ফটাঢোল

কলগেট এক্টিভ চল্ট – ৰিমঝিম বৰঠাকুৰ

নিমখৰ যে টেমাটো খালী হৈ আছে ভাজিকণত দিবৰ সময়তহে ৰহিলা খুড়ীৰ মনত পৰিল। ৰাতিখননো ক’ত দোকান খোলা থাকিব তথাপিও খুড়াক কথাটো কৈ থৈ আহিল, : হেৰি নহয় নিমখ অকমানো নাই, ভাজিখন বনাবলৈ লৈহে মনত পৰিল। ওলাই যাব নেকি কোনোবা দোকান খোলা থাকিবও পাৰে। খুড়ীৰ কথা শুনি টিভি চাই থকা খুড়াই টিভিত চকু ৰাখিয়েই গহীনকৈ উত্তৰ দিলে, : ঘৰত নিমখ নাথাকিলে কিনো হ’ল, কলগেটত আছে নহয়। আজি ভাজিখনত কলগেট এক্টিভ চল্ট অকমানকে দি চাবা নেকি? ☆★☆★☆

Read more

যযাতি আৰু দেৱযানী: এক অসমাপ্ত প্ৰেমৰ আখ্যান – সঞ্জীৱ মজুমদাৰ

“যাক তুমি ভালপোৱা, তেওঁ যদি তোমাৰ মহা অন্যায়ো কৰে আৰু তুমি যদি তেওঁক ক্ষমাই কৰি দিব নোৱাৰা, তেন্তে তুমি তেওঁক কিয় ভালপোৱা?” কবি গুৰুৰ কথাৰ খেও ধৰি পৌৰাণিক কালৰ এক প্ৰেম কাহিনীৰ কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যি প্ৰেম কাহিনীৰ গতি অকণ সলনি হোৱা হ’লেই দেৱতা আৰু দৈত্যসকলৰ মাজত চিৰদিনীয়া শত্ৰুতাৰ অন্ত পৰি আন এখন মহাকাব্যৰ সৃষ্টি হোৱাৰ থল আছিল। সপ্তৰ্ষিৰ অন্যতম মহৰ্ষি ভৃগু আৰু বিদূষী তথা তেজস্বিনী মাতৃ কাব্যমাতাৰ সন্তান আছিল শুক্ৰ। ভৃগুমুনিৰ পূত্ৰ বাবে শুক্ৰৰ আন এটা নাম ভাৰ্গৱ

Read more

পৰিসংখ্যা (Statistics by a Dyscalculic) – সমুদ্ৰ কাজল শইকীয়া

চাৰিজন মানুহৰ দেশ এখন। তাৰে চাৰিটা সীমা। চাৰিসীমাইদি চাৰিজনকৈ সোমাই বহিৰাগত। তাৰে চাৰিজন হিন্দু, চাৰিজন মুছলমান। চাৰিজনৰ আগ্ৰাসনত আগৰ চাৰিজনৰ ভেঁ‌টি হেৰায়। চাৰিজন আৰু আহিলে আন চাৰিজনৰ ভেঁ‌টি মজবুত হয়।   চাৰিজনে কয় শান্তি সম্প্ৰীতিৰ কথা, খোৱা-কামোৰা কৰি মৰে আন চাৰিজন।   চাৰিয়ে চাৰিয়ে যোগ কৰি চাৰিয়ে চাৰিয়ে বিয়োগ কৰি, পূৰণ, হৰণ আৰু কিবাকিবি কৰি চাৰিজন চাৰিবেলা বহি লৈ চাৰিৰ পৰিসংখ্যা এটা উলিয়ায়। চাৰিজন এই পৰিসংখ্যাত পতিয়ন যায়, চাৰিজন নাযায়।   চাৰিজনৰপৰা পৰিত্ৰাণ বিচাৰি চাৰিখন দুৱাৰত টোকৰ মাৰে চাৰিজনে। ত্ৰিভূৱনে

Read more

ফটাপ্ৰেম একাংশ – ৰামানুজ গোস্বামী

আচলতে ফটাপ্ৰেম বুলি মোৰ লিখিবলৈ একো নাই বাবেই মই এনে শিৰোনাম (আগতে #ফটাপ্ৰেম উপৰান্ত) বনাই লওঁ। পাত্র: মোৰ হোষ্টেলৰ বন্ধু, ঘৰ ডিব্ৰুগড় / তিনিচুকীয়া। পাত্রী: অইন বিভাগৰ সহপাঠী, নামৰূপ /ডুলীয়াজান৷ পাত্রৰ চেষ্টা চলি আছে কলেজ, বাছ, লেব, পিকনিক, কলেজ ৱিক পাত্রীৰ মনোযোগ আকৰ্ষণৰ; পাত্রীৰ বিশেষ সঁহাৰি নাই। পল্টন বজাৰ,‍১৯৯৬ চন। পূজাৰ নে বিহুৰ বন্ধত ব্লু-হিলছ্, ছিলভান্দি, নেটৱৰ্ক, আছাম ভেলিৰ নাইট চাৰ্ভিছৰ গাড়ীত ভিৰ। তাৰ দুদিন পিছতেই পাত্রীৰ জন্মদিন। দুঘণ্টামান আগত, সেইদিনাই আবেলি ৪ মান বজাত – অশোকা ৰেষ্টুৰেণ্টত মই, পাত্র

Read more

নিগনি ৰহস্য – নাজিফ হাজৰিকা

১৯৮৫ চন। দিবাকৰে অফিচত একান্ত মনে নিজৰ কাম কৰি আছে। ঢেৰ কাম আছে তাৰ। এণ্টাৰপ্ৰাইজৰ technology, finance, maintenance, production আদি বিভিন্ন বিভাগৰ কাম আধৰুৱা হৈ আছে। সেই কামবোৰকে লৈ দিবাকৰ ব্যস্ত অফিচত। তেনেকুৱাতে IT store চোৱা-চিতা কৰা ল’ৰাজন আহি ওলালহি। : ছাৰ, ছাৰ, নিগনি। ঢেৰ নিগনি। : কি নিগনি? : ছাৰ বাহিৰৰপৰা নিগনি আহি আমাৰ গোটেই গুদাম শেষ কৰি দিছে। : অ’ আৎসা। হয় দেই। কথাটো ময়ো মন কৰিছোঁ দেই। : হয় ছাৰ। বৰ্তমান আমাৰ এণ্টাৰপ্ৰাইজৰ মূল সমস্যা হৈছে বাহিৰৰ

Read more

ৰামানুজ গোস্বামীলৈ এখন মুকলি চিঠি– অভিজিত কলিতা

মৰমৰ ৰামানুজ, মৰম ল’বা। আশাকৰোঁ তুমি ভালে আছা। মোৰো ভালেই। কেৱল এই বুঢ়া বয়সত বিদেশী ভাষা কেইটামান শিকিব লগা হোৱাৰ বাবে কষ্ট পাই আছোঁ। বাৰু সি যি কি নহওক, তোমাৰ ৰংপুৰ এক্সপ্ৰেছ ‘বিস্ময়’ত ধাৰাবাহিক ভাৱে প্ৰকাশ হোৱা বুলি শুনি বৰ সন্তোষ পাইছোঁ। তুমি ভাল লিখা, তোমাৰ কলমৰ জোৰ আছে, চিন্তাৰ গভীৰতা আছে, মনত সততা আছে, তোমাৰ লেখা ভাল হ’বই। কিন্তু এটা কথা তুমি ভালদৰে বুজা নাই যেন লাগিছে, ভাল লিখিলেই জানো ভাল বিখ্যাত চাহিত্যিক হ’ব পাৰি? আচৰিত নহ’বা? ভাল সাহিত্য

Read more

ৰজা আৰু ৰাইজৰ সাধু – উচ্চজিৎ দশগিৰি

অ’ ৰজা অ’ ৰজা মুখেৰে নামাত কিয়? পদ্মহস্তে গঢ়া ৰাজপাট মোৰ মইনো মাতিম কিয়? অ’ পদুম অ’ পদুম হাতৰ পৰা ৰজাক নেৰ কিয়? মই ককবকাওঁ পানীৰ মাজত ৰজাক এৰিম কিয়?   অ’ পানী অ’ পানী মাটিত পদুম নুফুলে কিয়? বছৰে বছৰে বানপানী আহে পদুম মাটিলৈ যাব কিয়? অ’ বানপানী অ’ বানপানী বছৰে বছৰে আহ কিয়? প্ৰতিবছৰে ৰাইজে কান্দে মইনো নাহিম কিয়? অ’ ৰাইজ অ’ ৰাইজ বছৰে বছৰে কান্দ কিয়? আমাৰ নেতাই আমাকে ঠগায় আমিনো নাকান্দিম কিয়? অ’ নেতা অ’ নেতা

Read more

কবি নীলিম কুমাৰৰ দুটি কবিতাৰ এটি আলোচনা – চাহিন জাফ্ৰি

কবি নীলিম কুমাৰ অসমীয়া কাব্য জগতৰ এটা চিনাকি নাম। সাধাৰণ এটি বিষয়ক লৈ অথবা বিষয়বস্তুক বিশেষ গুৰুত্ব নিদিয়াকৈও কবি নীলিম কুমাৰে কিছুমান সুন্দৰ কবিতা ৰচনা কৰিছে।তেওঁৰ বিভিন্ন কবিতাত বিষয়বস্তুৰ পৰা ফালৰি কাটি আহিবলৈ বিচৰা দেখা যায়, য’ত বিষয়বস্তু মাত্ৰ এক অজুহাতহে হৈ পৰে। আমাৰ আলোচনাত তেওঁৰ তেনে দুটি ভিন্ন ধৰ্মী কবিতাৰ সম্পৰ্কে সামান্য বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে। ‘ধুনীয়া তিৰোতাবোৰ আৰু অন্য কবিতা'(২০০০) কবিতা পুথিৰ অন্তৰ্গত ‘ধুনীয়া তিৰোতাবোৰ’ কবিতাটোও ইয়াৰ ব্যতিক্ৰম নহয়।কবিতাটোৰ শিৰোনামত থকাৰ দৰে ইয়াত কোনো ধুনীয়া তিৰোতাসমূহৰ বিষয়ে

Read more
1 2 3 9