ফটাঢোল

তিতা চেনিৰ খেতি – কমল নেওগ

শোভণ কাইদেৱে চেনি খেতি মানে কুহিয়াঁৰ খেতি নকৰি যদি তিতা কেৰেলাৰ খেতিত জান-প্ৰাণ দি লাগিল হয় তেতিয়া কিন্তু পৰিৱেশটো ওলোটা হ’লহেঁতেন। আৰু গাঁৱৰ চাৰিআলিটোৰ মূৰত থকা তীৰৰ নম্বৰ বিক্ৰী কৰা ফেঁকুৰ দোকানত ইমানবোৰ গডেৰজ, ইণ্ডিকা, ব্লেক ৰ’জৰ বিক্ৰীয়েই নহ’লহেঁতেন। আপুনি ভাবিছে এই মানুহডালে কি বেবেৰি বাং বলকিছে? নহয়, মই ঠিকেই কৈ আছোঁ। শুনক এতিয়া- মোৰ গাঁৱৰ কাষৰে পথাৰখনৰ সিটো পাৰে অলপ বাম চানেকীয়া তিনি বিঘামান মাটিৰ মেৰ এটা আছিল। শোভণ কাইদেৱে বাঁহৰ জেউৰা কামিৰে বেঢ়া দি লৈ তাতে কুহিঁয়াৰ খেতি

Read more

ভাৱৰীয়া – মৌচুমী গগৈ

স্কুল ছুটী হোৱাৰ লগে লগে মুকুলে চাইকেলখন লৈ ঘৰলৈ বুলি ওলাই আহিল। আজি সোনকালে ঘৰ গৈ পাবগৈ লাগিব। গাঁৱৰ নামঘৰত আজি ভাওনা আছে।তাতে সি অৰ্জ্জুনৰ ভাৱত অভিনয় কৰিব। ধেমালি নেকি! কিমান কষ্টৰ মূৰকত সি নিজৰ সপোনৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ সুযোগ পাইছে। ভাওনা হোৱাৰ কথা ওলোৱাৰপৰাই সি অৰ্জ্জুনৰ ভাও টোৰ কাৰণে লাগি আছিল। ইফালে গাঁৱৰে বিমানেও সেই ভাওটো বিছাৰিছিল। শেষত যেনিবা মুকুলেই অৰ্জ্জুনৰ ভাওটো পালে। বিমানক নকুলৰ ভাওটো দিয়া হ’ল। ইয়াৰ বাবে অৱশ্যে মুকুলে ভাওনাখনৰ ছেক্ৰেটেৰী দাইটিৰ ঘৰত কেইবাটাও ঘৰত লগা

Read more

যমৰাজৰ ৰিছাৰ্জ – সোনটো ৰঞ্জন বৰুৱা

কিছু কালৰ আগৰ পৰা যমৰাজৰ ম’হটোৰ অৱস্থা কাতিমহীয়া এৰালৰ গৰুৰ দৰে পিঠিৰ হাড় গণিব পৰা হৈছেগৈ। নহ’বনো কিয়, আগতে তাৰ কাম আছিল দেৱলোকৰ মেল মিটিংবোৰলৈ যমৰাজক অনা নিয়া কৰা। পৃথিৱীৰ পৰা আত্মা অনা কামবোৰ য্‌মদূত বোৰেই কৰিছিল। পিচে যেতিয়াৰে পৰা টকা দহটাৰ বাবেও মানুহে মানুহ হত্যা কৰা হ’ল তেতিয়াৰে পৰা পৰ্য্যাপ্ত যমদূতৰ অভাৱত যমৰাজেও আত্মা অনা নিয়া কৰিবলৈ পৃথিৱীলৈ টাকুৰি বাব লগা অৱস্থা আহি পৰিল। ফলত অভাৰটাইম ডিউটি কৰি কৰি ম’হৰো হাড় ওলাল। লগতে পৃথিৱীৰ মানুহৰ চয়তানি বুদ্ধিত বহুতো যমদূতৰে

Read more

পাত নে পেকেট – কৈলাশ বকতিয়াল

সেইজন চতুৰ্থ শ্ৰেণীত দহ বছৰমান পঢ়ি থকা দিনৰে কথা- এদিন কিবা এটা গুৰুতৰ অপৰাধত তেওঁক দহটাকৈ বেতৰ কোব প্ৰদান কৰা হৈছিল৷ প্ৰথম পাঁচটা কোব সোঁহাতৰ তলুৱাই সহ্য কৰাৰ পিছত বাওঁহাতৰ তলুৱাখন বাকী কোব কেইটাৰ কাৰণে নিজে নিজে আগবাঢ়ি গ’ল৷ তেনেতে ঘটিল দুৰ্ঘটনাটো৷ তলুৱাৰ সোঁমাজতে এটা ঘূৰণীয়া বগাকৈ দুই ছে:মি: ব্যাসাৰ্ধৰ বৃত্ত এটা৷ মৰণা মাৰি ধান খেৰ তুলি পেলালেও চোতালত মৰণা মৰাৰ চিন বহি যোৱাৰ দৰে হাতৰ তলুৱাখনতো চাদা-চূণৰ মৰণা সঘনাই মাৰি থকাৰ চিনটো ধুনীয়াকৈ বহি তলুৱাৰ শোভাবৰ্ধনত এক গুৰুত্বপূৰ্ণ ভূমিকা

Read more

কথোপকথন – মানস শইকীয়া

কেউফালে হুলস্থূল৷ কাৰো মাত কোনেও নুশুনা অৱস্থা৷ কোনোটোৱে সেই আহুকলীয়া জৰী গছজোপাৰ ঠেঙনীত বহি, কোনোৱে আকৌ সেই ৰাস্তাৰ দাঁতিৰ ঔজোপাত বহি, কোনোটোৱে কাষৰ এৰাবাৰীখনত আৰু কোনোটোৱে আকৌ নিৰ্জন হাউলিটোত৷ মুঠতে, সকলোৱে নিজৰ বিষয়ে অনৰ্গল বক্তৃতা দি আছে৷ মই কিছু নিলগৰ পৰা শুনিবলৈ চেষ্টা কৰিছোঁ৷ পৰা নাই৷ ছাঁ পোহৰৰ মাজেৰে নিশব্দে আগুৱাই গ’লোঁ৷ “আমাৰ দলৰ চৰকাৰ থাকোঁতে মই সকলোকে সমানে চাইছিলোঁ৷ আমাৰ দলৰ কোনোৱে মোৰ ওচৰলৈ আহি সুদাহাতে যাব লগা নহৈছিল৷ মোৰ হাতত আছিল অসীম ক্ষমতা৷ মই কিন্তু ক্ষমতাত অন্ধ হোৱা

Read more

ভোকৰ ভাতসাজ – দিপাংকৰ চৌধুৰী

প্ৰধান শিক্ষক হৰেন ডেকাই ওচৰৰে গাঁৱৰ প্ৰাথমিক বিদ্যালয় এখনত বহুবছৰ ধৰি শিক্ষকতা কৰি আছে। সেয়েহে গাঁৱখনৰ মানুহবোৰৰ লগত এটা ভাল আন্তৰিক সম্পৰ্ক গঢ়ি উঠাৰ লগতে মানুহবোৰৰ স্বভাৱ-চৰিত্ৰৰ লগত ভালদৰে চিনাকি হৈ পৰিছিল। আজিৰ পৰা দুবছৰমান আগতে সহকাৰী শিক্ষক হিচাপে যোগদান কৰা জীৱনে কিন্তু ইমান ভালদৰে বুজি উঠা নাছিল। মাজে মাজে প্ৰধান শিক্ষকৰ পৰা অঞ্চলটোৰ সম্পৰ্কে তথা বিদ্যালয়লৈ আহ যাহ কৰি থকা মানুহবোৰৰ বিষয়ে কিছু কথা গম পাই আহিছে। জীৱনে বিদ্যালয়ত যোগ দিয়াৰ পৰাই দেখি আহিছে যে বিদ্যালয়ৰ সন্মুখতে মানুহ এঘৰে

Read more

শাৰদী ৰাণী, তুমি কিয় আহিলা : সদানন্দ ভূঞা

আহিন মাহ সোমাল। আহিন মাহ মানে শাৰদীয় বতৰ। আহিন মাহ মানে তলসৰা শেৱালিৰ সুবাস বিলোৱাৰ বতৰ। পদুম পুখুৰী বিলত পদুম ফুলাৰ বতৰ, ভেটফুল ফুলাৰ বতৰ। শাৰদীয় বতৰতেই শাৰদী ৰাণীৰ আগমন। শাৰদী ৰাণীৰ আগমনৰ লগে লগে আগমন হয় পূজা, পূজা আৰু পূজা। দেৱাদিদেৱ গনেশ পূজা আৰু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ইতিমধ্যে পাৰ হৈ গ’ল। আহি আছে দূৰ্গা পূজা, লক্ষী পূজা, কালী পূজা আৰু ছঠ পূজা। পূজা, পূজা, পূজা। পূজা বুলিলেই প্ৰতিজন হিন্দু মানুহৰ উলাহে নধৰে। অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। বৰ্তমান সময়ৰ

Read more

কোমল চাউল – সুস্মিতা দাস

ফাইনেল পৰীক্ষা দি ঘৰতে বেকাৰ সন্থা জিন্দাবাদ কৰি বহি আছোঁ৷ দৈনিক কাৰ্যতালিকা প্ৰায় এনেকুৱা ধৰণৰ আছিল- ৰাতিপুৱা শুই উঠি ইটো সিটো কৰি, গা ধুই লৰালৰিকৈ পুৱাৰ জলপান খাই কোনোবা চেনেলৰ ৮.০০/৮.৩০ ৰ চিনেমা চাবলৈ বহি যাওঁ৷ দুপৰীয়া ১২ বজাত খৰধৰকৈ ভাত খাই বাচনখিনি যেনে-তেনে ধুই বেলেগ এখন চিনেমা চাবলৈ বহি যাওঁ৷ দীঘলীয়া বিজ্ঞাপনবোৰত মাজে মাজে উঠি গৈ কাপোৰ সামৰোঁ, জাঁপি থওঁ, ঘৰ ঝাৰু দিওঁ, পাৰিলে পাঁচ বজাৰ একচন চিনেমাখনো এৰি নিদিওঁ৷ চিৰিয়েলবোৰৰ কথা নকলোৱেই আৰু৷ কিহৰ তাড়নাত মায়ে গৰু পিটন

Read more

মেংগ’ ডেফিচিয়েনচি ডিজিজ্ – অশোক কুমাৰ নাথ

(১) “অ’ কাইটি, ক’ত গৈছিলা ?” “এ নকবি দে ৰূপম, আমাৰ এই হৰেণক ঠগেন্দ্ৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। বিয়া পতা এবছৰেই হোৱা নাই, কিবা জলকা মাৰি থকা হৈছে। তাকে দেখালোঁগৈ ডাক্তৰক।” “হেই কাইটি! সেইটো ডাক্তৰ নহয়তো৷ সেইটো বেজহে৷ আজিৰ দিনত বেজৰ ওচৰলৈ যায় নেকি! তোমালোকো যে আৰু দেই৷ “ইহ! টিথেচকোপ লৈ চাইছে আক’!” “ইহ! থোৱা থোৱা৷ ষ্টেটচকোপ্ (Statoscope) লৈ চালেই ডাক্তৰ হৈ যাব নেকি কাইটি? বাৰু, কি হৈছে বুলি কৈছেনো?” “কেইবাটাও পৰীক্ষা কৰিলে। তাৰ পিছত ক’লে, হৰেণৰ মেংগ’ ডেফিচিচি ৰোগ

Read more

ইমাৰ্জেন্সি ভাজি – তৃষ্ণা সোণোৱাল

“শিয়াল, কেলেহুৱা বান্দৰ। দিনটো বিছনাখনকে ঘেলেকী থাক। বান্দীয়ে খোৱাই দিবলৈ আছোঁৱেই নহয়।” গোটেই ঘৰটোৱেই কঁপি উঠিল কৰ্কশ মাতষাৰত। মানুহজনীৰ মুখৰ যিহে ভাষা, লাজতে যেন মেকুৰীজনীয়েও ঠাইতে মুখখন লুকুৱাই পেলালে। “ৰাতিলৈ তেল দাইল একো এটা নাই। বোলো আনিবলৈ যাবিনে?”একো উত্তৰ নাপাই ধেনাৰ টেমাৰ ৰঙা তাঁৰ ছিগো ছিগো হ’ল খঙতে। “এহ ধেনা কিনো গলা ফালি আছ ইমান গৰমত। এইখনকে ঘূৰাই দে হুঁ”, নিৰ্লিপ্ত সুৰেৰে এইবাৰ মেয়ঙে ধেনালৈ বিচনীখন আগবঢ়াই দিলে। ধেনাজনী তেতিয়ালৈ ধেনা হৈ থকা নাছিল, সাইলাখ পুৰণি চিনেমাৰ টেলেকা চকুৱা গুণ্ডি

Read more
1 8 9 10 11 12