ফটাঢোল

উলংগাসুৰ – ডা° বিকাশ বৰুৱা

দুৰ্গা পূজাৰ দিনকেইটাত মহিষাসুৰৰ মাত্ৰ এটাই কাম। মানুহ চাই থকা। চকু-তকু টেলেকা কৰি দিনে-ৰাতিয়ে সি কেৱল মানুহেই চাই থাকে। মানুহো জানো কমসোপা? ৰভাৰ তলত মানুহ, ৰাস্তাত মানুহ, ফুটপাথত মানুহ। দোকানত, বাৰান্দাত, বেলকনিত মানুহ। গাড়ীত, মটৰ-চাইকেলত, ৰিক্সাত মানুহ। বাপ্পা ঐ! কিমান যে মানুহ। পূজা চাবলৈ অহা এই আটাইবোৰকে সিহে আকৌ ওলোটাই চাই থাকে। তাৰ দৃষ্টিৰ পৰা কোনো সাৰি নাযায়। সি প্ৰত্যেককেই হেঁপাহ পলুৱাই চাই আৰু একান্তমনে কিবাকিবি ভাবি থাকে। ষষ্ঠীৰ পৰা দশমীলৈকে, বিশেষকৈ অষ্টমী আৰু নৱমীত কোনে কেইবাৰ কাপোৰ সলালে, কোনদিনা

Read more

এটুকুৰা আলসুৱা মেঘ- খগেশ সেন ডেকা

শৰৎ যাওঁ যাওঁ ৷ হেমন্ত ৰৈ আছে দুৱাৰডলিত ৷ আমি অসমীয়াই পিছে হেমন্ত ঋতুৰ কুহুমীয়া আহ্বান বৰকৈ অনুভৱ নকৰোঁ ৷ অসমীয়া সাহিত্যত হেমন্তৰ বৰ বিশেষ উল্লেখ বা আদৰো দেখা নাযায় ৷ যি আছে সেয়া যৎ সামান্য ৷ মহাপুৰুষজনায়ো বিভিন্ন উপমাৰে মনোমোহাকৈ “বৰ্ষা বৰ্ণন” আৰু “শৰৎ বৰ্ণন” কৰি থৈ গৈছে ৷ কিন্তু হেমন্ত বৰ্ণন অনুপস্থিত ৷ বাংলা সাহিত্যত অৱশ্যে হেমন্তৰ কিছু সমাদৰ দেখিছোঁ ৷ “বনলতা সেন”-ৰ কবি জীবনানন্দ দাশৰ “হেমন্ত আসিয়া গেছে”, হেমন্ত ঋতুৰ প্ৰতিচ্ছবি অংকিত এটা উৎকৃষ্ট কবিতা ৷ আচলতে

Read more

ভাইজানৰ দিৱালী – শংকৰ জ্যোতি বৰা

ড্ৰোন ভিউ‘ত অলপ দুৰৰ পৰা পাহাৰৰ নামনিত এটা বিশাল অট্টালিকা৷ ভিউ‘টো লাহে লাহে অট্টালিকাক কেন্দ্ৰ কৰি ওচৰ চাপি আহি থাকিব৷ দৃশ্যমান হৈ আহি থাকিব অট্টালিকাৰ চৌপাশ৷ ওখ দেৱালেৰে আৱৰা এটা বিশাল চৌহদ৷ পিছৰ ফালে ডিজাইন ডিজাইন ফুলেৰে ভৰা এখন বিশাল আৰু আবুৰ থকা ল’ন৷ সংলগ্ন এটা চুইমিঙ পুল আৰু মুকলি জিম৷ এইখিনি ঠাইত সকলোৰে প্ৰবেশ নিষেধ৷ কেমেৰা এইবাৰ অট্টালিকাৰ সমুখৰ ফালে গতি কৰিছে৷ আগফালেও এখন বিশাল বাগিছা৷ বাগিছাৰ একোণৰ মুকলি আখৰাত অনুশীলনত ব্যস্ত এগাল ডিজাইন ডিজাইন পেহেলৱান৷ গোটেই চৌহদটোত ঠায়ে

Read more

বৰষুণ- প্ৰণীতা গোস্বামী বৰঠাকুৰ

আজি মই বৰষুণ কিনি আনিম— সঁচা বৰষুণ!—, মইনাই আচৰিত হৈ কয়, হয়, আচল বৰষুণ—- যি ডাৱৰৰ পৰা সৃষ্টি হয় টোপাল হৈ ধাৱিত হয় পাহাৰৰ গাৰে পিছলি বয় নদীৰ লগত মিলিত হয় হয়, মই সেই বৰষুণকে বিচাৰি গৈছোঁ—   যি ধৰণীৰ লগত একাকাৰ হয় কুঁৱা, পুখুৰীত সঞ্চিত হয় মুধচৰ ওপৰৰে বাগৰি বয় আলি পদূলিবোৰৰ খবৰ লয় কেঁকুৰিবোৰত থমকি ৰয় পুনৰ আগলৈ ধাৱমান হয়, হয়, সেই বৰষুণেই—–   এই বৰষুণ সাধাৰণতে পনীয়া হয়, ইয়াক বহুতে পানী বুলিও কয়; যেতিয়া ই জুইৰ লগত

Read more

ৰসৰ ৰহঘৰা পিলিকদা – ডা° অঞ্জনজ্যোতি চৌধুৰী

ছেপ্টেম্বৰ মাহৰ ১২ তাৰিখ। বিশিষ্ট সংগীত পৰিচালক ৰূপম তালুকদাৰে তেওঁৰ গাড়ীৰে জনপ্ৰিয় গায়ক কুল বৰুৱা, যশস্বী গায়িকা অণিমা চৌধুৰী আৰু মোক নুমলীগড়লৈ লৈ গৈছিল। আমি গৈছিলোঁ। নুমলীগড় তেল শোধনাগাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ‘পুৰণি দিনৰ গীতৰ সোঁৱৰণ’ শীৰ্ষক এখন গীতৰ সভাত ভাগ ল’বলৈ। আধাঘণ্টাকৈ আমি তিনিওজনেই তাত গীত গোৱাৰ কথা। ভালকৈ গাব পাৰিম নে নোৱাৰিম, তাকে ভাবি মোৰ মুখৰ মাত নোহোৱাৰ দৰে অৱস্থা হ’ল। কেৱল মাজে মাজে সুবিধা পালেই এটা কথা কৈ আছিলোঁ যে মোক অনুস্থানৰ আৰম্ভণিতে গাবলৈ দিয়ে। নহ’লে কুলদা

Read more

দৰকাৰ হ’ব পাৰে! – জ্যোতিৰূপম দত্ত

: কিয়? কিয় উলিয়াইছা সেইখন? বজ্ৰকঠিন মাতষাৰ শুনিয়েই য’তে আছিলো তাতেই তধা লাগিলো৷ মোৰ হাতত ৰঙচঙীয়া পুৰণা ফটা কাগজ এখন৷ চকুত প্ৰশ্নবোধক চিন! : সেইখন থৈ দিয়াচোন৷ বাকী কামবোৰ কৰাগৈ যোৱা৷ এইখনৰ ব্যৱস্থা ময়েই কৰিম৷ শ্ৰীমতীয়ে প্ৰায় বিবৰ্ণ কাগজখিলা কাঢ়ি লৈ টেবুলখনৰ একাষে থৈ দিলে৷ আজি দেওবাৰৰ দিন৷ মোৰ বাবে সপ্তাহটোৰ ব্যস্ততম দিন৷ সপ্তাহটোৰ আনকেইটা দিন একেবাৰেই গতানুগতিক৷ ঘৰ বা কৰ্মক্ষেত্ৰ, কতোৱেই কোনো উত্তেজনা নাই৷ প্ৰাত্যহিক কামখিনি কৰি নিয়মমাফিক কাৰ্য্যালয়লৈ গৈছো, কাম কৰিছো, ছুটিৰ পাছত বজাৰ সমাৰ কৰি উভতিছো৷ পিছে

Read more

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(দ্বিতীয় খণ্ড) ফাংচন অনুষ্ঠিত হ’বলগীয়া জেগাখিনি চাফ-চিকুণ কৰি ৰখাৰ বাহিৰে মোৰ বিশেষ কৰিবলগীয়া কাম নাছিল৷ এসপ্তাহ পিচত গন্ত বৰুৱাই দুই ট্ৰাক বাহৰ লগতে মূল ষ্টেজৰ বাবে এলুমিনিয়ামৰ ষ্ট্ৰাকচাৰেল আইটেম পেলালেই৷ গন্ত বৰুৱা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়েৰিংৰ এক্সপাৰ্ট মানুহ৷ চাওঁতে চাওঁতে দুই তিনি দিনত বিশাল ষ্টেজ আৰু পেণ্ডেলে আকৃতি ল’বলৈ আৰম্ভ কৰিলে৷ পুলিচৰ মানুহে জেগাডোখৰ পিয়াপি দি ফুৰিবলৈ ধৰিলে৷ গ্ৰুপৰ প্ৰায়ভাগ মানুহে মোৰ ঘৰলৈ অহা যোৱা কৰাত লাগিল৷ ডাঙৰ ডাঙৰ গাড়ীবোৰ লৈ লৈ অহা যোৱা সঘনাই হ’বলৈ ধৰিলে৷ সেইকেইদিন আমাৰ এওঁ মানুহক চাহ-তামোল

Read more

ফটাপ্ৰশ্ন

১/ অনুৰূপ মহন্ত: ফটহুকাই, যদি টকা পইচা গছত লাগিলেহেঁতেন, তেন্তে সেই পইচাৰ পুলিৰ মূল্য বাৰু কি আৰু কিমান পৰিমাণৰ হ’লহেঁতেন? উত্তৰ: গছত লাগিলে পইচাৰ মূল্যই নাথাকিলহেঁতেন, পুলিবোৰ ফ্ৰীতে গহৰা গজি থাকিলেহেঁতেন ৰাষ্টাৰ কাষত। স্বচ্ছ ভাৰত অভিযানৰ সময়ত টকা চাফ কৰিব লাগিলেহেঁতেন। ২/ খনিন্দ্ৰ ভূষণ মহন্ত: ফটহুকাই, মানুহৰ আৰু এটা নাক থাকিলে কি কি সুবিধা, অসুবিধা হ’লহেঁতেন? উত্তৰ: আগফালে থাকিলে চলি গ’লহেঁতেন, পিচে কেনেবাকৈ আনটো নাক পিছফালে লগাই দিয়াহেঁতেন বৰ অসুবিধা হ’লহেঁতেন। কিমান আৰু নিজৰ থুৰথুৰীয়া প্ৰাণঘটকৰ গোন্ধ লৈ থাকিব? ৩/

Read more

বিখ্যাত সাহিত্যিক হৰিশংকৰ পাৰসাইৰ ব্যংগ লেখা এটাৰ কিছু অংশৰ ভাবানুবাদ – হিমাংশু ভাগৱতী

এদিন হঠাৎ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যিমান ঘোচখোৰ লোক আছে সকলোকে ৰাজহুৱাকৈ বিজুলী বাতিৰ খুটাত ফাঁচি দিয়া হ’ব। পিছদিনা পুৱা সাধাৰণ ৰাইজ বিজুলীৰ খুটাৰ তলত জমা হ’ল। খুটাবোৰত তিলক লগালে, পূজা কৰিলে, খুটাবোৰৰ আৰতি কৰিলে। মুঠতে খুটাবোৰ মানুহৰ কাৰণে দুৰ্নীতি নাশ কৰা ভগৱান যেন হ’ল। পুৱাৰ পৰা ৰাতিলৈ মানুহে অপেক্ষা কৰি থাকিল দুৰ্নীতিখোৰ সকলক এই ফাঁচি দিব, এই ফাঁচি দিব, কিন্তু কাকো ফাঁচি দিয়া নহ’ল। ৰাগে খঙে মানুহবোৰে প্ৰতিবাদী সমদল লৈ মন্ত্ৰীৰ ওচৰলৈ গ’ল আৰু ক’লে, “আপুনিতো কৈছিল যে ঘোচখোৰ সকলোকে

Read more
1 2 3 12