ফটাঢোল

সহযাত্ৰী – মানবেন্দ্ৰ কুমাৰ শৰ্মা

বাছখনৰ আগৰ ফালেও কেইখনমান আসন খালী হৈ আছিল যদিও সেইবোৰ অতিক্ৰমী ষোড়শী আহি মোৰ কাষতহে বহিল। তেওঁৰ দেহত সনা সুগন্ধিয়ে মুহূৰ্ততে পৰিৱেশটোৰ লগতে মোৰ মন-মগজুও অমোলমোলাই তুলিলে। আৰু ইমানৰ পিছতো যদি কাৰোবাৰ হৃদয়ত “তুনে মাৰি এণ্ট্ৰিয়া, দিল মে বজি ঘণ্টিয়া’ টাইপ ঝংকাৰ এটাৰ পৌনপুনিক অনুৰণন নহয়, তেন্তে এইটো নিৰ্ঘাত যে সৃষ্টিকৰ্তাই সেইজনক জন্মতে কিবা এটা দিশত নিঃকিণ কৰিহে স্ৰজন কৰিছে। ময়ো এক লহমাৰ বাবে দুচকু মুদি সেই ঝংকাৰ আৰু অলপ সুমধুৰ হোৱাৰ সপোন ৰচিলোঁ।   পিচে মোৰ ধাৰণা অসাৰ প্ৰতিপন্ন

Read more

কূটবুদ্ধি নহ’লে বিয়া নকৰাব – সৌৰভ শৰ্মা

১)বিয়াৰ কেইদিনমান পিছত যদি পত্নীয়ে কয়, বেয়া নাপায় যদি খাই উঠি কাঁহীখন বেচিনত থৈ যাব। তেতিয়া কাঁহীখন বেচিনলৈ নিওঁতে কাঁহীৰ হাত ধোৱা পানী অলপ মজিয়াত পেলাই যাব। জীৱনত দুনাই আৰু নকয় । ২)কাপোৰ ৰ’দত মেলি দিয়া কামটো কৰাজন কাপুৰুষ। সেয়ে পত্নীয়ে কাপোৰ মেলিবলৈ দিলে, এনেদৰে দিয়ক যাতে অলপ বতাহ পালেই সৰি পৰে। দুনাই আৰু নকয়। ৩)ভাত ৰান্ধিবলৈ ক’লে পুৰুষে গেঞ্জিত মচলা গুড়ি, হালধি লগাই দাগ লগাব লাগে। এটা গেঞ্জি ধ্বংশ হ’ল কি হ’ল! দুনাই ভাত বনাবলৈ নকয়। অথবা গোটেই পাকঘৰৰ

Read more

টপক – অমিতাভ মহন্ত

হাত ভৰিবোৰ ক্ৰমান্বয়ে শিথিল হৈ আহিছে… যিজনীৰ বাবে গোটেই বছৰটো খাপ পিটি ৰওঁ কেতিয়ানো মাত এষাৰ দিব পাৰোঁ বুলি। পুৱাই বিছনাত এনেকৈ তপত, ঘন ঘন উশাহেৰে তাই মোক হেঁচি ধৰিছে৷ ওঁঠ দুটাৰ দবৰা দবৰিত মই অৱশ হৈ পৰিছোঁ৷ হাত ভৰিবোৰ শিথিল হৈ পৰিছে৷ আসস্! খকমককৈ সাৰ পাই উঠিল সন্দীপ৷ – অই ভালুক উঠ৷ ব্ৰেকফাষ্টটো কৰি আহোঁ৷ – তই যা৷ মোৰ এতিয়াও হেং অভাৰ যোৱাই নাই৷ – তোৰ নিচা বেছি হৈছে কিন্তু৷ বাৰু এটা কথা ক’চোন৷ – কি? – তই কেতিয়াবা

Read more

মিশ্যন ডুমডুমা – ৰামানুজ গোস্বামী

সৰু চহৰখনলৈ বদলি হৈ অহাৰ পিছৰে পৰা সলনি হৈ পৰিছে মোৰ দৈনন্দিন জীৱনশৈলী। বহুজাতিক কোম্পানীটোৰ গুৱাহাটীৰ হেড অফিছত থাকোঁতে হাতত সময়েই নাছিল দিনটোত! পলমকৈ শোৱাৰ পৰা উঠা, দৌৰা-দৌৰিকৈ শ্বেভিং, ব্ৰেকফাষ্ট কৰি বছৰ লগত “টিম মিট”ত দহ বজাত উপস্থিত হোৱা, অফিছৰ তলত গোটেই টিমটোৱে বছ-কোম্পানীক গোৱালগালি পৰা,  ডিলাৰ ভিজিট, কাষ্ট’মাৰ ইছ্যু আদি চাই-চিতি সন্ধিয়ালৈ কোনো বাৰত সুৰাপান, লগৰ কিটাৰ লগত নিয়মীয়া আড্ডা…মুঠতে সময়ে নাই। কিন্তু নতুন চহৰখনত মোৰ একো ব্যস্ততা নাই। লগ-বন্ধুও নাই, সেয়ে নাই ৰাতি কোনো সুৰাপানৰ মেল! সেইবাবে পুৱা

Read more

জামু গছজোপা (মূল: কৃষণ চন্দৰ) – অনুবাদঃ সঞ্জীৱ মজুমদাৰ

যোৱানিশা প্ৰৱল ধুমুহা আহিছিল। চৰকাৰী সচিবালয়ৰ আগফালে থকা বাগানখনৰ পুৰণি প্ৰকাণ্ড জামু গছজোপা উভালি পৰিল। ৰাতিপুৱা বাগানৰ মালীজনে লক্ষ্য কৰিলে যে গছজোপাৰ তলত  চেপা খাই মানুহ এজন পৰি আছে। কথা বিষম দেখি মালীজন দৌৰি দৌৰি চাপ্ৰাছীৰ ওচৰলৈ, চাপ্ৰাছীজন দৌৰি দৌৰি ক্লাৰ্কৰ ওচৰলৈ আৰু ক্লাৰ্কজন দৌৰি দৌৰি চুপাৰিটেণ্ডেন্টৰ ওচৰলৈ গ’ল। চুপাৰিটেণ্ডেন্টজন দৌৰি দৌৰি বাগানলৈ আহিল। বেচ কিছুসময়ৰ ভিতৰতেই গছৰ চেপাত পৰি থকা মানুহজনৰ আশে পাশে বহু মানুহ একত্ৰিত হ’ল। “ইছ্ ৰাম, গছ জোপাত যে কিমান জামু লাগিছিল!” এজন ক্লাৰ্কে ক’লে। “জামুবোৰ

Read more

সাক্ষাৎকাৰ: তৰালি শৰ্মাৰ সৈতে এখন্তেক

তৰালি শৰ্মা, নামেই যাৰ পৰিচয়, তেওঁৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। এক যাদুকৰী কণ্ঠৰ অধিকাৰী তৰালি শৰ্মাই এগৰাকী সুদক্ষ সংগীত পৰিচালক ৰূপেও সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ কণ্ঠৰে নিগৰা প্ৰায় প্ৰতিটো গীতেই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি আহিছে। নব্বৈৰ দশকৰ পৰা বৰ্তমানলৈকে “আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিবী শুব…”, “অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে…” আদি গানৰ দৰে অজস্ৰ শ্ৰুতিমধুৰ গীতেৰে অসমৰ প্ৰত্যেকখন মঞ্চতে তেওঁৰ কণ্ঠই মন্ত্ৰমুগ্ধ নকৰা শ্ৰোতা হয়তো নোলাব৷ গুণমুগ্ধ শ্ৰোতা-দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰি বহিছে তেওঁৰ

Read more

শিক্ষক, ছাত্ৰ, সমাজ ইত্যাদি – অত্ৰেয়ী গোস্বামী

“গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱে নমঃ।” ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ অৰ্থাৎ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা গুৰুজন। গুৰু পৰম ব্ৰহ্ম। তেওঁৰ চৰণত শতকৌটি প্ৰণাম। তেওঁ ঈশ্বৰ সদৃশ। তেওঁ সৰ্বজ্ঞ। ঈশ্বৰ এনে এক সত্তা যাৰ মাজত চৰাচৰ জগতৰ সৰ্বকালৰ অনন্ত বিষয় ৰাজিৰ শুদ্ধ আৰু বিশ্লেষিত ৰূপ অন্তনিৰ্হিত থকাৰ এক সামাজিক ধাৰণা প্ৰোথিত হৈছে যুগ যুগ ধৰি। ঈশ্বৰে সকলো জানে, সকলো দেখে। মানুহৰ মনৰ অভ্যন্তৰীণ খোকোজাবোৰো ঈশ্বৰৰ নখ দৰ্পনত বুলি আমাৰ বিশ্বাস। শিক্ষকসকলক ঈশ্বৰৰ লগত তুলনা

Read more

মন যায় – ভাস্কৰ জ্যোতি বৰুৱা

১৯৯৮ চনত মুক্তি পোৱা এখন চিনেমা আছিল ‘আণ্টি নাম্বাৰ ১’। হয়, ঠিকেই ধৰিছে, গোবিন্দা হিৰো আছিল। কিন্তু চিনেমাখন মোৰ গোবিন্দাৰ বাবে নহয়, মনত ৰৈ গ’ল এটা পাৰ্শ্ব চৰিত্ৰৰ মুখত থকা সংলাপ এটাৰ বাবেহে। এজন চিনেমা পৰিচালকৰ চৰিত্ৰত অভিনয় কৰা সতীশ কৌশিকৰ মুখত চিনেমাখনত প্ৰায় পুনৰাবৃত্তি ঘটি থকা সেই সংলাপটো আছিল – ‘ৱেচে ত’ ম্যে এক ফ্ৰাষ্টেটেড আদমি হু, মেৰি ষ্ট’ৰী কা পাটা নাহি হ্যাই, ফাইনান্স কা ঠিকানা নাহি হ্যাই, হিৰো ডেট নাহি দে ৰাহা হ্যাই, হিৰ’ইন কেহ ৰাহি হ্যাই কি

Read more

কৌতুক – শিল্পাশ্ৰী দাস

পত্নী : হেৰি শুনিছেনে , কথা এটা কওকচোন৷ আপোনাৰ আটাইতকৈ ভয় লগা বস্তু বা কথাষাৰ কি? পতি নিমাত। পত্নী : বোলো হেৰি শুনিছেনে ! কিবা এটা সুধিছোঁ মই৷ একো নামাতিলে যে? পতি : প্ৰশ্নতেই যেতিয়া উত্তৰটো সোমাই থাকে, তেতিয়া নিমাত হোৱাৰ বাহিৰে উপায়নো আছে কি ? ☆★☆★☆

Read more
1 2 3 4 5 12