ফটাঢোল

কৌতুক – মন্দিৰা শৰ্মা

ছোৱালী জনীৰ হাফ ইয়েৰলি পৰীক্ষা চলি আছে। গণিতৰ পৰীক্ষা দি আহি.. তাই: মা, আজি পৰীক্ষা বিৰাট ভাল হৈছে। ফুল মাৰ্ক্স পাব লাগে। মা: বৰ ভাল কথা। সব শুদ্ধ হৈছেনে?? তাই: অ, মা। আধা ঘন্টা সময় থাকোতেই শেষ হ’ল।মই ৰিভাইজ কৰিও চালোঁ। এতিয়া তুমি এবাৰ চাই দিয়াচোন, মই উত্তৰ বোৰ কাষতে লিখি আনিছোঁ। এফালৰ পৰা প্ৰশ্ন কাকতখন চাই যাওঁতে মাকৰ বেছ ভাল লাগিল। শুদ্ধই কৰিছে। কিন্তু একেবাৰে শেষৰ আগৰ অংকটোৰ উত্তৰটো অলপ ভুল যেন লাগিল।মাকে নিজে কৰি চাই দেখিলে, হয় ভুল

Read more

ছাৰ বুলি মাতিলে বেয়াই লাগে….. – বিদ্যুত বিকাশ দত্ত

দহবছৰমান আগৰপৰা মোৰ নামটো হেৰাল বুলিব পাৰি। শিক্ষক হোৱা সুবাদতে পঢ়োৱা ল’ৰা-ছোৱালীবোৰৰ উপৰিও দোকানী, পাচলি বেপাৰী, মাছৰ বেপাৰী আৰু বহু অভিভাৱকেও নামটোৰ সলনি ছাৰ বুলিয়েই মাতে। সঁচা কথা ক’বলৈ গ’লে তেনেকৈ মাতিলে মোৰো বেয়া নালাগে। কেতিয়াবা ভাব হয় জন্ম সাৰ্থক হৈছে। কিন্তু কেতিয়াবা এই শব্দটোৱে ভালকৈ পিং মাৰিও যায়। উদাহৰণ স্বৰূপে,- (১) যোৰহাটৰ হোটেল এখনত সোমাইছোঁ এপোৱামান ভূজিয়া কিনিম বুলি! ভূজিয়াৰ দাম সুধিছোহে, তেনেতে ওলালহি এজন পুৰণি ছাত্ৰ। স্থানীয় কলেজ এখনত নতুনকৈ সোমাইছে। দেখা পায়েই ছাৰ সৰ্বপল্লী ৰাধাকৃষ্ণণক লগ পোৱাৰ

Read more

হেলমেট – বৈদুৰ্য্য বৰুৱা

“অ’ আই…অহ…” এ.এচ.আই. বাগলাৰীয়ে হামি এটা মাৰি হাত দুখন ওপৰলৈ মেলি পিঠিটো অলপ বেঁকা কৰি গাটো ইফালে ঘূৰালে, “আমনি লাগিছে আৰু! কেইটা বাজিল অ’ দীন?” বাগলাৰীয়ে কাষত ৰৈ থকা চিপাহীজনক সুধিলে এনেয়ে। চিপাহীজনে কাষৰ চি.আৰ.পি কেইজনৰ লগত ভগা ভগা হিন্দীতে হাঁহি হাঁহি কিবা আড্ডা মাৰি আছিল৷ হিন্দীভাষী চি.আৰ.পি কেইজনে মুখত হাত দি লাঠীকেইডাল ৰাস্তাৰ ওপৰত খুন্দিয়াই হাঁহিছিল।ডিউটি শেষ হোৱাৰ সময়ত মনটো অলপ ফৰকাল হৈ পৰিছে চি.আৰ.পি কেইজনৰো। তাতে গাড়ী মটৰৰ আহযাহ কমি আহিছে কাৰণে তালাচী চলাব লগীয়াও হোৱা নাই। “দহটা

Read more

ফটা লিমাৰিক : ধনজিৎ বৰুৱা

(১) সৰু চোৰ হাইজেক মানে ভাই হেনো পিলেন চুৰি নাম ফাটি ফুটি যাব জগত জুৰি মনে মনে ভাবি হাই চিনেমাখন চাই চাই টিকটৰ দাম শুনি দুখত আহিল ঘূৰি (২) ভ্ৰম নে বিজ্ঞান সোন ৰূপ তাম পঞ্চ ধাতু ৰকমৰ তাৰে ওপৰত বহে বিবিধ পাথৰ জীৱনৰ খুট খাট ৰত্নৰে মিত মাত আঙুলিৰ যাতনা আৰু বৃহৎ সাঁথৰ (৩)পইজন ডিভাইড এণ্ড ৰোল বগা বঙালৰ ঢোল নাচি দিয়ে বাৰে বাৰে নুবুজি নিজা মূল মাদাৰিৰ পইছা মলুৱাৰ বেজাৰত ৰাজনীতিৰ লেংটি মাৰি ভাষণৰ ৰোল৷৷ ☆★☆★☆

Read more

ইস্ক, মোহব্বত, ইত্যাদি… – ধ্ৰুৱজ্যোতি অৰ্জুন

প্ৰথম দৃশ্যঃ এখন দামী গাড়ীৰ সন্মুখত এদল মস্তান যেন মানুহ দেখা যায়। মস্তান দলৰ লিডাৰ চাওমিন। কেমেৰাই লাহে লাহে মুখত জুইশলাৰ কাঠি কামুৰি চাওমিনক দেখুৱায়। কেমেৰাই চাওমিনৰ মুখৰ খঙাল ৰূপটো দেখুৱাই ভিউ ৱাইদ এংগোলত নি গাড়ীখনক দেখুৱাব লয়। লাহে লাহে গাড়ীৰ পৰা লাহে লাহে নামি আহিছে গুলপীয়া জিনচ আৰু টি চাৰ্ট পিন্ধা উত্তৰা। চহৰৰ জানি মানি “গুলাবী গেঙৰ” চদাৰৰ্ণী উত্তৰা। চানগ্লাছ খুলি দলিয়াই এক কিক মাৰে সন্মুখত ৰৈ থকা খিনিৰ এটাক। চশমা শূণ্যতে থপিয়াই ধৰি সামৰি ডিঙিৰ পাছফালে ৰাখি পুনৰ

Read more

নিউজ ফিউজ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

“ঐ পিণ্টু! পৃথিৱীৰ প্ৰথম মহাকাশচাৰী কোন আছিল?” “য়ুৰি গেগাৰিণ।” “ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?” “ৰাকেশ শৰ্মা।” “ৱাও, চহী জৱাব।” “আমেৰিকা কোনে আৱিস্কাৰ কৰিছিল?” “কলম্বাছে আকৌ।” “ইয়ে বে, তুছি গ্ৰেট হ্যো।” “অসমত প্ৰকাশিত প্ৰথমখন বাতৰিকাকত কি আছিল?” “অৰুণোদয় আকৌ।” “বঢ়িয়া, বঢ়িয়া।” “ঐ ৰহচোন ৰাতুল! ইমানবোৰ প্ৰশ্ন সুধি আছ যে মোক, কাৰণটো কি?” “আব্বে মই আজিকালি ফিউজ ১৫ ৰ স্থানীয় সাংবাদিক হ’লোঁ নহয়, সেইকাৰণে পঢ়া শুনা কৰা মানুহ লগ পালে এইবোৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নবোৰ চৰ্চা কৰোঁ। আমাৰ প্ৰফেচনটোত আকৌ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত দখল

Read more

বুদ্ধিজীৱী নোহোৱাৰ উপায় – পুণ্য শইকীয়া

বুদ্ধুজীৱী: এশ পইচাই এটকা হয়। হয়নে? বুদ্ধিজীৱী: নহৈ পাৰেনে? বুদ্ধু: তেন্তে কোৱাচোন, কিমান বুদ্ধিৰে এক বুদ্ধিজীৱী হয়? বুদ্ধি: তোমাকে সুধিছোঁ বাৰু-মূৰত কিমান গোবৰ থাকিলে এজন গোবৰ ৰজা হয়? বুদ্ধু: ফাজলামি নকৰিবা। মই ছিৰিয়াছ। তুমিয়েই কেৱল বুদ্ধিজীৱী হ’বা নেকি? মই হ’লে কিবা জগৰ লাগে নেকি? মোক বুদ্ধিজীৱী হোৱাৰ টিপছ দুটামান শিকাই দিয়া। বুদ্ধি: ঠিক আছে বাৰু। কিন্তু জীৱী কথাটো পাছত। প্ৰথম কথা তোমাৰ বুদ্ধি অলপ আছে নে নাই? নে চোৰ গ’লেহে সেই পদ সামগ্ৰী ওলায়? বুদ্ধু: মোৰ বুদ্ধি বহুত আছে। মোক

Read more

মম’ পুৰাণ – অমৰজ্যোতি বৰা

“দাদা কি খাব?” হোটেলৰ কৰ্মচাৰীজনে মোক সুধিলে। “এক প্লেট মম’” “কি মম’দিম?” ওৱা, ই কয় কি? মম’ৰো বেলেগ বেলেগ ভাগ আছে নেকি? মোকতো সি অকল মম’ বুলিহে কৈছিল। মইতো জীৱনত মম’ দেখিয়ে পোৱা নাই, ভাগ কৰোঁ কেনেকৈ। এতিয়া কি কওঁ, মনে মনে ভাবিবলৈ ধৰিলোঁ, গঞা বুলি গম পাবই এতিয়া। লগা লগ ডিমাগ লগালোঁ, গাঁৱতো মোক সৱেই স্মাৰ্ট বুলিয়েই জানে । “কি কি আছে তোমালোকৰ ইয়াত?” “দাদা, চিকেন আৰু পৰ্ক মম’হ’ব।” “চিকেন এক প্লেট দিবা, সম্পূৰ্ণ গহীন হৈ অৰ্ডাৰ দিলোঁ”৷ আচলতে

Read more

জতুৱা-ঠাঁচ (ঠাঁচ মানে চৰ) – পল্লৱী কলিতা

নতুনকৈ বিয়া হৈ গৈছোঁ। ভাত খাবলৈ গোটেইবোৰ একেলগে বহোঁ। ভাত নাওমান লওঁ‌ আৰু। প্ৰথম দুদিনমান আকৌ এবাৰ ভাত খোজাৰ লাজত আধা পেটী হৈ মনে মনে শুই থাকোঁগৈ। তৃতীয় দিনলৈ নোৱাৰিলোঁ আৰু৷ খুজিলোঁ নহয় আকৌ এবাৰ ভাত। সৱৰে মুখত হাঁহি, বোলে ন-কইনাই ভাত লৈছে প্ৰথম বাৰ। ভাত খাই শেষ কৰোঁ মানে শাহুৱে জোৰ কৰি আকৌ এবাৰ দি দিয়ে- “আজি ইমান ভাল পাইছোঁ তুমি যে তৃপ্তিৰে ভাত সাজ খাইছা!” “মা আৰু নোৱাৰিম পেট ভৰি গল।” এই বুলি কৈ আছোঁ৷ কিন্তু মায়ে মৰম

Read more
1 2 3 4 5 6 12