ফটাঢোল

পূজাৰ সাজ-পাৰ – সুশান্ত কৃষ্ণ শৰ্মা 

ক’লে কথা ওলাই যায়, কিবা বোলেনে এওঁক পূজা বুলি শাড়ী-চাড়ী কিনি দিলেনো কি হ’ব? সপ্তমী, অষ্টমী, নৱমী তিনিওদিন সন্ধিয়া এপৰবেলা এওঁৰ সন্মুখত আঁঠু কাঢ়ি শাড়ীৰ কোচ মিলাব লাগিব মই হে! তাকেহে এইবাৰ কৈ দিছোঁ- : এইবোৰ শাড়ী-চাড়ীৰ কোচ-চোছ মই মিলাই থাকিবলৈ নাই দেই, আমাৰ সন্ধিয়া সন্ধিয়া গ্ৰন্থমেলা আৰু আড্ডা অনুষ্ঠান আছে। এওঁ বোলে- : এহ, তুমি ভালকৈ মিলাব জানা দেখিহে কওঁ আও! মই বোলো- : অ’ মই জানোতো! বিয়াৰ আগতে কিমানক শাড়ীৰ কোচ মিলাই মিলাই দিলোঁ হিচাব নাই! খা বাপেকে!

Read more

কামাখ্যাৰ দুখ – বি জে ৰঞ্জন

মাগুৰ মাছৰ মাথা, চিতল মাছৰ মাথা আদি তিৰোতা মানুহে খায়। কাৰণ, সেইবোৰ মাথাত একো নাথাকে, কাঠ! মাইকী মানুহে যিহেতু মগজ খটোৱা কাম কৰিব নালাগে বা নোৱাৰে, সেইবাবেই আছিল এই ব্যৱস্থা। কথাবোৰ সৰুতে শুনা। দেউতাহঁতে ধেমালি কৰি কৈছিল। দেউতাহঁতৰ দেউতাকহঁতৰ মুখেৰে বাগৰি অহা কথা আছিল এইবোৰ। এনেবোৰ ভাৱ-ধাৰাৰ তিলমাত্ৰও যে বাস্তব অস্তিত্ব নাই আজিৰ যুগত তাক আৰু বুজাব লাগিছেনে? মাইকী মানুহে কি কৰিব নোৱাৰে এতিয়া? এনেবোৰ প্ৰশ্ন কৰাও অবান্তৰ হৈ পৰিছে। কিন্তু সঁচাকৈয়েনে? স্ববিৰোধ কথা কিছুমানে নিৰন্তৰ দন্দ-খৰিয়ালৰ সৃষ্টি কৰি থকা

Read more

পৰীবাৰ দ্বিতীয় বিবাহ – পৰী পাৰবীন

এই যে পৰী বাইদেউজনী! কিনো চিন্তা কৰি থাকে ওৰকে নাপাওঁ। সিদিনা অফিচলৈ আহি টেবুলত বেগটো থৈ ধামকৈ বহি পৰি চকীখনতে চকু মুদি ৰ’ল। দেখিলেই জনা যায় যে কিবা দুঃশ্চিন্তাত আছে। মই ওচৰ চাপি গ’লোঁ, বেছি ব্যক্তিগত কথা সুধি থাকিবলৈ বেয়াও লাগে, তথাপি চকুৰ আগতে ধৰফৰাই থকা দেখি নোসোধাকৈ নোৱাৰিলোঁ, : কি হৈছে বাইদেউ? এনি প্ৰবলেম? : নক’বা আৰু বুইছা পলাশ? সমস্যা গভীৰ। : কি গভীৰ সমস্যা হ’লনো? পাৰে যদি খুলি কওকচোন। : মানুহজনৰ পৰা নহৈছে আৰু। : আও! সেই ঠাণ্ডা

Read more

ইনভিজিবল চোৰ – চবিনা ইয়াচমিন

আমি বৰ্তমান থকা ঘৰটো চতুৰ্থ মহলাত৷ একদম মাৰ্কেট প্লেচত হোৱাৰ বাবে মোৰ বহুত সুবিধা যদিও লিফ্ট নথকাৰ বাবে অলপ কষ্ট হয়৷ ৮২ টা চিৰি বগাব লাগে৷ নিতৌ উঠা-নমা দুই-চাৰিবাৰ কৰিবই লাগে৷ ফলত এই বয়সতো ফিগাৰ এটা মেইনটেইন কৰি ৰাখিব পাৰিছোঁ৷ ৫২ কেজিতকৈ শৰীৰৰ ওজন হাজাৰ চেষ্টা কৰিলেও নাবাঢ়ে৷ আইৰ ঘৰলৈ গ’লে মোৰ এটাই আপত্তি৷ মস্কুইটো ৰিপেলেণ্টৰ গোন্ধ সহ্য নহয় মোৰ৷ আইহঁতে আকৌ সেইটো ব্যৱহাৰ নকৰিলেই নোৱাৰে৷ দেউতাই বোলে, : তহঁতে এইবোৰ ব্যৱহাৰ নকৰিলেও হয়৷ কিন্তু আমাৰ ঘৰত মহ আছে৷ কথাটো

Read more

চ’টি চি লাভ ষ্টৰি – দেৱজিৎ শইকীয়া

বায়ন আৰু পাঠকৰ মাজত কিছুদিনৰ পৰা মাতবোল বন্ধ হৈ আছে৷ পাঠকৰ ঘৰৰ কঠিয়া বায়নৰ দমৰাই গুৰি চপাই খোৱাত খোৱাৰত দিছিল৷ বায়নে নগদ পোন্ধৰশ দিহে গৰু খোৱাৰৰ পৰা মোকলাই নিছিল৷ ঘৰৰ ল’ৰা ছোৱালী দুটায়ো কৈ মেলি দুই বুঢ়াক সৈমান কৰিব নোৱাৰিলে৷ চুৰিয়া কোচাই পাঠক দাইটিয়ে বায়নক ঘৰতে একঠা ভালকৈ শুনাবলৈ গৈছিল বোলে, ঘৰৰ গৰু চম্ভালি ৰাখিব যাতে লোকৰ ঘৰৰ কঠিয়া খাব নোৱাৰে৷ বায়নৰো ঘনাই সৰুপানী চুবলগীয়া হোৱা বেমাৰটোৱে ধৰা দিন ধৰি অলপতে খঙটোৱে টিঙিচকৈ মাৰে৷ পাঠকৰ কথাত কৈ দিলে বোলে দুনাই

Read more
1 8 9 10