ফটাঢোল

ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি

(প্ৰথম খণ্ড) (দ্বিতীয় খণ্ড) (তৃতীয় খণ্ড) (চতুৰ্থ খণ্ড) (অন্তিম খণ্ড) হাঁহি খিকিন্দালি, সুহুৰি হুইছেল, ধিনচাক পূজাৰ সংগীতৰ মাজেৰে ৰেম্পত মডেলিঙৰ অনুষ্ঠানটো পাৰ হৈ গ’ল৷ ষ্টেজখন লাহে লাহে পুনৰ অন্ধকাৰ হৈ পৰিল আৰু ইফালে দৰ্শকৰ ফালটো আলোকিত হৈ পৰিল৷ ষ্টেজৰ ঠিক সোঁফালে পাঁচগজমান দূৰতে আমাৰ কন্ট্ৰোল ৰুম৷ মডেলবিলাক ষ্টেজৰপৰা নামি আগফালে ভি আই পিৰ বাবে থকা নিজৰ নিজৰ আসনবোৰত বহিলগৈ৷ ষ্টেজৰপৰা সৰু জানটোৰ ওপৰেদি দৰ্শকৰ আসনলৈ যাব পৰাকৈ সৰুকৈ কাঠেৰে এখন দলঙৰ দৰে বনাই দিয়া হৈছিল৷ ষ্টেজ আৰু ভি আই পি

Read more

ফটাপ্ৰশ্ন

১) কমল নেওগ: ফটহুকাই, মুনিহ মানুহ এজনে কেঞা আঙুলি এটা থিয়কৈ দেখুৱালে সকলোৱেই বুজি পায় যে তেওঁ সৰুপানী চুব লাগিল। এই নিয়মটো কেতিয়াৰ পৰা প্ৰচলন হ’ল বাৰু? ইয়াৰ কিবা ইতিহাস আছে নেকি? উত্তৰ: খ্ৰীষ্টপূৰ্ব ৩০১ চনৰ, ভাদ মাহৰ শুক্লা তৃতীয়া সপ্তম প্ৰহৰ দিনৰ পৰা এই প্ৰথা প্ৰচলন হয়। মই তথ্যটো শুদ্ধ বুলি প্ৰমাণ দিব নোৱাৰোঁ বাৰু, আপুনি পাৰে যদি ভুল বুলি প্ৰমাণ কৰক। ২) ৰাজশ্ৰী শৰ্মা: মানুহৰো যদি উদ্ভিদৰ দৰে পত্ৰহৰিৎ উৎপাদন কৰা প্ৰযুক্তি থাকিলহেঁতেন? উত্তৰ: ঠিক পত্ৰহৰিৎ নহয়, কিন্তু

Read more

লোভেই পাপ, পাপেই মেদবহুলতা – ডা° গীতাৰ্থ বৰদলৈ

মনজিতে এদিন লগ পাই আংবাং কামোৰ এটা দিলে- বোলে ফটাঢোলৰ বাবে কিবা এটা লিখা। মই বোলো মোক দেখাত ৰসিক ব্যক্তি যেন লাগে নেকি? বোলে নাই, হাঁহি হাঁহি মাজত বিৰতি ল’বলৈ অলপ চিৰিয়াছ লেখা এটা দিলেই হ’ল। ময়ো হয়ভৰ দি থ’লোঁ আৰু চিৰাচৰিত নিয়মমতে পাহৰিলোঁ। বছৰটো শেষ হোৱাৰ উপক্ৰম হওঁতেই হঠাতে কথাটো মনত পৰিল। কিবা এটা কৰিব লাগিব। চিনেমা চাই ভাল পোৱা মানুহ যেতিয়া বলিউডৰ কথাৰেই আৰম্ভ কৰোঁ। চইফ আলী খানৰ জীয়েক চাৰা আলি খানৰ দুখন চলচ্চিত্ৰই মুক্তি লাভ কৰিছে (হয়,

Read more

মিছন গিবন – ৰিমঝিম বৰঠাকুৰ

ৰাজশ্ৰী প্ৰডাকচন চিত্ৰনাট্য, কাহিনী, পৰিচালনা- ৰিমঝিম বৰঠাকুৰ অভিনয়ত- চি আই ডিঃ ৰাজকুমাৰ ঠাকুৰীয়া, হেমন্ত কাকতি আৰু ইনফৰ্মাৰঃ মাধুৰ্য গোস্বামী (গাঠলু) পেটুৱাঃ বিজয় মহন্ত, কণটিঃ ৰিণ্টুমণি দত্ত, কণটিৰ ঘৈণীঃ চবিনা য়াছমিনৰাজেনঃ দেৱজিত শইকীয়াআইটেম গাৰ্ল/হিৰোইন – নিৰ্মালি বৰমুদৈ। ইংৰাজী R আখৰটো এক বিশেষ ষ্টাইলত ওলাই কৰণ জোহৰৰ চিনেমাত বজাৰ দৰে গীটাৰৰ শব্দৰে চিনেমাৰ নেম কাষ্টিং দেখুওৱা হ’ব। দূৰৰপৰা ভাহি আহিছে জিলিৰ ‘চেৰেক চেৰেককৈ’ শব্দ। লাহে লাহে কোৰ আৰু চিপাৰেঙেৰে মাটি খান্দি থকাৰ দৰে শব্দ এটাও পৰিস্ফূত হৈছে।। ক্ৰমাৎ শব্দটো ওচৰ পোৱাহি যেন

Read more

তাইৰ তালুৰ তেল – মনোজ নেওগ

মুঠতে নাই, কোনো প্ৰকাৰে হাঁ- নাই!লগৰটোৰ হৈ সৰ্বমুঠ দহোটামান প্ৰেমৰ প্ৰস্তাৱ দহজনীক দিয়া হ’ল, তথাপিও ইতিবাচক খবৰ এটা নাহিল। ভাগি পৰাৰে কথা… বৰ দুখ মনে লগৰটোক ক’লোঁ : দোস্তি একদম মাফ কৰি দিবি, হাৰি গ’লোঁ মই৷ পিচে মোৰ লগৰটো হাৰিযোৱা বিধৰ নাছিল। তেতিয়া আমি দুইটা থেৰো-গেৰোকৈ দুই এটা সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছোঁ৷ তেনে এটা অনুষ্ঠানৰ কথা বতৰাতে লগৰটোৰ পুনৰ এগৰাকীক ভাল লাগিয়ে গ’ল। প্ৰথম দৰ্শনতে লগৰটোৰ এঘাৰনম্বৰীয়া প্ৰেম! তেতিয়া ম’বাইল নাই, লেণ্ড ফোনতে দুইটাই শাকখোৱা ভাতখোৱা কথা পাতিবলৈ

Read more

তই-মই : মনোজ নেওগ

শীতৰ কোব বাঢ়িছে দিনে দিনে! এইকেইদিন আমাৰ মাজত কথা বতৰাবোৰ শীতকাললৈয়ে হৈছে, মানে ক’ল্ডক্ৰীম – টুপী – মাফলাৰ – শ্বল – হাতমোজা। কেতিয়াবা জলা চাতনি আৰু পকৰিৰ কথা পাতোঁ, আকৌ কেতিয়াবা জলকীয়া আচাৰ, বুট ভজা। এদিন যদি জেকেট – চুৱেটাৰৰ কথা পাতিম, আনদিনা গৰম গৰম আলু চপৰ কথা পাতিম। শীতকালত লগ পালে এনেকুৱা কথাই পাতিব লাগে চাগে, আৰুনো কি পাতে আৰু! সিদিনা আবেলিৰ কথা, ডুবযোৱা বেলিটো চাই চাই আমি ভেড়া নোমৰ পৰা ঊণ কেনেকৈ তৈয়াৰী হয় সেই বিষয়টোৰ পৰা জাঁপমাৰি

Read more

সাক্ষাৎকাৰ- মনালিছা শইকীয়াৰ সৈতে এখন্তেক

বৰ্তমান অসমৰ সবাতোকৈ জনপ্ৰিয় লেখক সকলৰ অন্যতম শ্ৰীমতী মনালিছা শইকীয়াক ফটাঢোলৰ পঢ়ুৱৈসকলক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। নৱ প্ৰজন্মৰ মাজত বিশেষভাৱে জনপ্ৰিয় লেখিকা গৰাকীয়ে, সাহিত্য চৰ্চাৰ উপৰিও আন কেইবাটাও দিশত নিজে অৱদান আগবঢ়াই আহিছে। আমাৰে সৌভাগ্য যে তেওঁ আমাৰ ফেচবুক গোটটিৰো সক্ৰিয় সদস্য। তথাপিও তেওঁৰ বিষয়ে আৰু কিছুকথা জানিবলৈ, আমি শ্ৰীমতী শইকীয়াক লগ ধৰিছিলোঁঁ; তেওঁলোকৰ দ্বাৰা পৰিচালিত সম্পূৰ্ণ থলুৱা উৎপাদিত সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ‘থলগিৰি- দ্য এথনিক হাব’ত।   ফটাঢোল : পোন প্ৰথমে ফটাঢোলৰ তৰফৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Read more

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(পঞ্চম খণ্ড) পদযাত্ৰা আৰম্ভ — সোনকালে কৰিব বুলি আৰু সকলো কাম লৰালৰিকৈ কৰিব পাৰি নে? ৰাইজ সাজু হওঁতেই বহু সময় লাগিল। কংকনাবা আৰু প্ৰণীতাবা আকৌ গা পা ধুই পূজা সেৱা নকৰাকৈ ক’লৈকো নেযায়। শেষত পুৱা এঘাৰমান বজাত সকলো একেঠাইতে গোট খালে। কংকনাবা আৰু প্ৰণীতাবাই কপাহী মেখেলা ছাদৰ পিন্ধি ফোঁট লগুণ লৈ তমষ্কাৰ হৈ আহিছে। ময়ুৰীয়ে নতুন ফেচনৰ পাটৰ ছেট এটা পিন্ধিছে। ৰীতুপৰ্নাৰ জিনচ পিন্ধিবলৈ মন আছিল, কিন্তু কংকনাবাই জোৰ কৰি তাইকো মেখেলা ছাদৰ পিন্ধাইছে। বাকী সকলৰো অনুৰূপ ড্ৰেছ, কাৰোবাৰ বেনাৰসী

Read more

মূল – বাজি (এণ্টন চেকভ) অনুবাদ – হেমন্ত কাকতি

(১) চন ১৯০১, ৰাচিয়াৰ চেইণ্ট পিটাৰ্চবাৰ্গ চহৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ শৰৎ কালৰ এটি সন্ধিয়া৷ আদবয়সীয়া ইনভেষ্টমেণ্ট বেঙ্কাৰ মিখেইল ট্ৰটস্কিয়ে তেওঁৰ বন্ধু বৰ্গক সন্ধিয়া ভোজনৰ বাবে আমন্ত্ৰণ জনাইছিল৷ তাত সমাজৰ বহু কেইজন গণ্য-মান্য মুখিয়াল লোকো উপস্থিত আছিল৷ তাৰ ভিতৰত মুখ্য আছিল তেওঁৰ লগৰে কেইজনমান বেংক ব্যৱসায়ী, নামী উকীল, চহৰৰ নাম থকা সাংবাদিক আৰু বুদ্ধিজীৱি এজনৰ লগতে বুদ্ধিদীপ্ত পঁচিশ বছৰীয়া লিওনাৰ্ডো নামৰ ডেকা ল’ৰা এজন৷ সন্ধিয়া চাহমেলত বহু কথাৰ আলোচনাৰ মাজতে এটা বিষয়েই প্ৰাধান্য পাইছিল; সেয়া আছিল “মৃত্যু দণ্ডৰ ঔচিত্য”৷ প্ৰায় ভাগ অতিথিয়ে

Read more
1 2 3 4 10