিন্তাৰ উদ্ভৱ হৈছিল, গ্ৰীচ দেশতো তেনেদৰে প্ৰায় সমসাময়িকভাৱে মহাকবি হোমাৰৰ মহাকাব্যৰ ভাষাৰ সুসংৰক্ষণৰ চিন্তাৰে ভাষা-বিশ্লেষণ প্ৰক্ৰিয়াৰ উদ্ভৱ হৈছিল ৷ ৰক্ষণশীল দৃষ্টিভংগী দুয়ো পৰম্পৰাৰ ঘাই বিশেষত্ব হ’লেও, গ্ৰীক পৰম্পৰাৰ তুলনাত ভাৰতীয় আৰ্য সমাজৰ ভাষা-বিশ্লেষণ-প্ৰক্ৰিয়া অধিক

Read more

দ্য পাৰফেক্ট মাৰ্ডাৰ! – জ্যোতিৰূপম দত্ত

: দত্ত মৰিল! : কিইই? কি কৱ বে? : অ’, অলপ আগতে!…. কেইঘণ্টামান আগৰ কথা…. ★★ : উফ্! পাগল হৈ যাম মই!! অলকেশে নিজৰ মূৰটোকেই চেপি ধৰিলে৷ প্ৰায় অন্ধকাৰ কোঠাটোত সি আজি বহুপৰ ধৰি অকলশৰে বহি আছে৷ লেপটপৰ স্ক্ৰীণখন লাহে লাহে ধূসৰ হৈ আহিল৷ এটা সময়ত লেপটপৰ স্ক্ৰীণখনত চাইকেলেডিক আৰ্টৰ স্ক্ৰীণচেভাৰ এখন চলিবলৈ ধৰিলে৷ ৰঙা, বেঙুনীয়া, সেউজীয়া আদি ৰঙৰ এটা ঘূৰ্ণীয়মান সৰ্পিল৷ লাহে লাহে বিচ্ছুৰিত বৰ্ণালীৰ দৰে ৰঙবোৰে স্ক্ৰীণখনৰ মাজত এটা পকনীয়াৰ সৃষ্টি কৰি নোহোৱা হৈ যাবলৈ ধৰিলে৷ অলকেশে আকৌ

Read more

অৱতাৰ – লক্ষ্মীনাথ বেজবৰুৱা

‘যদা যদা ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত ধৰ্মং সংৰক্ষণায় বিনাশয় চাসাধুনাম সম্ভবামি যুগে যুগে৷’ ইয়াৰ অৰ্থটো তোমালোকে নিশ্চয় বুজিছা; কাৰণ তোমালোক সকলোবোৰ পণ্ডিত বুলি মোৰ বিশ্বাস৷ অৱশ্যে, সংস্কৃত কেইফাকিত অশুদ্ধ আছে যদি তোমালোকে ধৰিবা; নধৰা যদি সি তোমালোকৰ গাফিলি, মোৰ কচুৰ নহয়৷ বৰবৰুৱাই শুধকৈ সংস্কৃত ক’ব আৰু তাত থকা অশুধবিলাকো ধৰি দিব, এই দুটা কাম একেবেলিয়ে তেওঁৰ পৰা হ’ব নোৱাৰে৷ মুঠতে তেওঁ ইয়াকে কয় যে তেওঁ সম্প্ৰতি স্বৰ্গফেৰত৷ পৃথিৱীত ধৰ্ম কৰ্মৰ নানা গ্লানি দেখি সেইবিলাকৰ প্ৰতিকাৰ সাধি জীৱক কৃপা কৰিবৰ মনেৰে কিছুকালৰ

Read more

ফটাপ্ৰেম – জীমণি গগৈ

মানুহৰ জীৱনকালত এই সুবিশাল পৃথিৱীখনত কেতিয়াবা সৰু বস্তু এটা থ’বলৈকো ঠাই অকণ নোহোৱা হয়! মাটি-পানী-বায়ু-অগ্নি কোনেও মানুহক সুৰক্ষা দিব নোৱৰা অৱস্থা একোটাৰ উদ্ভৱ হয়। ক্লাছ নাইটত পঢ়োঁ তেতিয়া। সন্ধ্যাবেলিকা এনেয়ে ৰাস্তাত খোজকাঢ়ি ঘৰলৈ উভতিছোঁ। গেটখন খুলি ভিতৰ সোমাবলৈ লওঁতেই বিপৰীত ফালৰপৰা কোনোবা এজনে মাত দিলে – “শুনা…” ঘূৰি চাই দেখোঁ চাইকেলত উপবিষ্ট মোৰ লগৰ অলিৰ ককায়েক। নামটো? নামটো বাৰু এতিয়াই নকওঁ, থাকক। অলিয়ে মতা ঘৰুৱা নামটো “জীকুদা”। “এইখন লোৱা” – কথা নাই বতৰা নাই জীকুদায়ে বগা খাম এটা আগবঢ়াই দিলে।

Read more

বিষাক্ত কথামৃত – পুণ্য শইকীয়া

বহুদিন মহাপুৰুষ হৈ পোৱা নাই। মই লাষ্ট কেতিয়া মহাপুৰুষ আছিলোঁ মানুহে চাগে পাহৰিলেই। মই নিজেও অনভ্যাসৰ ফলত মহাপুৰুষৰ কাজ-কৰ্ম বিলাক পাহৰাৰ নিচিনাই হ’ল। সেয়েহে ভাবিলোঁ- এই কথাই কথা নহয়, ঘণ্টাচেৰেকৰ বাবে হ’লেও মহাপুৰুষ ‘বনি’ পতিতসকলক উদ্ধাৰ কৰোঁ। মহাপুৰুষ হোৱাটো যেতিয়া খাটাং হ’লেই, পতিত-দলিত-নিৰ্য্যাতিত আৰু অজ্ঞান আন্ধাৰত ডুব গৈ থকাসকলক উদ্ধাৰ কৰাটো যেতিয়া ‘ফিক্সড’ হ’লেই , তেন্তে দেৰি কিহৰ? কিছু অমৃত বাণী বিতৰণ কৰোঁ নহয় জানো? অমৃত বাণীবোৰৰ দুই-এটা চেকেণ্ডহেণ্ড ওলাবও পাৰে, দুই এটা “বেওৱাৰিছ” ওলাব পাৰে বেয়া নাপাব। ১) হে

Read more

বজাৰ নুবুজা নখৰ গাঁথা – নৱজিৎ বৈশ্য

মোৰ নখবোৰ বাঢ়ি গৈ আছে মোৰ নখবোৰে পোখা মেলিছে প্ৰতিটো হত্যা-ধৰ্ষণ-লুণ্ঠন প্ৰতিটো যুদ্ধজনিত ক্ষুধাজনিত মৃত্যুত মোৰ নখবোৰ বাঢ়ে মোৰ নখবোৰে পোখা মেলে কুৰি শতিকাৰ শেহৰফালে উপজিও মোৰ নখবোৰে বজাৰ নুবুজে অথচ একেটা নাদৰে পানী খাই একেটা নাদৰে আকাশত একেটা সপোনকে অঁকা কবিতাই বজাৰ বুজিছে বজাৰক আপোন কৰিছে তাইৰ কোনো উদ্বিগ্নতা নাই তাইৰ নিৰুদ্বিগ্নতাত বাঢ়ে মোৰ গোঁৱাৰ অভিমান বিক্ৰীযোগ্য নীলাৰ জীনচ্ আৰু আমদানিকৃত সেউজীয়াৰ স্পোৰটিং পিন্ধি তাই বজাৰলৈ যায় ওঁঠত বিপ্লৱৰ বিজ্ঞাপন বোলাই তাইৰ কোনো উদ্বিগ্নতা নাই বিক্ৰীযোগ্যতাৰ ৰঙ্গশালাত তাইৰ ঈৰ্ষনীয়

Read more

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ (প্ৰথম খণ্ড) – হেমন্ত কাকতি

আমেৰিকা ভ্ৰমণৰপৰা ঘূৰি আহি বহুত দিন বেকাৰ হৈ বহি আছিলোঁ৷ বেপাৰ বণিজো বেয়া৷ বাৰিষা অহাৰ লগে লগে জমা কৰি ৰখা আলু পিঁয়াজৰ বস্তাবোৰো পচিবলৈ ধৰাত কি কৰোঁ কি নকৰোঁ কৈ চিন্তাক্লিষ্ট হৈ বহি আছিলোঁ৷ আজিকালি গড়মাৰ্কাটোও অলপ বেছিকৈয়ে লগা হ’ল৷ দিন বাগৰাৰ লগে লগে পৰিমাণটোও বাঢ়ি আহিছে৷ গধূলি হ’লেই এটুপি নধৰিলে কিবা ইচাট-বিচাটখন লাগে৷ হ’ল বুলিনো মানুহজনীৰ সাঁচতীয়া টকাকেইটা কিমান দিনলৈ উৰোৱাম আৰু! মনৰ দুখতে কালি দুবটল একেলগে মাৰি দিলোঁ৷ ৰাতিপুৱা মাথাটোৰ টিংটিঙনিত সাৰ পাই উঠি জুপুকা মাৰি বহি কিবাকিবি

Read more
1 2 3 4 12