ফটাঢোল

বায়ুবেগ – উজ্বল ফুকন

এটা শব্দহীন মিছ কল পিছপিনৰ দুৱাৰখনেদি অকস্মাত ওলাই গ’ল। ৰাজে নাকটো মোহাৰি সন্দেহৰ চকুৰে কাষৰ মানুহজনলৈ চালে। মানুহজনেও নিজে ক’ব নোৱাৰাকৈয়ে নাকত ধৰি ইফালে সিফালে চাব ধৰিলে। চকু মুখত এটাই ভাৱ “মই নহয়, মই নহয়”। ইফালে ভাল ৰাজ আৰু বেয়া ৰাজ দুয়োটাই নাটকখন উপভোগ কৰিবলৈ একেলগে মনৰ ভিতৰত সাৰ পালে। ভাল ৰাজে মাত লগালে, পোহৰৰ গতি বোলে শব্দতকৈ বহুত বেছি। কিন্তু এইটো ঘটনাত শব্দৰ কাম নাই। শব্দহীন বিস্ফোৰণ। এই গোন্ধৰ গতিবেগো কম নহয় কিন্তু। ‘স্পিড অফ স্মেল, মনৰ ভিতৰত বহুত

Read more

দ্বিধাহীনভাৱে দুৰ্ঘটনাগ্ৰস্তক সহায় কৰোঁ আহক – কৌস্তুভমণি শইকীয়া দত্ত

এই যান্ত্ৰিক পৃথিৱীত সকলো মানুহ নিজক লৈ ব্যস্ত। হৃদয়হীনতা এতিয়া সামাজিক ব্যাধি। কিন্তু মানৱদৰদী ব্যক্তি এতিয়াও আমাৰ মাজত নথকা নহয়। যি নিজৰ ব্যক্তিগত অসুবিধাক তল পেলাই থৈয়ো আৰ্ত মানুহক সহায় কৰিবলৈ সদা-প্ৰস্তুত। এনে মানৱ-দৰদীসকলৰ প্ৰতি সুখবৰ যে এতিয়া দুৰ্ঘটনাত পতিত আহত ব্যক্তিক সহায় কৰা সুনাগৰিকসকলৰ প্ৰতি চিকিৎসালয়, আদালত আৰু পুলিচে যথাযথ সন্মানপূৰ্বক ব্যৱহাৰ কৰিব। এই সম্পৰ্কত ৩০ মাৰ্চ, ২০১৬ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক বিশেষ নিৰ্দ্দেশনা অনুমোদন কৰে । ভাৰতীয় আইন আয়োগ (the Law Commission of India) ৰ মতে পথ-দুৰ্ঘটনাত মৃত্যু

Read more

সমীৰণ দা – নাজিফ হাজৰিকা

১) “চাইলেণ্ট, চাইলেণ্ট, চাইলেণ্ট …… ” ‘চতপ’ বৰদলৈ চাৰে টেবুলত এচাৰী ডালেৰে মাৰি চিঞৰিলে। গুণগুণাই থকা গোটেই পৰীক্ষা হলটো মৌন হৈ পৰিল। ডিগ্ৰী 1st year, 2nd year, 3rd year ৰ পৰীক্ষা চলি আছে। মই 1st year ৰ পৰীক্ষা দি আছোঁ। নতুনকৈ আহিছোঁ বাবে অলপ ভয়ে ভয়ে পৰীক্ষা দি আছোঁ। আমাৰ হোষ্টেলৰ ছিনিয়ৰ অমৰ দা, সমীৰণ দা, ৰাজা দাহঁতেও 2nd year, 3rd year ৰ পৰীক্ষা দি আছে। কেতিয়াও হাঁহি নমৰা, ‘গহীন’ বুলি জনাজাত সমীৰণ দাই গহীন-গম্ভীৰ ভাবে নকলৰ পুৰীয়াবোৰ উলিয়াই বিন্দাচ

Read more

মূল(হিন্দী)- মে ঔৰ ফেচবুক (উমেশ অগ্নিহোত্ৰী) – অনুবাদ – মই আৰু ফেচবুক (চাহিন জাফ্ৰি)

কিছুদিন আগতে মই যেতিয়া নাটকৰ বাবে প্ৰস্তুতি কৰি আছিলোঁ, তেতিয়া মোৰ কেইজনমান বন্ধুৱে ক’লে যে- আপুনি ফেচবুকৰ সদস্য হৈ লওক। ফেচবুকে ডাঙৰ ডাঙৰ বেপাৰ বঢ়াইছে৷ আপুনিও ইয়াৰ লাভ উঠাওক।নাটকৰ বিজ্ঞাপন তথা প্ৰচাৰ চলোৱাটো সহায় হ’ব। আৰু সেয়ে ময়ো ফেচবুকত সোমাই গ’লোঁ। ফেচবুকত নাটকৰ চৰ্চা হ’ল, মই আনন্দিত হ’লোঁ। নাটক ইয়াত হ’ল, চৰ্চা গোটেই দুনীয়াতে হ’ল। এয়া আমাৰ আজিৰ পৃথিৱীৰ চমৎকাৰ আৰু বাস্তৱ সত্য। আয়োজন হওক বা নহওক পৃথিৱীৰ চুকে কোণে প্ৰসাৰ কৰিব পৰা যায়। চৰ্চাৰ লগতে এনেকুৱা কিবাকিবিও হ’ল, যি

Read more

সম্পাদকীয়-মনজিৎ

আজিকালি অনুভৱ হয় সময়ৰ বেগ, পোহৰৰ বেগতকৈও বেছি চাগে। সপ্তাহটোক দিন, মাহটোক সপ্তাহ আৰু বছৰটোক মাহ যেনেই লগা হৈছেগৈ। সময়বোৰ ইমান সোনকালে গুছি যায় যে তলকিবই নোৱাৰি। আগৰ 31st ৰ হেং অভাৰ নেভাগোঁতেই নতুন বছৰ আহি যায়। এনেকৈ হ’লে দেখোন বেমাৰ-আজাৰ হোৱাৰ আগতে বুঢ়া হৈয়ে মৰিব লাগিব। মৰা মেলাবোৰ বাৰু পিছে পৰে দেখা যাব। এতিয়া কথা হ’ল বুজন হোৱাৰেপৰা ভালকৈ বুজি আহিছোঁ যে সময়েই হৈছে ‘জীৱন’ নামৰ বিদ্যালয়খনৰ প্রধান শিক্ষক। প্রতিটো খোজতেই সময়ে আমাক নতুন নতুন শিক্ষা দি যায়। ভুলবোৰ

Read more

ইংৰাজী নৱবৰ্ষৰ ইতিবৃত্ত – সঞ্জীৱ মজুমদাৰ।

সকলোকে নৱবর্ষ-২০১৯ ৰ শুভেচ্ছা জনালোঁ। সময়ৰ হিচাপ অনুসৰি আৰু এটা বছৰ মানুহৰ জীৱনৰ পৰা শেষ হৈ নতুন বছৰৰ আৰম্ভ হৈছে। প্ৰত্যেক বছৰেই এই বিশ্বৰ বিভিন্ন প্ৰান্তত ইংৰাজী নৱবর্ষক আদৰিবলৈ নানাধৰণৰ আড়ম্বৰপূৰ্ণ প্ৰস্তুতি চলে। মানৱ সভ্যতাৰ ক’ত, কেতিয়া নৱবৰ্ষৰ উদযাপন আৰম্ভ হৈছিল সঠিককৈ কোৱা সম্ভৱ নহয়। অজ্ঞাত অতীতত মানুহে প্রকৃতিৰ ৰূপৰ ভিন্নতা দেখি, সময়ক ভাগ কৰিছিল ঋতুৰ ৰূপত। কালক্ৰমত এইধৰণৰ ভিন্নতাৰ চক্রকাৰ গতিও তেওঁলোকে হয়তো লক্ষ্য কৰিছিল। এইদৰে এই ঋতুৰ গণনাচক্রক তেওঁলোকে ধৰি ল’লে বছৰ হিচাপে। এটা বছৰ কালৰ অতল গৰ্ভত

Read more

কৌতুক – ৰাকেশ শৰ্মা

১/ হঠাৎ কালি জুবিনৰ অনুৰাগী এজনক লগ পাই সুধিলোঁ, : জুবিন দাক ভাল পোৱাৰ পিছত তুমি উল্লেখনীয় কি কাম কৰিলা? অনুৰাগী: ফেচবুকত নামৰ আগত ZG লিখিলোঁ৷ ২/ আজি মই নিজৰ ৱালেট, ঘড়ী আৰু মোবাইল এটা ল’ৰাক দান কৰি দিলোঁ। মোৰ সুখ দেখি আপোনালোক আচৰিত ন’হব। বস্তুখিনি দিয়াৰ পিছতে হেৰামিটোৱে বন্দুকটো পিছফালৰ পকেটত ভৰাই থ’লে। ☆★☆★☆

Read more

আমাৰ এওঁৰ হাতৰ ভাতসাজ – কৃষ্ণা বৰা ফুকন

এদিন অফিচৰ পৰা আহি এওঁ বোলে, : আজি মই ভাত ৰান্ধিম, তুমি ৰেষ্ট লোৱা। মই বোলো, : হয়নেকি, বেচ তেন্তে৷ বঢ়িয়া; গ’ এহেড। সন্তুষ্টিৰ হাঁহি এটা মাৰি এপ্ৰ’নখন পিন্ধি লৈ পকেটত হেতা, চুৰি আটাইসোপা ভৰাই লৈ (তেহে হেনো চেফৰ ফিলিংচতো আহে) সোমাল পাকঘৰত। ঢাকি থোৱা ইটো সিটো চাই তিয়াই থোৱা বুট এমুঠি খালে, দিনৰ ভাজি অকণ খালে। খাই বৈ আঙুুুলিৰে কিবা হিচাপ কৰাৰ দৰে কৰি লৈ কাঁহী এখন ওলিয়ালে(হয়তো পাচলি কাটিবলৈ)মই বোলো, : চব্জী কাটি থৈছোঁ মই৷ ঠিক তেনেতে ফোনটো

Read more

এতিয়া সেই আগৰ দিন নাই – দেৱজিত শইকীয়া

হেৰা চিত্ৰগুপ্ত, এই ফেচবুকত যে অসমৰ মানুহবোৰে লিখি থাকে “টেগ কৰা সকলৰ বাবে, ইনবক্সত হাই লিখাসকলৰ বাবে যমপুৰীত আচুতিয়াকৈ তেল গৰম কৰা আছে” এইটো সঁচা নেকি হে যমৰ প্ৰশ্ন শুনি চিত্ৰগুপ্তই বোলে,মহাৰাজ এতিয়া আৰু সেই আগৰ দিন নাই৷ মৰ্ত্যৰ নৰ মনিছে আমাকো লাইটলি লোৱা হ’ল৷ সেইবোৰ বাদ দিয়ক আমাৰ শ্ৰীকৃষ্ণ প্ৰভূৱে গোপীসৱৰ লগত “ৰাস লীলা” কৰা চাবলৈ আমি প্ৰতিবছৰ আঘোণৰ পূৰ্ণিমালৈকে বাট চাওঁ৷ সেইদিনাহে তেৰাই ৰাস কৰে৷ আপুনি অসমলৈ গৈ চাওকচোন আঘোণৰ পূৰ্ণিমাৰ একাদশী বাদেই পুহ মাহতো ৰাস পাতি প্ৰভূক

Read more
1 2 3 4 5 10