ফটাঢোল

কম্বিনেশ্যন – অমিতাভ মহন্ত

নৈবদ্যৰ সন্মুখত বিভিন্ন বাটি৷ কোনোবাটোত তাৰ প্ৰিয় হালদিৰামৰ চানাচুৰ, কোনোবাটোত পায়স, কোনোবাটোত চানাৰ মিঠাই৷ পুৱাই পুৱাই খোৱাৰ এই কম্বিনেশ্যনবোৰ ভালেই লাগিছে নৈবদ্যৰ৷ কিন্তু বৰ্তমানলৈকে সি কোনোটোৱেই মুখত দিয়া নাই৷ এই ঘৰলৈ নৈবদ্য আহিছে বেমাৰী চাবলৈ৷ বেমাৰী চাবলৈ আহি পটাপট খোৱা বস্তু হজম কৰি দিলে ডাক্তৰৰ গাম্ভীৰ্য্যটোৱেই নাথাকিব দেখোন৷ নৈবদ্য দিল্লীৰ এখন প্ৰসিদ্ধ হস্পিটেলৰ ডাক্তৰ৷ এইবাৰ দীঘলীয়া ছুটী লৈ ঘৰলৈ আহিছে৷ ঘৰতেই কিছুদিন কটোৱাৰ আঁচনি আছিল যদিও মাকহঁতে তাৰ বাবে যি গতিত কইনা বিচাৰিবলৈ আৰম্ভ কৰিছে, তাকে দেখি সি সোনকালে পলায়ন

Read more

সকলোবোৰ সঁচা কথা কিয় ক’ব লাগে – বিকাশ শইকীয়া

দিনটো কাম কৰি অফিচৰ পৰা ওলালোঁ৷ আহি বাছখন চলাৰ অপেক্ষাত বহি আছোঁ৷ এনেতে এগৰাকী সুন্দৰী আহি কাষৰ খালী চিটতে বহিল৷ সাধাৰণতে ল’ৰা মানুহৰ এইখিনি সময়তে দিগদাৰ এটা হয়৷ খিৰিকীৰ ফালে অকণমান চাপি নিদিলে ছোৱালীজনীয়ে বেয়া মতলবৰ ল’ৰা বুলি ভাৱিব পাৰে৷ আনহাতে চাপি দিলেও আকৌ সংকীৰ্ণ মানসিকতাৰ ল’ৰা বুলিও ভাৱিব পাৰে৷ সেয়ে “সাপো মৰক লাঠিও নাভাগক” বুলি গাতোকে অলপ লৰাই দিলোঁ৷ সুন্দৰী গাৰ পৰা ভাঁহি অহা পাৰফিউমৰ গোন্ধটো নাকত লগাৰ বাবে “আমোল মোল শেৱালিৰ গোন্ধ৷ যাওঁ বুলি যাবই নোখোজেচোন” গানটো ম’বাইলতে

Read more

বৃটিছৰ দুৰৱস্থাৰ হেতু – অভিজিত কলিতা

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী, আমাৰ ইংলেণ্ডৰ বৃটিছসকলৰ ইতিহাসৰ এক ক’লা দিন! সেইদিনাই আমি নিজৰ সাৰ্বভৌমত্ত্ব হেৰুৱাই অসমীয়া নামৰ এটা বণীয়া জাতিৰ তলতীয়া হ’ব লগা হ’ল। এক সুচতুৰ সন্ধিৰ যোগেৰে, যিখন সন্ধিৰ আমি অংশীদাৰো নাছিলোঁ, আমি নিজৰ ইচ্ছাৰ বিৰূদ্ধে গৈয়ো, অসমীয়া নামৰ এই বিদেশী, ধনলোভী জাতিটোৰ ইচ্ছাৰ দাস হৈ গ’লোঁ। ইয়াৰ বাবে মূলতঃ আমাৰ শাসকসকলৰ ক্ষমতাৰ লোভ আৰু ৰাইজৰ প্ৰতি অৱজ্ঞাই দায়ী, আমি সৰ্বসাধাৰণ বৃটিছসকলে আমাৰ হাজাৰ বছৰীয়া গৌৰৱোজ্জল ইতিহাসক ৰক্ষা কৰিবলৈ সকলো ত্যাগ কৰিছিলোঁ। কিন্তু নিয়তি আৰু আমাৰ শাসকসকলৰ নিৰ্বুদ্ধিতাই

Read more

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা – লক্ষ্মীনাথ বেজবৰুৱা

মানুহৰ কাছুটি,কিতাপৰ পাতনি। কাছুটি নাথাকিলে মানুহ নাঙঠ,অসভ্য। পাতনি অবিহনে কিতাপ উদং, অভদ্ৰ আৰু বৰ্বৰ। সৰ্বসাধাৰণৰ অৰ্থাৎ সমজুৱা বাপুসকলৰ মূৰৰ মুকুট সভাশুৱনি সভ্য অবৰ্বৰ বৰবৰুৱাৰো সেই মত; কিয়নো সৰ্বসাধাৰণৰ বিপক্ষে গমন তেওঁৰ মনত অশোভন আৰু কুলক্ষণ। কিন্তু পাতনিৰ আজিকালি বিষম বঢ়াবঢ়ি হ’বলৈ ধৰিছে দেই। খালেদোঙে, বকৰাণিয়ে, বননিয়ে, টৌৱে টৌৱে, চৰিয়াই চৰিয়াই ‘লক্ষ্মীছাড়া’ পাতনি ইমান হৈছে যে তোমাৰ আমাৰ এগোহালি ৰাঙালী কাজলী বগী আৰু কলী গায়ে খাই তাৰ পৰালি পেলাব নোৱাৰে। তেওঁ বিহু নাম ছপাই কিতাপ উলিয়ালে। তাতো পাতনিৰ থেকেৰুপতীয়া পাগুৰি। মই

Read more

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(তৃতীয় খণ্ড) ৰাতিপুৱা হ’কাৰটোৱে নিউজ পেপাৰকেইখন দি থৈ গ’ল৷ চাহকাপ হাতত লৈয়ে প্ৰথম চকুত পৰিল হেডলাইনটো – “ছাকিৰা আহিব অসমৰ বিহুলৈ”। এডিটৰিয়েল পেজটো চালো, বিপ্লৱৰ আৰ্টিকেলটোও ওলাইছে৷ আশাকৰা ধৰণেই ফালি দিছে বিপ্লৱে৷ ছাকিৰাৰ আগমনত অসমীয়াৰ বাপতিসাহোন বিহু আৰু সংস্কৃতি যে অধঃপতনে যাবলৈ অকনো বাকী নাই তাক পুংখানুপুংখভাবে বিশ্লেষণ কৰিছে৷ অন্য এখন বাতৰিত চকুত পৰিল জে আৰ ডিৰ লেখাটো৷ উশৃংখল যুৱ মানসিকতা আৰু পশ্চিমীয়া অপসংস্কৃতিৰ ওপৰত সুন্দৰ লিখনি৷ ছাকিৰাৰ আমদানীয়ে যে কাঠফুলাৰ দৰে গজি উঠা অপসংস্কৃতিক উৎসাহ যোগাইছে তাক ষ্পষ্ট ভাষাত

Read more

বজাৰ: অলকেশ ভাগৱতী

কেইটামান বস্তু কিনিবলৈ ৰাতিপুৱাই পানবজাৰলৈ আহিছিলোঁ৷ কি বস্তু এতিয়া পাহৰিলোঁ, তেতিয়া মনত আছিল…… পানী টেংকিৰ ওচৰত চিটি বাছৰ পৰা নামি খোজকাঢ়ি কিছুদূৰ অহাৰ পিছতেই ভাগৰ লাগিল৷ ইমান গৰম! পিয়াহত অণ্ঠকণ্ঠ শুকাই যোৱাত বাটতে ৰৈ কুঁহিয়াৰৰ ৰস এগিলাছ খাই ল’লোঁ৷ আস! এতিয়াহে ভাল লাগিছে৷ “সঁচাকৈয়ে প্ৰাকৃতিক বস্তুবোৰৰ সমান একো হ’ব নোৱাৰে৷ না Pepsi না Coca cola কুঁহিয়াৰৰ ৰস ইজ দা বেষ্ট৷” বেপাৰীটোক দহ টকা দি লাহে লাহে আগুৱাই আহিলোঁ৷ এশ মিটাৰমান আহিছোঁহে মাত্ৰ, আকৌ পিয়াহ লাগিল৷ ৰ’দটোৱে খাওঁ খাওঁ মূৰ্তি ধৰিছে৷

Read more

“দি টুইনচ” – ৰাজশ্ৰী শৰ্মা

ফটা ফ্লিমছৰ শেহতীয়া নিবেদন যঁজা – দি টুইনচ প্ৰযোজনা: গীথিকা এছ কাহিনী, চিত্ৰনাট্য, পৰিচালনা: নৱাগতা ৰাজশ্ৰী শৰ্মা কেমেৰা: ৰাজীৱ ৰিয়ান কাষ্টিং ডাইৰেক্টৰ: মহাজন ভাস্ক দা গ্ৰেট ইনট্ৰ’ডিউচিং দীপাংকৰ চৌধুৰী ইন এণ্ড এজ দীপু এণ্ড কুমাৰ ববিতা বৰুৱা এজ সাগৰিকা, নিৰ্মালী মুদৈ এজ পাহি। টেক ওৱান: গুৱাহাটীৰ শিল্পগ্ৰাম। তোৰণখনৰ ওপৰত ‘সদৌ উত্তৰ-পূৰ্বাঞ্চল আন্তঃমহাবিদ্যালয় সপ্তাহ’ বুলি বেনাৰ লগোৱা আছে। ভিতৰত চৌদিশে সেউজীয়া বৰণৰ ঘাঁহনিৰ মাজে মাজে ঘৰবোৰ সিঁচৰতি হৈ আছে। পৰিষ্কাৰ চৌহদ যদিও ৱালবোৰৰ তলৰ অংশ তামোলৰ পিকেৰে ফুলাম। দুখনমান বিপনী, উত্তৰ

Read more

ধৈ জিন্দেগী – বৰ্ণালী আম্ফি মান্তা

(১) আজি অফিচৰ পৰা আহোঁতে তৰমুজ পাঁচকিলো মান আনিবিচোন৷ : পাঁচকিলো? ইমানসোপা তৰমুজ মই কিহত আনিম? : হাড় নাভাঙে যা ৷  (দাদাৰ দমসনা মাত) অফিচ চুটীৰ পিছত… : অঁ ককাই, তৰমুজ কেনেকৈ দিছে? : কিলো পয়ত্ৰিশ কে৷ ডাঙৰ চাই দিম নে বাইদেউ? : অ অ, ডাঙৰ ডাঙৰ চাই দিয়ক ( ইমানসোপা তৰমুজ নিবলৈ ঘৰৰ পৰাই বস্তা এটা অনা হ’লে ভাল আছিল) ৷ : বাইদেউ, এইটো পাঁচকিলো হৈছে৷ মোনাটো দিয়ক, ভৰাই দিওঁ৷ : হেহ? এটাই পাঁচকিলো কেনেকৈ হ’ব হে? এসোপামান হ’ব

Read more

ফটা পঞ্চপদী – হেমেন ডেকা

(১) শিয়াল এটি ঘুমটিত আছিল লালকাল হাঁহবোৰে পেক্‌ পেক্‌কৈ লগালে গোলমাল শিয়াল পণ্ডিতৰ ভাগিল টোপনি হাঁহক দিবলৈ ওলাল এশিকনি হাঁহে বোলে-চাৰ আহক, কিন্ত চাব দ-খাল৷ (২) হাঁহবিলাক আজি-কালি হৈছে বহু সিয়ান শতৰুৰ নেজ দেখিলেই হয় সাৱধান পুখুৰীত চৰি থাকে জাক পাতি শিয়ালেও খেপ দিয়ে দিন-ৰাতি কেঁকোৰাই বোলে- আমাৰ ৰক্ষা পৰিল প্ৰাণ৷ (৩) চলি থাকে অবিৰাম জাতি ৰক্ষাৰ ভাওনা সৰৱ দৰ্শক এজাক নিমাখিত বাওনা অধিৰ হৈ জপিয়াওঁ কৰোঁ মাথো হাওঁফাওঁ বুজিও নুবুজোঁ অভিনেতাৰ মিঠা ছলনা৷ (৪) জংগী প্ৰদৰ্শনতে সীমাবদ্ধ জাতীয় চেতনা

Read more

জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে কথোপকথন

“মোৰ ভিতৰতো এখন নৰক আছে” বেলিৰ দৰেই তুমি ৰ’দ জলমল জিলিকি উঠিছা কি উত্তাপ তোমাৰ প্ৰেম নহয় যেন কোনো যুদ্ধক্ষেত্ৰৰ ৰাইফলবাহী সেনানী চিতাৰ বুকুৰ পৰা উৰি অহা এটা চৰাই পথাৰত পৰি থকা বিদ্ৰোহী যুৱকজনৰ বুকুৰ শুকাই যোৱা তেজ খিনি তুমি সিমান ৰঙা মোৰ প্ৰেমৰ দৰে অস্থিৰ অশান্ত সময়, শোষণ আৰু শোষক, বিদ্ৰোহ, অবদমন, শোক, মানৱ মনৰ জটিল মনঃস্বস্ত, অপৰূপ চিত্ৰকল্প সকলো সাঙুৰি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ সৃষ্টি যদিও মানুহৰ মন-গহনত তেওঁৰ আছুতীয়া স্থান একমাত্ৰ তেওঁৰ প্ৰেমৰ কবিতাসমূহৰ কাৰণে৷ কবিৰ ভাষাত

Read more
1 2 3 10