ফটাঢোল

জুলাই মাহৰ গৰমত ঊলৰ চোলা পিন্ধা দিনটো…… – দেৱজিত শইকীয়া

মানুহে কিছুমান কথা বা ঘটনা কেতিয়াও পাহৰিব নোৱাৰে৷ মোৰ জীৱনৰ তেনেকুৱা এটা স্মৃতিকে আজি শব্দৰ ৰূপ দিবলৈ ওলাইছোঁ৷ মই তেতিয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ৷ কলেজলৈ প্ৰথম গৈছোঁ, ৰামধেনুৰ সাতটা ৰং সোতৰটা যেন অনুভৱ কৰিবলৈ লৈছোঁ৷ কিয়নো ক্লাছ ফাইভৰপৰা মেট্ৰিকলৈকে ল’ৰাৰ স্কুলত বিধৱাৰ দৰে বগা চাৰ্ট পেণ্ট পিন্ধি ল’ৰাৰ মাজতে কটালো৷ ছোৱালী বুলিবলৈ স্কুললৈ আহোঁতে যাওঁতে দেখা গাৰ্লচৰ ছোৱালীকেইজনী, তাকো আমাৰ দিনৰ ছোৱালীবোৰৰ কি গপ আছিল নাজানো, ভালদৰে নাচায়েই। (অৱশ্যে আমি স্কুললৈ একেলগে চাইকেল মাৰি যোৱাকেইটা কোনো ফালেদি তেতিয়া কাৰোবাৰ

Read more

সম্পাদকীয় – ৰিমঝিম বৰঠাকুৰ

“জীৱন জীৱন বৰ অনুপম” এসময়ত এঘৰ মানুহৰ পিছফালৰ বাৰীখনতে থকা গছ এডালৰ ওপৰত এটা কাউৰীয়ে খুব সুখৰে বাস কৰি আছিল। নিজৰ ইচ্ছামতে ঘূৰি-ফুৰি থাকে আৰু মন গ’লেই যেনিবা ৰমলিয়াই মানুহ ঘৰলৈ আলহি অহাৰ বতৰা দিয়ে। তেনেকৈয়ে তাৰ দিন যায় ৰাতি আহে। এদিন হ’ল কি মানুহঘৰৰ গিৰিহঁতে তেওঁলোকৰ ঘৰলৈ এটা সুন্দৰ ধুনীয়া বগা ৰঙৰ ৰাজহাঁহ পোহাৰ উদ্দেশ্যে আনি পিছফালৰ পুখুৰীটোতে চৰিবলৈ এৰি দিলে। সেই সময়তে আকৌ কাউৰীয়ে বাহিৰতে দুপৰীয়া আহাৰসাজ গ্ৰহণ কৰি অলপ সময় জিৰাই লওঁ বুলি বাহলৈ উভতি আহোঁতেই বগা

Read more

শুৱনি আমাৰ মহানগৰখনি: মিনতি মহন্ত

শুৱনি আমাৰ মহানগৰখনি সুউচ্চ অট্টালিকাৰে ভৰা, কংক্ৰিটৰ মাজতে লিখোঁ জীৱনী অসংখ্য মানুহৰে ভৰা। মঞ্চই মঞ্চই শুৱনি গায়কে সুৰীয়া সংগীত গায়, ইয়াৰ বজাৰত বিচাৰিব জানিলে নোপোৱা বস্তুও পায়। শুৱনি আমাৰ ব্ৰহ্মপুত্ৰ নদী বালিত ফেৰি লাগি ধৰে, বহিৰাগতই দলে-বলে আহি বেপাৰ বাণিজ্য কৰে। চালত নবগাই লাও, জিকা, ভোল ভঁৰাল কাৰোৰে নাই, ঘৰৰ ওপৰত ঘৰৰ ঠিকা খালি ঠাই পাবলৈ নাই। খালি যদি আছিলে অকণ ঠাই চৰকাৰী ডাষ্টবিন হৈ পৰিল, দখলী স্বত্ব থাকক বা নাই ম্যাদি পট্টা হৈ উঠিল। বিজুলী বাতিয়ে খেলে লুকা-ভাকু কেৱল

Read more

উদ্যোগপতি – অলকেশ ভাগৱতী

এইটো কোনো গল্প বা কাল্পনিক কাহিনী নহয়৷ মাত্ৰ তিনিদিন আগতে মোৰ লগত হৈ যোৱা সঁচা অভিজ্ঞতা এটাৰ কথাহে লিখিবলৈ ওলাইছোঁ৷ যোৱা ৩০ চেপ্তেম্বৰ তাৰিখে গুৱাহাটীৰ শিল্পগ্ৰামত ফটা-ঢোল গ্ৰুপৰ এখন Get Together অনুষ্ঠিত কৰা হৈছিল৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো সদস্যই আহি যোগদান কৰা এই Meet ত যোৰহাটৰ পৰাও কেইবাখনো গাড়ী ভাড়া কৰি বহু সদস্য আহিছিল৷ তেনে এখন গাড়ীতেই আছিল ফটা-ঢোল গ্ৰুপৰ এডমিন বিজয় মহন্ত৷ ইয়াৰ পিছৰ কথাখিনি এনেকুৱা- সেইদিনা দুপৰীয়া বাৰ মান বজাত শিল্পগ্ৰামত ব্যস্ত থাকোঁতে মোৰ মোবাইললৈ বিজয় মহন্তৰ

Read more

কৌতুক – মনজিৎ বৰা

(১) : হেল্ল’ ৰিচেপচন! মই মহন্তই ৰুম নাম্বাৰ ৪২০ ৰ পৰা কৈছোঁ। মোৰ মানুহজনীয়ে মোৰ লগত কাজিয়া লাগি খিৰিকীৰে জঁপিয়াই দিম কৈছে। প্লিজ হেল্প। : চৰি ছাৰ আমি এই বিষয়ত সহায় কৰিব নোৱাৰিম। সেয়া আপোনাৰ পাৰচনেল প্ৰব্লেম। : আবে চন ৰুমৰ খিৰিকীখন খোল খোৱা নাই বেং। সেয়া তহঁতৰ মেইটেনেন্স প্ৰবলেম। খং কমাৰ আগতে সোনকালে পথা কাৰোবাক। (২) পাউদাৰ গাখীৰৰ চাহ নাখাওঁ বুলি পেচ পতা দেখি মায়ে ভেকাহি মাৰি ক’লে-“যা গৰুৰ গাখীৰ খীৰাই আনি দে। চাহ বনাই খুৱাম।” কথাটো ইগ’ত লাগি

Read more

হাবি – ৰাজীৱ শৰ্মা

অৰণ্য। উস্ অৰণ্য। ইয়েই মোক খাব যেন পাইছোঁ। প্ৰচণ্ড খঙত মোবাইলটোলৈ চাই চাই নিজকে নিজে ক’লো। বেমাৰটো বেছি দিনৰ নহয়। সৌ সিদিনাৰ বুলিবও পাৰি। মানে শ্ৰীমতীৰ এইবছৰৰ হৈ যোৱা জন্মদিনৰ পাছৰ পৰা। এওঁ বহুদিনৰপৰা কুটুৰি আছিল এটা ভাল, দামী মোবাইল লাগে বুলি। ফেচবুক, ৱাটচ্ এপ আদি কৰিব পৰাকৈ। মান্ধাতা যুগৰ নকিয়া মোবাইলটোত এইবোৰ কৰিব নোৱাৰি। ময়ো সেয়ে ৰসতে নাম থৈ এইবাৰ জন্মদিনৰ উপহাৰ বুলি এটা এনড্ৰইড মোবাইল লৈ দিলো। কিন্তু কি হ’ব? মোবাইল নহয় মই যেন খাল খান্দি ঘঁৰিয়ালহে চপালো।

Read more

এই সংখ্যাৰ আঁৰৰ কথা – ৰিমঝিম বৰঠাকুৰ

চুম্বকে লোহাক টনাৰ দৰে, আচলতে ফোনত থকা ফেচবুক এপটোৱে টানি থাকে মোৰ মনটোক। ব্যস্ততা যিমানেই নহওক ফেচবুকৰ নটিফিকেশ্ব্যনৰ ’ট্ৰিং ট্ৰিং’ শব্দটো শুনাৰ লগে লগে তাক একোলা লৈ ল’বই লাগিব। মানে ফোন নহয় যেন দেহলাওহে। তেনেকৈয়ে এদিন সন্ধিয়া সময়ত ফোনটো কাষতে শুৱাই ময়ো শুই আছোঁ। তেনেতে মেচেঞ্জাৰত মেচেজ অহা শব্দই মোৰ ঘুমটি ভাঙিলে। ফোনটো লৈ চাই দেখোঁ আমাৰ হেড এডমিন হেমন্ত কাকতিদাৰ মেচেজ “ৰিমঝিম, কথা এটা পাতিব লগা আছিল, মানে আমাৰ আলোচনীখনৰ সম্পাদকৰ দায়িত্বৰ কাৰণে…।” বুকুখন চিৰিঙকৈ মাৰিলে মোৰ। ফটা-ঢোল গোটত

Read more

কৃষ্ণ-লীলা: ভাস্কৰজ্যোতি আচাৰ্য

(১) এখন গাঁৱত বাস কৰিছিল এজন পুথি পঢ়া বুঢ়া। হিন্দী বুজি নেপাই বেচেৰাই আহিল আৰ্মী কাঢ়া।। (২) এদিন বুঢ়াই পুথি পঢ়ি আহি ঘূৰিছিল ঘৰলৈ বুলি। বাটতে সি আৰ্মী দেখা পাই ক’লে ৰাম ৰাম বুলি।। (৩) আৰ্মীবিলাকে ঘেৰাও কৰি তাক সুধিলে অপৰাধীৰ নাম। বুঢ়াই ভয়তে পঢ়ি গ’ল তাৰ ‘কৃষ্ণ-লীলা’ ধুম-ধাম (৪) “গোপাল-গোৱিন্দ মোহন মধু ভগৱান শ্যামকানু। এৰি থৈয়া তাহাৰ সংগ ধেনু বাজায় মোহন বেণু।।” (৫) এটা আৰ্মীয়ে ক’লে এচিষ্টেণ্টক নোট কৰ নামকেইটা। সিহঁতো আছিল বেঙেৰা ভাই নুবুজে অসমীয়া ভাষা।। (৬) এইবাৰ

Read more

তীৰ্থ যাত্ৰাত হেৰালে – সৌৰভ শৰ্মা

কিছু দিন আগতে মধ্য অসমৰ পৰা এটা গোট তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল। এই গোটৰ এগৰাকী মহিলাই মাতা বৈষ্ণদেৱী মন্দিৰত পূজা শেষ কৰিছেহে মাত্ৰ। তেনেতে পূজাৰীয়ে ক’লে। আজি আপুনি ভালপোৱা যিকোনো এটা বস্তু ত্যাগ কৰক। যিটো বস্তু নিজৰ পতিদেৱক সুধিহে এৰিব লাগিব। মানে আপোনাৰ প্ৰিয় কিন্তু পতিয়ে বাচি দিব। মহিলা : ত্যাগ মানে কিয়া হে? পূজাৰী : মতলব কোয়ি এক প্যায়াৰা চিজ চোৰ দৌ, পতি কো পুচকে। মহিলা : মানে এৰিব লাগতা হে কিয়া? এনেতে সতীৰ্থ যাত্ৰী এজনে ক’লে। হয় ভালপোৱা

Read more
1 2 3 4 12