ফটাঢোল

জোৰানাম ২ – উষা মহন্ত

  নিশা প্ৰায় ১১ মান বাজিবৰ হ’ল৷ বন্ধুৰ ঘৰত অসমীয়া সমাজৰ নিভাঁজ বিবাহ পৰম্পৰা আৰু বিয়ানামৰ মধুৰ ধ্বনিত আপ্লুত হৈ বাৰাণ্ডাতে বহি দুচকু মুদি দিলো৷ অন্যবিলাক বিয়ানামতকৈ জোৰানামে মোক বেছিকৈ আকৰ্ষণ কৰিলে৷ দৰা কইনাক জুৰি বহুতো বিয়ানাম গোৱা হয়, কিন্তু জোৰানামত দৰা কইনাৰ বন্ধু বান্ধৱী, আত্মীয় কুটুম্ব সকলোকে সাঙুৰা হয়৷ একমাত্ৰ মনোৰঞ্জনৰ বাবেই এই জোৰানামৰ সৃষ্টি কৰা হৈছিল যদিও কেতিয়াবা ই অঘটনো নঘটোৱাকৈ নেথাকে৷ জোৰানামেৰে যাক সাঙুৰা হয়, তেওঁৰ যদি জোৰানামৰ ধেমালি সম্পৰ্কে সম্যক জ্ঞান নেথাকে, তেওঁ আক্ষেপ কৰিব পাৰে,

Read more

পঞ্চপদী – হেমেন ডেকা

(১) তুমিয়েই মাই-বাপ, তুমিয়েই অগতিৰ গতি তুমিয়েই ৰাখিবা আমাৰ জাতি-মাটি আৰু ভেটি আমি তোমাৰ ভক্ত-চেলা নুবুজোঁ ছলনাৰ খেলা তোমাৰ আশ্বাসতে অভিভূত হৈ থাকোঁ দিন-ৰাতি৷ (২) নিবনুৱাক লৈ চলি থাকে ৰাজনীতি তেওঁবিলাক যেন পাশাখেলৰ গুটি নেতাৰ প্ৰলোভন দেখুৱায় সপোন শেষ ফল হয়গৈ মাথোন এটি ঘটি! (৩) মুখত তোমাৰ ফুল-চন্দন পৰক- হে মহান আমাৰ হিয়াৰ আমঠু- ৰাখিছা গামোচাৰ মান জনতাৰ বুকুৰ আপোন নেতা নাভাবোঁ যে তোমাক আপোন-পেটা তোমাৰ প্ৰতিশ্ৰুতি যেন এন্দুৰৰ গাঁতৰ ধান৷ (৪) ভাবোঁ ক’তনো দগৰি এসাজ খাবলৈ পাওঁ বিনামূলীয়া খানা

Read more

উৰুকাৰ লিমাৰিক – বি এন ৰূপম

(১) পুৱাতে আনিবলৈ গ’লোঁ চিতলদাম শুনি খাই গ’লোঁ পিছলৰৌ, বৰালিত দিলোঁ চকুদামেই ক ক কঁপালে বুকুঅহা বছৰ লগত নিম পিষ্টল (২)ছাগলী মাংসৰ দৰালোঁ দাম“বাপ্পাঐ… আমি কেংকে খাম!”লকেল মূর্গী পাবলৈ নাইব্রইলাৰ দেখিলেই আমুৱাইঅহা বছৰ ল’ম, ৰাম নাম (৩)উৰুকাৰ বজাৰৰ কি কৰোঁ চিনকিবা কিনিবলৈ ল’ব লাগিব ঋণজেপত নাই ফুটা কড়িকিদৰে পাতোঁ বাৰু ভোগালীঘৰলৈ কিনিলোঁ এক পোৱা চয়াবিন! ☆★☆★☆

Read more

মূল: দ্য ফেইচ অন দ্যা ৱাল (এডৱাৰ্ড ভেৰেল লুকাছ) : অনুবাদ – অলকেশ ভাগৱতী

এয়া কালিৰ ঘটনা৷ আবেলি পৰত আমি ভালেকইজন লোক বন্ধু ডেবনিৰ পানশালাত গোট খাই আড্ডা মাৰি আছিলোঁ৷ তাত দৈনিক গোট খোৱা প্ৰায়সকল লোকেই মোৰ চিনাকি যদিও কালি দুই এজন ব্যক্তিক প্ৰথমবাৰৰ বাবে দেখিছিলোঁ৷ তেওঁলোক হয়তো ডেবনিৰ নাইবা তেওঁৰেই কোনো বন্ধুৰ বন্ধু৷ সন্ধিয়া নামি অহাৰ লগে লগে আমাৰ আড্ডাও লাহে লাহে জমি উঠিছিল৷ এটা সময়ত আমাৰ আড্ডাৰ বিষয়বস্তু হৈ পৰিছিল পৃথিৱীত ঘটি থকা ভৌতিক তথা অলৌকিক ঘটনাবোৰ৷ এই পৃথিৱীত এনে বহু ঘটনাই ঘটে যিবোৰৰ কোনো সঠিক ব্যাখ্যা বিজ্ঞানে দিব নোৱাৰে৷ প্ৰকৃতিৰ চিৰাচৰিত

Read more

প্ৰজন্ম – বৈদুৰ্য্য বৰুৱা

: যুগৰ বহুত পৰিৱৰ্তন হ’ল দাদা কি কয়? : আৰু কি…! বাসুৰ কথাত হয়ভৰ দিলোঁ। : মোৰ পাঁচ বছৰীয়া ল’ৰাটোৱেও যি মবাইল চলাই নহয়! মইতো দাদা আচৰিত! বিশ্বাস কৰক ইউটিউব চিউটিউব মই চিনিয়েই নাপাওঁ! সি উলিয়াই চাব জানে৷ : আজিকালি জন্ম হৈয়েই সকলো ল’ৰা ছোৱালীয়ে এইবোৰ চলাব জানে৷ একেবাৰে কমন কথা৷ : আপুনি জানেনে দাদা? : এই অলপ চলপ ফে’চবুক, হোৱাটচ এপ… : আপোনাৰ দেউতাই চাগৈ সেইবোৰ একোকে নাজানে…. : না সেই পুৰণা নকীয়াটোকে চলাব নিশিকিলে আজিলৈকে। কিন্তু বাসু আজি

Read more

কৌতুক – মন্দিৰা শৰ্মা

পৰীক্ষা দি আহি ছোৱালীয়ে মাকক দুটামান প্ৰশ্নৰ উত্তৰ হৈছে নে নাই সুধিলে। প্ৰশ্ন কেইটা সুধি, ছোৱালী: মা, এইটোৰ উত্তৰ ivory হ’বনে silver হ’ব? মা: তুমিনো কি লিখিলা বাৰু? ছোৱালী: মোৰ অলপ কনফিউজন আছিল৷ সেইকাৰণে মাজত শ্লেছ দি দুইটায়ে লিখিলোঁ ivory/ silver। আৰু এটা উত্তৰ চিয়’ৰ নাছিলোঁ। সেইটোও তেনেকৈ লিখি আহিলোঁ। জীৱ/জন্তু। মা: ধেই উত্তৰত তেনেকৈ অপচন দি নিলিখে নহয়। একজেক্ট উত্তৰটো হে লিখে। মেদামে কেনেকৈ নম্বৰ দিব তাত। ছোৱালী: এ হ’ব দিয়া আৰু। মই দুটা অপচন হে দিছোঁ। মেদামৰ যিটো

Read more

তুলসীৰাম দত্তৰ সৈতে অন্তৰংগ আলাপ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

তুলসীৰাম দত্ত সাহিত্যিক। দত্তই লিখা ব্যংগ তথা ৰস ৰচনাই পাঠক সমাজৰ সমাদৰ লাভ কৰি আহিছে। নতুন চামৰ কিছুমানে তেওঁক ‘জমনি’ লেখক নাম দিছে, তেনেকৈও জানে বহুতো। কাকত এখনৰ পৰা তেওঁৰ চুটি সাক্ষাৎকাৰ এটা ল’বলৈ তেওঁলৈ ফোন আহিল। “ৰিটায়াৰ্ড মানুহ। যেতিয়াই আহা, মইতো ফ্ৰীয়েই” বুলি তেওঁ মাতিলে। দুদিন পাছত দত্তৰ ঘৰলৈ যুৱক দুজন আহিল। : ছাৰ..মানে, খুৰা, আপোনাক প্ৰশ্ন সোধাৰ পাছত উত্তৰটো ক’বলৈ আৰম্ভ কৰিলে ইচাৰা এটা দি দিব। মানে হাতখন দাঙি দিব। মোবাইলটোত ৰেকৰ্ড কৰিম। পাছত আৰামত লিখিম শুনি শুনি

Read more

হাঁহি – ড: জীৱন কলিতা

হাঁহি হ’ল মানুহে জন্মগতভাৱে লাভ কৰা এক জৈৱিক প্ৰবৃত্তি। বিশ্ব জগতৰ অন্যান্য প্ৰাণীবোৰৰ কিছুমানে দুখত চকুলো টুকিব পাৰে। কিন্তু আনন্দত হাঁহিব নোৱাৰে। হাঁহিব পাৰে কেৱল মানুহে। সেয়ে হাঁহিক মানৱ জীৱনৰ একচেতীয়া সম্পত্তি বুলি কোৱা হয়। হাস্যৰস উৎপত্তিৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে অসংগতিয়ে এই দিশত প্ৰধান ভূমিকা গ্ৰহণ কৰে। উদাহৰণস্বৰূপে শিশু এটিয়ে বৃদ্ধ এজনৰ আচৰণ অনুকৰণ কৰিলে তাত অসংগতিৰ সৃষ্টি হয় আৰু এই অসংগতিয়ে মনত যি আকস্মিক আলোড়নৰ সূচনা কৰে তাৰপৰাই হাঁহিৰ উৎপত্তি হয়। প্ৰাচীন ভাৰতীয় আলংকাৰিকসকলে ‘নবিধ ৰস’ৰ

Read more

*বিহুত বিহগুটিৰ বেবেৰিবাং কাহিনী* – দিগন্ত বৰা

১) মোৰ মনৰ নিজান নিভৃত কোণত মাঘ বিহুৰ উৰুকাৰ মধুময় স্মৃতি কিছুমান এতিয়াও সজীৱ হৈ আছে৷ সৰুৰেপৰাই মাঘ বিহু আহিলে গা সাত আঠখন হৈ পৰে৷ অৱশ্যে মাঘ বিহুটোতকৈ উৰুকাৰ নিশাটোহে আমাৰ বাবে প্ৰিয় আছিল৷ মাঘ বিহুৰ মেজিৰ কেঁচা বাঁহ পোৰা এটা সুকীয়া গোন্ধ আছে যিটো আজিও নাকত লাগিলে সুৰসুৰকৈ অনুভূতি এখিনিয়ে আহি ভাকুতকুটাই দিয়েহি৷ প্ৰতি বছৰে এই বিশেষ দিনটোলৈ বৰ আগ্ৰহেৰে বাট চাই থাকো৷ ৩১ ডিচেম্বৰৰপৰা কাউণ্ট ডাউন আৰম্ভ হয়৷ পুহৰ হাড় কঁপোৱা ঠাণ্ডা আৰু ঘন কুঁৱলিৰ আচ্ছাদনখিনিৰ মৃত্যু ঘণ্টা

Read more

মৌ-কথা! – জ্যোতিৰূপম দত্ত

মোৰ সংসাৰখন মৌ-মাখি সাম্ৰাজ্যৰ দৰেই৷ সাক্ষাৎ মৌমাখি মানে আমাৰ এওঁৰ কথাকেই কৈছোঁ! বিয়াৰ আগতে ৰসে চৌ চৌ! মৌ-বৰষা মাত৷ মুখত, কথাত, আচাৰ-ব্যৱহাৰ সকলোতে মিঠা, মিঠা মৌ! পিচে সংসাৰৰ পকনীয়াত পৰাৰ পিছতহে গম পালোঁ যে মৌখিনিৰ দৰেই গোঁ-গোঁৱনিও মৌ-মাখিৰ জীৱনৰ এটা অপৰিহাৰ্য্য অংশ৷ সবাতোকৈ ডাঙৰ কথা যে দেখাত নিৰীহ হ’লেও মৌ-মাখিয়ে এক অব্যৰ্থ তথা শক্তিশালী শেল অনবৰতে কঢ়িয়াই লৈ ফুৰে আৰু প্ৰয়োজন হলেই সেইপাট অস্ত্ৰ অব্যৰ্থভাৱেই ব্যৱহাৰ কৰে! পিচে এটা কথা নকলে নহ’ব, ইমানদিনে উদয়াস্ত অহৰ্নিশে নিখুঁতভাৱে সংসাৰৰ কামবোৰ নিয়াৰিকৈ সমাধা

Read more
1 2 3 10