ফটাঢোল

ট্ৰামখনত (মূল লিখক: ফ্ৰাঞ্জ কাফকা) – অনুবাদক: ৰাজশ্ৰী শৰ্মা

মই থিয় দি আছিলোঁ ট্ৰামখনৰ একেবাৰে শেষৰ পিনে চৌপাশৰ পৰিৱেশৰ পৰা সম্পূৰ্ণভাৱে উদাসীন হৈ। এই সুবিশাল পৃথিৱীত, এই চহৰখনত বা মোৰ নিজৰ পৰিয়ালতেই মোৰ প্ৰয়োজনেই বা’ কি তাকে লৈ মই একেবাৰে অনিশ্চিত আছিলো। কোনো এটা নিৰ্দিষ্ট দিশত আগবাঢ়ি যাবলৈও মোৰ কোনোধৰণৰ আগ্ৰহেই নাছিল। এক উদ্দেশ্যবিহীন যাত্ৰাৰ বাবেই যেন মই আগবাঢ়ি গৈ আছিলোঁ। ট্ৰামখনৰ এইখিনি জেগাত যে মই ওপৰৰ হাতলডালত ধৰি থিয় হৈ আছোঁ, তাতো কিন্তু মোৰ কোনো ধৰণৰ ইচ্ছা নাছিল। নিজকে এৰি দিছিলোঁ, ট্ৰামখন যলৈকে যায়, মোকো তালৈকে লৈ যাওক

Read more

খন্তেকীয়া বৰলাৰ লটিঘটি – অভিজিত মেধি

ছলমান (কাৰ বাপেকৰ কি আহে কি যায় ভংগীত): ইস্ক্ ছে আগে? কেটৰিনা (মুখখন পাতি হাঁহৰ নিচিনা কৰি): কুচ নাহী, কুচ নাহী… এইপিনে আমাৰ দৰে হলধৰ-বলধৰৰ কাৰ লোন, হোম লোন, পেট্ৰ’লৰ খৰচ, ইলেক্ট্রিচিটি বিল, খুলশালীৰ বিয়া আদিৰে পৰা গোপন খৰ-খজুৱতিলৈকে এশ এবুৰি সমস্যাই জুৰুলা কৰা জীৱন, তাৰ মাজতে এপলক মনোৰঞ্জনৰ বাবে টিভিটোৰ সমুখত বহি এই “কুচ নাহী, ফুচ নাহী” গান চাবলগীয়া হ’লে গান বনোৱাজনৰ মুখতে ঠোকোনা মাৰি দিবলৈ মন যায়। গোপন খৰ-খজুৱতিৰ কথাটো সাধাৰাণীকৰণ কৰিহে ক’লো, ছলমান-কেটৰিনাৰ নহ’লেও সাধাৰণ মানুহৰ হয়েই

Read more

কান্দোন: এটা ভৌতিক গল্প – দিগন্ত কুমাৰ ভট্টাচাৰ্য

শব্দটো পৰহি ৰাতি দহমান বজাত শ্ৰীমতীয়ে শুনিলে। আচলতে শব্দ নহয়, কেঁচুৱাৰ কান্দোন। শ্ৰীমতীৰ মতে অলপ অলপ সময়ৰ ব্যৱধানত পাঁচমিনিটমানৰ ভিতৰত তিনি-চাৰিবাৰমান হেনো কান্দিছিল কেঁচুৱা এটাই। ক’ৰপৰা আহিল কেঁচুৱা! : সঁচাকৈ কেঁচুৱাৰ কান্দোন নে? কনফাৰ্মড্ তুমি? নে মেকুৰীৰ চিঞৰ? – সুধিলোঁ এওঁক। : কি ফাল্টু কথা কোৱা হে? কেঁচুৱাই ‘আঁ’ বুলি চিঞৰ এটা মাৰিলেও বুজি পাওঁ সেয়া যে বাচ্ছাই চিঞৰিছে। দুটাকৈ ল’ৰা ডাঙৰ কৰিলোঁ নিজ হাতে। কথা সোধে। পৰহি আমাৰ ঘৰটোত প্ৰথম দিন আছিল, প্ৰথম ৰাতি আছিল। দিনটোৰ ব্যস্ততাৰ বাবে ন’মান

Read more

ধুনতী বাইৰ প্ৰেম – তৃষ্ণা টি. ভূঞা

কিছুমান মানুহ আছে, যিয়ে জীৱনত এনেদৰে সাঁচ বহুৱাই ৰাখে যে যিকোনো সময়ত তেওঁলোকৰ স্মৃতিয়ে আপোনাৰ মুখত এমোকোৰা হাঁহি বিলাব পাৰে৷ অমুকীৰ জীৱনৰ এনে এক প্ৰতিভাশালী ব্যক্তি হ’ল ধুনতী বাই৷ আচল নামটো নকওঁ দিয়ক৷ ইমান এক্টিভ তেখেত যে, চোচিয়েল মিডিয়াত তেখেতৰ চিক্ৰেট ফাদিল কৰাৰ কথা কিবা প্ৰকাৰে গম পালে ঔ কিলাব পাৰে অমুকীক৷ কথাটো সেই অমুকীয়ে শেঙুন থেপীয়া মুখখনৰ সৈতে দুডলীয়া বেণী গুঠি স্কুলত যোৱাৰ দিনৰে৷ ধুনতী বাই তেতিয়া চৈধ্য পোন্ধৰ বছৰীয়া লচপচীজনী আছিল৷ এতিয়াও তেৰাৰ জলৱা আমাৰ অঞ্চলৰ অলিয়ে গলিয়ে

Read more

অসমীয়াৰ সংহতি আৰু সমন্বয় ৰক্ষাত মুছলমানৰ অৱদান- ডা০ ভূপেন শইকীয়া

মোৰ দুজন ভাল বন্ধুৰ কথাৰে লিখনিটোৰ পাতনি মেলিব খুজিছোঁ৷ প্ৰগতিশীল চিন্তাধাৰৰ বাহক সেই যুৱক দুজন হ’ল গুৱাহাটীৰ আবিদ আজাদ আৰু শিৱসাগৰৰ ফৰিদ আহমেদ ‘দুল’৷ যাৰ আদৰ্শ হ’ল – “মোৰ জন্ম এনে এখন সমাজত য’ত সংকীৰ্ণ জাতিভেদ নাই৷ ঈদত নতুন কাপোৰ লওঁ, বিহুতো লওঁ, দুৰ্গা পূজাতো লওঁ৷ হোলীও পাতোঁ, দেৱালীও পাতোঁ৷ সদায় গৌৰৱৰে কওঁ -‘আমি অসমীয়া’৷ মোৰ জনম শংকৰ-আজান ফকিৰৰ পৱিত্ৰ মিলন ভূমি “অসমত” য’ত তিলমানো সাম্প্ৰদায়িকতাৰ স্থান নাই৷” ইয়াৰ পিছতেই নাম ল’ম মোৰ এসময়ৰ প্ৰতিবেশী (সদ্যপ্ৰয়াত) ডা০ গৈ আহমেদ শ্বেখৰ৷

Read more

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(দ্বিতীয় খণ্ড) দৃশ্যপট ২ ফটাঢোলৰ বিয়নি মেল চলি আছে। পুৰুষ ঢুলীয়াসকলৰ চকুৰ পৰা আঁৰ হৈ মহিলাসকলে মন খুলি কথা পাতিছে। ইয়াত মুখ লজ্জাৰ ভয় নাই, ভদ্ৰতাৰ মুখাখন খুলি সকলো উজাৰ খাই পৰিছে। পৰচৰ্চাকে আদি কৰি কাৰ লগত কোনে চেনী খাই আছে, কোনে ৰাতি ১ বজাত কাক মেছেজ দিয়ে, কোনে আগতে পিন্ধা কাপোৰযোৰকে পিন্ধি আহিছে, কাৰ চুলি ষ্ট্ৰেইট কৰাৰ কাৰণে “লাগিছে আৰু” আদিয়েই সাধাৰণতে এই মেলৰ মূল বিষয়বস্তু হ’লেও, আজিৰ সভাত প্ৰাধান্য পাইছে পণ্ডিত আৰু ফটাঢোলৰ ৰাইজৰ উদ্ধাৰৰ উপায়ে। পণ্ডিতৰ বিষয়ে

Read more

ভয় – অভিজিত কলিতা

বিকট শব্দৰে এলাৰ্মটো বাজি উঠাত বিছনাতে জপিয়াই উঠিলো, চেহ! বহুত দেৰি হৈ গ’ল নেকি? এলাৰ্মটো বা কেইবজাত লগোৱা আছিল! পুৱা দহমিনিট পলম হৈ গ’লেই সকলো খেলিমেলি হৈ যায়। ভয় লাগিল। ভয় লগা দিন এটা আকৌ আৰম্ভ হ’ল। মূৰটো অলপ ঘুৰোৱা যেন লাগিছে। কি হ’ল আকৌ? প্ৰেছাৰটো ঠিকেই আছিল। পিছে এই পুৱাৰ সময়খিনিত প্ৰেছাৰ বাঢ়ি যায়, ষ্ট্ৰ’কবোৰ প্ৰায় এই সময়তে হয়। হে ভগৱান, তেনে কিবা এটা হ’লে কি হ’ব? নমৰিলেও পেৰেলাইছিচ হয়েই দেখোন! মই খোজ কাঢ়িব নোৱাৰা হ’লে, নিজৰ একান্ত ব্যক্তিগত

Read more

জনপ্ৰিয় শিল্পী দ্বীপেন বৰুৱাৰ সৈতে এখন্তেক

কি নাম দি মাতিম? মাতিম তোমাক? নিবিড় গোপন কিযে মায়া! যি নামৰেই সোণ পৰশত স্বৰ্ণালী হয় হিয়া। কি নামৰে সোণ পৰশত যি নাম দি মাতা সেয়ে মিঠা! জীৱনৰ মৰুৰ তুমি ছাঁয়া! চম্পা বনৰ সুবাস লাগি! উন্মনা মন হিয়া!” এই গীতটিক অসমীয়া সংগীত, চিনেমা জগতৰ বোধহয় সৰ্বপ্ৰথম ৰোমাণ্টিক গীত হিচাপে অভিহিত কৰা হয়। এই গীতটি জীৱনত এবাৰৰ বাবে হ’লেও গুণগুণাই নোপোৱা মানুহ নোলাব নিশ্চয়। কিবা এক মায়াময় শব্দ, বাক্য আৰু সুৰৰ ইন্দ্ৰজালৰে সন্নিৱিষ্ট এই ৰোমাণ্টিক গীতটিয়ে শ্ৰোতাৰ কৰ্ণকুহৰত এক সাংগীতিক মূৰ্চ্ছনাৰ

Read more

চুবি মস্তান – মানস শইকীয়া

ফটাঢোল চিনে প্ৰডাকচনৰ বেনাৰত ফিলিমঃ “চুবি মস্তান” পৰিচালনাঃ ভাস্কো মহাজন কাহিনী, চিত্ৰনাট্য আৰু কাষ্টিং- বৰচকীয়া সংগীতঃ ওস্তাদ শেখৰুল্লাহ খান কথাঃ অনুভৱ আকাশ এদিটিং -মনজিত চাউণ্ডঃ হৃষিকেশ ডেকা আৰু প্ৰযোজনাঃ গীতিকা শইকীয়া [চিনেমাখন বহুভাষিক মানে অসমীয়া, বাংলা, হিন্দী, তামিল, কান্নাড়া, মালায়ালম আৰু মাৰাঠী ভাষাত ৰিলিজোৱা হ’ব৷ সেয়েহে, “ফটা-ঢোল”ৰ অভিনেতা-অভিনেত্ৰীৰ লগতে হিন্দী আৰু দক্ষিণ ভাৰতীয় আৰ্টিষ্টো লোৱা হ’ব৷] “কটা নিধক৷ কাণ-সমনীয়া গাভৰু থকাতো পৰৰ তিৰীৰ ওপৰত চকু! এই দুখুনী মানুহজনীক বোলো তহঁতে জীয়াই থাকিবলৈ নিদিবি নেকি?” ফিলিমৰ আৰম্ভণিতে এগৰাকী মহিলা তৰুলতা (এইটো

Read more
1 2 3 4 5 12